ময়ূৰীয়ে মৃতকৰ প্রতি সন্মান জনাই সমাজিক ৰিতি নিতি বোৰ কৰি গ'ল ( Assames love story )| ভাৰ্গৱক তাই কোনো ধৰনৰ গুৰুত্বই নিদিলে | কাৰন ইতিমধ্যে ময়ূৰীয়ে ভাৰ্গৱক হৃদয়ৰ পৰা বাহিৰ কৰি দিছে ভাৰ্গৱে কাগজ খন দেখি চিঞঁৰি উঠিল | " নাই নাই ৰাইমা তোমাক এৰি মই থাকিব নোৱাৰো| ডিভ'ৰ্চ ৰ কথা তুমি চিন্তা নকৰিবা | হব মই ঘৰত নাযাওঁ "| আজি তাইৰ এনে অৱস্থাৰ বাবে তাই মাক দেউতাকক ও জগৰীয়া নকৰিলে | হয়টো অইন ছোৱালী হোৱা হ'লে ক'লে হেতেন " মোৰ জীৱনটো তোমালোকে ধংস কৰি পেলালা | তোমালোকৰ পচন্দ মতে বিয়াত বহি মই মোৰ জীৱন ধংস কৰি পেলালো | মোৰ জীৱন ধংসৰ বাবে তোমালোক দায়ী "
কিন্তু ময়ূৰী ব্যতিক্ৰম | তাইৰ আজি এনে অৱস্থাৰ বাবে জগৰীয়া কৰিছে তাই নিজৰ ভাগ্যক | হয়টো এইখিনি দুখ তাইৰ কপালত ভগবানে লিখি থৈছে |কিন্তু তাই পৰাজিত সৈনিক হব নিবিচাৰে | কাৰন জীৱন ত তাই সুখত থাকিব পৰা তাইৰ জীৱনৰ বহুত সম্পদ আছে |
আজি ময়ূৰীৰ শাহুয়েকৰ তিলনি | ইতিমধ্যে ব্রাহ্মন আহি তিলনিৰ পৰ্ব আৰম্ভ কৰিছে | এইফালে বাংগালোৰলৈ যাৱলৈ সাজু হ'ল ভাৰ্গৱ | লগত আধুনিকা ৰাইমা | ভাৰ্গৱে ভয় ভয়কৈ ময়ূৰীৰ কাষত গ'ল |
- ময়ূৰী
- কোৱা
- আমি যাৱলৈ ওলালো |
- অন্ততঃ শ্রাদ্ধৰ দিনটোলৈ থাকিব লাগিছিল |
- মেডামে থাকিব নোৱাৰে | কাৰন কাইলৈ আমাৰ নতুন কাম এটাৰ টেণ্ডাৰ আছে | এই পইচাঁ খিনি লোৱা | মাৰ শ্রাদ্ধত ব্যৱহাৰ কৰিবা |
- পইচাঁ ~
- অ পইচাঁ ,লোৱা
- ময়ূৰী মনৰ ভিক্ষাৰী নহয় | তুমি তোমাৰ পইচাঁ নিজৰ কামত খৰছ কৰিবা |
ভাৰ্গৱে ময়ূৰীৰ কান্ধত হাত থৈ কথা এটা কব লওঁতে ময়ূৰীয়ে চিঞঁৰি উঠিছিল |
- হাত খন নমোৱা
- ময়ূৰী
- মই যি কৈছোঁ তাকে কৰা |
ভাৰ্গৱে হাত খন নমাইছিল |
- তোমাৰ হাত খন থৈ মোৰ পবিত্র দেহটো অপবিত্র নকৰিবা |
- ময়ূৰী
- মই তোমাৰ মুখ খন ও চাব নিবিচাৰো |
- কিন্তু শুনা
- মই নুশুনো তোমাৰ চলাহী কথা | শুনা তুমি মোক তোমাৰ মাৰ ৰখীয়া কৰি ,সমাজৰ চকুত সাক্ষী কৰি মোক বিয়া কৰাইছিলা | তাৰ বাহিৰে তোমাৰ মোৰ মাজত সম্পৰ্ক কি ?
- তুমি বুজিবলৈ চেষ্টা কৰা |
- কি বুজিব লাগে মই ? আজি এবছৰ তোমৈৰ লগত মোৰ যোগাযোগ নাই | তোমাৰ নব বিবাহিতা পত্নীয়ে ঘৰ খনত কি কৰিছে,ক'ত আছে সেই খৱৰ লবলৈ ও তোমাৰ সময় নাই | তোমাৰ জন্মদাত্রী তোমাৰ খৱৰ লবলৈ সময় নাই ,মুখাগ্নী কৰিব সময় নাই | ধন্য মিষ্টাৰ ভাৰ্গৱ চলিহা | মৃত্যুৰ পাছত তোমাৰ স্থান স্বৰ্গ নহয় নৰকত হব ( Assames love story )|
- চোৱা ময়ূৰী মই তোমাৰ কাষত অতিশিঘ্রে গুছি আহিম | তোমাৰ পৰা আতৰত নাথাকো আৰু |
- সময় কিন্তু কাৰোবাবে ৰৈ নাথাকে |
- মানে !
- জানু ব'লা দেৰি হ'ল |
তেনেতে ৰাইমা সিহতৰ ওচৰলৈ আহিল |
ভাৰ্গৱে লগ ৰাইমাক ক'লে
- ৰবা বেগটো লৈ আনো |
কথা খিনি কৈ ভাৰ্গৱ গুছি গ'ল |
- তুমি ইমান ধুনীয়া ছোৱালী এজনী এইখন ঘৰৰ কাম কৰা মহিলা ! মই ঠিক কথাটো বিশ্বাস কৰিব পৰা নাই |
- সময় ! সময়ে মানুহক বহু কথাই শিকাই |
- সময় !
- এৰা , কেতিয়াবা নাৰীয়ে ন ন ৰূপ ধৰিৱ লাগে | বাস্তৱ জীৱনত অভিনয় কৰিব ও লাগে |
- মই ঠিক নুবুজিলোঁ |
- বুজিব সকলো ,যেতিয়া পৰিস্থিতিয়ে আপোনাক ও বাধ্য কৰাব |
কথা খিনি কৈ ময়ূৰী আতৰি গ'ল | ৰাইমাই যে ময়ূৰীৰ কথাৰ অৰ্থবোৰ বুজিয়ে নাপালে | কিন্তু কিবা এটা সন্দেহে তাইক জোকাৰি গ'ল | কিছু সময় পাছত ভাৰ্গৱে হাতত বেগ লৈ ওলাই আহিল | আৰু সিহত ওলাই গ'ল | আৰু সেই মূহুৰ্ত্তত ময়ূৰীৰ এনে লাগিছিল যেন এতিয়া তাইৰ হাতত পিষ্টল এটা থাকিলে ভাৰ্গৱক গুলি কৰি তাৰ বেয়া তেজবোৰ বাহিৰ কৰি দিলে হেতেন |
আজি ময়ূৰীৰ খৱৰ লবলৈ ময়ূৰীৰ মাক আৰু দেউতাক আহিলে | কিন্তু ময়ূৰীৰ সেই ৰূপ যে তেওঁলোকে সহ্য কৰিব পৰা নাই |
- ময়ূৰী
- দেউতা
- ভাৰ্গৱ,,,,
- গ'লগৈ দেউতা
- কি ! নিজৰ মাকৰ আদ্ধ শ্রাদ্ধৰ দিনটোলৈ সি ৰব নোৱাৰিলে ?
- পৃথিৱীত সকলো মানুহ একে নহয় দেউতা | কিছুমান মানুহক যদি তুমি কোৱা তোক মই পাচলাখ টকা দিম তই তোৰ দেউতাৰাক হত্যা কৰ সি কৰি দিব | ঠিক তেনে এজন মানুহ ভাৰ্গৱ |
- মাজনী ! তই এতিয়া কি ভাৱিছ ?
মাকে ময়ূৰীক প্রশ্ন কৰিছিল |
- মানে মা
- এই প্রকাণ্ড ঘৰটোত তই অকলে অকলে কি কৰিবি ?
- মাৰ শ্রাদ্ধৰ পাছত যদি তোমালোকে বিচৰা মই যি বাটেৰে আহিছিলো সেই বাটেৰে উভতি যাৱ বিচাৰো মা |
- আমি কিয় নিবিচাৰিম | আমাৰ আগলৈ পাছলৈ তোৰ বাহিৰে কোন আছে ! মাজনী তই ঘৰলৈ ব'ল |
- যাম দেউতা যাম | মোৰ ভাৰ্গৱলৈ ঘৃনা লাগিছে |
- কি !
- অহ, দেউতা সি সমাজক দেখুৱাই মোক বিয়া পাতি বদনামী কৰিলে | কিন্তু তুমি বিশ্বাস কৰা দেউতা তাৰ মোৰ মাজত পতি - পত্নীৰ একো সম্পৰ্ক নাই |
- কি !
- অহ, দেউতা ! মোৰ হাঁহিৰ আৰৰ চকুলোৰ ভাষা ইমান দিনে তোমালোকক পঢ়িব দিয়া নাছিলো |ভুল আমাৰ , কিয় এজন ইঞ্জিনিয়াৰ বুলি শুনি মই বিয়াৰ সন্মতি দিব লাগে ! আচলতে দেউতা আমি লোভী | চাগে এজন সাধাৰণ ল'ৰাৰ সৈতে বিয়াত বহিলে মই বহুত সুখী হ'লো হেতেন |
- তই ইমান দিনে আমাৰ পৰা কথাবোৰ লুকাই আছিলি ?
- ধৰ্য্য ধৰিছিলো দেউতা,আৰু এজনী পুত্রৰ মৰমৰ পৰা বঞ্চিত মাতৃক শুশ্রুষা কৰাৰ স্বাৰ্থত মই সকলো গোপনে ৰাখিছিলো |
আজি ময়ূৰীয়ে সকলো কথাই মাক দেউতাকক কৈ দিলে | আজি হে তাইৰ মনটো পাতল লাগিল | চাওঁতে চাওঁতে ময়ূৰীৰ শাহুয়েকৰ আদ্য শ্রাদ্ধৰ পৰ্ব শেষ হ'ল | ময়ূৰী আজি এই ঘৰখন এৰি যাবলৈ ওলাল | লগে লগে মনত পৰিল তাইৰ শিৰৰ সেন্দুৰ খিনিৰ কথা | তাই নোৱাৰে আৰু এই কলংকিত সেন্দুৰ লৈ থাকিব | তাই লগে লগে শিৰৰ সিন্দুৰ খিনি মছি পেলালে |
ক্ৰমশঃ ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assames love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment