উফিৰ সমস্যা দূৰ কৰিবলৈ এই ৫ টা ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 16, 2022

উফিৰ সমস্যা দূৰ কৰিবলৈ এই ৫ টা ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক : Assamese Health Tips

Assamese Health Tips


বৰ্তমান যুগত উফিৰ সমস্যা সকলোৰে ক্ষেত্রতে দেখা যায়। মহিলাৰ বাহিৰেও পুৰুষসকলৰো উফিৰ সমস্যা অধিক হাৰত দেখিব পোৱা যায়।  ( Assamese Health Tips )


১) বেকিং চডা-

বেকি চডা উফি হ্ৰাস কৰাত উপযোগী। চুলিত চেম্পু কৰোঁতে তাত ১চামুচ বেকিং চডা যোগ দিয়ক আৰু মূৰত ভালদৰে মালিচ কৰক আৰু তাৰ পাছত মূৰটো ভালদৰে ধুই দিয়ক। ইয়াৰ ফলত চুলিৰ শিপাত জমা হোৱা উফি আঁতৰ হব। 


২/এলোভেৰা-

এলোভেৰা জেলৰ বহুতো লাভালাভ আছে। ইয়াক ছলৰ যত্নৰ লগতে চুলিৰ যত্নৰ বাবে ব্যৱহাৰ কৰা হয়। এলোভেৰা জেলে চুলিৰ ওপৰতো ভাল প্ৰভাৱ দেখুৱাই। ইয়াৰ বাবে প্ৰথমে চুলি ভালদৰে ফণীৰে আচুৰি লওঁক। যাতে বগা উফিবোৰ চুলিত লাগি নাথাকে। আৰু তাৰ পিছত গোটেই মূৰত এলোভেৰা জেল ভালদৰে প্ৰয়োগ কৰক। ইয়াক ২০/২৫মিনিট ৰখাৰ পাছত মূৰটো ভালদৰে ধুই দিব। ( Assamese Health Tips )



৩/ভিনেগাৰ-

উফি আঁতৰ কৰিবলৈ, আপেলৰ ভিনেগাৰ অতি উপযোগী। ইয়াৰ বাবে এটা বাটিত আপেল ভিনেগাৰ আৰু সমান পৰিমাণৰ নেমু ৰস লওঁক আৰু অলপ পানী মিহলি কৰক। প্ৰস্তুত কৰা মিশ্রণটো স্প্ৰে বটলত ভৰাই, ইয়াক চুলিত চটিয়াব আৰু ২০মিনিট ৰখাৰ পাছত মূৰটো ভালদৰে ধুই দিব। এনে কৰিলে উফি হ্রাস হয়। 


৪/নাৰিকল তেল-

নাৰিকল তেল উফিৰ বাবে অতি উপযোগী। এটা বাটিত অলপ নাৰিকল তেল লওঁক আৰু ইয়াক অলপ গৰম কৰক। এতিয়া মূৰটো তেলেৰে ভালদৰে মালিচ কৰক আৰু প্ৰায় আধা ঘন্টা ৰখাৰ পাছত মূৰটো ভালদৰে ধুই দিব। ই নিশ্চিত ভাৱে মূৰৰ ছালৰ উফি হ্ৰাস কৰিব। 


দৈ-

দৈক উফিৰ বাবে, সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। এটা বাটিত দৈ লওঁক আৰু মূৰটো ভালদৰে ধুই লব। কমেও আধা ঘন্টাৰ বাবে চুলিত দৈ প্ৰয়োগ কৰিলে, সকলো প্ৰকাৰৰ চুলি সম্পর্কীয় সমস্যা হ্ৰাস হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages