ভাৰ্গৱে কাগজ খন দেখি চিঞঁৰি উঠিল | " নাই নাই ৰাইমা তোমাক এৰি মই থাকিব নোৱাৰো ( Assames love story )| ডিভ'ৰ্চ ৰ কথা তুমি চিন্তা নকৰিবা | হব মই ঘৰত নাযাওঁ "
এইফালে ময়ূৰীয়ে দিন ৰাতি কষ্ট কৰিছে ভাৰ্গৱৰ মাকৰ লগত | নৰীয়া মাকে ও উপলব্ধি কৰিছে ময়ূৰীয়ে কৰা কষ্ট খিনি | এইফালে ভাৰ্গৱৰ মাকক মেডিকেলৰ পৰা ঘৰলৈ অনাৰ দুদিন হ'ল | কিন্তু বেমাৰ ভাল নহ"ল বৰঞ্চ দিনে দিনে বেয়াৰ ফালে হে গতি কৰিছে |
- আইজনী তুমি শুৱাগৈ যোৱা |
ভাৰ্গৱৰ মাকে ময়ূৰীক কৈছিলে |
- মা মই আপোনাক এৰি টোপনি যাৱ নোৱাৰো |
- নহয় আইজনী ! তুমি আৰু কিমান কষ্ট কৰিবা | দহদিন দহ মাহ গৰ্ভত ৰখা সন্তানে যেতিয়া মোৰ খৱৰ লোৱা নাই তেনেস্থলত তুমি বোৱাৰী হৈ,,,,
- নহয় মা ,তেওঁ কৰ্মত ব্যস্ত | আৰু তেওঁৰ কৰ্তব্য খিনি মই কৰিছোঁ | আৰু এজনী বোৱাৰী হিচাপে এয়া মোৰ দায়িত্ব |
- মোৰ আজি অনুভৱ হৈছে তুমি যেন মোৰ ছোৱালী
- মা বোৱাৰী এজনী টো ছোৱালীৰ নিচিনাই | কাৰন ছোৱালী হ'ল ত্যাগৰ প্রতীক |
- আইজনী অ ,মোৰ বুকু খন বৰ বিষাইছে | এবাৰ তাক ফোনটো লগাই দিয়াছোন | বৰ কষ্ট কৰিছিলোঁ তাৰ কাৰনে | দেউতাকৰ অনুপস্থিতিত ঘৰৰ সকলো দিশ চম্ভালি তাক মানুহ কৰিছিলোঁ | তাৰ মুখ খন এবাৰ চাব পৰা হ'লে !
ময়ূৰীয়ে আকৌ এবাৰ ভাৰ্গৱক ফোন লগাইছিল | সি ৰিচিভ কৰিছিল | আৰু ময়ূৰীয়ে ফোনটো লগে লগে ভাৰ্গৱৰ মাকক দি দিলে |
- হেল্ল'
- সোণ ,কি খৱৰ তোৰ ?
- অ মা ,আছো দিয়া
- এবাৰ তই মোৰ ওচৰত আহিবি নে ! তোৰ মুখ খন এবাৰ চাব পৰা হ'লে !
- উম যাম |মা
- মই আৰু বেছি দিন নাথাকো অ সোঁণ |
- মা
- অ' তই সোণকালে আহ মোৰ ওচৰত | মানুহৰ জীৱন মাত্র এবাৰ | চকু মুদাৰ পাছত মই কোন মই ও পাহৰি যাম | আৰু তই ও মোৰ পুত্র এবাৰে হ'লি সেয়েহে শেষ আশা এবাৰ তোৰ মুখ খন চোৱা |
এয়াই মানৱ জীৱনৰ হেপাঁহ | আমি সকলোৱে জানো মৃত্যু চিৰন্তন সত্য | তথাপি আমাৰ মৃত্যু লৈ ভয় | মানৱ জীৱনৰ এই সময় খিনিত হৈ যোৱা ঘটনা বোৰ মাত্র ক্ষন্তকীয় | সেয়েহে মানুহে জীয়াই থকা পৰ্যন্ত ইজনে সিজনৰ লগত মিলি থাকিব লাগে |
উকা কাপোৰৰে ধাকি থোৱা আছে নিঠৰ মৃত দেহ | সমাজৰ মানুহ বোৰ,আত্মীয় কুতুম্ব বোৰ আহিছে সহজ সৰল মানুহ জনীৰ মুখ খন শেষ বাৰৰ বাবে চাবলৈ | ময়ূৰীৰ দুচকুৰে মাত্র বাগৰিছে চকুলো | যিজনী মাতৃয়ে মাত্র শেষ আশা হিচাপে বিচাৰিছিল পুত্রৰ মুখ খন চাবলৈ | কিন্তু আশাবোৰ আশা হৈ থাকি গ'ল |
মানুহৰ মাজত গুনা গথা আৰম্ভ হ'ল | দুৰ্ভগীয়া মাতৃ গৰাকীৰ মুখাগ্নী কোনে কৰিব | কুলংগাৰ পুত্র জন আজিওঁ ঘূৰি নাহিল |
- ৰাইজ মোৰ শাহু আইৰ মুখাগ্নী মই কৰিম |
- তুমি
সকলোৱে একে মুখে কৈ উঠিল |
- অ মই | বোৱাৰী মানে হৈছে ছোৱালী | যিহেতু ছোৱালীয়ে কৰিব পাৰে মই কিয় নোৱাৰো |
সকলোৱে তলমূৰ কৰিছিল | এজনী বোৱাৰী ৰ কথাত | হয় এয়াই হৈছে প্রকৃত বোৱাৰী | শিক্ষা দীক্ষা | চাকৰি ৰ ফালৰ পৰা সকলো দিশত আগবঢ়া | যি সময়ত আমাৰ সমাজত তেনে কিছুমান নাৰী অহংকাৰী হয় | সেই সময়ত ময়ূৰীয়ে দেখাইছে নিজৰ পৰিচয় | সমাজ খনৰ নতুন মুখ |
ইতিমধ্যে মানুহ জনীক শ্মশানত নিবলৈ সাজু হ'ল | ময়ূৰীয়ে শুভ্র সাজ এযোৰ পিন্ধী ল'লে ( Assames love story )|
তেনেতে সকলো আচৰিত | ময়ূৰী চকুৰ পতা বহল হৈ গ'ল |
ভাৰ্গৱ লগত এজনী আধুনীকা নাৰী | জিনচ্ ,চকুত গাগৰ্চ ,হাই হিল পিন্ধা | ভাৰ্গৱে চোতালত শুভ্র সাজত পৰি থকা মৃত দেহটো দেখিছিল | সি বুজি পাইছিল সেয়া তাৰ মাকৰ মৃতদেহ | তাৰ বহু পলম হৈ গ'ল | সি চিধাই ময়ূৰীৰ কাষত আহিছিল | জোৰকৈ ময়ূৰীৰ হাতত ধৰি সি তাইক তানি লৈ গৈছিল ভিতৰৰ কোঠাত |
- ময়ূৰী
- কোৱা
- মোৰ লগত যে আহিছে ছোৱালী জনী
- কি হ'ল
- সেইজনী মোৰ অফিচৰ বছ |
- অ'
তাই আতৰি আহিব লৈছিল | সি আকৌ তাইৰ হাত খনত থাপ মাৰি ধৰিছিল |
- ৰবা কথা আছে
- কোৱা
- মই তাইৰ আগত তোমাৰ চিনাকী বেলেগ দিছোঁ |
- ঠিক আছে |
- শুনা তুমি আমাৰ ঘৰৰ কাম কৰা ছোৱালী বুলি কৈছোঁ |
- হব |
তাই কোনো ধৰনৰ প্রতিক্ৰিয়া প্রকাশ নকৰি সহজ ভাৱে কৈ দিলে |
- আচলতে কি জানা ময়ূৰী ! ব্যক্তিগত খণ্ডৰ কাম | সেয়েহে বছক মেনেজ কৰিব লগা হয় নিজা স্বাৰ্থ ত | তুমি মোৰ পত্নী বুলি জনা হ'লে হয়টো মোক কামৰ পৰা বাহিৰ কৰি দিব | তেতিয়া মই,,,,,,
ময়ূৰী তাৰ ওচৰৰ পৰা আতৰি গৈছিল | এইফালে যিহেতু ভাৰ্গৱ আহি পালে গতিকে সকলোৱে আশা কৰিলে যে ভাৰ্গৱে মুখাগ্নী কৰিব | তেনেতে এজনে আহি ভাৰ্গৱক ক'লে !
- ঐ ভাৰ্গৱ কাপোৰ সলনি কৰ | মুখাগ্নী কৰিব লাগিব |
- মই নোৱাৰিম নহয় | মই পৰষী যাৱই লাগিব নহ'লে মোৰ চাকৰি যাৱ | মৰাটো মৰিয়ে গ'ল কিন্তু মোৰ জীৱনটোৰ কথা আছে |
ভাৰ্গৱৰ কথা শুনি সকলোৰে ঘৃনা লাগিল | এয়াওঁ এজন সন্তান নে ,যেন পৃথিৱীত চাকৰি অকল সি কৰিছে |
- ৰাইজ বলক | মই সাজু
ময়ূৰীৰ কথা ত সকলোৱে মৃতকক লৈ শ্মশানলৈ যাত্রা কৰিলে |
" ৰাম নাম সত্য হে,ৰাম নাম সত্য হে "
চিতাত তোলা হ'ল ভাৰ্গৱৰ মাকৰ মৃতদেহ | আজি এজন পুত্র ৰ সন্মুখত বোৱাৰীয়ে মুখত সংযোগ কৰিব অগ্নী | এয়া চাগে প্রথম উদাহৰণ | যি উদাহৰণৰ বাটকতীয়া ময়ূৰী | দাউ দাউ কৈ জ্বলি উঠিল চিতা | জুই গ্রাস কৰি পেলালে এজনী আশা বুকুত বান্ধি গুছি যোৱা দুৰ্ভগীয়া মাতৃক |
ময়ূৰী শাহুয়েকৰ চিতাৰ জুইৰ মাজত দেখিছিল | ভাৰ্গৱৰ দৰে বিশ্বাস ঘাটক পুৰুষ এজনক ছৱি | ধৈৰ্য্য হৈছে ময়ূৰীৰ প্রধান অস্ৰ | সি ভাৱিছিল | ময়ূৰী মূৰ্খ চাগে | কিন্তু ময়ূৰী মুখ লজ্জাৰ ভয়ত প্রতিবাদ কৰা নাছিল | কিন্তু তাইবুজি পাইছিল ভাৰ্গৱৰ লগত অহা জনী ভাৰ্গৱৰ কোন হয় | সি ময়ূৰীক তাইৰ আগত চিনাকী কৰাই দিছে ঘৰৰ কাম কৰা ছোৱালী | তাক লৈ তাইৰ দুখ নাই | তাইৰ নিজস্ব সম্পদ বোৰ ভাৰ্গৱে বদনামী কৰিব নোৱাৰে | ময়ূৰীয়ে এতিয়া এটা সিদ্ধান্ত লব | যি সিদ্ধান্তই তাইক এটা বেলেগ পথ দেখাব |
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assames love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment