মহিলাৰ এনে কিছুমান গুপ্ত ৰোগ আছে, যিবোৰ তেওঁলোকে লাজৰ বাবে সুধিব নিবিচাৰে । ইনবক্সত সকলোকে উত্তৰ দিয়া সম্ভৱ নহয় বাবে ৰাজহুৱাকৈ লিখিব লগা হল । ( Assamese Health Tips )
কিছুমান ৰোগ সময়মতে ধৰা নপৰিলে শাৰীৰিক অৱস্থা জটিল হৈ ভৱিষ্যতে বিপদৰ মুখামুখী হ’বলগীয়া হয়। তেতিয়া গোটেই জীৱনজুৰি কষ্ট পোৱাৰ সম্ভাৱনাই দেখা দিয়ে ।। ফলত ৰূপ-যৌৱন হেৰুৱাই ‘কুৰিতে বুঢ়ী’ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে।
মহিলাৰ ঋতুস্ৰাৱ চক্ৰৰ যিকোনো সময়তে যোনি পথেদি বগা ৰস নিঃসৰণ হ’লে (প্ৰস্ৰাৱৰ বাহিৰে) তাকে ‘লিউকোৰিয়া’ বোলা হয়।
লিউকোৰিয়া কিয় হয় ?
যিসকল মহিলাৰ ডায়েবেটিছ বা কৃমি ৰোগ থাকে তেওঁলোকৰ অতি কম সময়ৰ ভিতৰতে এই ৰোগে আক্ৰমণ কৰিব পাৰে। এই ৰোগবিধ কম বয়সীয়া ছোৱালীৰ ক্ষেত্ৰতো বেছিকৈ হ’ব পাৰে।
অপৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰাৰ বাবেও এই ৰোগ হব পাৰে । ( Assamese Health Tips )
বেক্টেৰিয়া সংক্ৰমণৰ পৰাও এই ৰোগ হব পাৰে । পেছাবৰ বিভিন্ন সমস্যাৰ বাবেও এই ৰোগ হোৱা দেখা যায় ।
বিধান :
কুহুমীয়া গৰম পানীত ফিটকীৰী মিহলাই নিয়মিত যৌনাঙ্গ চাফা কৰিব ।
ব্যৱহাৰ কৰা কাপোৰ ৰদ পৰা ঠাইত ভালকৈ শুকুৱাই লৈহে ব্যৱহাৰ কৰিব ।
সতমুল চূৰ্ণ গৰম গাখীৰ বা পানীৰ লগত মিহলাই ৰাতি শুৱাৰ আগেয়ে খাব ।
অনন্তমূলৰ ৰস দৈনিক ৰাতিপুৱা খালি পেটত কিছুদিন খাব ।
এই ৰোগটো সময়ত ঠিক কৰিব নোৱাৰিলে মহিলাৰ গৰ্ভধাৰণ কৰাটো সমস্যা আহি পৰিব পাৰে । ।
1 চামুচ মেথিগুঠি আৰু আধা চামুচ ধনীয়া গুটি ৰাতি এক গিলাচ গৰম পানীত তিয়াই থৈ ৰাতিপুৱা উতলাই লৈ খাব ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment