উপমাই আৰু এইবোৰ চাই থাকিব নোৱাৰিলে । চকুপানী মুচি লৈ তাই নিজৰ ৰুমত সোমাল গৈ । গাৰুটোত মুখ গুজি তাই উচুপি উঠিল । হে ভগবান আৰু কিমান কষ্ট দিয়া মোক । সকলোৱে মোক ভুল বুজিলে মই কেনেকৈ নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰো । কোনে শুনিব মোৰ কথা । কথাবোৰ ভাবি ভাবি কান্দি কান্দি তাই দুৰ্বল হৈ পৰিল । মনত পৰিল তাইৰ তাই যেতিয়া ভাগি পৰে নিজকে অকলশৰীয়া অনুভৱ কৰে তেতিয়াই তাইৰ পূজনীয়া গণেশৰ মূৰ্তিতোৰ লগত অকলে কথা পাতে । আৰু আচৰিত ধৰণে তাই কিবা নহয় কিবা সমাধান পাই । আৰু সেই কাৰণে সদায় তাই গণেশৰ মূৰ্তিতো লগত ৰাখে । আজি ও তাই ভাগি পৰিছে আৰু মূৰ্তিতো উলিয়াই লৈ অকলে কৈ গৈছে ।
--- কি ভুলৰ ইমান শাস্তি দিয়া প্ৰভু । ভাবিছিলোঁ সকলো ঠিক হৈ যাব কিন্তু আজি এয়া কি কৰিলা তুমি । কেনেকৈ মই নিৰ্দোষীতাৰ প্ৰমাণ কৰোঁ । সকলোৱে মোক ভুল বুজিলে । মই কি কৰো প্ৰভু, কাক কম মোৰ মনৰ কথা, কোনে শুনিব, কোনে বুজিব মোক, কিয় মোক ইমান অকলশৰীয়া কৰিলা তুমি কিয়..... কিয় প্ৰভু কিয় ।
হুকহুকাই কান্দি উঠিল উপমা ।
ঘৰখনত থাকিব যেন উপমাৰ কাৰণে যন্ত্ৰণাদায়ক হয় পৰিছিল । আজিকালি মাকে ও তাইক ভালকৈ নামাতে । তাইৰ লগত কথা বতৰা কমাই দিছে । কেৱল এটা যন্ত্ৰৰ দৰে তাই মাথো সকলোৰে প্ৰয়োজনীয় খিনি পূৰণ কৰি গৈছে । নাই এনেকৈ হলে আৰু নহব তাই কিবা এটা কৰিবই লাগিব । কিন্তু কি কৰিব তাই কেনেকৈ কৰিব অনুৰাগে ভণিতাৰ বিষয়ে এটা শব্দ ও শুনিব নিবিচাৰে । দিনবোৰ গৈ থাকিল । আৰু দিনক দিনে ভণিতাৰ চলনাৰ জালত সোমাই পৰিল অনুৰাগ । চব কথাতে আজিকালি ভণিতাক নুশুধাকৈ একো এ নকৰে । প্ৰতিটো দিনে উপমাৰ যন্ত্ৰণাদায়ক হয় পৰিছিল ।
সেইদিনা ৰবিবাৰ আছিল অনুৰাগ আৰু ভণিতাই কৰবাত ফুৰিব যোৱাৰ প্লেনিং কৰি আছিল । এনেতে হঠাৎ বাথৰুমত পৰা মাকৰ চিঞৰ শুনা গল ।
--- আ.........
--- মা কি হল মাৰ ।
মাকৰ চিঞৰ শুনি উপমা দৌৰ মাৰিলে বাথৰুমৰ ফালে । দেখিলে মাক পৰি আছে ।
--- মা ... কেনেকৈ পৰিলে । হে ভগবান, উঠকচোন ।
--- আ.. হ . . মোৰ ভৰিখন ভাগিল কিজানি ।
--- মা ধৰকচোন মোক ।
--- উফ ....
উঠিব খুজি ও পৰা নাই তেওঁ উঠিব । উপমাই ও ধৰি উঠাব নোৱাৰি অনুৰাগক চিঞৰি মাতিলে ।
---- অনুৰাগ, শুনাচোন সোনকালে এইফালে আহা ।
তাইৰ মাত শুনি ও সি গুৰুত্ব নিদিলে । ইফালে মাকক উঠাব নোৱাৰি তাই পুনৰ তাক চিঞৰিলে ।
--- শুনিছা নে এইফালে আহাচোন । মা বাথৰুমত পৰি আছে মই উঠাব পৰা নাই ।
--- মা ... মা পৰিছে ।
দৌৰি আহিল অনুৰাগ ।
--- মা কেনেকৈ পৰিলা ।
--- উফ........ মাৰিলো মই ।
----- ইমান যে মাতি আছো শুনা নাছিলা নে শুনি ও মাত দিয়া নাছিলা ।
বিৰক্তিৰে কলে উপমাই । তাইৰ ফালে নোচোৱাকৈ এ তলমূৰ কৰি কলে সি ।
---- কোনোবাৰ নিচিনা এটা কথাতে গুৰুত্ব দি নাথাকো নহয়, আৰু কোনে কি কয় থাকে কান ঠিয় কৰি শুনি থকাৰ স্বভাৱ মোৰ নাই ।
চাওঁ গুছা .....
উপমাক তাৰ পৰা আঁতৰ হব দি সি মাকক কোলাত তুলি লৈ ৰুমলৈ লয় গল । উপমাই ও লৰালৰিকৈ গৰম পানী কৰিবলৈ পাকঘৰলৈ গল । পানী লৈ ড্ৰয়িংৰুম পাওঁতে দেখিলে অনুৰাগে মাকক কোলাত লৈ বাহিৰলৈ গৈ আছে । পানীখিনি তাতে থয় তাই ও সিহঁতৰ পিছে পিছে ওলাই গল । অনুৰাগে মাকক নি গাড়ীত বহুৱাই দিলে । উপমা ও গৈ গাড়ীৰ কাষ পালে ।
--- মাক হস্পিতাললৈ লয় যোৱা নেকি ।
--- ফুৰাবলৈ লয় যাওঁ । চকু নাই নেকি দেখা নাই মাৰ অৱস্থা, কথা সুধিব আহিছে ....
--- ৰবা মই যাওঁ ।
--- কোনো দৰকাৰ নাই ।
কথাকেইতা কৈ এ সি গাড়ী ষ্টাৰ্ট কৰিলে । তাই কিবা কোৱাৰ আগতেই সিহঁত গুচি গল । মনটো বহুত বেয়া লাগি গল উপমাৰ । তাইৰ দুচকুদি চকুলো নিগৰি আহিল । এটা দীঘল হুমুনিয়াহ কাঢ়ি তাই ভিতৰলৈ আহিবলৈ ঘূৰি দিলে । ঘূৰি চাই দেখিলে ভণিতাই তাইৰ ফালে চাই এক বেলেগ ধৰণৰ হাঁহি মাৰি আছে । তাইলৈ নাচাই তাই ভিতৰলৈ সোমাই আহিব লওঁতেই ভণিতাই আগভেটি ধৰি এক বিশেষ ভঙ্গীমাত কব ধৰিলে ।
---- ইছ ৰাম দুখ লাগি গল মোৰ তোমাৰ অৱস্থা দেখি । কেনেকুৱা husband বাৰু এইজন তোমাৰ । নিজৰ wife বাৰু এনেকুৱা ব্যৱহাৰ কৰে নে । তুমি কাৰণে হে আছা দিয়া ইমানবোৰ সহ্য কৰি, মই হোৱা হলেতো কেতিয়াবাই এৰি গুচি গলো হয় । অ তুমি আকৌ কত যাবা তোমাকটো তোমাৰ ঘৰৰ মানুহে ও ভাল নাপাই । উম..... এটা ঠাই আছে কিন্তু মই জনাত যত তুমি বিন্দাচ থাকিব পাৰিবা ।
মুৰতুলি তাই ভণিতাৰ ফালে চালে এনেকুৱা লাগিল যেন এটা প্ৰচণ্ড চৰ বহুৱাই দিব তাইৰ গালত । উপমাই তাইৰ ফালে চোৱা দেখি তাই পুনৰ হাঁহি হাঁহি কব ধৰিলে ।
--- জানিব নিবিচৰা নেকি ঠাই খিনি কত ?
এনেই দুখত আছে তাতে আৰু তাইৰ এইবোৰ কথাই উপমাৰ মূৰতো গৰম কৰি আনিলে । তাইৰ লগত এইটো সময়ত তৰ্ক কৰিব তাইৰ একেবাৰে মুদ নাই গতিকে তাই তাৰ পৰা আহিব ললে । পিছফালৰ পৰা ভণিতাই মাত লগালে ।
--- ফুটপাথ ......>
তাইৰ কথাশুনি উপমা ৰয় দিলে । তাই পুনৰ কাষ চাপি আহি কলে ।
--- তোমাৰ থাকিবৰ কাৰণে ফুটপাথতকৈ উপযুক্ত ঠাই আৰু কত নাই । চোৱা অনুৰাগে তোমাক আৰু বেছিদিন নাৰাখে, এফালে তোমাৰ মা দেউতাই তোমাক একেবাৰে দেখিব নোৱাৰে, তেতিয়া হলে তুমি থাকিবা কত । সেই কাৰণে কৈছো অনুৰাগে গতিয়াই বাহিৰ কৰি দিয়াৰ আগতেই তুমি গৈ ফুটপাথৰ নিজৰ ঠাই বনাই লোৱা । খোৱাৰ কাৰণে চিন্তা কৰিব নালাগে, আজিকালি ফুটপাথৰ মানুহক বহুতে ভাল ভাল খোৱা দিয়ে । To তুমি একদম চিন্তা কৰিব নালাগে বুজিছা ।
চকুলো বৈ আহিল উপমাৰ দুগালেদি । হাঁহি হাঁহি ভণিতা তাৰ পৰা গুচি আহিল । মনৰ মাজতে উপমাই ভগৱানক কলে ।
--- আৰু কিমান দিন প্ৰভু, কিমান আৰু কষ্ট দিবা ।
লাহে লাহে তাই ভিতৰলৈ সোমাই আহিল । পাকঘৰৰ বাকী থকা কামখিনি কৰি লৈ তাই ওলাই । মনৰ ভিতৰত কেৱল এটাই চিন্তা তাইৰ কেনেকৈ ভণিতাৰ সঁচা ৰূপটো সকলোৰে আগত দাঙি ধৰিব পাৰি । কোনে সহায় কৰিব তাইক । চিন্তা কৰি কৰি তাই পাকঘৰৰ পৰা ওলাই আহি দেখিলে ভণিতাই কোনোবাৰ লগত হাঁহি হাঁহি কথা পাতি আছে । হঠাৎ তাইৰ মূৰত এটা বুদ্ধি খেলিলে তাই লাহে লাহে ভণিতাৰ কাষ পালে । ভণিতা পুৰা ব্যস্ত কথা পতাত, উপমাক দেখি তাই হাঁহি হাঁহি কব ধৰিলে ।
---- অ শুনাচোন এই তোমালোকৰ ঘৰত কামকৰা মানুহ লাগিব নেকি ।
--- ######
--- হা হা হা হা পইচা দিব নালাগে কেৱল খোৱা আৰু থাকিব দিলে হল, চিন্তা নকৰিবা চব কাম এ জানে । আৰু যদি কোনোবাক ৰাতিৰ কাৰণে ও দৰকাৰ হয় তাৰ বাবে ও একদম perfect আছে ।
হা হা হা হা
উপমাৰ আৰু শুনি থাকিব ধৈৰ্য্য নহল । তাইৰ হাতৰ পৰা মোবাইলতো কাঢ়ি লৈ আহি মজিয়াত দলিয়াই দিলে তাই । বহি থকা ভণিতাই তাইৰ ফালে এক আচৰিত দৃষ্টিৰে চাই ঠিয় দিলে । তাই ভবা নাছিলে উপমাই যে এনেকুৱা কিবা কৰিব পাৰিব । তাইৰ ফালে চাই খঙেৰে কৈ উঠিল উপমাই ।
---- কি বুলি ভাবিছ হা নিজকে । মনে মনে আছো কাৰণে যি মন যায় তাকে শুনাই যাবি আৰু মই মনে মনে শুনি যাম । এটা কথা মনত ৰাখিবা তুমি মোৰ ঘৰৰ আছা ।
উপমাৰ মুখৰ ফালে চাই খং উঠাৰ সলনি ভণিতাই হাঁহিব হে ধৰিলে । আচৰিত হৈ তাইৰ মুখৰ ফালে চাই ৰল উপমাই । হাঁহি হাঁহি এ তাই কলে ।
---- তোমাৰ ঘৰ হা হা হা হা হাঁহি উঠা কথা কিয় কোৱা । ইমান বেয়া ব্যৱহাৰটো ঘৰৰ কামকৰা মানুহক ও নকৰে যিমান তোমাৰ এইখন ঘৰত কৰে । তাৰ পিছত ও তুমি কিহৰ ভিত্তিত কৈছা এইখন তোমাৰ ঘৰ বুলি ।
---- মোক মোৰ ঘৰৰ মানুহে বেয়া পায় ভালপাই সেইটোক লৈ তুমি মূৰ ঘমোৱাৰ দৰকাৰ নাই । নিজক লৈ ভবা আৰু বেছি দিন তোমাৰ এই নাটক নচলিব । সকলোৰে সন্মুখত তোমাৰ সঁচা ৰূপ এদিন নহয় এদিন ধৰা পৰিবই ।
---- কোনে ধৰা পেলাব মোক তুমি । হা হা হা হা .........
কিমান দিন থাকিবা আৰু এইখন ঘৰত মোৰ সঁচা ৰূপ সকলোৰে আগত আনিবলৈ তাৰ আগতে অনুৰাগে নিজে তোমাক এইখিনি ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিব । আৰু তাৰ পিছত এই সকলোবোৰ মোৰ .. মোৰ আৰু অনুৰাগৰ মাজত আৰু কোনো বাধা নাথাকিব ।
---- চুপ কৰা বহুত উৰিচা তুমি । আৰু কি মোৰ অনুৰাগ মোৰ অনুৰাগ লগাই ৰাখিছা । অনুৰাগৰ অৰ্ধাঙ্গিনী কেৱল মই আৰু মই যেতিয়ালৈ নিবিচাৰোঁ তেতিয়ালৈ অনুৰাগে মোক এৰিব নোৱাৰে ।
---- সিদিনাৰ ভিডিওতোৰ কথা চাগে পাহৰি গলা । এনেকুৱা এখন জালত সুমাই দিম যে তুমি নিবিচাৰিলেও অনুৰাগে তোমাৰ এৰি দিব পাৰিব ।
---- মানে সেই সকলোবোৰ তোমাৰ এ নাটক আছিল ।
---- হা হা হা হা.... মই ভাবিছিলোঁ তুমি বহুত স্মাৰ্ট হয় কিন্তু তুমিতো একেবাৰে Buddhu হয় ।
---- তুমি বিচাৰিছা কি হা । কি লাগে তোমাক কিহৰ বাবে এইবোৰ কৰি আছা ।
---- অনুৰাগ ।
---- কি ....
---- জানিব বিচাৰিছা নো মই এইবোৰ কিয় কৰি আছো কি বিচাৰিছো মন দি শুনা তেতিয়া হলে । মোক অনুৰাগক লাগে নিজৰ কৰি আৰু তাৰ বাবে মই যি কোনো কাম এ কৰিব পাৰো । আৰু এটা কথা কওঁ । আচলতে তোমাৰ সন্দেহ সঁচা, ময়ে ৰেখাক হত্যা কৰিছো ।
---- কি....
চকু ডাঙৰ হৈ পৰিল উপমাৰ গোটেই দেহতো কঁপি উঠিল । তাইক এনেকৈ দেখি ভণিতাই পুনৰ কলে ।
--- কি চাই আছা এনেকৈ আচৰিত হৈছা নো মনৰ মাজত চাগে বহুত প্ৰশ্ন, কেনেকৈ কৰিলে কি কৰি কৰিলে কাৰ লগত কৰিলে এইবোৰে নো । বাৰু এতিয়া তোমাক কথাবোৰ মই সহজ কৰি দিও আচলতে অনুৰাগক মই সৰুৰে পৰাই ভালপাই আহিছিলো, কিন্তু সি মোক কোনো দিনে বুজি নাপালে । ভাবিছিলোঁ মই নিজে তাক ভালপোৱাৰ প্ৰস্তাৱ দিম, কিন্তু সেই সময়তে ধুমকেতুৰ দৰে অনুৰাগ আৰু মোৰ মাজত আহিল ৰেখা । যাৰ বাবে মই মোৰ মনৰ কথাবোৰ কোনোদিনে অনুৰাগক কব নোৱাৰিলোঁ । দিনে দিনে অনুৰাগ মোৰ পৰা বহুত দূৰত গুচি গল যিটো মই কেতিয়াও সহ্য কৰিব পৰা নাছিলোঁ আৰু তাৰ বাবে উৎপলক মই মোৰ কামৰ বাবে কিনি লৈছিলো । সকলো মই ভবা ধৰণে হয় গল । ৰেখা আঁতৰি আহিল অনুৰাগৰ জীৱনত পৰা আৰু মই বহুত আশা সপোন হেঁপাহ লৈ কলিকতাৰ পৰা একেবাৰে গুছি আহিলো গুৱাহাটীলৈ । তাৰ পিছত গম পালোঁ অনুৰাগৰ বিয়া তোৰ লগত । মই মই পাগল হৈ গৈছিলোঁ ইমান কষ্টৰ ফল মই কেতিয়া হেৰুৱাব নিবিচাৰোঁ ইমানবোৰ কৰাৰ পিছত মই কেনেকৈ অনুৰাগক তোৰ হব দিও কো .... আৰু তাৰ বাবে ৰেখাক মই হোটেলৰ উপৰলৈ মাতি লৈ গৈ তাৰ পৰা পেলাই দিলোঁ ।
---- হা..........
উচুপি উঠিল উপমা । লগে লগে বহি পৰিল তাই । পুনৰ আৰম্ভ কৰিলে ভণিতাই ।
---- ৰেখাক মাৰি পেলোৱা মোৰ উদেশ্য নাছিল কিন্তু তাই কেৱল তোৰ কাৰণে মৰিল । যদি তই অনুৰাগৰ জীৱনত নাহিলি হয় হয়তো আজি ৰেখা জীয়াই থাকিল হয় । কেৱল তোক ফচাবোৰ কাৰণে মই ৰেখাক মাৰি পেলাব লগা হল । কেৱল তোৰ কাৰণে মৰিল তাই ।
ভণিতাৰ কথাবোৰ শুনি কেৱল চকুপানী বৈ গৈছে উপমাৰ দুচকুই দি । পুনৰ কলে তাই ..
---- লাহে লাহে অনুৰাগ মোৰ কাষ চাপি আহিছিল । আকৌ নতুন সপোনে গজালি মেলিছিল মোৰ হৃদয়ত । আৰু সিদিনা তই মোৰ ৰুমত কেমেৰা লগাই মোৰ কামটো আৰু সহজ কৰি দিলি । মই সকলো সময়তে নিজৰ সুৰক্ষা নিজে কৰি ৰাখো আৰু মই ইয়াত অহাৰ দিনাই মই থকা ৰূমটোত কেমেৰা লগাই থৈছিলোঁ আৰু তাৰ পৰাই তই মোৰ মোবাইল চুৰ কৰিব বিচৰা মোৰ ৰুমত কেমেৰা লগোৱা এই সকলোবোৰ মই গম পাই গৈছিলোঁ । আৰু তোৰ খেল তোৰ লগতে খেলিলোঁ । সিদিনাৰ ৰাতিৰ মানুহজনী মই তোৰ দৰে একেই কাপোৰ পিন্ধাই একেই চুলি বনাই পিছফালৰ পৰা ভিডিওতো বনাই এনেকুৱা ধৰণে সকলোৰে আগত দাঙি ধৰিলোঁ নহয় সকলোৱে ভাবিব বাধ্য হল যে সেইজনী তই এ । হা হা হা হা ......
---- হাঁহিলো কিমান হাঁহিব পাৰো হাঁহিলো তোৰ এই হাঁহিৰ আজি এ শেষ দিন ।
আগলৈ----- উপমাই বাৰু ভণিতাৰ সঁচা ৰূপ সকলোৰে আগত দাঙি ধৰিবলৈ সক্ষম হব নে ????
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment