- আজি ৰাইমা ও মোক প্রতৰণা কৰিলে | তাই ও মোক ডিভ'ৰ্চ দি গুছি গ'ল আৰু মনৰ দুখত মই ও চাকৰি বাদ দি ঘৰলৈ গুছি আহিলো ( Assames love story )| এতিয়া মই তোমাৰ সৈতে সুখৰ সংসাৰ গঢ়িব বিচাৰো | মই মোৰ ভুলৰ বাবে ক্ষমা বিচাৰিলো |
- নাৰী ভোগ্য সামগ্রী নহয় মিষ্টাৰ ভাৰ্গৱ চলিহা | যে তোমাৰ যেতিয়া মন তুমি ব্যৱহাৰ কৰিবা আৰু যেতিয়া মন তেতিয়া আঁতৰাই পঠবা | নাৰীৰ ধৈৰ্য্য শক্তিক তুমি দুৰ্বল নাভাৱিবা | নাৰীৰ ধৈৰ্য্য শক্তি হ'ল নিজৰ জীৱনৰ এটা ভাল সিদ্ধান্তৰ বাবে লোৱা কিছু মূল্যৱান সময় | এতিয়া তুমি আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা |
- ময়ূৰী
- প্লীজ আঁতৰি যোৱা |
- ময়ূৰী বা ময়ূৰী বা
ময়ূৰীৰ সম্পৰ্কীয় দিপে ময়ূৰীক চিঞঁৰি চিঞঁৰি আহিলে |
- কি হ'ল দিপ ?
- মন দা মন দা
ময়ূৰীৰ বুকুখন কঁপি উঠিল মনৰ দুখত মনে ক'তো একো কৰা নাইটো !
- কি হ'ল মনৰ ?
তাই চিঞঁৰি উঠিল |
- মন দা ষ্টেচনত ট্রেইনৰ বাবে অপেক্ষা কৰি আছে | আবেলি চাৰি বজাত আহিব লগীয়া ট্রেইন খনত মন দা অসমৰ বাহিৰত গুছি যাব হেনো |
- কি !
ময়ূৰী দৌৰি গৈ গাড়ীত বহিল আৰু গাড়ী চলাই মনৰ ওচৰলৈ যাত্রা কৰিলে | এই যাত্রা তাইৰ হেপাঁহৰ মনক পোৱাৰ |/p>
ভাৰ্গৱে বুজি পালে সি কৰা ভুল | সি বুজি পালে যে তাৰ ময়ূৰী এতিয়া তাৰ হৈ থকা নাই | ময়ূৰী এতিয়া মনৰ | মাত্র তাৰ অবহেলাৰ কাৰনে আজি ময়ূৰী আনৰ হ'ল | সি ৰৈ থাকি নো কি লাভ | সেয়েহে সি তাৰ নিসংগ অট্রালিকালৈ বুলি খোজ দিলে |
ইতিমধ্যে মনৰ ওচৰ আহি পালে তৰালী আৰু ইন্সপেক্টৰ মন | ককায়েকক দেখি তৰালীয়ে কান্দি উঠিল | তাই দৌৰি গৈ ককায়েকৰ বুকুৰ মাজত সোমাল |
- দাদা তই মোক এৰি,,,,,
মনে তৰালীৰ চুলি খিনিত হাতবুলাই ক'লে
- উপায় নাই ভন্টি | আমি পৰিস্থিতিৰ দাস | আমাক পৰিস্থিতিয়ে বাধ্য কৰাই |
- তই ক'তো যাৱ নোৱাৰা |
- কি !
- অহ, কাইলৈ মোৰ বিয়া | তই থাকিব লাগিব |
- কি ! তোৰ বিয়া , এয়া মই কি শুনিছো ভন্টি |
- অহ, তই ঠিকে শুনিছ | আৰু এইজন
মনক দেখাই দি !
- এইজন মোৰ হ'বলগীয়া স্বামী |
ইন্সপেক্টৰ মনক দেখি মন আচৰিত |
- তাৰমানে আপুনি !
- হয় আপোনাৰ ভন্টিক মই বিয়া পাতিম |
- উফ ! মই যে কিমান সুখী আজি | ভন্টি,,,,
মনে অংকিতক কাষলৈ আনি সুধিলে |
- এইজনক চিনি পাইছ নে ?
ইমান সময় মন ওচৰত থকা মানুহ জন তৰালীয়ে লক্ষ্য কৰাই নাছিল | অংকিতৰ তেনে এটা ৰূপ দেখি তৰালীৰ চকুৰে চকুপানী বাগৰিল ( Assames love story )|
- সৰু দা তই !
- অ মই , তই মোক ক্ষমা কৰি দিবি অ ভন্টি | টকাই মোক অন্ধ কৰি পেলাইছিল | টকাৰ বাবে মই তোৰ ওচৰত হৈ পৰিছিলোঁ এটা দানৱ | কিন্তু আজি মই ৰত্নাকৰ নহয় ভন্টি মই আজি বাল্মীকি ।
- আজি মই বহুত সুখী , কাৰণ আজি আমাৰ সোণালী শৈশৱৰ পুনঃ মিলন |
তেনেতে তীব্র বেগত গাড়ী চলাই , ময়ূৰী আহি মনৰ ওচৰ পালে | আৰু ময়ূৰীৰ গাড়ী দেখি মন পলাব লওঁতে ময়ূৰীয়ে মাত লগালে |
- ৰবা মন
- তোমাৰ লগত মোৰ কথা নাই
- কিন্তু তোমাৰ লগত মোৰ কথা আছে |
- কিন্তু
- শুনা মই তোমাক আগৰ কথা বোৰ কোৱা নাছিলো | মই ভুল কৰিছোঁ | কিন্তু আজি তুমি মোক গ্রহন কৰিবা নে নাই ?
- মই
- মই সুধিছোঁ কৰিবানে নকৰা |
- চোৱা ময়ূৰী তোমাক কোনোবাই অবহেলা কৰিলে বুলি মই কৰিব নোৱাৰো , মই তোমাক বহুত ভালপাওঁ |
- তেনেহ'লে মোক কিয় এৰি আহিছিলা ?
- মোৰ সন্মুখতে তুমি আন কাৰোবাৰ হ'বা এইয়া মই সহ্য কৰিব নোৱাৰো ময়ূৰী ।
- মই তোমাৰ , মোৰ হৃদয়ত তোমাৰ বাদে আন কাৰোৰে স্থান নাই ।
- তোমাৰ অবিহনে মইও শূন্য ময়ূৰী ।
ময়ূৰীৰ আবেগবোৰ দুচকুৰে পাৰ ভাঙি বৈ আহিছিল । মনে তাইক বুকুৰ মাজত সাবতি লৈছিল ।
আজি তৰালী আৰু ইন্সপেক্টৰ মনৰ বিয়া । ককায়েক - বৌয়েক আৰু মাকৰ আশীৰ্বাদ শিৰত লৈ সিহঁত আগুৱাইছে নতুন জীৱনৰ পাতনি মেলিবলৈ .......
আপোন সকলক ঘূৰাই পোৱাৰ আনন্দত হাঁহিৰে আলোকিত হৈছে সকলোৰে মুখবোৰ । ময়ূৰীৰ হাতখন মনৰ হাতত তুলি দি অংকিতে কৈ উঠিছে
- দাদা , তোৰ বিয়া আমি কোনেও নেদেখিলো । তই বৌক আকৌ সেন্দূৰ পিন্ধাই দে ।
তৰালীয়ে মনৰ হাতত সেন্দূৰৰ টেমাতো তুলি দি , ময়ূৰী ওচৰলৈ আগুৱাই নিছে ।
মনে ময়ূৰীৰ শিৰত পুনৰ সেন্দূৰৰ ৰেখা আঁকিছে । এই ৰেখা
মৰম - বিশ্বাস আৰু ভালপোৱাৰ ....
জনম জনমলৈ দুটি আত্মা এটি হোৱাৰ .......
আজি আত্মীয়ৰ উপস্থিতিত মন - ময়ূৰীৰ বিয়াই পূৰ্ণতা পাৰে ।
দুখৰ ধুমুহাজাক আঁতৰি
সুখৰ বতাহজাকে বাট বুলিছে
মন - ময়ূৰী , অংকিত আৰু
মন - তৰালীৰ জীৱনলৈ ......
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assames love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
গোটেই ৰাতি সাৰে আপোনাৰ এই লিখনি পঢ়লো। ভাল লাগিল।
ReplyDeleteদুটা কাহিনী পঢ়িলো।
ReplyDelete