বনবাসৰ সময়ত ভগৱান ৰাম,লক্ষ্মণ আৰু দেৱী সীতাই পিতৃ পক্ষৰ সময়ত শ্ৰাদ্ধ কৰিবলৈ গয়াৰ ধামলৈ গ'ল। গয়া ধামত শ্ৰাদ্ধ কৰ্মৰ বাবে আৱশ্যক সামগ্ৰী আনিবলৈ প্ৰভূ শ্ৰী ৰাম আৰু লক্ষ্মণ নগৰৰ ফালে গ'ল। ( Religious Studies )
আনফালে দুপৰীয়া হৈ আহিছিল।পিণ্ডদানৰ সঠিক সময় পাৰ হৈ যাবলৈ ধৰিছিল।আৰু দেৱী সীতাৰ চিন্তা বাঢ়ি গৈছিল। তেতিয়া ৰজা দশৰথৰ আত্মাই মাতা সীতাৰ সন্মুখত সঠিক সময়তে পিণ্ডদান বিচাৰিলে। গয়াৰ ধামত ফল্গু নদীত দেৱী সীতা অকলে সমস্যাত পৰিল। তেতিয়া দেৱী সীতাই ফল্গু নদীৰ লগত এজন ব্ৰাহ্মণ, বটবৃক্ষ,কেতেকী ফুল আৰু গৰুক সাক্ষী কৰি বালিৰে পিণ্ড বনাই স্বৰ্গীয় ৰজা দশৰথৰ নিমিত্তে পিণ্ডদান কৰিলে।
কিছু সময়ৰ পাছত ভগৱান শ্ৰী ৰাম আৰু লক্ষ্মণ উভতি আহিলত মাতা সীতাই কলে যে-পলম হোৱাৰ বাবে সঠিক সময় পাৰ হৈ গৈ আছিল বাবে,উচিত সময়ত মই স্বয়ং পিণ্ডদান কৰি দিলো।
দেৱী সীতাৰ কথা শুনি শ্ৰী ৰামে ক'লে- কোনো সামগ্ৰী নোহোৱাকে পিণ্ডদান কি দৰে কৰিলা?ইয়াৰ প্ৰমাণ দিয়া?
তেতিয়া দেৱী সীতাই ক'লে যে-এই ব্ৰাহ্মণ, ফল্গু নদীৰ বালি,কেতেকী ফুল, গৰু আৰু বটবৃক্ষ,মোৰ দ্বাৰা কৰা শ্ৰদ্ধাকৰ্মৰ সাক্ষী দিব। কিন্তু ব্ৰাহ্মণ, ফল্গু নদী,গৰু আৰু কেতেকীৰ ফুল, চাৰিওৱে এই কথাৰ পৰা দূৰত থাকিল। কেৱল বটবৃক্ষই সঁচা কথা কলে।তেতিয়া দেৱী সীতাই ৰজা দশৰথৰ ধ্যান কৰি, তেওঁকে সাক্ষী দিবলৈ প্ৰাৰ্থনা কৰিলে।( Religious Studies )
ৰজা দশৰথে দেৱী সীতাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ঘোষণা কৰিলে যে-সঠিক সময়ত দেৱী সীতাই মোক পিণ্ডদান দিলে। তেতিয়া শ্ৰী ৰাম আশ্বত্ব হ'ল। কিন্তু তিনিও সাক্ষীয়ে মিছা মাতিলত,দেৱী সীতা ক্ৰোধিত হয় আৰু অভিশাপ দিয়ে।
👉 ব্ৰাহ্মণক অভিশাপ দিয়ে যে, যিমান দান দক্ষিণা পালেও কোনোদিন সুখী নহব।
👉 ফল্গু নদীক শাপ দিলে যে-যোৱা,তুমি কেৱল নামতহে নদী হৈ থাকিবা,তোমাৰ ওপৰত পানী নাথাকিব।সেইকাৰণে আজিও গয়াৰ ফল্গু নদী শুকান।
👉 গৰুক শাপ দিলে যে-তুমি পূজ্য হলেও আনৰ জোথা খাব লাগিব।
👉 কেতেকী ফুলক শাপ দিলে যে-তোমাক পূজাত কেতিয়াও ব্যৱহাৰ কৰা নহব।
বটবৃক্ষক দেৱী সীতাই আৰ্শীবাদ দিলে যে-বটবৃক্ষই দীৰ্ঘায়ু প্ৰাপ্ত কৰিব আৰু আনক ছায়া প্ৰদান কৰিব।তথা পতিব্ৰতা স্ত্ৰীয়ে তোমাৰ স্মৰণ কৰি নিজৰ স্বামীৰ দীৰ্ঘায়ুৰ কামনা কৰিব।
এই কাৰণে আজিও গৰুৱে জোথা খাব লগীয়া হয়।কেতেকী ফুলক পূজা-পাঠত বৰ্জিত কৰা হয় আৰু ফল্গু নদীৰ ঘাটত সীতাকুণ্ডত পানীৰ অভাবত আজিও কেৱল বালিৰে পিণ্ডদান দিয়া হয়।( Religious Studies )
✍️ৰেখামণি চাৰিঙীয়া।
No comments:
Post a Comment