- বহা
- ক'ত
- বাইকত আকৌ
- কিন্তু মোৰ ভয় লাগিছে |
- কিয় ?
- যদি তোমাৰ ঘৰৰ মানুহে মোক,,,,,
- হব সেইবোৰ সকলো মোৰ ওপৰত এৰি দিয়া | বাকি যি কৰিব লাগে মই কৰিম |
- ঠিক আছে |
তৰালিয়ে একমাত্র মনৰ সাহসত বাইকত বহি দিলে | তৰালি নাজানে এয়া কি হব গৈ আছে | বা এই সমশ্যা শেষ হব ক'ত | কিন্তু মাত্র তাইৰ যাত্রা সুখৰ সংজ্ঞা বিচাৰি | জীৱনৰ কান্দোনৰ পৰা মুক্তি বিচাৰি হাঁহিৰ ঠিকনা বিচাৰি | কাৰন তাইৰ ও আশা এদিন পোহৰ হব |
ইন্সপেক্টৰ মনে অতি কম দিনৰ ভিতৰতে তৰালিৰ হৃদয় জয় কৰিছিল | আৰু তাই ও বিচাৰে মনৰ দৰে ল'ৰা এজন | খুৱ শান্ত মৰম লগা |
- ঐ খুটাতো এইফালে পোত
- কিয়
- বৰষুণ আহিলে ৰভা তলিত পানী পৰিব লাগিলে তোৰ পিঠি বহল হব |
- হব দে বাৰু
ইতিমধ্যে ময়ূৰীৰ চোতালত টেন্ট হাউছৰ মানুহ ৰভা দিয়াত ব্যস্ত | সকলো ফালে মাত্র হাই উৰুমি,থৌকি বাথৌ লাগিছে ময়ূৰীৰ মনতো | বিয়াৰ অভ্যৰ্থনা ময়ূৰীৰ ঘৰত হব | যিহেতু তাৰ নিজা ঘৰ নাই ,সেয়েহে সি ও ব্যস্ত নিজৰ বিয়াৰ ইটো সিটো কাম কৰাত | কাৰো যেন আহৰি নাই | মন - ময়ূৰীৰ বিয়া ! কিমান হেপাঁহৰ অপেক্ষা | ময়ূৰীৰ ঘৰৰ সন্মুখৰ ফুল জোপাৰ ডাল কিছুমান বাঢ়ি আহিছিল | তাৰে দুটামান ডাল কাতি দিয়াত ব্যস্ত মন | তেনেতে সি চিঞঁৰি দিলে |
- আহঃ মৰিলো
মনৰ চিঞঁৰ শুনি ওচৰতে থকা ময়ূৰী দৌৰি আহিল |
- কি হ'ল মন
- এয়া চোৱাছোন
- তেজ ! মানে কাতিলে তোমাক ?
- উম
- কাম বোৰ অকনমান সাৱধানে কৰিব লাগে |
তাই তাইৰ দোপাট্রা খন ফালি পেলালে |
- ময়ূৰী ইমান ধুনীয়া দোপাট্রা খন কিয় ফালিলা ?
- চাওঁ আঙুলিটো দিয়া |
তাই তাৰ আঙুলিতো ধুনীয়াকে বান্ধি দিলে |
- এখন সাধাৰণ দোপাট্রা | আকৌ কিনি লম | কিন্তু তোমাৰ জীৱনৰ কিমান মূল্য তুমি জানা ? চোৱা মন কেতিয়াওঁ নিজৰ অনিষ্ট হোৱাকৈ কাম নকৰিবা | কাৰন তুমি মোৰ শেষ ভৰষা |
- শেষ ভৰসা ?
- অ তোমাৰ পিছত মই কাক আশা কৰিম |
- ময়ূৰী
- কোৱা
- মই ধুনীয়া নহয় তাৰপাছত ও তুমি ?
- ধুনীয়া ! এই শব্দৰে ভালপোৱা,ভাললগা নিৰূপন নহয় মন | লাগে মাথো এখন পবিত্র অন্তৰ | এখন পৰিস্কাৰ অন্তৰত সদায় জিৰনী লব বিচাৰো |
- ময়ূৰী তোমাৰ প্রেমতে মই জীয়াই থাকিম |
- হব মন |
তাই তাৰ গাল খনত চিকুটি দি কৈছিল |
- চিকুটি চিকুটি তোৰে ,,,,,,
- হব হব তুমি আকৌ গাই দিব নালাগে |
- কিয় ?
- তোমাৰ মাতটো কাউৰীৰ দৰে যে |
- কি ! ৰবা তোমাক মই আজি
মনে ময়ূৰীৰ ওচৰৰ পৰা দৌৰ দিলে |
- ৰবা ক'ত পলাইছা
- কা - কা - কা
- আহঃ তোমাক মই,,,,,,,,
এয়াই হয়টো এটা প্রেম,এখন সংসাৰৰ ধেমালী | এয়াই এখন সংসাৰৰ সুখ | মৰমৰ মাজত উমলি থকা সিহতৰ হাবিয়াস |
মনে তৰালিৰ হাতত ধৰি তাইক সিহতৰ ঘৰলৈ সোমাই লৈ গ'ল |
- মা মা
মনৰ মাকে ভিতৰৰ পৰা মাতি দিলে |
- কি হ'ল নো মা
- মা ওলাই আহাছোন | তোমাৰ কাৰনে বস্তু এটা আনিছো |
তৰালিৰ যে ভয় লাগিছে মাত্র ভগবানে জানে কি পৰিস্থিতিৰ সন্মুখীন হব তাই আজি |
- তৰালি কি হ'ল ?
- হু,নাই একো নাই |
- ভয় কৰিছা নেকি তুমি ?
- অলপ অলপ
- ভয় নকৰিবা মই আছো ন |
তেনেতে মনৰ মাক ভিতৰৰ পৰা ওলাই আহিল | আহিয়ে মনৰ লগত এজনী ছোৱালী দেখি মাক আচৰিত |
- মন
- মা তোমাৰ বোৱাৰী
- কি ! মোৰ সন্মতি,মোৰ পচন্দ অপচন্দৰ কথা চিন্তা নকৰি কৰ এজনী ছোৱালীক তই ঘৰ সোমোৱাৰ সাহস কৰিলি ?
- হাৰে মা
- খৱৰদাৰ | মোৰ অবাধ্য হৈ তই আজি ইমান ডাঙৰ সাহস এটা কৰিলি | তোক ক্ষমা নকৰিম মন |
- মা তুম
- শুন মই আজি দুখ পাইছোঁ ,মোৰ কথা চিন্তা নকৰি তই,মোৰ ঘৰৰ ওপৰত থকা দায়িত্ব নুবুজি তই এজনী ছোৱালীক বোৱাৰী বুলি ঘৰ সোমোৱাৰ অপৰাধত তোক মই ত্যাজ্যপুত্র কৰিম | অ ত্যাজ্যপুত্র |
- মা তুমি মোৰ কথাবোৰ,,,,,,,
- মন ,তোমাৰ মায়ে ঠিকে কৈছে, তুমি যিজনী ছোৱালীক বিয়া পাতি আনিবা সেয়া একমাত্র তোমাৰ মাৰ পচন্দত আনিবা | কাৰন তোমাৰ মায়ে তোমাক কিমান কষ্ট কৰি ডাঙৰ কৰিছে | মাৰ কথা অমান্য নকৰিবা মন |
- তৰালি
- মই তেনে দুৰ্ভগীয়া ছোৱালী,আচলতে এইখন ঘৰৰ বোৱাৰী হোৱাতো ভাগ্য লাগিব | তোমাৰ জীৱনত যিজনী আছে তেওঁ বহুত সুখী হব | মই আহো
- ময়ূৰী, মা তুমি এদিন এনেকে ময়ূৰীক অপমান কৰিছিলা | আৰু আজি তৰালিক
তৰালিৰ নামটো শুনাৰ লগে লগে মনৰ মাকৰ মনত পৰিল | এদিনা খন সি মাকক গায়িকা তৰালিৰ কথা কৈছিল |
- মন তৰালি মানে
- গায়িকা তৰালি |
- কি ! তৰালি ,তৰালি শুনাছোন |
যাৱলৈ ওলোৱা তৰালি থমকি ৰৈছিল | মনৰ মাক তৰালিৰ ওচৰত গৈছিল |
- তৰালি মোক ক্ষমা কৰিবা |
- তেনেকে নকব খুড়ী,আপুনি মোৰ ওচৰত একো ভুল কৰা নাই | আপুনি মাত্র নিজৰ ল'ৰাৰ ভালৰ কাৰনে চিন্তা কৰিছে |
- নাই নাই তৰালি মই ভুল কৰিছোঁ | আহা ভিতৰলৈ আহা |
- খুড়ী
- আহা আকৌ,,,,,,,
মনৰ মনটো অনাবিল প্রশান্তিত নাছি উঠিছিল | যি নহওঁক শেষত তাৰ মাকৰ সৰল অন্তৰ খনকয়ৰ চিনাকী হ'ল | নহ'লে যে সি আজি জীৱনত ডাঙৰ সিদ্ধান্ত ল'লে হেতেন |
ময়ূৰীয়ে বহুদিনৰ পৰাই ভাৱি আছিলে মনক তাই এখন বাইক কিনি দিব | অফিচলৈ যাৱলৈ তাৰ বৰ কষ্ট হয়,কেতিয়াবা তাইৰ সময় নিমিলে কাৰন তাইৰ ক্লাছ থাকে | সেয়েহে ময়ূৰীয়ে আজি মনক কথাটো কওঁ বুলি ভাৱিলে |
- মন কথা এটা কব খুজিছোঁ
- কি কথা ময়ূৰী |
- মোৰ হাতত ও সময় নাথাকে,এইফালে তোমাৰ অফিচলৈ যাবলৈ ও চিটিবাছত অসুবিধা হয় সেয়েহে,,,,,
- সেয়েহে কি ময়ূৰী ?
- মই,ভাৱিছো তোমাক এখন বাইক কিনি দিম |
- কি ! মোক নালাগে দে
- তুমি নালাগে ক'লে নহব | মই যি ভাৱিছোঁ সেয়াই হব |
- তুমি ও যে আৰু,
- অ মই তেনেকুৱাই ,মোৰ হাজবেণ্ডক পাগলৰ দৰে ভালপোৱাঁ |
অবশেষত ময়ূৰীয়ে মনক বাইক এখন কিনি দিলে | এতিয়া তাইৰ এটা চিন্তা দূৰ হ'ল | মনৰ এতিয়া কষ্ট কম হব | আৰু সদায় সি সময়ত অফিচ ওলাৱ পাৰিব |
- ময়ূৰী মই ভাত নাখাওঁ
- কিয় ?
- কিয় মানে মোৰ অফিচ দেৰি হৈছে |
- ৰাতিপুৱাঁ ৯ বজাত উঠিলে অফিচ দেৰি হবই |
- তুমি মাতি দিব নোৱাৰা ?
- ঐ সোণ তোমাক তেনেকে মাতি দিব মোৰ বেয়া লাগে নহয় |
- হব ইমান মৰম ভাল নহয় |
মনে দৌৰাদৌৰিকৈ ওলালে | মৰমৰ এনাজৰীৰে বান্ধ খোৱা এখন সংসাৰ |
-মন তোমাক কথা এটা কব লাগিছিলে |
- কি কথা ?
- অফিচৰ পৰা আহা তাৰ পাছত কম |
- নহব এতিয়াই কব লাগিব |
ময়ূৰীয়ে মনৰ চাৰ্টৰ বুটাম মাৰি মাৰি কৈছিলে |
- মই
- কোৱা ময়ূৰী
- মই প্রেগনেন্ট মন |
- কি !
মনে তাইক ডাঙি লৈ ঘূৰাই দিলে |
- ৰবা ৰবা কি কৰিছা মই পৰি যাম |
সি তাইক বিচনাত শুৱাই দিলে |
- ময়ূৰী চকু মুদি দিয়া |
- কিয় ?
- দিয়া না
- উম দিছোঁ |
মনে ময়ূৰীৰ পেটত চুম্বন কৰিছিল | তাইৰ নাভিত কৰা চুম্বনত তাই সিহঁৰিত হৈছিল |
- মন
- মই নাজানো তুমি ল'ৰা নে ছোৱালী,মই মাত্র এটা কথা জানো তুমি মন-ময়ূৰীৰ সন্তান |
ময়ূৰীয়ে মনৰ কথা শুনি হাঁহি আছিলে | সি তাইৰ পেটত তাৰ মুখ খন লগাই কৈছিল |
- তুমি কেতিয়া আহিবা ? তোমাৰ অপেক্ষাত আছো | আৰু শুনা তুমি মাৰ দৰে ধুনীয়া হৈ আহিবা দে | তোমাক মই বহুত মৰম কৰিম | ৰাতিৰ নিৰ্জনতাত তোমাক বুকুৰ মাজত শুৱাই
আমাৰে মইনা শুৱ য়ে
বাৰিতে বগৰী ৰুৱ য়ে
বাৰিৰে বগৰী পকি সৰি যাৱ
আমাৰ মইনাই বোটলি খাৱ |
মইনা অ তুমি এতিয়া শুই থাকা দে,মোৰ অফিচ দেৰি হৈছে নহয় | মাৰ লগত কথা পাতি থাকা |
- মন
মনে ময়ূৰীৰ গালত চুমা দিছিলে |
- আহো দেহা,,,,,,,
- শুনা দেৰি হ'ল বুলি গাড়ী স্পীডত নচলবা |
- হব চিন্তা নকৰিবা |
- উম |
সি অফিচলৈ ওলাই গ'ল | ময়ূৰীয়ে বেলকনিৰ পৰা মনলৈ চাই থাকিল তাই হাতেৰে তাক বাই বাই দিলে| তাই আজি বুজিছে আচলতে পৃথিৱীৰ প্রত্যক নাৰীয়ে নিজৰ স্বামীৰ পৰা এনে মৰমে আশা কৰে | আজি ময়ূৰীয়ে মনৰ ওচৰত সকলো পাইছে | এক কথাত কবলৈ গ'লে মন তাইৰ নামত পাগল |
কিছু সময় পাছত ময়ূৰী ও ইউনিভাৰচিটি লৈ ওলাই গ'ল | তেনেতে ময়ূৰীৰ ফোনটো বাজিল| এটা অচিনাকী নাম্বাৰ | তাই ৰিচিভ কৰিলে |
- হেল্ল'
- বৌ
- হয়
- দাদাৰ এক্সিডেন্ট !
- কি ?
ময়ূৰীৰ মূৰটো আছান্দ্রাই কৰিব ধৰিলে |
- দাদা আৰু,,,,
- দাদা
- নাই বৌ
ঠাচ কৈ মোবাইলটো ওলাই পৰিল ময়ূৰীৰ হাতৰ পৰা |
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment