এই মন্ত্ৰৰ আছে অসীম ক্ষমতা : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Saturday, November 23, 2024

demo-image

এই মন্ত্ৰৰ আছে অসীম ক্ষমতা : Religious Studies

 

PhotoGrid_1732345691807


  ॐ ভূর্ভুবঃ স্বঃ। 

    তৎসবিতুর্বৰেন্যং।

    ভর্গো দেবস্য ধীমহি।    

    ধিয়ো যো নঃ প্রচোদয়াৎ ।।


এইটো গায়ত্ৰী মন্ত্ৰ। ঋগ্বেদৰ তৃতীয় মণ্ডলৰ ৬২ সুক্তৰ ১০ নম্বৰ মন্ত্ৰ। এই মন্ত্ৰ সূৰ্য্যক উদ্দেশ্য কৰি গোৱা হয়। ঋষি বিশ্বামিত্ৰই এই মন্ত্ৰ ধ্যানৰ জড়িয়তে বায়ুমণ্ডলৰ পৰা বিচাৰি উলিয়াইছিল। এই মন্ত্ৰৰ দেৱতা সৱিতা। ( Religious Studies )


বেদৰ মতে এইটো অতি শক্তিশালী মন্ত্ৰ। এই মন্ত্ৰৰ অসীম ক্ষমতা আছে। এই মন্ত্ৰৰ মূলভাব হ'ল --


যি ভূ লোক,  প্ৰাণশক্তি আৰু সৰগৰ আধ্যাত্মিক জ্ঞানৰ উৎস  সেই  পৰমেশ্বৰক আমি ধ্যান কৰো , যাতে আমাক বুদ্ধি আৰু জ্ঞান দিয়ে আৰু সৰ্বোচ্চ সত্য উপলব্ধি কৰিবলৈ দিয়ে। 


গায়ত্ৰী মন্ত্ৰৰ দ্বাৰা দ্ৰব্য প্ৰাপ্তি নহয়, ই মাত্ৰ এক স্তুতি।  বাৰে বাৰে এই স্তুতি কৰিলে মানুহৰ বিবেচনা শক্তি বাঢ়ে, মন আৰু অন্তৰ শুদ্ধ আৰু উজ্জ্বল হয়। মা গায়ত্ৰীক বেদমাতা বুলি কোৱা হয়। পঞ্চ মূখৰ এই গায়ত্ৰী দেৱীৰ দহ খন হাত,  দহটা চকু আৰু এপাহ ৰঙা পদুম ওপৰত বহি থাকে। মা গায়ত্ৰীৰ পাচ খন মূখৰ প্ৰতি খনৰে ৰঙ বেলেগ বেলেগ।  


মা গায়ত্ৰীৰ পাচটা ৰঙৰ মূখে কি বুজায়----


১) বেদমাতা গায়ত্ৰী দেৱীৰ প্ৰথম মূখখন মুকুতা মনিৰ দৰে । ইয়াৰ অৰ্থ হল মুকুতাৰ জিক্ মিকনিৰ দৰে সাধকক জ্ঞানৰ জিক মিকনিৰে উদ্ভাসিত কৰি তোলে।  


২) মা গায়ত্ৰীৰ এখন মূখ ৰক্ত প্ৰৱালৰ দৰে ৰঙা।  

  এইখন মূখে সাধকৰ মন স্থিৰ কৰিবলৈ শক্তি দিয়ে। 


৩) সোণ বৰণীয়া তৃতীয় মূখ খনে সাধকক সৎ গুণেহে জিলিকাই তোলে।  


৪) চতুৰ্থ মূখ খন আকাশৰ দৰে নীল বৰণীয়া।  আকাশৰ দৰে সাগৰো নীলা। সেয়ে গায়ত্ৰীক উপাসনা কৰা লোক আকাশৰ দৰে বিশাল মনৰ হয় আৰু সাগৰৰ দৰে গাম্ভীয্যপূৰ্ণ হয়। ( Religious Studies )


৫) পঞ্চম খন মূখ বগা অৰ্থাৎ বিশুদ্ধ।  গায়ত্ৰী মাৰ উপাসনা কৰিলে সেয়ে সাধকৰ মন আৰু অন্তৰ পৱিত্ৰ হয়।  গায়ত্ৰী দেৱীৰ এই পঞ্চম মূখ খনে মা সৰস্বতীক বুজায়।  সেয়ে গায়ত্ৰী মন্ত্ৰ জপ কৰিলে মানুহৰ জ্ঞান বৃদ্ধি হয়।  


মা গায়ত্ৰীৰ দহ খন হাতে কি বুজায়---


১) প্ৰথম হাতে সাধকৰ আবেদন মানি লোৱা বা কাৰ্য সিদ্ধিৰ ভঙ্গিমাত থাকে ।

২) দ্বিতীয় হাতৰ ভঙ্গিমাৰে উপাসকক অভয় দান কৰে। 

৩) তৃতীয় হাতত এডাল অস্ত্ৰ,  যি ডালেৰে চাৰিও দিশৰ বেয়া খিনি দমন কৰে অৰ্থাৎ সাধকক বেয়া শক্তিৰ পৰা ৰক্ষা কৰে। 

৪) চতুৰ্থ হাতত এডাল চাবুক থাকে যি ডালেৰে সাধকৰ সকলো বেয়া দিশ গুচাই যায়।  

৫) পঞ্চম হাতত এটা বগা ৰঙৰ মানুহৰ মূৰৰ খোলা।  সেইটোৱে ভগৱান শিৱক বুজায় অৰ্থাৎ গায়ত্ৰী জপ কৰিলে শিৱত্ব লাভ হয়। 

৬) ষষ্ঠ হাতত এডাল গদা থাকে।  এই গদাই বিষ্ণুত্ব প্ৰাপ্তি বুজায়। 

৭) সপ্তম হাতত এটা শংখ থাকে। এই শংখৰ ধ্বনিৰে সাধকৰ আত্ম বিশ্বাসক বুজায় আৰু লগতে শংখৰ ধ্বনিৰে চাৰিওফালে থকা অপশক্তিক আতৰাই পঠোৱা বুজায়।  

৮) অষ্টম হাতত এটা চক্ৰ । এই চক্ৰই সময়ক বুজায়।  

৯) নৱম হাতত এটা অন্নপূৰ্ণ পাত্ৰ। ইয়াৰ অৰ্থ গায়ত্ৰী উপাসনা কৰিলে সাধকে কোনো দিন অন্নৰ অভাৱত পৰিব লগীয়া নহয়। 

১০) দশম হাতত গায়ত্ৰী দেৱীয়ে এপাহ পদুম ফুল লৈ থাকে।  এই ফুলৰ সুবাসৰ দৰে সুন্দৰ সুবাস বা অনুগ্ৰহ সাধকে  মা গায়ত্ৰী, মা সাৱিত্ৰী আৰু মা সৰস্বতী -- এই তিনিওৰে পৰা পায় ।


গায়ত্ৰী মন্ত্ৰ সকলো মন্ত্ৰৰে গুৰু আৰু ইয়াক মহা মন্ত্ৰ বুলি কোৱা হয়। গায়ত্ৰী মন্ত্ৰই সকলো মন্ত্ৰতকৈ বেছি প্ৰচলিত মন্ত্ৰ। বেদমাতা মাজত গায়ত্ৰীক ত্ৰিমূৰ্তি বুলি উপাসনা কৰা হয়। কিয়নো মা গায়ত্ৰী 

 মা সৰস্বতী,  মা পাৰ্ৱতী  আৰু মা লক্ষ্মীৰ এই তিনি গৰাকী দেৱীৰ একক ৰূপ।  


 চৌবিশ  টা আখৰৰ গায়ত্ৰী মন্ত্ৰই চৌবিশ জনা ঋষিক বুজায় --

 ১) বামদেৱ , ২) অত্ৰি , ৩) বশিষ্ঠ, ৪) শুক্ৰ

  ৫) কন্ৱ ,   ৬) পৰাশৰ , ৭) বিশ্বামিত্ৰ,৮) কপিল ,  ৯) সৌনক , ১০) যজ্ঞবালক্য, ১১) ভৰদ্বাজ , ১২) জমদগ্নি, ১৩) গৌতম , ১৪) মুদ্গল, ১৫) ব্যাস , ১৬) লোমাসা,  ১৭) অগস্ত্য ১৮) কৌশিক,  ১৯) ৱৎস , ২০) পুলাষ্ট্য , ২১) মন্দুকা,  ২২) দূৰ্বাশা,  ২৩) নাৰদ,  ২৪) কাশ্যপ। 


চৌবিশটা আখৰৰ গায়ত্ৰী মন্ত্ৰই চৌবিশ বৈদিক ছন্দক বুজায়,  চৌবিশ বৈদিক দেৱতাক বুজায়, চৌবিশ শক্তিক বুজায় আৰু চৌবিশ তত্বক বুজায়। 


জুলা শৰ্মা 

অসম

PhotoGrid_1618155598663

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages