আজি নলবাৰীৰ বাঁহজানীৰ ওচৰৰ কালাগত লুৰিণজ্যোতি গগৈৰ বাহনত একাংশই আক্ৰমণ চলোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে( Assamese news )।উত্থাপিত অভিযোগ অনুসৰি এই আক্ৰমন বিজেপি দলৰ সমৰ্থকে
"গণতন্ত্রই কেৱল জনতাৰ ভোটাধিকাৰ সাৱ্যস্ত কৰাৰ দিশকে প্ৰতিফলিত নকৰে।গণতন্ত্রই ব্যক্তি, ৰাজনৈতিক দল সংগঠনৰ অভ্যন্তৰত গণতান্ত্রিক মূল্যবোধকো প্ৰতিনিধিত্ব কৰে।আজি নলবাৰী জিলাৰ বৰক্ষেত্রী বিধানসভা সমষ্টিৰ অন্তৰ্গত কালাগ অঞ্চলৰ বিজেপি দলৰ একাংশ সদস্যই অসম জাতীয় পৰিষদৰ একাংশ সতীৰ্থ সহ মোক আক্ৰমণ কৰিবলৈ উদ্যত হোৱা ঘটনা গণতন্ত্রৰ পৰিপন্থী। অসম জাতীয় পৰিষদৰ উত্থানত শংকিত হৈ বিজেপিয়ে ভেৰোণীয়া, জান্তৱৰ দ্বাৰা মোক অপদস্থ তথা আক্ৰমণ কৰা ঘটনাই ৰাজ্যখনত আইন-শৃংখলাৰ পৰিস্থিতি কি পৰ্যায়ত অধোগতি হৈছে সেয়া সচেতন প্ৰতিজন ব্যক্তিয়েই উপলব্ধি কৰিব পাৰিছে।( Assamese news )
দিনৰ পোহৰত ৰাজআলিৰ মাজতেই তালিবানী কায়দাৰে আৱদ্ধ কৰি বিজেপিৰ সদস্যই আক্ৰমণ কৰাৰ পৰিৱেশে ৰাজ্যত সাধাৰণ জনতা কিমান নিৰাপদ তাক উদঙাই দেখুৱাইছে।এনে আক্ৰমণ, ভাবুকিয়ে ক্ষমতা হেৰুওৱাৰ ভয়ত ভয়াতুৰ বিজেপিৰ নিকৃষ্ট মানসিকতাক প্ৰতিফলিত কৰিছে।এনে আক্ৰমণে আমাক জাতীয়তাবাদী ৰাজনীতিৰ প্ৰতিষ্ঠাৰ যাত্রাত তিলমানো বিচলিত কৰিব নোৱাৰে। বিজেপিৰ এই হিংস্ৰতাৰ প্ৰত্যুত্তৰ ভোটৰ জৰিয়তে দিবলৈ ৰাইজক আহ্বান জনাইছো।আমি এই ঘটনাৰ এক নিৰপেক্ষ তদন্ত বিচাৰিছো। ৰাজ্যৰ আৰক্ষী প্ৰশাসন তথা নিৰ্বাচন আয়োগৰ হস্তক্ষেপ আৰু তদন্ত দাবী কৰিছো।
|| জয় আই অসম ||"- লুৰিণজ্যোতি গগৈ
আক্ৰমনত ক্ষতিগ্ৰস্ত হোৱা বাহন খনৰ ছবি-
![]() |
Assamese news |
No comments:
Post a Comment