জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া হ'ব কোনেও নাজানে: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, January 6, 2022

জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া হ'ব কোনেও নাজানে: Assamese Fact

Assamese Fact

বিবাহ আপুনি বা মই বিচাৰিলে নহয়। কিছুমানে ভাবে মই এনেকুৱা পত্নী কিয় পালোঁ বা মই এনেকুৱা স্বামী কিয় পালোঁ।কিয় এনেকুৱা পত্নী বা স্বামী পালে জানেনে এইটো আপোনাৰ কৰ্মৰ দণ্ড বা ফল।(Assamese Fact )


 আপোনালোকে ভাল বা বেয়া কৰ্মৰ ফল পত্নী বা স্বামী। পত্নী বা স্বামী যদি ভাল তেতিয়া সেইয়া আপোনালোকৰ কৰ্মৰ ফল। বেয়া যদিও আপোনালোকৰ কৰ্মৰ ফলেই। শাস্ত্ৰত লিখা আছে জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া ক'ত হ'ব কোনেও নাজানে।ৰাৱণে ডাঙৰ পুতেক জন্ম হোৱা আগতেই চাইছিল যে এই ক্ষণত অৰ্থাৎ অমৃতক্ষণত যদি মোৰ ল'ৰা জন্ম হয় তেতিয়া কোনেও তাক মাৰিব নোৱাৰে সি অমৰ হৈ পৰিব। সেই কাৰণে ৰাৱণে সকলো গ্ৰহ নক্ষত্ৰক বন্দী বনাই থ'লে ।কিন্তু শনি তাৰ পৰা পলাল।শনি পলাওঁতেই মেষনাথৰ জন্ম হ'ল।শনি অনুকুল নাছিল আৰু শনিৰ দশাৰ কাৰণে  মেষনাথৰ মৃত্যু হ'ল।


ৰাৱণে সকলোতকৈ শক্তিশালী আছিল কিন্তু তেনেকুৱা ৰাৱণ জানো অমৰ হ'বলে পাৰিলে। তেওঁ কৰ্ম দণ্ড পাইছিল। সেই কাৰণে জন্ম য'ত, যেতিয়া লিখা আছে তেতিয়াই হ'ব।বিয়া কোনেও কাকো কাৰো লগত পাতি দিব নোৱাৰে কাৰণ য'ত, যেতিয়া লিখা আছে তেনেকেহে হ'ব মানুহ অকল এটা মাধ্যমহে। সেই কাৰণে পত্নী আৰু স্বামী মানুহে নিজৰ পচন্দ নহয় ভগৱানে যাক লিখি থৈছে তেনেকেহে পাই। ভগৱানে যেতিয়া স্ত্ৰীক জন্ম দিয়ে তেতিয়া তাইৰ বাবে এজন পুৰুষো জন্ম দিয়ে । (Assamese Fact )


কাৰোবাৰ বিয়া নহয় সেইয়াও ভগৱানেই কৰে।কাৰণ থাকে বিয়া নোহোৱাৰ। মৃত্যু ক'ত,কেতিয়া কেইটা বজাত হ'ব আপুনি জানে জানো কোনেও নাজানে। কিন্তু ভগৱানে এইসমূহ আগতেই নিশ্চিত কৰি থয়। জন্ম হ'লে মৃত্যু হবয়ে আৰু আমিটো সদায় মৰিয়ে আছোঁ। 


জন্ম হওঁতে থকা সৰু শৰীৰটো নাইকীয়া হ'ল।তাৰ পাছত যৌৱন কালছোৱাৰ শৰীৰটো নাইকীয়া হয় ।কেঁচা চুলি পকা হয় এনেদৰেটো মৰিয়েই আছে ন। আজি থকাটো কাইলৈ নাথাকে কালি থকাতো আজি নাথাকে। আমি পৰিবৰ্তনশীল বনো আৰু শেষ হওঁ।এই জন্ম আৰু মৃত্যু খেলৰ পৰা বাচিব বিচাৰে যদি ভগৱানৰ চৰণলৈ যাওঁক। 


তেওঁয়ে আমাৰ গতি লগাব নহ'লে এই চক্ৰ চলিয়ে থাকিব। মৃত্যুয়ে মূৰৰ ওপৰত নাচি থাকে কেতিয়া আহিব ঠিক নাই। সেই কাৰণে স্বভাৱ শুধৰণি কৰক।মৰা আগত কিবা ভাল কৰক। মৃত্যু আহিলে একো কৰিব নোৱাৰে সেই কাৰণে যি কৰিব আছে এতিয়াই কৰক। ইনকম কৰক যি নিজৰ কাৰণে লাগে ৰাখি অতিৰিক্ত খিনিয়ে পাৰিলে দান,পুণ্য কৰক।এইটোৱে আপোনাৰ সকলোতকৈ ভাল ইনকম হিচাপে পৰিগণিত হ'ব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত





1 comment:

Advertisement

Pages