নিষ্ঠুৰ নিয়তিয়ে থানবান কৰিলে দুখন প্ৰেমভৰা হৃদয়: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 29, 2020

নিষ্ঠুৰ নিয়তিয়ে থানবান কৰিলে দুখন প্ৰেমভৰা হৃদয়:


সিহঁতৰ গাড়ীখনে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় অতিক্ৰম কৰিছে৷এয়াৰপৰ্ট পাবলৈ আৰু বেছি দূৰ নাই৷

কিবা এটা হেৰুৱাৰ বেদনাত সমীৰৰ বুকুখন দূৰু দূৰুকৈ কপিব ধৰিলে৷অতীত স্মৃতিৰ সোণোৱালী পাতত লিখি থোৱা কথাবোৰে তাৰ মনটোক বাৰুকৈয়ে আউল লগাইছে৷কৃষ্ণচূড়াৰ আৰে আৰে কিমান যে স্মৃতি  সিহঁতৰ৷নীলাঞ্জনাক লগ কৰিবলৈ সি যে কিমান বাহানা বনাই আহিছিল কৃষ্ণচূড়াৰ দেশলৈ৷কৃষ্ণচূড়াৰ মাজে মাজে দুয়োটাই হাতে হাত ধৰি পাৰ কৰা ৰোমাঞ্চকৰ সন্ধিয়াবোৰ,সমীৰে তাইৰ হাতত তুলি দিয়া সৰি থকা কৃষ্ণচূড়াৰ পাহিবোৰ নীলাই ওপৰলৈ দলি মাৰি দিছিল, পাহিবোৰ নামি আহি দুয়োটাৰে গাত সিঁচৰিত হৈ পৰিছিলহি৷নীলাই আকৌ হাত পাতি ধৰিছিল তাৰে দুটামান পাহি৷ওচৰৰে সৰু সৰু দোকানবোৰত ভজাবুট, ঘূগুনী, পকৰী খাই পাৰ কৰিছিল৷ সন্ধিয়াবোৰ যেন ক্ৰমে আৰু ৰোমাঞ্চকৰ হৈ পৰিছিল৷

   সিহঁতৰ  প্ৰেমৰ আৰম্ভণি কলেজীয়া জীৱনৰ পৰাই৷কলেজখনত যেন সিহঁতৰ জোৰাটোৰ চকু সকলোৰে ওপৰত৷
নীলাঞ্জনা পঢ়াত স্বাভাৱিকতে ভাল বুলি কলেজনত তাইৰ নাম এটা আগৰেপৰাই আছে৷গতিকে সিহঁতৰ জোৰাটো কিছুৰ কাৰণে অপছন্দৰো আছিল৷পঢ়াৰ প্ৰতি আগ্ৰহ নথকা,ধিটিঙালি কৰি ফুৰা সমীৰৰ কথা সৰু ঠাইখনৰ প্ৰায়বোৰ মানুহেই জানে৷কিন্ত কথাটো কোনে বুজাব নীলাঞ্জনাক৷তাই ইতিমধ্যে সমীৰৰ প্ৰেমত অন্ধ৷নীলাঞ্জনাৰ চকুৰ সমীৰৰ বাহিৰে যেন পৃথিৱীত একোৱেই নাই৷
  কলেজৰ দেওনা পাৰ কৰি নীলাঞ্জনা গুৱাহাটী বিশ্ববিদ্যালয়লৈ বুলি অধ্যয়ন কৰিবলৈ গ'ল৷সমীৰে কোনোমতেহে কলেজৰ দেওনাখন পাৰ হৈ পঢ়া সিমানতে সামৰণি মাৰিলে৷পঢ়াৰ বাবে দুয়োটা বেলেগ হ'ব লগা হোৱাত নীলাঞ্জনাৰ ঘৰখনে কথাটো বৰ বেয়া নাপালে৷এই চেগতে যদি দুয়োটাৰে এৰা এৰি হয়৷ভালেই হ'ব৷কিন্ত কয় নহয় প্ৰেমে বাধা নামানে৷চকুৰ আতৰ হলেও সিহঁত মনৰ আতৰ নহ'ল৷সমীৰে সুবিধা পালেই গুৱাহাটী গৈ নীলাঞ্জনাক লগ কৰি আহে৷দিন যোৱাৰ লগে লগে সিহঁতৰ প্ৰেমৰ বান্ধোনটো যেন আৰু গাঢ় হৈ পৰিল৷এতিয়া সমীৰ আৰু নীলাঞ্জনাই দুয়োটাই দুয়োটাক নেদেখাকে এসপ্তাহ পাৰ কৰাটোও যেন অসম্ভৱ হৈ পৰিছে৷নীলাঞ্জনাই মাথো সমীৰক এটাই সান্তনা দিয়ে,যেনেতেনে তাইৰ স্নাতকোত্তৰ ডিগ্ৰীটো ললেই সিহঁত বিবাহৰ বান্ধোনেৰে বান্ধ খাব৷তাই চাকৰি এটাত সোমাই লব পাৰিলেই সিহঁতৰ সংসাৰ খন সুন্দৰভাৱে চলি যাব৷
  
অলপদিনৰ পৰা সমীৰৰ মনটো অশান্ত হৈ আছে৷নীলাঞ্জনাৰ ফাইনেল পৰীক্ষাৰ বাবে তাই তাক সময় দিব পৰা নাই৷তাই যাতে প্ৰথম শ্ৰেণীটো লব পাৰে তাৰ বাবে মনপুতি পঢ়াত লাগিছে৷
পৰীক্ষাটো শেষ হলেই মাক আহি তাইক ঘৰলে লৈ যোৱাৰ কথা৷ইফালে সমীৰে তাইক নাপায় পাগলৰ দৰে হৈ আছে৷তাই একো ভাবি পোৱা নাই কি কৰিব৷সদ্যসতে তাই পৰীক্ষাটো পাৰ হোৱালৈ বাট চাইছে৷
আজি নীলাঞ্জনাৰ শেষৰটো পৰীক্ষা৷পৰীক্ষা দি ঘূৰি অহাৰ পাছতেই মাকৰ ফোন...পৰীক্ষাৰ খবৰ ললে আৰু জনালে ৰাতিপুৱাই তেওঁ গাড়ী লৈ গৈ আছে নীলাঞ্জনাক আনিবৰ বাবে৷গতিকে তাইক সকলোবোৰ বস্তু ভালদৰে বান্ধি লবলৈ কলে৷মাকে তাইক লৰালৰিকৈ নিব বিচৰা কাৰণটো তাই বুজি নোপোৱা নহয়৷এইফালে সমীৰ ৰাতিয়েই গাড়ীত উঠিল৷ইমানদিনে সি বহুত ধৈৰ্য্য ধৰি নিজকে সংযত কৰি ৰাখিছিল৷আজি আৰু তাক কোনে পায়৷তাৰ মৰমৰ,তাৰ বুকুৰ আপোন যাক সি নিজতকৈও বেছি ভাল পায় সেই নীলাঞ্জনাক সি চিৰদিনৰ বাবে নিজৰ কৰি লব উলাইছে৷এতিয়া সি আগৰ সমীৰ হৈ নাথাকে,কষ্ট কৰি হলেও সি কিবা এটা কৰিব ,ৰিজাল্ট নিদিয়ালৈকে নীলাঞ্জনাইও কিবা এটাত সোমাই ললে সিহঁত দুইটাই চলি থাকিব পাৰিব৷ফলাফল ভাল হ'লে তাই আৰু ভাল পষ্ট পাই যাব৷কথাবোৰ ভাবি থাকোতেই কেতিয়ানো টোপনি গ'ল সি গমেই নাপালে৷খিৰিকীৰে অহা পোহৰটো তাৰ চকুত পৰাতহে তাৰ চকু মেল খালে৷গুৱাহাটী পাবলৈ আৰু বেছি সময় নাই৷সিহঁতি আগতেই প্লেন কৰি থোৱা আছে৷সি লগৰ এটাৰ তাত ফ্ৰেচ হৈ হোষ্টেলৰ পৰা তাইক লৈ কামাখ্যালৈ যাব৷ইতিমধ্যে তাৰ লগৰ দুটা আৰু নীলাঞ্জনাৰো লগৰ এজনী আৰু দূৰ সম্পৰ্কীয় কাজিন এজনী লগত যাব বুলি ঠিক কৰি থোৱা আছে৷নীলাঞ্জনাই নিজৰ মনটোক মনাব পৰা নাই ৷কি কৰিব তাই৷কাক ধৰিব কাক এৰিব৷
  নীলা...হ'লনে আহা৷সমীৰৰ মাতত নীলাঞ্জনাৰ সম্ভিত ঘূৰি আহিল৷অ...হৈছে৷সিহঁতৰ লগৰবোৰ ইতিমধ্যে আহি পাইছিল৷গোটেইকেইটা কামাখ্যা মন্দিৰলৈ বুলি উলালে৷গোটেইকেইটাৰ গাত যেন আনন্দই নধৰা হৈছে৷তাইও হাঁহিয়েই আছে যাতে সমীৰে তাইৰ মনৰ কথাটো গম পাই অন্তৰত দুখ নাপায়৷কিন্ত ভিতৰিভিতৰি তাইৰ মনত আন এখন যুঁজ চলি আছে৷মাক চাগে ইতিমধ্যে আহি বহুখিনি পাইছেই৷উলাওঁতে তাইক জনাইছিল৷
  
মন্দিৰ পাই সিহঁতৰ কামখিনি কৰোতে বৰ বেছি সময়ৰ প্ৰয়োজন নহল৷সমীৰৰ বন্ধু এটাই আগতীয়াকে কথাখিনি পাতি থোৱাই আছিল৷সিহঁত যাবলৈহে ৰৈ আছিল৷হোমৰ জুইৰ আগত এইয়া সমীৰ আৰু নীলাঞ্জনা,অগ্নিক সাক্ষী কৰি যুগ্মজীৱনৰ বাবে দুয়ো এক হৈছে৷
সমীৰে তাইৰ শিৰত সেন্দূৰ দিয়াৰ লগে লগেই তাৰ লগৰ এটাই আনন্দতে চিঞৰি কলে...তহঁতৰ দুয়োটাৰে ঘৰত খবৰটো সোনকালে দি দিব লাগে৷লগে লগে সমীৰক এটাই ঘৰলৈ ফোনটো লগাই খবৰটো দিয়ালে৷নীলাঞ্জনাই নিজৰ ফোনটো সমীৰলৈ আগুৱাই দিলে৷সি তাইৰ পৰা নীলাঞ্জনাৰ দেউতাকৰ নম্বৰটো লৈ তেওঁলৈ ফোন কৰি সিহঁতৰ যে মন্দিৰত বিয়া হৈ গ'ল খবৰটো দিলে।   
 
  অনাংক্ষীত খবৰটোৱে নীলাঞ্জনাৰ ঘৰখন কপাই গ'ল যদিও নীলাঞ্জনাৰ মাতৃয়ে বিশেষ একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷তেওঁ এটা কথাতেই দৃঢ় প্ৰতিজ্ঞ তেওঁৰ কষ্ট অথলে যাব নিদিয়ে৷ তেওঁৰ উচ্চ শিক্ষিতা জীয়ৰীৰ জীৱন কোনো কাৰণতেই ধ্বংস হ'ব দিব নোৱাৰে৷তাইক যি কৰি হলেও তাৰ পৰা এৰুৱাই আনিবই৷
   

বিয়াৰ পিছত সমীৰ আৰু নীলাঞ্জনাৰ সংসাৰ খন সুন্দৰ ভাৱেই চলি আছিল৷সমীৰৰ লগৰ এটাই তাক গাড়ীৰ ডিলাৰ এটাত ভৰাই দিলে৷ইফালে নীলাঞ্জনাই মাল্টিনেশ্বনেল কোম্পানী এটাত সোমাল৷দুয়ো ৰাতিপুৱা একেলগে খাই উলাই যায়৷ঘূৰি আহোতে সমীৰৰ অলপ দেৰী হয়৷নীলাই ফ্ৰেচ হৈ ৰৈ থাকে সমীৰ অহালৈ৷সন্ধিয়াৰ চাহকাপ দুয়ো একেলগেই খায়৷ভাৰাঘৰৰ মালিকনী অকলে থাকে৷একমাত্ৰ পুত্ৰ-বোৱাৰী হায়দৰাবাদত থাকে৷মাকক নিব বিচাৰে যদিও তেওঁ নিজেহে যাবলৈ ইচ্ছা কৰা নাই৷ঘৰৰ গিৰিহঁত ঢুকোৱা ৮ বছৰ মান হ'ল৷তেতিয়াৰ পৰাই মানুহ গৰাকী অকলে থাকে৷ভাৰাঘৰৰ মানুহ খিনিয়েই তেওঁৰ লগ৷সমীৰ নহালৈকে নীলাই মানুহগৰাকীৰ লগতে সন্ধিয়াটো পাৰ কৰে৷বিভিন্ন ধৰনৰ ফুলৰ টাবেৰে আটকধুনীয়াকৈ ৰখা বহল বাৰাণ্ডাখনত বহি মালিকনীৰ লগতে নীলাৰো সন্ধিয়াটো খুব ধুনীয়াকৈয়ে পাৰ হয়৷অহাসপ্তাহত নীলাই আন এটা কোম্পানীত জইন কৰিব৷ফলাফল স্বাভাৱিকতেই ভাল হোৱাত নীলাই বেলেগ এটা কোম্পানীৰ ওপৰৰ পষ্টত এপ্লাই কৰি ইতিমধ্যে ছিলেক্ট হৈছেই৷কোম্পানীৰ মালিকৰ লগত মাকৰ ভাল সম্পৰ্ক৷জীয়েকৰ ঘৰলে নাহিলেও তেওঁ ফোনেৰে তাইৰ খবৰ ৰাখে৷দেউতাক কিন্ত কিবা কামত গুৱাহাটী আহিলে তাইৰ তাত সোমাই যায়৷নতুন কোম্পানীটোত তাইৰ কাম অলপ বেছি হ'ব গতিকে আগৰ দৰে ইমান সোনকালে ঘৰলৈ আহিব নোৱাৰিব৷এইবাৰ মাক তাইৰ ঘৰলে অহাৰ কথা৷কোম্পানীৰ মালিকজনৰ লগত তাইক ভালকে চিনাকি কৰাই দিব৷মাক আহোতে তেওঁকো সিহঁতৰ ঘৰলে নিমন্ত্ৰণ দিব বুলি জনালে৷কথাটো নীলাই মনে মনে বৰ ভাল নাপালে যদিও মাকক না কব নোৱাৰিলে৷যি নহওক মাক যে ইমান দিনৰ পিছত সিহঁতৰ ঘৰত আহিব লৈছে৷তাই কথাটো সমীৰক জনালে৷সমীৰে মাক অহাৰ কথাটো শুনি  ভাল পালে৷অৱশেষত মাকে সিহঁতৰ সম্বন্ধটোক স্বীকৃতি দিলে৷পিছদিনা ৰাতিপুৱাই মাকে জনালে যে তেওঁ দুদিন পিছত আহিব৷মাক আহিব বুলি খবৰটো পায় সমীৰ আৰু নীলাঞ্জনাৰ গা সাতখনআঠখন৷কি কৰিব কি কিনিব কি বনালে মাকে খাই ভাল পাব৷মাক থাকিব যেতিয়া বিচনাখনৰ কাৰণে ভাল বিচনাচাদৰ এখন কিনিব লাগিব৷মাক আহিলে আকৌ আলহীজনকো মতাৰ কথা৷সিহঁতি বাৰু মাজতে ছোফাচেট এটা কিনিলে৷চেন্টাৰ টেবুলখন কিনা নাছিল৷এতিয়া কিবা কৰি টেবুল এখন কিনিবই লাগিব৷দুটা দিন যেন বহুত কম সিহঁতৰ বাবে৷লৰালৰিকৈ দুয়োটাই কামবোৰ কৰিলে৷
 
 আজি নীলাঞ্জনাৰ মাক আহিব৷২মান বজাৰ ভিতৰত পাই যাব৷অৱশেষত মাক আহি পালেহি৷
সমীৰ আৰু নীলাঞ্জনা দুয়োটাই মাকক আলপৈচান ধৰাত যেন কোনো ক্ৰটী ৰৈ নাযায়৷তাৰ বাবে নিয়াৰিকৈ কামবোৰ কৰিছে৷মাক আহিব বুলি জানি দুয়োটাই আজিৰ দিনটো চুটি লৈয়ে থৈছে৷কিন্ত নীলাঞ্জনাই মন কৰিছে মাক যেন বৰ সন্তুষ্ট হোৱা নাই৷মাকৰ সদায় ওপৰত থকা স্বভাৱ এটা ঘৰৰ সকলোৱে জানে৷তাইও ইমানদিনে মাকৰ এই স্বভাৱটো লক্ষ্য কৰি আহিছে৷ঘৰত ইনভাৰ্টাৰ আৰু ফ্ৰীজ নেদেখি মাকে সমীৰক ইনভাৰ্টাৰ আৰু ফ্ৰীজ এটা কিনি আনিবলৈ পইচা দিলে৷গৰম দিনত আলহীজন থাকোতেই যদি কাৰেণ্ট যায়৷এই গৰমত ফ্ৰীজৰ পানী বা চৰ্বত এগিলাচ দিব নোৱাৰিলে বৰ লাজৰ কথা হ'ব৷সমীৰে অনিচ্ছা স্বতেও পইচাটো লবলৈ বাধ্য হ'ল৷যি নহওক তাৰ শাহুৱেক হয়৷
  
পিছদিনা অৰ্থাত দেওবাৰে মালিকজন অহাত মাকে তাইক চিনাকি কৰাই দিলে৷তাই যিহেতু তেওঁৰ তলতে কাম কৰিব,গতিকে কামবোৰ ভালদৰে মন দি কৰিব কলে৷হিন্দীভাষী মালিকজনে ভঙা ভঙা অসমীয়াতে মাথো হাঁহি  কলে..একো নাই মই শিকাই লম৷অনিচ্ছাস্বতেও তাই হাঁহি এটা মাৰিলে৷মাকে কিন্ত সমীৰৰ কথা এবাৰো উল্লেখ নকৰিলে৷
   অহাসপ্তাহত নীলাঞ্জনাই নতুন কোম্পানীটোত জইন কৰিব৷পুৰণি কোম্পানীটোৰ পৰা অব্যাহতি লৈ এই দুদিন তাই ঘৰতে আছে৷কোম্পানীৰ মালিকজন সিহঁতৰ ঘৰলৈ অহাৰ পিছৰ পৰা তেওঁ অলপ বেছিকৈয়ে তাইৰ খবৰ লোৱা হৈছে৷কথাটো তাই মন কৰিছে যদিও সমীৰক কোৱা নাই৷শুনিলে সি মনত দুখ পাব৷এনেও মালিকজন আহোতে মাকে কৰা ব্যৱহাৰটোত সি মনত এটা আঘাত পাইয়ে আছে৷এইবোৰ কথা তাক এতিয়া জনোৱাটো উচিত নহব৷
  ৰাতিপুৱা কোম্পানীৰ গাড়ীতে নীলাঞ্জনা অফিচলৈ যায়৷আহোতে গাড়ীখনে বহুতক নমাই ঘূৰি ঘূৰি আহোতে দেৰি হয় বাবে তাই কেতিয়াবা নিজেই অলা বা উবেৰ বুক কৰি আহে৷মাজে মাজে মালিকে তাইক ৰৈ থকা দেখি লগ ধৰিলে তাই না কৰিব নোৱাৰে৷
আজিকালি যেন মালিকে সেই সুবিধাটোৰ কাৰণেই বাট চাই থাকে৷বাধ্য হৈ তাই আজিকালি প্ৰায়েই তেওঁৰ লগত আহিব লগা হয়৷তেওঁ প্ৰায়েই ৰাস্তাত গাড়ী ৰখাই বজাৰ কৰে৷লগতে তাইলৈও কৰি আনে৷ঘৰৰ বস্তু,খোৱা বস্তু,মিঠাই৷দিনটো কাম কৰি তাইও ভাগৰুৱা হৈ থাকে৷গতিকে কেতিয়াবা তাই বেয়াও নাপায়৷আৰামত গাড়ী আহি আহি তাইৰো এটা অভ্যাসত পৰিণত হৈছে৷দিনটোৰ কষ্টৰ শেষত এইকন আৰাম যেন তাইৰ 

খুবেই প্ৰয়োজনীয়৷মাহেকৰ মুৰত পোৱা দৰমহাৰ পইচাকেইটাৰে ঘৰখন চলোৱাটোও টান হৈ পৰিছে৷সমীৰে যি কেইটা পায় সেইকেইটা তাৰ হাতখৰচতেই যায়৷তাৰ ৰজনীগন্ধা,চিগাৰেট খোৱাৰ অভ্যাসটো নীলাঞ্জনাই কৈ কৈও ঠিক কৰিব নোৱাৰিলে৷এইবোৰতেই তাৰ দিনটোত বহুত পইচা যায়৷আগতে ঘৰৰ মানুহে এইবোৰ কথা বুজাওঁতে তাই গুৰুত্ব নিদিলে৷তাইৰ এটাই কথা..বিয়াৰ পিছত সি ঠিক হৈ যাব৷ঠিক হ'ব বুলি ভাবোতে ভাবোতে ইতিমধ্যে বিয়াৰ তিনি বছৰ অতিক্ৰম কৰিলে৷আজিকালি সমীৰৰ কাণ্ডবোৰে নীলাঞ্জনাকো অতিষ্ঠ কৰিছে৷কষ্ট কৰি পোৱা পইচাকেইটাৰে তাই ঘৰখন চলাওতেই যায়৷নিজৰ বুলি একো কৰিবই নোৱাৰে৷ইফালে মাহটো বাগৰেহে ভাৰাঘৰৰ পইচা বিচাৰি ফোন আহেই৷ঘৰত লাহবিলাসত ডাঙৰ হোৱা ছোৱালীজনীক পইচাৰ অভাৱে অতিষ্ঠ কৰি তুলিছে৷আজিকালি সেইকাৰণে তাই কোম্পানীৰ মালিকৰ গাড়ীত আহিবলৈ পালে বেয়া নাপায়৷অহা খৰচটো বাচি যায়৷লগতে তেওঁ প্ৰায়ে বজাৰখিনিও কৰি দিয়ে৷লাহে লাহে সমীৰ আৰু নীলাঞ্জনা দুইটা যেন কিছু আতৰি আহিছে৷নীলাঞ্জনাও অফিচৰ পৰা আহি ভাগৰে জুগৰে বিচনাখনত পৰিবলেহে বাট চাই থাকে,ইফালে সমীৰৰ তাইৰ প্ৰতি কোনো ধাণ্ডাই নাই৷সি তাইতকৈ আগত আহি পায় যদিও সব কাম তাইলৈ পেলাই মবাইলটো লৈ খেলত ব্যস্ত৷কেতিয়াবা মাহেকৰ মুৰত মবাইলটো ৰিচাৰ্জ কৰিবলৈও তাইৰ পৰাহে পইচা লব লগা হয়৷মাকে তেতিয়া তাইক বাৰে বাৰে বুজাইছিল৷কিন্ত তাইৰহে মুৰত একো নোসোমাল৷
এতিয়া নিজৰ ভুলৰ ফল নিজেই ভুগিব লগা হৈছে৷পৰহিলৈ মানসৰ জন্মদিন৷মানস মানে তাইৰ বচ৷সি আজিকালি তাইক ছাৰ বুলি মাতিবলৈ মানা কৰিছে৷তাৰ সলনি তাক নাম কাঢ়ি মাতিব দিছে৷নীলাঞ্জনাইও কথাটো বেছি আপত্তি নকৰিলে৷আজিকালি সিহঁতৰ ঘনিষ্টতাও যথেষ্টখিনি বাঢ়িছে৷আজৰি সময় পালেই দুয়োটাই প্ৰায়ে ফুৰিব গৈ ৰেষ্টুৰেণ্টত খাই আহে৷সময় পালেই শ্বিলঙৰ ফালে এপাক ঘূৰি আহে৷নীলাঞ্জনাৰ মনটো কিছু পাতল লাগে৷নহলে ঘৰ আহি পায়েই সমীৰক মবাইলটো লৈ খেলি থকা দেখিলে তাইৰ খংটো উঠি আহে৷
   মানসৰ জন্মদিন বুলি তাই আজি ৰাতিপুৱা অলপ সোনকালেই উঠি গাটো ধুইয়ে ওচৰৰ মন্দিৰটোত শৰাই এখন দি আহিল৷দুয়োটাই আগতেই প্লেন কৰি থোৱা মতে অফিচত সোনকালেই পাৰ্টিতো দি দুয়োটা আজি শ্বিলঙলৈ যাব৷

সিহঁতৰ সম্পৰ্কটো অফিচটো ইতিমধ্যে প্ৰায়বোৰেই জনা হৈছে৷মাজে মাজে তাইৰ ঘনিষ্ঠ দুই-এজনে তাইক নোজোকোৱাও নহয়৷ইফালে সমীৰে মদ খোৱাতো দৈনন্দিন অভ্যাসত পৰিণত হৈছে৷আগতে সি কিবা বিশেষ পাৰ্টি আদিতহে অলপ খাইছিল৷তাকো নীলাঞ্জনাক সুধি৷তাইৰ আৰু ধৈৰ্য্যৰ সীমা নোহোৱা হৈছে,অফিচৰ তাইৰ ঘনিষ্ঠ দুজনমানে কথাটো গম পাই তাইক ভালদৰে সিদ্ধান্ত এটা লবলৈ কৈছে৷মানসৰ লগতো তাই আলোচনা কৰিছে৷সমীৰৰ লগত বিবাহ বিচ্ছেদৰ কথাও আছে৷সদ্যসতে মানসে তাইক প্ৰমোচন সহ বদলি কৰি দিল্লীলৈ লৈ যোৱাটোকেই ঠিক কৰিছে৷নীলাঞ্জনাৰ মাক তাইৰ সিদ্ধান্তটোত খুবেই সুখী৷তেওঁৰ মনৰ আশাটো অৱশেষত পূৰণ হ'ব উলাইছে৷সমীৰৰ লগত বিবাহ বিচ্ছেদ কৰোৱা কামটো তেওঁ যিকোনোপ্ৰকাৰে কৰি পেলাব৷সেইটো কথা তেওঁ বিশেষ চিন্তা কৰা নাই৷নীলাঞ্জনাই যে মান্তি হৈছে তেওঁৰ বাবে সেইটোহে ডাঙৰ কথা৷ইতিমধ্যে তেওঁ ভাল নাম থকা এজন উকীলৰ লগত কথা পাতিছেই৷
সমীৰে গোটেই ৰাতিটো বিচনাখনত ইকাতিসিকাতি কৰিয়েই কটাই দিলে৷কানিমুণি পোহৰ হোৱাত সি বিচনাৰ পৰা উঠি খিৰিকীৰে বাহিৰলৈ চালে৷
সূৰ্য্যৰ কিৰণ তেতিয়াও পৃথিৱীত পৰাই নাই৷তাৰ বুকুখন শোকে খুন্দা মাৰি ধৰিলে৷তাৰ মৰমৰ নীলা আজি যাবগৈ,তাৰ পৰা বহুত দূৰলৈ...তাৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল৷কি কৰি পেলালে সি,তাৰ ভূলৰ বাবেই সি আজি নীলাক হেৰুৱাব লগা হ'ল৷সমীৰ এৰি এক মিনিটো থাকিব নোৱাৰা নীলাঞ্জনা,কামাখ্যা মন্দিৰত অগ্নিক সাক্ষী কৰি চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে শিৰত সেন্দূৰ লোৱা নীলাঞ্জনা!
  ৰাতিপুৱা ১০ বজাত নীলাঞ্জনাৰ ফ্লাইট আছে৷তাই কোৱা নাই যদিও সমীৰে তাইক আগবঢ়াবলে বুলি উলাল৷মালিকৰ গাড়ীতে তাই যাব৷তেওঁও তাইৰ লগতে দিল্লীলৈ যাব বুলি তাইৰ মুখৰ পৰাই সি গম পাইছিল৷গাড়ী আহিলত সমীৰে তাইৰ লাগেজবোৰ উঠাই দিলে৷গাড়ীৰ আগৰ ছিটত সমীৰ আৰু  ড্ৰাইভাৰ৷ পিছৰ ছিটত নীলাঞ্জনা আৰু তাইৰ বচ৷তেওঁ ইংগিতেৰে দেখুৱাই দিয়া মতেই সি আসনত বহিল৷সমীৰে নীলাঞ্জনাক আগবঢ়াবলৈ এয়াৰপৰ্টলৈ যোৱাতো আছলতে তেওঁ পছন্দ কৰাই নাছিল৷সমীৰে নীলাঞ্জনাৰ ফালে চালে৷নীলাঞ্জনা তেতিয়া খিৰিকীৰে বাহিৰৰ সৌন্দৰ্য উপভোগ কৰাত ব্যস্ত৷
  
 
এয়াৰপৰ্ট পোৱাত সমীৰে নীলাৰ বেঙুনীয়া ৰংৰ আমেৰিকান টুৰিষ্টাৰ চুটকেচটো নিজেই আগবাঢ়ি ল'লে৷তাৰ মনত পৰিল সেই দিনটোলে৷কিমান যে কষ্ট কৰি দুয়োটাই পইছা গোটাই এই চুটকেচটো কিনিছিল,নীলাঞ্জনাৰ প্ৰিয় বেঙুনীয়া ৰংটো তাই নিজেই বাচি লৈছিল৷অফিচৰ কামত বাহিৰলৈ গলে লগৰবোৰৰ আগত তাই এবাৰ সস্তীয়া চুটকেচ এটা নি লাজত পৰাত দুয়োটাই কষ্ট কৰি  পইচা মিলাই এইটো কিনিছিল৷টিকট চেক কৰাৰ বাবে নীলা ইতিমধ্যে লাইনত থিয় হৈছিল৷সমীৰে চুটকেচটো নীলাৰ ফালে আগুৱাই দিলে৷
তাই তাৰফালে এবাৰো নোচোৱাকৈয়ে চুটকেচটো হাত পাতি ললে৷লাইনটো আগ বাঢ়ি গৈ আছে৷ইতিমধ্যে টিকট চেক কৰি হোৱাত নীলাঞ্জনাও গেটৰ ভিতৰলে প্ৰবেশ কৰিলে৷সমীৰে মাথো নীলা যোৱাৰ ফালে চাই থাকিল৷তাৰ মৰমৰ বুকুৰ আপোন যাক সি নিজতকৈও বেছি ভাল পাইছিল সেই নীলাই আজি তাক এবাৰো ঘূৰি চোৱাৰ অভাৱো অনুভৱ নকৰিলে৷সমীৰৰ বুকুখনত যেন কিবা এটাই হেঁচা মাৰি ধৰিছে৷লাহে লাহে লাইনটোৰ মানুহখিনি নোহোৱা আহিছে৷

লাইনটো শেষ হোৱালৈকে সমীৰে চাই চাই অৱশেষত এটা দীঘল হুমুনিয়াহ তাৰ বুকুৱেদি উলাই আহিল৷তাৰ  সকলো আশা,সকলো সপোনৰ আজি সমাপ্তি ঘটিল,অন্ত পৰিল এটি জীয়া প্ৰেমৰ বাস্তৱ কাহিনী৷তাৰ মুখৰ পৰা অজানিতে উলাই আহিল....আলবিদা নীলাঞ্জনা৷(সত্য ঘটনাৰ আধাৰত) 


বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা তথা তিতাবৰ নিবাসী ৰিজুৱানা শইকীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

No comments:

Post a Comment

Advertisement

Pages