এহাল ব্ৰাহ্মণ দম্পতি আছিল।তেওঁলোকৰ কোনো সতি-সন্ততি নাছিল।সেইবাবে তেওঁলোকে বৰ দুখ মনেৰে জীৱন নিৰ্বাহ কৰিছিল। ( Religious Studies )
এসময়ত ব্ৰাহ্মণে বীৰ হনুমানক পূজা-অৰ্চনা কৰিবলৈ বনলৈ গুচি গৈছিল।আৰু ঘৰতে বামুণীয়ে প্ৰতি মংগলবাৰে পুত্ৰ লাভৰ বাবে মংগলবাৰে ব্ৰত ৰাখিছিল।আৰু ভোজন বনাই বীৰ হনুমানক ভোগ লগাই বামুণীয়ে নিজে গ্ৰহণ কৰিছিল।
ঠিক তেনেকে এটা মংগলবাৰে বামুণীয়ে ব্ৰত ৰাখি বীৰ হনুমানক ভোজন বনাই ভোগ দিবলৈ পাহৰিছিল আৰু বামুণীয়ে নিজেও অন্ন গ্ৰহণ নকৰি শুই পৰিছিল।
বামুণীয়ে টোপনিৰ পৰা সাৰ পায় কথাবোৰ অনুতপ্ত কৰিলত-পুনৰ মংগলবাৰ নহালৈকে-বীৰ হনুমানক ভোগ নিদিয়ালৈকে-নিজেও অন্ন-জল গ্ৰহণ নকৰোঁ বুলি প্ৰণ লৈ শুই পৰিছিল।
যেতিয়া মংগলবাৰ আহিলত-বামুণীয়ে অন্ন জল গ্ৰহণ নকৰা বাবে মূৰ্চা গৈছিল।
তাকে দেখি বীৰ হনুমান-বামুণীৰ ভক্তিত প্ৰসন্ন হৈ,বামুণীক দেখা দি-বামুণীক এটি পুত্ৰ সন্তান দি-বীৰ হনুমান অন্তধ্যান হল। ( Religious Studies )
*বামুণীয়ে পুত্ৰ সন্তান পায়-পুত্ৰ সন্তানৰ নাম ৰাখিলে-মংগল। আৰু মংগলৰ লগতে সুখেৰে-আনন্দৰে জীৱন অতিবাহিত কৰিবলৈ ধৰিলে।
*বহুতদিনৰ পাছত এদিন ব্ৰাহ্মণ বনৰ পৰা উভতি আহিল।আৰু ঘৰলৈ আহি বামুণীৰ লগত মংগলক দেখি আচৰিত হৈ সুধিলে! বামুণীয়ে সকলো কথা কলত-ব্ৰাহ্মণে বিশ্বাস নকৰি কলে যে-বামুণীয়ে নিজৰ কু-চৰিত্ৰ ধাকিবৰ বাবে এয়া সাধু শুনালে বুলি।
*এদিনাখন ব্ৰাহ্মণে কুঁৱাৰপৰা পানী আনিবলৈ ওলাওঁতে,বামুণীয়ে ব্ৰাহ্মণক কলে-মংগলকো লগত লৈ যাওক। মংগলে আপোনাক সহায় কৰি দিব।
ব্ৰাহ্মণে ব্ৰামুণীৰ কথা শুনি মংগলক লগত লৈ গল।আৰু মংগলক কুঁৱাত পেলাই ব্ৰাহ্মণ ঘৰলৈ উভতি আহিল।ব্ৰাহ্মণ ঘৰ পোৱাহি পাছত-বামুণীয়ে মংগল কত সুধাত-মংগলে ব্ৰাহ্মণৰ পাচৰ পৰা হাঁহি মাৰি মাত দিলে-মা বুলি।
*সেইদিনা নিশাই ব্ৰাহ্মণৰ সপোনত দেখা দি বীৰ হনুমানে কলে-যে,মংগলক মইয়ে দিয়া তোমাৰ পত্নীক।তোমাৰ পত্নী কু-চৰিত্ৰৰ নহয়।তেতিয়া ব্ৰাহ্মণে সকলো কথা বিশ্বাস কৰি বীৰ হনুমানক ক্ষমা বিচাৰিলে।
তেতিয়াৰপৰা ব্ৰাহ্মণে তেওঁৰ পত্নীৰ সৈতে মংগলবাৰে ব্ৰত ৰাখি মংগলৰ লগত সুখেৰে জীৱন অতিবাহিত কৰিলে।
(সকলো নিয়ম মানি মংগলবাৰৰ ব্ৰত ৰখাজনৰ ওপৰত বীৰ হনুমানৰ কৃপা দৃষ্টি থাকে।আৰু সেইজনৰ জীৱনৰ দুখ কষ্ট আতঁৰ হয়,সৰ্ব সুখ লাভ কৰে)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment