উপা.....
একে জাপে উঠি বহিল অনুৰাগ । বিচনাত উপমাক চালে তাই নাই । গোটেই গাতো তাৰ ঘামি গৈছে । চকুত তাৰ সচাই চকুপানী । দীঘল দীঘলকৈ সি উশাহ লব ধৰিলে ।
উফ ইমান ভয়ংকৰ সপোন । উঠি গৈ তাইক চাওঁ বুলি ভাবতে বাথৰুমত পানী পৰাৰ শব্দ শুনিলে দীঘলকৈ উশাহ এটা লৈ মনটো অলপ পাতল কৰিলে । উপমা মানে বাথৰুমত আছে । কিমান ভয়ংকৰ আছিল সেই সপোনটো যদি সেয়া সপোন নহয় বাস্তৱত হল হয় ।
নাই নাই তেনেকুৱা কিবা হোৱাৰ আগতে যি কোনো উপায়ে ভণিতাৰ ওপৰত প্ৰমাণ গোটাব লাগিব । কথাবোৰ ভাবি ভাবি সি বিচনাৰ পৰা উঠি আহিল ।
আৰম্ভ হল এটা নতুন দিনৰ । ৰাতিপুৱাৰ পৰা এটা ব্যস্ততা ভৰা দিনৰ আৰম্ভণি । অনুৰাগ আৰু ভণিতা দুয়োকে অফিচ পঠাই উপমাই নিজৰ কামত লাগি গল । মনতে ভাবিব ধৰিলে, কেনেকৈ এজনী ছোৱালীয়ে ইমান এটা ভয়ংকৰ কাম কৰিব পাৰে ।তাই ভণিতাৰ ৰূমৰ সকলোবোৰ বস্তু চালে কিন্তু আপত্তি জনক একো নাপালে সিহঁতে । মনে মনে কেমেৰা ফিট কৰি তাই ওলাই আহিল ৰূমৰ পৰা । এতিয়া অপেক্ষা ভণিতা ৰুমত অহা ।
দিনটো উগুল থুগুল কৈ পাৰ কৰিলে তাই, সময়বোৰ যেন নাযায় নোপোৱাই । ধৰণীৰ বুকুত তেতিয়া সন্ধিয়া নামি আহিছিল । আৰু উপমাৰ অপেক্ষা অন্ত পেলাই অনুৰাগ আৰু ভণিতা আহি পাইছিল ।
আৰ চকুৰে উপমাই তাইলৈ লক্ষ ৰাখিছিল । তাই আহি এ নিজৰ ৰুমত গৈছিল ।
এটা এটা ক্ষণ যেন উপমাৰ কাৰণে বহুত কষ্টকৰ হৈছিল তাই পাৰিলে যেন এতিয়াই তাইক টানি লৈ আহি সুধিব । ৰেখাক কয় মাৰিলে তাই ।
ৰাতিৰ ভাতপানী খাই সকলো নিজৰ নিজৰ ৰুমত গৈ শুই পৰিল । অলপ সময়ৰ কাৰণে ও শান্তি পোৱা নাই উপমাই । কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই তাই । একেই অৱস্থা অনুৰাগৰ ও দুয়ো মিলি কেনেকৈ কি কৰিব পাৰি তাকে লৈ বহুত কথা পাতিলে । দিনটোৰ অফিচৰ ব্যস্ততা ভাগৰে অনুৰাগৰ এটা সময়ত টোপনি আহি গল ।
পিছদিনা ৰাতিপুৱা বেকফাৰ্ষ্ট ৰেডি কৰি উপমাই সকলোকে মাতিলে । মাক আৰু অনুৰাগ আহি ডানিংত বহিল । আন দিনা হোৱা হলে ভণিতা আগতে আহি ডানিংটেবুলত বহিলে হৈ আজি কি হল তাইৰ ইমান দেৰি অহা নাই যে । মাকে কলে ।
--- মাজনী ভণিতাৰ কি হল ইমান দেৰি আজি উঠাই নাই নেকি । যোৱাচোন মাত দিয়া গৈ ।
--- কয় বা ... ৰাতি চাগে আৰু কাক কেনেকৈ চল কৰি মাৰিব পাৰি তাকে ভাবি টোপনি অহা নাছিল সেই কাৰণে ইমান দেৰিকৈ সাৰ পোৱা নাই ।
পিছৰ কথাকেইতা মুখৰ ভিতৰতে ভোৰভোৰাই উপমাই তাইৰ ৰুমলৈ গল । দেখিলে তাই শুই এ আছে । মাতিব অলপ ও মন নাছিল যদি ও মাকে মাতিব কোৱা বাবে হে তাই ভণিতাক মাত লগালে ।
--- ভণিতা উঠা । ভণিতা ...
--- মৰিলে এ নেকি, তাই মুখৰ ভিতৰত এ কলে ।
অলপ কাষ চাপি আহি তাই তাইৰ গাত ধৰি হেঁচুকী দিলে ।
--- ভণিতা......ভণিতা ।
--- নাই মোক নামাৰিবা । মই একো কৰা নাই । প্লিজ প্লিজ মোক নামাৰিবা ।
জোৰে চিঞৰি উঠিল ভণিতা তাইৰ চিঞৰ শুনি অনুৰাগ আৰু মাকও তাইৰ ৰুমলৈ আহিল ।
--- ভণিতা কি কয় আছা তুমি । কোনে মাৰিলে তোমাক ।
--- প্লিজ উপমা মোক নামাৰিবা, ম.... মই আজি এ ইয়াৰ পৰা গুচি যাম । মই আৰু কেতিয়াও তোমালোকৰ ঘৰত নাহো প্লিজ প্লিজ মোৰ এৰি দিয়া ।
উপমাই একো বুজি নাপালে তাই আচৰিত হৈ তাইৰ ফালে চাই থাকিল । এনেতে বাহিৰৰ পৰা অনুৰাগে মাত লগালে ।
--- ভণিতা কি হৈছে তোমাৰ কিয় এনেকুৱা কৰিছা ।
তাইক ভয়ত থকা দেখি মাক তাইৰ কাষলৈ আহি কলে ।
--- ভণিতা কিবা বেয়া সপোন দেখিছা নেকি ।
--- মোক বচোৱা বৰমা মোক মাৰি পেলাব ।
--- কোনে মাৰি পেলাব তোমাক ।
--- মই ৰেখাক চিনি এ নাপাওঁ কোনো দিনে দেখা ও নাই তেনেস্থলত মই তাইক কেনেকৈ আৰু কিয় হত্যা কৰিম বৰমা ।
--- তুমি এইবোৰ কি কয় আছা মই একো বুজি পোৱা নাই । প্ৰথমে অলপ শান্ত হোৱাচোন । এই লোৱা পানী খাই লোৱাচোন । কঁপি কিয় আছা তুমি ভয় নকৰিবা মই আছো নহয় ।
মাকৰ হাতৰ পৰা পানী গিলাছতো লৈ ধকধকাই খাই পেলালে ভণিতাই । সচাই তাই বহুত ভয়ত আছে । ভয়ে ভয়ে তাই অনুৰাগৰ ফালে চাই কলে ।
--- মই আজি এ ইয়াৰ পৰা গুচি যাম অনুৰাগ । যদি মোক সঁচা বান্ধৱী বুলি ভবা মোক এটা ৰুম ঠিক কৰি দিবা নে প্লিজ ।
--- তোমাৰ হৈছে কি ভণিতা কি কয় আছা তুমি,, অলপ ভালকৈ কোৱাচোন । তুমি এনেকৈ কথা কলে আমি কি বুজি পাম তোমাৰ কি হৈছে । আৰু কোনে তোমাক মাৰিব, তুমি নিশ্চয় কিবা বেয়া সপোন দেখিছা ।
--- মই একো বেয়া সপোন দেখা নাই অনুৰাগ । মোক .... মোক .. সচাই মাৰি পেলাব ।
--- কোনে মাৰিব তোমাক ।
তাই আঙুলি এটাৰে উপমাৰ ফালে আঙুলিয়াই দেখুৱালে । সকলো আচৰিত হৈ পৰিল । উপমা আৰু বেছি আচৰিত হৈ পৰিল এয়া আৰু কি তাইৰ নতুন চাল । অনুৰাগে কিবা কোৱাৰ আগতে ভণিতাই পুনৰ উচুপি কলে ।
--- মই ৰেখাক চিনি এ নাপাওঁ উপমা, তেনেক্ষেত্ৰত মই কয় তাইক মাৰিম তুমি মোক ভুল ভাবিছা, মোক মাৰি পেলালে ও মই এটা কথাই কম মই ৰেখাক মৰা নাই মই তাইক চিনি এ নাপাওঁ ।
তাইৰ কথা শুনি উপমাৰ খং উঠি আহিল । আৰু অনুৰাগৰ ফালে চাই কলে ।
---- অনুৰাগ এইজনী পাগলী হৈছে ।
এইবাৰ অনুৰাগে কলে ।
--- ভণিতা কি কয় আছা তুমি উপমাই কেতিয়া তোমাক মাৰিব বিচাৰিব ।
--- মোক বিশ্বাস কৰা অনুৰাগ মই মিছা কোৱা নাই । ভণিতাই মোক ৰাতি আহি মাৰি পেলাব বিচাৰিছিলে । এয়া এয়া চোৱা মোৰ গলত চুৰীৰ আঘাতৰ চীন । আৰু যদি মই আজি ইয়াৰ পৰা গুচি নাযাওঁ তেতিয়া হলে মোক সচাই এ মাৰি পেলাব । মোক মোক বচোৱা অনুৰাগ ।
--- চুপ থাকা বন্ধ কৰা তোমাৰ নাটক । বহুত হল আৰু সঁচা কথা এইটোৱে যে তুমি এ ৰেখাৰ হত্যাকাৰী, তুমি মাৰিছা ৰেখাক । আৰু নিজকে বছাবোৰৰ কাৰণে এইবোৰ নাটক আৰম্ভ কৰিছা ।
--- দেখিছা দেখিছা অনুৰাগ কেনেকৈ মোক তোমালোকৰ আগতে হত্যাকাৰী বুলি কৈছে ।
--- অনুৰাগ সত্যটো কি তুমি ও জানা এইবোৰ চব তাইৰ নাটক । আৰু মই তাইক কেতিয়াও মাৰিব বিচৰা নাই । মোক বিশ্বাস কৰা অনুৰাগ তুমি ভবা নেকি মই কোনোবাক মৰাৰ দৰে ইমান এটা ডাঙৰ কাম কৰিব পাৰিম ।
--- মই মিছা কোৱা নাই অনুৰাগ । মোক সচাই ৰাতি মাৰি পেলাব বিচাৰিছিল । মই মিছা কলে ও মোৰ এই আঘাতৰ চীনটোৱে কেতিয়াও মিছা নকয় । মই মোৰ মা দেউতাৰ শপত অনুৰাগ মই মিছা কোৱা নাই ।
--- মনে মনে থাকা দুয়োৱে সঁচা মিছাৰ প্ৰমাণ এতিয়াই হয় যাব ।
অনুৰাগে ৰুমত গৈ লেপটোপটো লৈ আহিলে । আৰু ভণিতাৰ ৰুমত থকা কেমেৰাতোৰ ভিডিও ফুটেজ সকলোৰে আগত দেখুৱাই দিলে ।
সচাই ভণিতাই কোৱা কথা মিছা নহয় । উপমা মাজৰাতি উঠি আহিছিল ভণিতাৰ ৰুমত হাতত তাইৰ এখন চুৰি । কোনোবা অহা উমান পাই চিঞৰি উঠিছিল ভণিতা তাইৰ মুখত সোপা দি ধৰি কৈ উঠিছিল উপমাই ।
--- ৰেখাক তই কিয় মাৰিলি কো ।
--- কোন ৰেখা উপমা ।
--- জানি ও নজনাৰ ভাও নুজুৰিবি । ভালে ভালে ক তই ৰেখাক কিয় মৰিলি ।
--- মই কাকো মৰা নাই উপমা তুমি কিয় এনেকুৱা কৰিছা । চোৱা তুমি সেইখন পেলাই দিয়া ।
--- তই এনেকৈ নোকোৱা নো । তোক মই ।
এইবুলি উপমাই তাইৰ ডিঙিত ৰেপি দিলে শুই থকা ভণিতা উপমাৰ আঘাতৰ পৰা বচাবলৈ লগালগ বাগৰ সলাই বিচনাৰ সিমুৰৰ বহি পৰিল । ভালকৈ চুৰিখন নালাগিল যদি আগতো অলপ লাগি ভণিতাৰ ডিঙিত তেজ ওলাব ধৰিলে । তাই হাতযোৰ কৰি উপমাক কলে ।
--- মোক প্লিজ নামাৰিবা । মই একো কৰা নাই মই ৰেখাক চিনি এ নাপাওঁ । আৰু কি কাৰণত মই তাইক মাৰিম কোৱা ।
--- তেতিয়া হলে কি কৰিব তই আমাৰ ঘৰত আহিছো । মোৰ অনুৰাগক মোৰ পৰা কাঢ়ি নিবলৈ ।
এইবুলি তাই পুনৰ ভণিতাৰ চুলিখিনিত ধৰি বিছনাৰ পৰা পেলাই দিলে । ভণিতাই হাতযোৰ কৰি কান্দি কান্দি কলে ।
--- মোক নামাৰিব প্লিজ, তুমি মোক ভুল বুজিছা । মই আৰু অনুৰাগ মাত্ৰ ভাল বন্ধু হে । তুমি ভুল ভাবিচা ।
ভণিতাৰ চুলিখিনি হাতেৰে মেৰিয়াই ধৰি চুৰিখন তাইৰ চকুৰ সন্মুখত ৰাখি কৈ উঠিল উপমাই ।
--- আজিৰ কাৰণে তই বাছি গলি আৰু যদি এইখন ঘৰত আজিৰ পিছত থাকো তেতিয়া হলে সেই দিনটোৱে তোৰ জীৱনৰ শেষ দিন হব ।
আৰু যদি কিবা কাৰণত এইবোৰ কথা অনুৰাগে জানিবৰ হৈ তোক মই লগা লগ তাতে মাৰি পেলাম ।
--- ম... মই কাকো একো নকওঁ ৰাতিপুৱাই মই ইয়াৰ পৰা গুচি যাম আৰু কোনো দিনে তোমালোকৰ ঘৰত ভৰি নিদিও ।
--- হু..... গতিয়াই দিয়াৰ দৰে ভণিতাৰ মূৰটো ঠেলি দি চুৰিখন হাতত লৈ উপমা ৰূমটোৰ পৰা ওলাই আহিল ।
ইমান সময়ে চিনমা চোৱাৰ দৰে ভিডিওতো চাই সকলোৰে চকু কপালত উঠিল । উপমাৰ এনেকুৱা এটা ৰূপ ও যে থাকিব পাৰে মা , বা অনুৰাগে কেতিয়াও কল্পনাই কৰা নাছিল । অনুৰাগৰ মনত পৰিল সি উঠি আহোতে সিহঁতৰ ৰূমৰ টেবুলত চুৰিখন দেখিছিল । কিন্তু সি বেছি একো নাভাবিলে । তাৰ মানে উপমাই সচাই ভণিতাক মাৰিব বিচাৰিছিল । উপমাৰ ফালে অপৰাধীৰ দৃষ্টিৰে চালে সি । এইবোৰ দেখি চিঞৰি উঠিল উপমা ।
---- এইবোৰ চব মিছা চব মিছা এইবোৰ ।
--- এইবোৰ তাইৰ নতুন চাল । কি কৰিছ তই এইবোৰ হা ।
সচাকৈ এইবাৰ উপমা ভণিতাক খেদি গল । তাইক আগভেটি ধৰিলে অনুৰাগে । তাৰ ফালে চালে তাই খঙত মানুহটো গোটেই ৰঙা পৰি গৈছে । তাই কিবা কোৱাৰ আগতেই সি তাইৰ গলত এটা প্ৰচণ্ড চৰ সোধাই দিলে ।
---- কি কব বিচাৰিছা হা, তই যি কৈছা সেইটোৱে সঁচা সেইটোৱেই সত্য । তেতিয়া হলে ভিডিওতোত দেখাবোৰ চব মিছা । আৰু এইটোও নোকোৱা কয় যে সেই মানুহজনী এ তই নহয় ।
---- অ নহয় মই । মই নাজানো কেনেকৈ তাই এই ভিডিও বনাইছে কিন্তু তাত থকা মানুহজনী মই নহয় ।
--- চুপ, বহুত বিশ্বাস কৰিলোঁ তোক, আচলতে ভুল মোৰ ।
সি ভণিতাৰ ওচৰত গৈ হাতযোৰ কৰি কলে ।
--- মোক ক্ষমা কৰি দিয়া ভণিতা মোৰ কাৰণে তুমি আজি এইবোৰ সহ্য কৰিব লগা হৈছে । আচলতে ইয়াৰ প্ৰধান দোষী মই । মোৰ আচলতে সন্দেহ হৈছিল তোমাৰ ওপৰত আৰু সেই কাৰণে একো নাভাবি মই তাইক তোমাৰ ওপৰত সন্দেহ হোৱা কথাটো কৈছিলো । মই ভবা নাছিলো তাই এনেকুৱা কিবা এটা কৰিব বুলি প্লিজ মোক ক্ষমা কৰি দিয়া ভণিতা ।
--- একো নাই অনুৰাগ ভুল মানুহৰ এ হয় । মোক কি কাৰণত তুমি সন্দেহ কৰিছা যদি এবাৰ মোক কলা হয় । বাদ দিয়া আৰু এইবোৰ হোৱাটো হয় গল । মই আৰু তোমালোকৰ ঘৰত নাথাকো । যদি কিবা ভুল কৰিছো মোক মাফ কৰি দিবা ।
--- নহয় ভণিতা তুমি কত যাব নোৱাৰা তুমি যদি মোক সঁচাকৈয়ে ক্ষমা কৰিছা তেতিয়া হলে প্লিজ তুমি আমাৰ ঘৰতে থাকি যোৱা ।
--- নাই অনুৰাগ মই আৰু ইয়াতে থাকিব নোৱাৰিম মোক বেয়া নাপাবা । মই তোমালোকৰ কেতিয়াও বেয়া পাব নোৱাৰো । কিন্তু মই আৰু ইয়াত থকাতো উচিত নহব ।
--- কিয় তেনেকৈ কৈছা মাজনী তুমি এনেকৈ গুচি গলে মই বহুত দুখ পাম মা মোৰ কাৰণে থাকি যোৱা তুমি । মই তোমাক কথা দিছো তোমাৰ আৰু কোনো দিনে এইখন ঘৰত একো অসুবিধা হব নিদিও ।
---- বৰমা .....
---- অ ভণিতা তোমাক আৰু কোনে ও একো কৰিব নোৱাৰে । যদি কোনোবাৰ তোমাক লৈ অসুবিধা হয় তেতিয়া হলে সেইজন এই ঘৰ এৰি গুচি যাব পাৰে ।
--- থাকি যোৱা মাজনী ।
--- ঠিক আছে বৰমা মই কেৱল আপোনাৰ কাৰণে থাকিম ।
--- ভাল ছোৱালী ।
ভণিতাই গৈ মাকক সাৱটি ধৰিলে । একো বুজিব নোৱাৰিলে উপমাই কি হৈ গল এইবোৰ । এইবাৰ মাকে ও তাইক ভুল বুজিলে । উপমাৰ দুচকু চলচলীয়া হয় পৰিল । ৰুমত যাব বুলি খোজ লওঁতে তাইৰ চকু ভণিতাৰ ওপৰত পৰিল মাকে তাই সাৱটি ধৰি মৰম কৰি আছে । তাই এটা বিজয়ী হাঁহি মাৰি উপমাৰ ফালে চাই চকু টিপ মাৰি দিলে ।
আগলৈ ---- উপমাই বাৰু এইবাৰ অকলে ভণিতাক ধৰিবলৈ সক্ষম হব নে ? কি হব বাৰু উপমাৰ পৰৱৰ্তী পদক্ষেপ ?
(ধাৰাবাহিক খনৰ ক'ভাৰত - সিমশ্ৰী শইকীয়া,আপোনাৰো ছবি আমাৰ গল্প,উপন্যাস,কবিতা আদিৰ ক'ভাৰত প্ৰকাশ কৰিব বিছাৰে নেকি? অধিক জানিবলৈ এই লিংকত ক্লিক কৰক - www.ছবি প্ৰকাশ.in )
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment