“আলফা প্ৰধান মাননীয় পৰেশ বৰুৱা দাদালৈ মোৰ অনুৰোধ ৷“
( আলফা স্বাধীনে কুইপৰ কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰামকুমাৰক সোমবাৰে শাস্তি দিয়াৰ কথা ঘোষণা ৷ প্ৰতিদিন টাইমৰ 19.2.2021 তাৰিখৰ বাতৰিৰ আঁত ধৰি )
দাদা, যোৱা আগষ্ট মাহত আপুনি মোলৈ ফোন কৰিছিল ৷ আপুনি মোক ভনী বুলি আদৰি লৈছিল ৷ দাদা, আপুনি বহু সময় ধৰি মোৰ লগত দেশৰ কথা, জাতিৰ কথা, আপোনালোকৰ সংগ্ৰামৰ কথা,পৃথিবীৰ বিভিন্ন দেশৰ বিপ্লৱৰ কথাৰ পৰা কাৰ্ল মাৰ্ক্সৰ কথালৈকে পাতিছিল ৷ আপোনাৰ ছাত্ৰজীৱনৰ পৰা আদি কৰি, আছুৰ কথা, আলফাৰ আৰম্ভনিৰ সময়ত পলাই ফুৰা দিনবোৰৰ ৰোমাঞ্চকৰ তথা ভয়াবহ কাহিনী কৈছিল ৷ দাদা, আপুনি ফোন কৰাৰ দিনা মোৰ সন্তানে ভয়ত কঁপি কঁপি মোৰ কাষত ৰৈ আছিল ৷ সিহঁতে ভয় খাইছিল, কিজানি আপুনি মোক মোৰ লিখাৰ বাবে শাস্তি দিবলৈ ফোন কৰিছিল ৷ দাদা, সুদীৰ্ঘ সময়ৰ গম্ভীৰ বাৰ্তালাপৰ পিছত, আপুনি যেতিয়া মোক ভগ্নীৰ মৰমেৰে বান্ধি ৰখাৰ প্ৰতিশ্ৰুতি দি, মোৰ কলমৰ তীক্ষ্নতাৰ বাবে প্ৰশংসা কৰি, মোক আকৌ ফোন কৰাৰ প্ৰতিশ্ৰুতি দি বিদায় লৈছিল, সেই মুহূৰ্ত্তত মোৰ সন্তানে স্বস্তিৰ নিশ্বাস পেলাইছিল ৷ ইমানেই নহয়, সেই সময়ত অফিচত কাম কৰি থকা মোৰ স্বামীও এক তীব্ৰ শংকাত ভুগিছিল আপোনাৰ শেষ বাক্যবোৰ কি হ’ব সেয়া ভাবি ৷ তেওঁ বাৰে বাৰে মোৰ বৰপুত্ৰক ফোন কৰিছিল ৷
দাদা, আপুনি মোৰ লগত কথা পতাৰ সমগ্ৰ সময়খিনি, আপুনি মোক অনুভৱ কৰাইছিল দেশ আৰু দেশৰ মানুহৰ প্ৰতি থকা আপোনাৰ মৰম আৰু দায়িত্বৰ কথা ৷ আপুনি কৈছিল, সংগঠন চলাবলৈ প্ৰয়োজন হোৱা অৰ্থৰ কথা ৷ যাৰ বাবে, বাধ্যত পৰিহে আপোনালোকে অপহৰণৰ দৰে পদক্ষেপ গ্ৰহণ কৰে ৷
দাদা, আপোনাক ফোন কৰাৰ উপায় নাই, যেতিয়ালৈকে আপুনি মোলৈ ফোন নকৰে ৷ আপুনি মোক ভনী বুলি কৈছিল ৷ মোৰ আপোনালৈ অনুৰোধ-
কুইপ’ৰ কৰ্মচাৰী দুজনক অন্তত চৰম শাস্তি নিদিব ৷ মই আপোনাক ভগ্নীৰ অধিকাৰেৰে অনুৰোধ কৰিছো দাদা, আপুনি এই নিৰপৰাধী মানুহ দুজনক মুক্তি কৰি নিদিলেও, হত্যা নকৰিব ৷ মই আপোনাক শপত দিছো ৷ আপোনাৰ পত্নী আৰু সন্তানৰ শপত ৷
মই জানো ৷ আপুনি কঠোৰ দেশপ্ৰেমী ৷ আপুনি কঠোৰ বিপ্লৱী ৷ আপোনাৰ বিপ্লৱৰ লগত, পৰিয়াল প্ৰেম তুলনা কৰিব নোৱাৰি ৷ মই জানো, প্ৰয়োজন হ’লে আপুনি দেশৰ বাবে আপোনাৰ আটাইতকৈ প্ৰিয়জনকো হেলাৰঙে ত্যাগ কৰিব পাৰিব ৷ অসমৰ ৰাইজৰ মাজত জাতিগত বিভেদ নাথাকিবৰ বাবে, পৈতৃক উপাধি ’বৰুৱা’ ত্যাগ কৰি, পৰেশ অসম লিখিবলৈ লোৱা আলফা সেনাধ্যক্ষ আপুনি, স্বাধীনতাৰ চৰ্তৰ বাবে সকলো ত্যাগ কৰিব পাৰিব ৷ তথাপিও, এই কৰ্মচাৰী দুজনক হত্যা নকৰিবলৈ মই আপোনাক কৰযোৰে অনুৰোধ জনালো ৷
দাদা, আপুনিও জানে দেশদ্ৰোহী কোন ? আপুনিও জানে দেশৰ শত্ৰু কোন ? আপুনিও জানে কৰ্মচাৰী দুজনৰ ক্ষমতা কিমান ? দাদা, এবাৰ ভাবক, কোনবোৰ মানুহৰ বাবে আমাৰ দেশ সংকটত ৷ আপোনালোকৰ সংগ্ৰামত বহুত নিৰপৰাধী মানুহৰ মৃত্যু হ’ল ৷ আৰু নালাগে ৷ এই মানুহ দুজনৰ পৰিয়ালৰ বুকুৰ হুতাহে, আপোনাৰ বিপ্লৱ দুৰ্বল কৰি পেলাব ৷ আপুনি বিৰাট বিপ্লৱৰ ধ্বজ্জাবাহক ৷ বিপ্লৱক আৰু কলুষিত নকৰিব দাদা ৷ মানুহ দুজনক মুক্তি নিদিলেও, হত্যা নকৰিব ৷
অসম চৰকাৰে এই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা লওক ৷ কাৰণ, অপহৃত এজন ব্যক্তি অসমীয়া আৰু অপহৰণকাৰীও অসমীয়া ৷ কোন ৰাজ্যৰ ভূমিত অপহৰণ হৈছিল, সেইবোৰ ভূগোল বাদ দিয়ক ৷
অমিত শ্বাহে অসমৰ নিৰ্বাচনত বিজেপিক জিকাবলৈ দম্ভালিয়েই মাৰি থাকিব নে, দুজন বিষয়াৰ অপহৰণৰ বিষয়টোৰ কথাও ভাবিব ? ভাৰতৰ গৃহমন্ত্ৰীৰ কোনো দায়িত্ব নাই নেকি ? তেওঁ আলফা স্বাধীনৰ লগত আলোচনা নকৰে কিয় ? আলফা স্বাধীনৰ অসন্তোষ্টিৰ কাৰণ জানিবলৈ, ভাৰতৰ গৃহ বিভাগে চেষ্টা কৰা নাই কিয় ? নে আলফাক হাবিতে থাকিবলৈ দি, ঘৰশত্ৰু বিভীষণ সৰ্বা, হিমন্তৰ যোগেদি অসমৰ সম্পদ লুট কৰাতেই মোদী আৰু অমিত শ্বাহ ব্যস্ত ? কিয় অসমৰ এটা প্ৰধান সমস্যা আলফাৰ সমস্যাটো সমাধান কৰাত বিজেপি চৰকাৰ আগ্ৰহী নহয় ? নে, যেতিয়ালৈকে পৰেশ বৰুৱাই বোমা বিস্ফোৰণ নকৰে বা অপহৃত ব্যক্তিক হত্যা নকৰে, তেতিয়ালৈকে গা নলৰে অসম চৰকাৰ তথা ভাৰতৰ বিজেপি চৰকাৰৰ হৰ্তা কৰ্তাসকলৰ ?
কুইপ প্ৰশাসন নিৰৱ কিয় ? আপোনালোকৰ দৰে কোম্পানীবোৰে, এজন কৰ্মচাৰীৰ পৰা, কেইটামান টকাৰ বিনিময়ত জীৱনৰ এটা এটা সুখ কাঢ়ি লয় ৷ মোৰ অভিযন্তা স্বামীও এনে ঘটনাৰ বলি হৈছিল BTAD ৰ কাজলগাঁৱত ৷ ভাগ্যে তেওঁৰ কোম্পানীয়ে অগ্ৰনী ভূমিকা লৈ মোক নিৰাপদ কৰিছিল ৷ আপোনালোকে আপোনালোকৰ কৰ্মচাৰীৰ পৰা কাম আদায় ঠিকেই কৰে ৷ ঘৈনীয়েক মৰিবলৈ ধৰিলেও ছুটী নিদিয়ে ৷ ছুটী দিলেও দৰমহা কাটে ৷ সময়তকৈ অধিক বেছি সময় কামত খটুৱায় ৷ মুঠৰ ওপৰত, কিছুমান ব্যক্তিগত কোম্পানীয়ে কৰ্মচাৰীৰ ব্যক্তিগত জীৱন দুৰ্বিসহ কৰি তোলে ৷ তাৰপাছতো, কেৱল আপোনালোকৰ বাবেই নিৰপৰাধী কৰ্মচাৰী পণবন্দী হৈ অপহৃত হয় ৷ বলিৰ পঠা হয় ৷ আৰু আপোনালোক নিৰাপদ দূৰত্বত অৱস্থান কৰে ৷
কুইপৰ কৰ্তৃপক্ষক আমি আহ্বান জনাইছো, বন্দী দুজনক মোকলাই অনাৰ ব্যৱস্থা কৰক ৷ কেনেকৈ কৰে সেয়া আপোনালোকৰ কথা ৷ মুঠৰ ওপৰত অতি সোনকালে ব্যৱস্থা লওক ৷
অসম চৰকাৰে কেৱল ইলেকচনৰ ধান্দাত নাথাকি, অসমৰ ব্যক্তিজনৰ বিষয়ে আলফাৰ লগত কথা পাতক আৰু তেওঁক মোকলাই আনক ৷ এইয়া আমাৰ দাবী ৷ নিৰপৰাধী অসমীয়াক হত্যাৰ বলি হ’বলৈ এৰি দিয়া চৰকাৰক, আমি কোনো কাৰণতে ক্ষমা নকৰিম ৷
পৰেশ অসম দাদা, শেষত পুনৰ অনুৰোধ, আপুনি নিজে ভনী বুলি গ্ৰহণ কৰা শিখা শৰ্মাৰ কাতৰ অনুৰোধ গ্ৰহণ কৰক ৷ কুইপৰ মানুহ দুজনক মোকলাই দিয়ক ৷ প্লিজ 🙏🏼 ৷ আপুনি মোৰ পষ্ট পঢ়ে আৰু মোৰ টিভিৰ ইন্টাৰভিউবোৰ চাই বুলি কৈছিল ৷ সেই কথা ভাবিয়েই মই মোৰ টাইমলাইনত আপোনালৈ এই আবেদন জনালো ৷
মই জানো, আপুনি মোৰ কথা ৰাখিব ৷ ৰাখিবই ৷ মোৰ বিশ্বাস ৷ এই বিশ্বাসৰ জন্ম আপুনিয়েই দিছিল ৷ সিদিনাৰ টেলিফোনিক বাৰ্তালাপৰ সময়ত, মোৰ হৃদয়ত আপোনাৰ প্ৰতি এক বিশ্বাসে গঢ় লৈছিল ৷ হয়তো আপোনাৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰত ৷
দাদা, প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক হত্যা নকৰিব ৷ আপোনাক আপোনাৰ উদিত সূৰ্য্যৰ শপত দিলো ৷ আপোনাৰ সপোনৰ ’স্বাধীন অসম’ৰ শপত দিলো ৷ মোৰ উপন্যাস “জুই, তেজ আৰু ক্ষমতা“ৰ নায়ক চৰিত্ৰ, আলফা সদস্য ৰাজৰ্ষিৰ শপত দিলো ৷
আশাৰে-
আপোনাৰ ভগ্নী
শিখা শৰ্মা
গুৱাহাটী
১৯৷২৷২০২১
বিঃদ্ৰঃ উক্ত লেখা অসমৰ এগৰাকী বিশিষ্ট লেখিকা শিখা শৰ্মাৰ ফেচবুক ৱালৰ পৰা উদ্ধৃত।
No comments:
Post a Comment