২০১৭ চনৰ জুন মাহৰ সেই বিশেষ দিনটোত চোতালত শুভাকাঙ্ক্ষীয়ে আহি ভিৰ কৰিছিল। আত্মীয়, খুড়া-খুড়ী, দাদা-বৌ, সকলোৰে বুজাব নোৱাৰা আনন্দ। দেউতাই বাৰণ্ডাৰ প্লাষ্টিকৰ চকী খনতে বহি আমাৰ দিনত অমুক আছিল আমাৰ দিনত তমুক আছিল বুলি দুই মিনিট বহিম বুলি অহা জনক ৫ মিনিট বহুৱাই ৰাখিচে। ( Assamese Viral Post )
মা ই ত্ৰৈলোক্য ৰ দোকানৰ বুন্দিয়া ভূজিয়াৰে সকলোকে একাপ চাহ খুৱাবলে ব্যস্ত। নহবই বা কিয়, সকলোৱে চোকা, মেধা,ভাল লৰা বুলি কোৱা সৰু পুতেকৰ মৰিগাঁও জিলাত টেট শিক্ষক ৰ চাকৰিত নাম আহিছে। যোৱাৰ সময়ত মানুহবোৰে দেউতাক কৈ গৈছে জয়ৰাম বুঢ়াৰ আৰু ভাল দিন আহিল, পুতেক টেট মাষ্টৰ হল। আনন্দৰ চকু পানীয়ে হয়তো মোৰো কোনোবাখিনিত মনটো জীপাল কৰিছিল। ভিনদেউ ঢুকোৱাৰ পিচৰ পৰা ই ঘৰ এৰিব নোৱাৰা বাইদেউ জনীও একমাত্র ভাগিনী জনিক লৈ তলাটোকে বিশ্বাস কৰি বাহৰ জুপুৰিটো এৰি ভায়েকৰ চাকৰি খবৰ পাই থকাকৈ ঢপলিয়াই আহিল।
টিউচনৰ পইচা, ব্যক্তিগত দুই তিনিখন বিদ্যালয়ত শ্ৰমদানৰ মজুৰিৰে কিবাকে ঘৰ খন চলাই থকা ময়ো বুকুত হেজাৰ সপোন লৈ নতুন যাত্ৰা আৰম্ভ কৰিলো।
ঘৰলৈ আহিলেই লাহে লাহে মা-দেউতাই দাদাৰ বিয়াৰ কথা শুনাই। ভাবিলো সৰুকৈ ঘৰ এটি আৰম্ভণি কৰো। ঘৰ বান্ধি বিয়া পতাতো আমাৰ বাবে ইমান যে সহজ নহয় বুজিবলৈ বেছিদিন নালাগিল। বেংকৰ লোন এটা লৈ হাৰ্ডওৱেৰ দোকানৰ বাকী খিনি পৰিশোধ কৰি দাদাৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰি দিলো। মোৰ পঢ়া সময়ত বহুত কষ্ট কৰা দাদাৰ বাবেও ময়ো কিছু দায়িত্ব পালন কৰাৰ সিদ্ধান্ত ললো। সকলোৰে হাহি ফুৰ্টি আনন্দৰে বিয়া খন হৈ গল কিন্তু মোৰ বাবে মাহেকত ২২ হাজাৰ টকাৰ EMI নামৰ নতুন বোজা এটা আৰম্ভ হল। দেখিলো ৰুমভাড়া,খোৱা লোৱাৰ পিচত দৰমহা বুলিবলে হাতত একোৱে নোৰোৱাত পৰিল।
বিয়াৰ এবছৰ পাৰ নহওতে দাদাই মা-দেউতাৰ লগত বৌ এ ভাত খাই আমনি পোৱাটো ভালকৈ বুজিব পাৰি বাটৰ ফালে বাৰণ্ডা খন ঘূৰাই ভাতৰ কুকাৰটো ৪ জনীয়াৰ পৰা ২ জনীয়া কৰিবলে বেচি দিন নলগালে।
ঘৰত এতিয়া মা-দেউতা। মাৰ বৰ আপত্তি সন্ধিয়া কাৰেণ্ট নাথাকিলে বোলে একেবাৰে অন্ধকাৰ হৈ যায়। দেহাৰ শক্তি ৰে দমকলৰ পৰা পানী ফিল্টাৰত দিব নোৱাৰা হৈ আহিছে। পাৰিলে মটৰ আৰু ইনভাৰটাৰ এটা লাগে। মাই জানে পুতেকে এতিয়া চাকৰি কৰে। EMI পৰিশোধ কৰি ৰোৱা ধনৰে অসম্ভব দেখি চিনাকি দোকান এখনৰ পৰা মাহে মাহে অলপ অলপ দি যাম বুলি মা-ৰ অভাব খিনি দুৰ কৰাৰ চেষ্টা কৰিলো।
দু-মাহ মান হল ঘৰত যোৱা নাই। নাই মানে ঘৰখনত গৈ কিবা এটা সহায় কৰিবলৈ মোৰ একেবাৰে সম্বল নাই। হঠাৎ স্কুলত ফোনটো দেখো বাইদেউ ফোন কৰি আছে। মই মাত লগালো, বাইদেউ ৰ তীব্র খং আৰু অভিমান। তই বোলে চাকৰি কৰি ডাঙৰ মানুহ হলি, আমাক পাহৰি গলি। আজি মাইনাৰ (মোৰ একমাত্র ভাগিনী) মেট্ৰিক ৰ ৰিজাল্ট দিছে, তাই ৫ টা বিষয়ত লেটাৰ নম্বৰলৈ পাচ কৰিছে। সেইদিনা শনিবাৰ হোৱা বাবে আবেলি ঘৰমুৱা হলো। বাহিৰে বাহিৰে গৈ ভাগিনী ক শুভেচ্ছা জনালো আৰু তাই কি পঢ়াৰ মন সুধিলো। লগে লগে বাইদেউ ভিতৰৰ পৰা মাত দিলে, মাষ্টৰ হতেও কৈছে আৰু লগৰ কেইটাইও লগ ধৰিচে তাই হেনো ব্ৰিলিয়ান্ট একাডেমী ত চাইঞ্চ পঢ়িব যদিহে তই অলপ সহায় কৰা। মোৰ জমা আৰু দুই চাৰিজন শিক্ষক বন্ধুৰ সহায় লৈ তাইৰ নামভৰ্তি আৰু কিতাপ পত্ৰৰ ব্যবস্থা খিনি কৰি ভাল দৰে পঢ়িব দি বিদায় ললো। ( Assamese Viral Post )
সেইদিনা ৰাতি ঘৰতে থাকি গাওৰ বন্ধুবোৰে আমাৰ নৱজাগৰণ সংঘত আয়োজন কৰা মুকলি বিহু অনুস্থানৰ খা-খবৰ ললো। আহিব সময়ত সকলোৱে মোক তেওলোকৰ এটি প্ৰস্তাৱ শুনালে। মোৰ নামত হেনো ঢেকিয়াজুলীৰ বিহু দলটি agreement কৰিচে। তাৰ বাবে মই ৫ হাজাৰ টকা দিব লাগিব। মই অমান্তি প্ৰকাশ কৰিছিলো যদিও সংঘৰ হেনো ময়ে একমাত্র সদস্য ইমান সহজতে চাকৰি পোৱা, তাতে মোৰ তিৰি-চলিও নাই, গতিকে মই পইচা বোৰ কৰিচো কি? এনেহেন যুক্তি বোৰৰ ওচৰত হাৰ মানি বিহুত লগ কৰাৰ প্ৰতিশ্ৰুতি ৰে পিছদিনা কৰ্মক্ষেত্ৰ পালো। ভাবিচো মই কোন ফালে গতি কৰিচো। বিহু গৈ বৰ বিহ নহলেই হল।
বাহিৰে বাহিৰে স্কুল গৈ পকেটৰ পৰা মোবাইল টো উলিয়াই দেখো ওচৰৰ খুড়া এজনৰ ১৫/২০ টা মিচকল। ফোনটো লগোৱাৰ লগে লগে খুড়াই সিফালৰ পৰা কলে তই যোৱাৰ কিছু সময় পিছতেই মাৰে দমকলৰ পাৰত পিচলি পৰি ভৰি এখন ভাঙিছে। এতিয়া GMCH ত লৈ গৈ আছে। তই সেই ফালৰ পৰা আগবাঢ়ি আহ। বিদ্যালয়ৰ প্ৰধান চাৰক কথা খিনি অৱগত কৰাত লগে লগে তেখেতে শিক্ষকৰ বিশ্বাসযোগ্যতা আৰু সততাৰ মাপকাঠি নিৰুপন কৰা শিক্ষাসেতুত নিজৰ অস্তিত্ব জাহিৰ কৰি যাবলৈ অনুমতি দি হাতত ২ হাজাৰ টকা গুজি দিলে। চৰকাৰী হস্পিটালত বহু দীঘলীয়া হয় বাবে ব্যক্তিগত খণ্ডৰ এখন হস্পিটালত থাকি গাওৰে ধান বেপাৰী প্ৰভাত খুড়াৰ পৰা ৪ টকা সুতত ৫০০০০ টকা ধাৰ লৈ মাক হস্পিটালৰ পৰা ঘৰলে লৈ যাও।
ৰাতিপুৱা দেউতাক ঔষধ খিনি ভালদৰে বুজাই দি মই কেইদিনমান আৰু আহিব নোৱাৰিম বুলি কলো, দেউতাই লগে লগে কলে তই নাহ যদি চিলিণ্ডাৰটো শেষ হও হও হৈচে আৰু খেতিৰ মাটিখিনিটো মহম্মদ কাকাৰ টেক্টৰ খন লগাব দিচে ।পইচা খিনি দিব পাৰিলে খেতিৰ কামটো আগবাঢ়ি থাকিল হয় আৰু চিলিণ্ডাৰটো কাৰোবাৰ হতুৱাই অনাব পাৰিলে হয়।
মানুহবোৰে লাহে লাহে বু-বু বা-বা কৰিচে ভাস্কৰৰ ইমান কিয় ধাৰ, দৰমহা টকা বোৰ কি কৰিছে। তেও লোকে নাজানে আপোন মানুহবোৰৰ মৰমত ভাস্কৰ আজি কঙাল। ভাস্কৰে পাহৰি পেলাইছে - তাৰো এটা নিজৰ বুলি জীৱন আছে,সি পাহৰিছে সৰা পাত বোৰে যে ফাগুনৰ বতৰা দিয়ে, এজাৰ ফুলা বতৰত তাৰো কাৰোবাক মনৰ কথা বোৰ কব মন যায়, সোনাৰুৰ হালধীয়া ৰঙৰ লগত তাৰো ৰঙীন হবলৈ মন যায়, সি গাই ভালপোৱা অহাৰ দৰে আতৰি গুছি গলা,আজি তাৰ কণ্ঠত নুফুটা হৈচে, কাৰোবাৰ কোলাত শুবলৈ তাৰো মন যায়,.......... এনেকুৱা অকলশৰীয়া সময় বোৰতে হয়তো ওচৰতে পোৱা স্বাৰ্থ লোভী, কৃত্ৰিম মাতসাৰো লাহে লাহে আপোন হব খোজে..
ভাস্কৰ তই সূৰ্য্য, তই একুৰা অগ্নিকুণ্ড, তোৰ কাম আনক পোহৰ দিয়া, জিলিকায় ৰখা,। কিন্তু কোনেও নুবুজে এই অগ্নিকুণ্ড ই তোক এফালৰ পৰা দহি পুৰি চাৰখাৰ কৰি গৈচে।
দেউতা মই আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছো, সেইদিনা যে মানুহবোৰে তোমাক কৈ গৈছিল আজি ময়ো কলো মানে টেট মাষ্টৰ ভাস্কৰে কলো জয়ৰাম বুঢ়াৰ ভাল দিন আহিল পুতেক টেট মাষ্টৰ হল। ( Assamese Viral Post )
(ইয়াৰ কথাবোৰ কোনো ব্যক্তিবিশেষৰ লগত জড়িত নহয়। সকলো খিনি কাল্পনিক)
-কিশুৰ বৰুৱাৰ ৱালৰ পৰা
No comments:
Post a Comment