ধনতেৰচত এই তিনি বিধ সামগ্ৰী নিশ্চয় ক্ৰয় কৰিব লাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 1, 2021

ধনতেৰচত এই তিনি বিধ সামগ্ৰী নিশ্চয় ক্ৰয় কৰিব লাগে : Religious Studies

Religious Studies

 বন্ধুসকল এনেকুৱা কোন আছে যি মা লক্ষ্মীৰ কৃপা নিবিচাৰে।  বন্ধুসকল ধনতেৰচলৈকে সকলোৱে বিচাৰে যে মা লক্ষ্মীয়ে তেওঁলোজৰ ওপৰত কৃপা কৰক, সেয়ে সকলোৱে বেলেগ বেলেগ উপায় অবলম্বন কৰে। ( Religious Studies )

আজি আমি আপোনালোকক এনেকুৱা এটা উপায় দিম য'ত মাত্ৰ ‌১১টকাতে আপোনালোকে মা লক্ষ্মীক সন্তোষ্ট কৰিব পাৰিব, আপোনাৰ টকাৰ অভাৱ কেতিয়াও নহ'ব। ১১টকাৰ সেই বস্তুটো ধনতেৰচৰ দিনা ঘৰলৈ আনক কিয়নো মা লক্ষ্মীৰ বহুত প্ৰিয় সেই বস্তুটো, এনে কৰিলে মা লক্ষ্মীৰ আৰ্শীবাদ আপুনি পাব। সেই বিশেষ বস্তুটো কি জানো আহক, যিটো অতি সহজতে বজাৰত উপলব্ধ। এই বিশেষ উপায় অতীজৰে পৰা চলি আহিছে। 

        বন্ধুসকল ধনতেৰচৰ দিনা মা লক্ষ্মীৰ আহ্বান কৰা হয়। কথিত আছে যে ভগৱান বিষ্ণুৱে মা লক্ষ্মীক শা দিছিল যে তেওঁ ১৩বছৰ ধৰি এজন কৃষকৰ ঘৰত বাস কৰিব লাগিব। কৃষক জনৰ ঘৰত মা লক্ষ্মী থকাৰ সময়চোৱাত তেওঁৰ ঘৰখন ধন-সম্পত্তিৰে ভৰি পৰিছিল। ‍১৩বছৰ সম্পূৰ্ণ হোৱাত ভগৱান বিষ্ণুৱে যেতিয়া লক্ষ্মী দেৱীক নিবলৈ আহিল তেতিয়া কৃষকজনে তেওঁক যাবলৈ দিয়া নাছিল। তেতিয়া লক্ষ্মী দেৱীয়ে ক'লে যে কালিলৈ ত্ৰয়োদশী, তুমি ঘৰখন চাফ-চিকুণ কৰি, চাকি জ্বলাই মোক আহ্বান কৰিবা মই নিশ্চয় আহিম। কৃষকজনে সম্পূৰ্ণ ঘৰটোৰ চাফা-চিকুণ কৰি, চাকি জ্বলাই মা লক্ষ্মীৰ আহ্বান কৰিলে আৰু মা লক্ষ্মীও সেইখন ঘৰত স্থায়ীৰূপে বসতি কৰিবলৈ ল'লে। তেতিয়াৰ পৰা লক্ষ্মীপূজা প্ৰথাৰ প্ৰচলন হ'ল। ঘৰখনত দেৱালীৰ সাজ-সজ্জা ধনতেৰচৰ দিনাৰ পৰাই আৰম্ভ হয়। সেইদিনা ঘৰখন পৰিপাটি কৰি ঘৰত আল্পনা(ৰঙ্গোলী) বনোৱাৰ লগতে সন্ধিয়া চাকি জ্বলাই লক্ষ্মী দেৱীক আহ্বান কৰা হয়। সেইদিনা লক্ষ্মীদেৱীৰ লগতে যমৰাজ আৰু ভগৱান, ধনমন্ত্ৰী কুৱেৰকো পূজা কৰিব লাগে। 

        এতিয়া জানো আহক ধনতেৰচৰ দিনা কোনবিধ বস্তু ঘৰলৈ আনিব লাগে; সেয়া হৈছে অলপ ধনীয়া। আপোনালোকে ঠিকেই ভাবিছে, অলপ ধনীয়া ধনতেৰচৰ দিনা ঘৰলৈ আনি লক্ষ্মীদেৱী আৰু ভগৱানৰ চৰণত ৰাখক আৰু ভগৱানৰ ওচৰত আপুনি কষ্ট কৰি পোৱা ধন বিচাৰক, তেতিয়া আপুনি মা লক্ষ্মীৰ লগতে ভগৱান, ধনমন্ত্ৰী আৰু কুবৱৰৰো আৰ্শীবাদ লাভ কৰিব। পিছত মা লক্ষ্মীৰ চৰণত থোৱা ধনীয়াখিনি প্ৰসাদ হিচাপে ভগাই দিব লাগে।( Religious Studies )

 ধনতেৰচৰ দিনা অলপ নাৰিকলৰ লাৰু মা লক্ষ্মীলৈ আগবঢ়াওক। কিয়নো বগা বস্তু মা লক্ষ্মীৰ বহুত  প্ৰিয়। সেয়েহে মা লক্ষ্মীৰ ভোগ বগা ৰঙৰ হয়। ধনতেৰচৰ দিনা কোনো বগা ৰঙৰ মিঠাই যদি মা লক্ষ্মীক আগবঢ়াই তেতিয়া মা লক্ষ্মী সন্তোষ্ট হয় আৰু আপোনালৈ কৃপা কৰে। মিঠাই আগবঢ়োৱাৰ সময়ত মা লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা কৰিৱ যে যিসমূহ ধন আপোনাৰ প্ৰাপ্য সেইসমূহ যাতে তেওঁ আপোনাক দি দিয়ে।

       বন্ধুসকল দেৱালীত চাকিৰ কি মহত্ব আপোনালোক সকলোৱে জানেই, এই উৎসৱত চাকি জ্বলোৱাৰ পৰ্ব ধনতেৰচৰ দিনাৰ পৰাই আৰম্ভ হয়। সেই দিনা ৰাতি দক্ষিণ দিশলৈ মুখ কৰি চাকি জ্বলাওক আৰু চাকি জ্বলাই পিছলৈ ঘুৰি নাচাব। এনে কৰিলে যমৰ বেয়া চকু আপোনাৰ পৰিয়ালত নপৰে আৰু আপোনাৰ পৰিয়ালটো অকাল মৃত্যুৰ পৰা বাচি থাকে। ইয়াৰ উপৰিও এই চাকি গজ ১১টকাৰ হ'ব লাগে। ধনতেৰচৰ দিনা সেন্দুৰ কিনাতো বহুত শুভ বুলি ভবা হয় আৰু সেই সেন্দুৰ উপাসনা কৰা ঠাইত ৰখাৰ উপৰিও ধনতেৰচৰ দিনা মা লক্ষ্মীৰ চৰণত অলপ সেন্দুৰ দি দিব লাগে, কিয়নো মা লক্ষ্মীয়ে সেন্দুৰ বহুত ভাল পায়। এনেকুৱা কৰিলে আপোনাৰ ঘৰখনত ঐশ্বৰ্য্য-বিভূতিৰে নধৰা হ'ব। ইয়াৰ উপৰিও শুভ কামত ওলাই গ'লে সেই সেন্দুৰ লগাই যাওঁক আপুনি সফল হ'ব। ইয়াৰ উপৰিও ধনতেৰচৰ দিনা আপুনি লক্ষ্মীৰ পদ চিহ্ন কিনি আনক আৰু উপাসনা কৰা ঠাইত ৰাখক আৰু দেৱালীৰ দিনা মুখ্য দুৱাৰৰ সন্মুখত ৰাখক, চাব যাতে কোনেও তাত ভৰি নলগায়। ধনতেৰচৰ দিনা ঘৰলৈ ঝাড়ু কিনি অনাতো অতি শুভ বুলি গণ্য কৰা হয়, কিয়নো এনে কৰিলে ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰি যায়।

       ধনতেৰচৰ দিনা ভুলতো আপুনি এইসমুহ বস্তু ঘৰলৈ নানিব। এনে কৰিলে মা লক্ষ্মী অসন্তোষ্ট হ'ব আৰু আপুনি দৰিদ্ৰতাৰ সন্মুখীন হ'ব। বন্ধুসকল, ধনতেৰচ দিপান্দিতা আৰম্ভণিৰ প্ৰতীক। সেই দিনা সকলোৱে নিজৰ সামৰ্থ অনুসৰি বজাৰ কৰে। বজাৰ কৰিবলৈ ধনতেৰচৰ দিনটোক শুভ বুলি ধৰা হয়। বাস্ত্ত শাস্ত্ৰ  অনুসৰি ধনতেৰচৰ দিনা ভুলতো ক'লা ৰঙৰ বস্ত্ত ঘৰলৈ আনিব নালাগে, এনে কৰিলে ঘৰখনলৈ দৰিদ্ৰতা আহে। ইয়াৰ উপৰিও বাস্তুশাস্ত্ৰ অনুসৰি ধনতেৰচৰ দিনা কটাৰী, কেচী আদি বস্তু ঘৰলৈ আনিব নালাগে, এনে কৰিলে মা লক্ষ্মীৰ লগতে ধনতেৰচ দেৱতাও অসন্তোষ্ট হয় আৰু ঘৰলৈ ভয়ংকৰ দৰিদ্ৰতা আহিব পাৰে।

       সেয়ে ধনতেৰচৰ আগতেই ঘৰখন সুন্দৰকৈ চাফা-চিকুণ কৰি মা-লক্ষ্মীৰ আহ্বান কৰক নিশ্চয় আপোনাৰ উন্নতি হ'ব। কিয়নো চাফা-চিকুণ ঘৰতহে দেৱী-দেৱতাই বাস কৰা।( Religious Studies )

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

1 comment:

Advertisement

Pages