ইতিহাসৰ আটাইতকৈ মর্মান্তিক ফটোখন : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 26, 2025

ইতিহাসৰ আটাইতকৈ মর্মান্তিক ফটোখন : Assamese Viral Post

 

Assamese Viral Post

বিশ্বক  কন্দোৱাই  বিদায় লৈছিল ওমেইৰাই৷ দি গৈছিল ইতিহাসৰ আটাইতকৈ মর্মান্তিক ফটোখন৷ 

১৯৮৫ চনৰ ১৩ নবেম্বৰ। কলম্বিয়াৰ মফঃস্বল চহৰ আর্মেৰোৰ (Armero) আকাশ পুৱাৰ পৰাই আছিল ডাৱৰীয়া৷ মাজেমাজে অতি বেগত বৰষুণ পৰিছিল৷তেতিয়া আবেলি চাৰি মান বাজিছিল৷। দেউতাক আৰু ভায়েকে পথাৰৰ পৰা অনা ধান খিনি তেৰ বছৰীয়া ওমেইৰা স্যাঞ্চেজে (Omayra Sánchez) ডুলিত সযতনে ৰখাত ব্যস্ত হৈ আছিল। মাক মাৰিয়া আলেইডা পেছাত এগৰাকী নাৰ্ছ আছিল আৰু সদায়ৰ দৰে সেইদিনাও ঘৰৰ পৰা ১৬০ কিলোমিটাৰ দূৰৈৰ  কলম্বিয়াৰ ৰাজধানী বোগোটালৈ গৈছিল। ( Assamese Viral Post )

 হঠাৎ পশ্চিম দিশৰ পৰা  ‘গুম’ ‘গুম’কৈ শব্দ ভাহি আহিছিল৷ উচপ খাই উঠেছিল ওমেইৰা। মেঘৰ আৱাজ বুলি ভাবি আকৌ নিজৰ কামত মনোনিৱেশ কৰিছিল৷ সকলোবোৰ ধান ডুলিত ভৰাই দেউতাক আৰু ভায়েকৰ সৈতে ঘৰলৈ উভতি আহিছিল ওমেইৰা৷ আহি আইতাক  মাৰিয়া আডেলা সৈতে ৰাতিৰ খোৱা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছিল৷

যিটো শব্দ ইমান সময়ে মেঘৰ গাজনি বুলি ভাবিছিল প্ৰকৃততে সেইয়া আছিল ৭৯ বছৰৰ পাছত জাগ্ৰত হৈ উঠা  নেভাডো ডেল ৰুইজ আগ্নেয়গিৰিৰ৷ সেইদিনা ‘ঘুমন্ত সিংহ’ সাৰ পাই উঠিছিল৷ ১৯৮৫ চনৰ চেপ্টেম্বৰ মাহতো এবাৰ লৰচৰ কৰি উঠেছিল নেভাডো ডেল ৰুইজ আগ্নেয়গিৰি। কলম্বিয়াৰ ইন্সটিটিউট অফ মাইনিং অ্যান্ড জিওলজি অক্টোবৰ মাহতেই বনাই পেলাইছিল আসন্ন ভয়াবহ বিপর্যয়ৰ এখন মেপ। সেই মেপত কোৱা হৈছিল আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব ওমেইৰাহঁতৰ  আর্মেৰো চহৰ। এই কথাত কাণ দিয়া নাছিল কলম্বিয়া চৰকাৰে।

ঘড়ীত ৰাতি  ৯.০৯৷

বিকট আৱাজ কৰি কঁপি উঠেছিল আশেপাশে থকা প্রায় এশ কিলোমিটাৰ এলেকা। এক ভয়াবহ বিস্ফোৰণত উফৰি পৰিছিল  আর্মেৰো চহৰৰ  মাত্র ৪৮ কিলোমিটা দূৰৈত থকা নেভাডো ডেল ৰুইজেৰ তুষাৰচ্ছাদিত চূড়া। আগ্নেয়গিৰিৰ জ্বালামুখৰ পৰা ওলাই আহিছিল  উত্তপ্ত লাভাৰ সোঁত। আকাশখন ৰঙা-ছাঁই বৰণীয়া হৈ পৰিছিল৷বৰফবোৰ গলি আহিছিল

 বিশাল জলৰাশি তিনটা  সর্বগ্রাসী  সোঁতলৈ পৰিৱৰ্তনহৈ ঘন্টাত বাইশ কিলোমিটাৰ গতিতে  গুয়ালি নদীৰে বৈ আহিবলৈ ধৰিলে। লগত কঢ়িয়াই আনিলে  হাজাৰ হাজাৰ বোল্ডাৰ পাথৰ, গছ আৰু বোকা। ঢৌবোৰ   চৈধ্যটা জনবসতি ঠাইলৈ তৰিৎ গতিৰে বাগৰি আহিবলৈ ধৰিলে৷  প্রথম  ভয়ঙ্কৰ আক্রমণটো সানিছিল সন্মুখত থকা  আর্মেৰো চহৰৰ ওপৰত।

কোটি কোটি টন বোকা, গছ আৰু পাথৰ কঢ়িয়াই অনা  প্রথম ঢৌটোৱে, আঘাত সনাৰ ত্ৰিশ মিনিট আগেইয়ে অন্ধকাৰত ডুবি গৈছিল  আর্মেৰো। চহৰবাসীৰ কাণলৈ আহিছিল শিহৰণকাৰী কিছুমান শব্দ। কিন্তু কি হৈছে কোনেও বুজি পোৱা নাছিল ৷ হাতত টৰ্চলৈ হাজাৰ হাজাৰ মানুহ বাটলৈ ওলাই আহিছিল। দেউতাক, ভায়েক আৰু আইতাকৰ সৈতে ঘৰৰ ছাদলৈ উঠি গৈছিল ওমেইৰা। অন্ধকাৰ জোনাকীৰ দৰে লৰচৰ কৰি ফুৰা টৰ্চবোৰৰ বাদে একোৱেই দেখা নাপালে তাই৷ এক মুহূৰ্তৰ ভিতৰত টৰ্চবোৰ নুমাই গৈছিল আৰু চাৰিওপিনৰ পৰা মৰণকাতৰ চিঞৰ ভাহি আহিছিল৷চহৰবাসীয়ে বুজিপোৱাৰ আগতেই 

 আর্মেৰোক আঘাত কৰিছিল পাথৰ, গছৰে সৈতে বৈ  অহা  বোকাৰ প্রথম ঢৌটোৱে৷। ওমেইৰাহঁতৰ ঘৰৰ ছাদৰ ওপৰেৰে বৈ যোৱা  কুৰি ফুট উচ্চতাৰ ঢৌৱে ওমেইৰাৰ দেউতাক আৰু ভায়েকক উটুৱাই নিছিল৷

ভাগি পৰা ছাদৰ বিম আৰু লোহাৰ মাজত লাগি ধৰিছিল ওমেইৰা আৰু আইতাক। ওমেইৰাক আইতাক বুকুত আকোঁৱালি ধৰিছিল৷  কিন্তু বোকাৰ ঢৌৱে তেওঁক  ক্রমশ তললৈ হেঁচি ধৰিছিল৷বোকাৰ মাজত সোমাই তললৈ সোমাই যাবলৈ ধৰোঁতে তেওঁ ওমেইৰাৰ ভৰি দুখন ধৰি পেলাইছিল৷ আকস্মিক ঘটনাত ওমেইৰাই হিতাহিতজ্ঞান হেৰুৱাই পেলাইছিল৷পুনৰ বৰষুণ দিবলৈ আৰম্ভ কৰিছিল৷বৰষুণৰ চিটিকনি গাত পৰিলত ওমেইৰাৰ জ্ঞান ঘূৰি আহিল৷তাই বুজি পালে তাই বোকাৰ মাজত ডিঙিলৈকে ডুবি আছে৷হাত ভৰিও কৰ’বাত লাগি ধৰি আছে৷চাৰিওপিনে শুনা  মৰণকাতৰ আৰ্তনাদবোৰ নাইকিয়া হৈ পৰিছিল৷। বিধ্বস্ত আর্মেৰোৰ বুকুলৈ নামি আহিছিল শ্মশানৰ নীৰবতা।সঁচাকৈয়ে আর্মেৰো তেতিয়ালৈ মৃত্যুপুৰী হৈ পৰিছিল। বোকাৰ তলত জীৱনৰ অন্তিম শয়নত পৰিছিল প্রায় পঁচিশ হাজাৰ আর্মেৰোবাসী।

বোকাৰ ওপৰত বৰষুণৰ পানী জমা হ’বলৈ আৰম্ভ কৰিছিল। সেই পানী ওমেইৰাৰ ডিঙি পাৰহৈ গাল পৰ্যন্ত পাইছিলহি৷। পাগলৰ দৰে  চিৎকাৰ কৰি উঠিছিল ওমেইৰাই৷ “অ দেউতা তুমি ক’ত?”,”ভাইটি ঐ তই ক’ত?”,”আইতা তুমি ক’ত আছা?মোক বচোৱা মই ডুবিব ধৰিছোঁ আইতা৷”এটাসময়ত পানী ওমেইৰাৰ নাক পৰ্যন্ত উঠি আহিছিল। দুঃসাহসী ওমেইৰাই প্রায় অবিশ্বাস্যভাবে সোঁ হাতখন বোকাৰ মাজৰ পৰা মুক্ত কৰি লৈছিল৷ জীয়াই থকাৰ হেপাঁহত সোঁহাতেৰে বোকাৰ সৈতে বৈ অহা জাবৰত ধৰি গোটেই ৰাতি উপঙি থকাৰ চেষ্টা কৰি থাকিল৷


১৪ নবেম্বৰ,১৯৮৫


দুর্ঘটনাৰ প্রায় দহ ঘন্টা পাৰ হোৱাৰ পাছত আহিছিল ৰেডক্ৰছৰ উদ্ধাৰকাৰী দল। উদ্ধাৰ কাৰ্য্যত স্থানীয় লোকসকলৰ সৈতে হাত আগবঢ়াইছিল৷  গোটেই আর্মেৰো হতভগীয়া আৰ্মেৰো বাসীৰ শৱদেহৰে ভৰি পৰিছিল। উদ্ধাৰকাৰী দলৰ মাত শুনি দেহৰ সৰ্বশক্তি প্ৰয়োগ কৰি ওমেইৰাই চিঞৰিছিল “মোক বচোৱা”,“মোক বচোৱা৷”শবোৰৰ মাজত ওমেইৰাৰ মাত শুনি উচপ খাই উঠিছিল উদ্ধাৰকাৰীৰ দল৷তন্ন তন্নকৈ বিচৰাৰ পাছত এজনে দেখা পাইছিল ওমাইৰাক৷হাতত ধৰি টানি তুলিবলৈ চেষ্টা কৰিছিল৷

  প্রবল যন্ত্রণাত আর্ত চিৎকাৰ কৰি উঠিছিল ওমেইৰাই। উদ্ধাৰকাৰীয়ে বুজি উঠিছিল ওমেইৰাৰ ভৰি দুখন ধ্বংস স্তুপৰ কৰ’বাত  লাগি ধৰিছিল৷গোটেই দিন ধৰি বোকা, পাথৰ, কাঠ ,টালি ,কংক্ৰিটৰ মাজৰ পৰা ওমেইৰাৰ বাওঁহাত আৰু ককাঁল পৰ্যন্ত মুক্ত কৰি পেলাইছিল৷ কিন্তু হাজাৰ চেষ্টাৰ পাছতো ভৰি দুটাক মোকলাব নোৱাৰিলে৷ চেষ্টা কৰি থাকোঁতে আৰু এক আশংকাই দেখা দিলে৷ওমেইৰা সোমাই ধৰা গাতটোৰ পৰা আৱৰ্জনাবোৰ ওলিয়াই দিওঁতে চাৰিওপিনৰ পানী আহি গাতটো ভৰি পৰিছিল৷ওমেইৰা আকৌ পানীৰ মাজত ডুব যাব ধৰিছিল৷ওমেইৰা যাতে ডুবি নগৈ উপঙি থাকে তাৰ বাবে বকুৰ তলৰ অংশত বায়ু ভৰ্তি এটা টিউব পিন্ধাই দিয়া হৈছিল৷আৰু সন্মুখত এডাল গছৰ ঠানি ধৰি থাকিবলৈ দিয়া হৈছিল। যাতে তাই ডালটো ধৰি উপঙি থাকিব পাৰে।( Assamese Viral Post )


১৫ নবেম্বৰ, ১৯৮৫


দুর্ঘটনাৰ ছয়ত্রিশ ঘন্টা পাৰ হৈছিল৷ এজন ডুবাৰু পানীৰ তললৈ গৈছিল৷তেওঁ তললৈ গৈ যি দৃশ্য দেখিছিল দেখি শিয়ঁৰি উঠিছিল৷ ডিঙিলৈকে পানীৰ মাজত আঠুকাঢ়ি ওমেইৰা বহি আছে৷ভৰি দুইখনৰ আঠুৰ তলৰ অংশ কংক্ৰিটৰ এটা বিমৰ তলত পৰি পিষ্ট হৈছে৷পিষ্ঠ হোৱা ভৰি দুখন সাৱটি ধৰি আছে এগৰাকী মৃত মহিলাই৷ আতংকিত ডুবাৰুজনে তৰিৎগতিত ওপৰলৈ উঠি আহিছিল৷কলম্বিয়া চৰকাৰক উদ্ধাৰকাৰী দলে বাৰেবাৰে এটা পাম্প আৰু গেচ ক্যাটাৰ পঠিয়াবলৈ আবেদন কৰিছিল ৷কাৰণ বেলচা,আৰু লোৰ ফালৰ বাদে তেওঁলোকৰ হাতত একো সৰঞ্জাম নাছিল৷ হেলিকপ্টাৰত উলমাই এখন বুলডোজাৰ পঠিওৱাৰ আবেদনো কৰিছিল৷যুদ্ধকালীন ভিত্তিত আৰ্মীৰ দল নমোৱাৰ কথাও আলোচনা কৰিছিল উদ্ধাৰকাৰী দলটোৱে৷  কিন্তু সেই আবেদনৰ সহাৰি দিয়া নাছিল  অমানৱীয় কলম্বিয়া চৰকাৰে৷ কাৰণ কলম্বিয়াৰ সেনাই তেতিয়া এম-নাইন্টিন গেৰিলাৰ বিৰুদ্ধে যুদ্ধ চলাই নিছিল৷ 

জাৰী কৰা হৈছিল মৃত্যুৰ পৰোৱানা৷

সকলো ধৰণৰ চেষ্টা কৰিও বিফল হৈ ওমেইৰাক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’লত ৰেডক্ৰছে চৰম অবিশ্বাস্য সিদ্ধান্ত লৈছিল৷বোকাৰ তলত থকা ওমেইৰাৰ দুইখন ভৰি অপাৰেচনৰ মাধ্যমেৰে বাদ দিয়া হওক আৰু ওমেইৰাক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰা হওক৷ প্রায় একঘন্টা ধৰি আলোচনা কৰিছিল চিকিৎসক সকলে। তাৰপাছত উদ্ধাৰকাৰী দলৰ নেতাক চিকিৎসক সকলে জনাইছিল, বোকা পানীৰ তললৈ গৈ পানীৰ তলত অপাৰেচন কৰা অসম্ভৱ৷তাৰ উপৰিও অপাৰেচন কৰিলে নাৰকীয় যন্ত্ৰণা ভোগ কৰিব লাগিব ছোৱালীজনীয়ে।অপাৰেচন কৰি  ওমেইৰাক বচোৱা সম্ভৱ নহয়। বিষাক্ত পানীৰ কাৰণে  গ্যাংৰিন হবই। 

তাতকৈ  ওমেইৰাক উপহাৰ দিয়া হওক  স্বাভাবিক মৃত্যু। পঞ্চাশ ঘন্টাৰো বেছি ডিঙি অবিধি বোকাত থিয় হৈ আছে এজনী কণমানি কিশোৰী৷শৰীৰ তাপমাত্ৰা অস্বাভাৱিক হাৰত কমিবলৈ আৰম্ভ কৰিছে৷  আৰু মাত্র কেইটামান ঘণ্টা। প্রকৃতিয়ে নিজেই ব্যথাহীন মৃত্যু উপহাৰ দিব ওমেইৰাক। এই মর্মান্তিক সিদ্ধান্তক মানি লৈছিল সকলোৱে৷  যদিও তেওঁলোকে জানে  এক যন্ত্ৰণাময় মৃত্যুক আকোঁৱালি লবলৈ ওমেইৰা আগবাঢ়িছে৷৷দুৰ্ভগীয়া ওমেইৰাই কিন্তু নাজানে ইতিমধ্যে তাইৰ মৃত্যু পৰোৱানাত চহী হৈ গৈছে৷

সেইবাবেই চাগে এবুকু বাচি থকা আশা লৈ সাংবাদিক চান্টা মাৰিয়া বাৰাগানক গল্প কবলৈ আৰম্ভ কৰিছিল৷ ওমেইৰাৰ কাষত চান্টা মাৰিয়া বহি লৈছিল৷ 

সেই ১৪ তাৰিখ পুৱাৰ পৰা তেৰ বছৰীয়া কিশোৰী গৰাকীৰ জীয়াই থকাৰ সংগ্ৰাম দেখি তেওঁ ভাষা হেৰুৱাই পেলাইছিল৷  দুদিন ধৰি ওমেইৰাৰ সৈতে গল্প কৰিছিল, কণমানি ওমাইৰাক অন্যমনস্ক কৰি ৰাখিবলৈ যত্ন কৰিছিল৷মাৰিয়াক  ওমাইৰাই মিঠাই আৰু পানীয় খাব বিচাৰিছিল৷ মাৰিয়াই বহু দূৰৰপৰা বস্তু কেইবিধ যোগাৰ কৰি আনিছিল৷যেন ওমেইৰাৰ শেষ ইচ্ছা পূৰণ কৰি দিয়া হৈছিল৷তাৰ মাজতে চান্টা মাৰিয়াই ওমেইৰাৰ এটা সাক্ষাৎকাৰ লৈছিল৷আৰু সেই ইন্টাৰভিউতে বিশ্ববাসীয়ি ১৩ নবেম্বৰৰ ভয়াবহ ৰাতিটোৰ কথা গম পাইছিল৷

মৃত্যুকূপত থাকি জীবনৰ গান গাইছিল ওমেইৰাই  (Omayra Sanchez)

ওমেইৰাই মাৰিয়াক শুনাইছিল কেইটামান গান। যিবোৰ গান তাই মাকৰ পৰা শিকিছিল৷ সূর্য উদয়ৰ গান, সেউজ পথাৰত সোণ বৰণীয়া ফচল হোৱা গান৷চকু পানীৰে ভৰি পৰিছিল মাৰিয়াৰ৷  তেতিয়াও বাচি থকাৰ আশা লৈ যুঁজি থকা ওমেইৰাই নাজানে তাইৰ জীৱন ৰবি চিৰকালৰ বাবে নুমাই যাবলৈ আগ কৰি দিছে তেওঁৰেই অমানৱীয় চৰকাৰে। নির্মম মৃত্যুৰ দিশত  এখোজ এখোজ কৰি আগবঢ়াই দিছে বিবেকহীন সমাজখনে৷ 

ফৰাচী চিত্ৰ সাংবাদিক ফ্র্যাঙ্ক ফোর্নিয়াৰ আহিছিল বোগোটালৈ। পাঁচ ঘন্টা গাড়ী চলাই ,আঢ়ৈ ঘন্টা খোজকাঢ়ি ওমেইৰাৰ কাষ পাইছিলহি, ১৫ নবেম্বৰৰ ৰাতি। শক্তিশালী টর্চৰ পোহৰ ওমেইৰাৰ ওপৰত পেলাই ৰখা হৈছিল। সকলোকে বিশ্রাম লবলৈ ওমেইৰাই বাৰেবাৰে অনুৰোধ কৰিছিল৷যাতে সকলো আঁতৰি গলে তাই অলপ শুব পাৰে৷ 

সেইদিনা মাজৰাতিৰ পৰাই ভ্ৰম বকিবলৈ আৰম্ভ কৰিছিল ওমেইৰাই৷দুৰ্বল মাতেৰে কৈছিল “দুদিন হ’ল মই স্কুললৈ যোৱা নাই৷মোক স্কুলত থৈ আহা৷ নহ’লে অংকৰ পৰীক্ষা দিব নোৱাৰিম৷এটা বছৰ মোৰ নষ্ট হ’ব৷”  ওমেইৰাৰ কথা শুনি মাৰিয়াই আঁতৰলৈ গৈ শোকত উচুপি উঠিছিল৷সকলোৱে ওমেইৰাক ঘেৰি ধৰিছিল৷কোনো কোনোৱে তাইৰ মূৰত হাত ফুৰাই দিছিল৷কোনোবাই কাগজ দৰে বগা ঠাণ্ডা  হৈ পৰা হাতদুখনত  চুমা যাচিছিল৷


মুক্তি মুক্তি মুক্তি


 ১৬ তাৰিখে পুৱাৰ পৰা  ক্রমশ ঢলি পৰিছিল ওমেইৰা৷কথাকোৱাৰ শক্তি হেৰুৱাই পেলাইছিল৷তথাপিও বাচি উঠাৰ আশা এৰা নাই৷সেইবাবেই চাগে মাৰিয়াৰ ফালে সোঁহাতখন আগুৱাই দিছিল টানি তুলিবলৈ৷যেন ওমেইৰাই শেষবাৰৰ বাবে “মোক তুলিবলৈ চেষ্টা কৰানা ” বুলি ক’ব বিচাৰিছিল৷মাৰিয়াই লক্ষ্য কৰিছিল ওমেইৰাৰ টনা  চকু কেইটাত তেজ জমা হবলৈ আৰম্ভ কৰিছে৷মুখৰ ৰঙ দ্রুত গতিত কলা -বাদামী হ’বলৈ আৰম্ভ কৰিছে৷


এখন ফটো৷অতি হৃদয় বিদাৰক এখন ফটো৷

যিখন ফটো তুলিছিল ফ্ৰাঙ্ক ফোৰ্নিয়াৰে৷

১৯৮৬ চনত সেই ফটোখনৰ বাবে “ৱৰ্ল্ড প্ৰেছ ফটো অফ দ্য ইয়েৰ” বঁটা লাভ কৰে ফ্ৰাঙ্কে৷

সেই ফটোখন আছিল তেৰ বছৰীয়া ওমেইৰা চ্যানছেজৰ৷

ওমেইৰাৰ জীৱনৰ শেষ মুহূৰ্তৰ ফটোখনক সৰ্বকালৰ সকলোতকৈ হৃদয়বিদাৰক ফটোৰ ভিতৰত এখন বুলি চিহ্নিত কৰা হৈছে৷


কেমেৰাত বন্দী ফটোখন আপাত দৃষ্টিত অমানৱীয় যেন লাগিলেও বৰ্বৰ কলম্বিয়া চৰকাৰৰ মুখা খুলিবলৈ ফোৰ্নিয়াৰৰ হাতত আন কোনো অস্ত্ৰ নাছিল৷


দিনৰ দহটা বাজিছিল। ওমেইৰাৰ মূৰটো পিচলৈ হালি পৰিছিল৷দীঘল দীঘল উশাহ টানিছিল ওমেইৰাই৷তেজ জমা হোৱা চকুযোৰ জাপ খাই আহিছিল ক্লান্তিত৷ সৰ্বশক্তি প্ৰয়োগ কৰি ওমেইৰাই শেষ বাৰৰ বাবে গাতৰ পৰা ওলাই আহিব বিচাৰিছিল৷শেষবাৰৰ বাবে ধুনীয়া পৃথিৱীখন চাই ল’ব বিচাৰিছিল৷ওমেইৰাৰ শেষ চাৱনিটো বন্দী হ’ল ফোৰ্নিয়াৰৰ কেমেৰাত৷সেই চাৱনিত আছিল অপৰিসীম ঘৃণা৷লাহেলাহে ওমেইৰা পানীত ডুবিবলৈ আৰম্ভ কৰিছিল৷নাক মুখ আৰু এটা চকু পানীৰ মাজত ওলাই আছিল৷ঘড়ীত সেই সময়ত ১০.৫ বাজিছিল৷শেষ হৈছিল ওমেইৰাৰ ৬০ ঘন্টীয়া দুঃসাহসিক সংগ্ৰাম৷অমানুষিক যন্ত্ৰণাৰ পৰা নিজকে মুক্ত কৰি লৈছিল ওমেইৰাই৷


ফ্র্যাঙ্ক ফোর্নিয়াৰে তোলা ওমেইৰাৰ শেষ ফটোখন দেখি ক্ষোভত ফাটি পৰিছিল বিশ্ব। কলম্বিয়াৰ ৰাস্তাই ৰাস্তাই লক্ষ লক্ষ মানুহে তুলি ধৰিছিল প্ল্যাকার্ড। সেইবোৰত লিখা আছিল, “আগ্নেয়গিৰিয়ে নহয়, পঁচিশ হাজাৰ প্রাণ কাঢ়িলে  অপদার্থ চৰকাৰে।” 


কণমানি ওমেইৰা বহু বছৰৰ আগতেই গুচি গ’ল চিৰশান্তিৰ দেশলৈ৷ কিন্তু জানেনে আজিও তেওঁ উৰি  ফুৰে পৰিত্যক্ত আর্মেৰোৰ  .  আকাশত৷আৰ্মেৰো  চহৰত তাৰ পাছতে পোৱা  গৈছিল নতুন এক উইচিৰিঙাৰ  প্রজাতি। ওমেইৰাক চিৰকালৰ বাবে জীয়াই ৰাখিবলৈ  বিজ্ঞানী সকলে এই প্রজাতিটোৰ নামৰ সৈতে সংযোগ কৰিছিল ওমেইৰাৰ নাম। নতুন প্রজাতিটোৰ নাম ৰখা হৈছিল ‘গিগাগ্রিলাস ওমেইৰাই‘। আজিও হয়তো প্রতিটো সন্ধ্যাত, পৰিত্যক্ত আর্মেৰো চহৰত, ৰাতি জাগি থকা উইচিৰিঙা হৈ কান্দি কান্দি ওমেইৰাই কৈ থাকে”অ দেউতা তুমি ক’ত?”,”ভাইটি তই ক’ত?”,”আইতা তুমি ক’ত?মোক বচোৱা  মই যে ডুবি গৈ আছোঁ আইতা ।( Assamese Viral Post )


#সংগৃহিত

No comments:

Post a Comment

Advertisement

Pages