কামৰূপ গ্রাম্য জিলাৰ ৰঙিয়াৰ এখন ভিতৰুৱা গাওঁৰ মন | সৰুৰে পৰা তেজক ক'লা কৰি জীৱনটো সংগ্রামৰ মাজেৰেৰে আগুৱাইছে সি | জেঠ মহীয়া প্রখৰ ৰ'দৰ উত্তাপে তাৰ চাল পুৰি পেলাই । তেতিয়া তাৰ সৰ্বশৰীৰ নিমখীয়া ঘামে তীয়াই পেলাই , তথাপিও হাৰনমনা ৰিক্সাৱালা মন | হয়টো সিওঁ অইন ডেকাৰ দৰে এখন বিলাসী গাড়ী,এটা অট্রালিকাত থাকিব পাৰিলে হেতেন | কিন্তু সহজতে হাৰ নমনা মনৰ দৃঢ় মনে আজি এই জীৱনতেই সন্তুষ্ট |
উৰুখা পজাত সি হয়টো বহু যন্ত্রনাৰ মাজেৰে আগুৱাব,কাৰন তাৰ বাবে এতিয়া জীৱনটো এটা চেলেঞ্জ |
" অংকিত " তাৰ বহু মৰমৰ ভাতৃ | পঢ়াত যথেষ্ট ভাল সি | মনৰ ও আশা তাৰ ভায়েকে এদিন তাৰ সপোনবোৰ বাস্তৱ কৰিব পাৰিব | সেয়েহে যিমান পাৰে সিমানে কষ্ট কৰে সি | যাতে তাৰ ভাতৃয়ে পঢ়াৰ ক্ষেত্রত কেতিয়াও সমস্যাৰ সন্মুখীন নহয় |
" তৰালি " মনৰ একমাত্র ভনীয়েক | বহুত মৰমৰ তাই,বহুত ধুনীয়া | কিন্তু এটা দুৰ্ঘটনাই তাইৰ দুচকুৰ দিব্য শক্তি কাঢ়ি লৈ যায় |
সেয়েহে মনে দিনত ৰিক্সাচলাই ,আকৌ সন্ধিয়া গুৱাহাটীৰ পৰা ৰঙিয়ালৈ উভতে | কেতিয়াবা বৰপেটীয়া আল্ট্রাত,আকৌ কেতিয়াবা নলবৰীয়া বাছত | দিনটোৰ কষ্টই তাক কেতিয়াবা ভাগৰুৱা কৰি তোলে,সেয়েহে হয়টো কেতিয়াবা বাছত যাওঁতে অকমান তাৰ ভাগৰুৱা দেহটো চিটত এৰি দিবৰ মন যায় |
অ ৰব ! মনৰ শাৰিৰীক বৰ্ণনা আপোনালোকক দিয়া হোৱাই নাই,মন দেখিবলৈ কেনেকুৱা জানে নে ? কৃষ্ণ বৰ্ণৰ এজন ল'ৰা,ৰ'দত ৰিক্সা চলাই ফুৰা বাবে ৰ'দৰ উত্তাপত তাৰ দেহ ক'লা হৈছে | মুখত ঘন দাড়ী | হয়টো ভাল পোছাকত দেখিলে তাক ও আপুনি এজন সংগঠনৰ নেতা বুলিয়ে ক'লে হেতেন | পিন্ধনত ফাটি যোৱা চাৰ্ট | ডিঙিত আৰি লোৱা গামোছা | লংপেন্টটো সি সদায় আঠুৰ তললৈ কোছাই লয় | কিন্তু মানুহক প্রথম সম্বোধন সি সদায় এটা মিঠা হাঁহিৰে কৰে | এয়াই আমাৰ মন ৰিক্সাৱালা | সুঠাম দেহৰ এজন ত্রিশ / বত্রিশ বছৰীয়া চফল ডেকা |
আজিওঁ সি সন্ধিয়া বাছৰ বাবে অপেক্ষা কৰি আছে জালুকবাৰীত | আজি দিনত তাৰ বৰ কষ্ট হ'ল | ৩৬ ডিগ্রী চেলছিয়াছ উত্তাপত সি মানুহ টানি ফুৰিছে | বেচেৰাৰ অকমান ভাগৰ ও লাগিছে |
" বাইহাতা চাৰিআলি,ৰঙিয়া,নলবাৰী,বৰপেতা , আহক দাদা আহক | ভিতৰত খালী আছে,লাষ্ট গাড়ী "
হেণ্ডিমেনে চিঞঁৰি আছিল | মনে দেখিছিল হেণ্ডিমেনে যদিওঁ খালী গাড়ী কৈছে আচলতে খালী গাড়ী নহয় | উলালা ৰেডিঅ' এফ এম ষ্টেচনত ঢোল দগৰে কোৱাৰ দৰে " পাউৰা বাহত জপা দিছে " | তথাপি যাবটো লাগিবই ,যিহেতু ঘৰত তাৰ বাবে অপেক্ষা কৰি থাকে তাৰ সহোদৰ ভগ্নী আৰু ভাতৃ | সি গাড়ীত উঠিলে |
" দাদা সোমাই যাওঁক ভিতৰত খালী আছে "
উপায় নাই হেণ্ডিমেনৰ চিঞঁৰত সি সোমাই গ'ল | একদম মানুহৰ গাতে গা লগা অৱস্থা তাতে গৰম |
সি এজনী ছোৱালীৰ ওচৰতে থিয় হ'ল | অকণমান যোৱাৰ পাছত সি মন কৰিলে ছোৱালী জনীয়ে নাকত হাত দিছে | আৰু তাৰ ফালে কেৰাহিকৈ চাই ক'লে !
- উফ ! এইবোৰ যে কৰ পৰা কি উঠে নহয় |
ছোৱালী জনীৰ কথাত সি বৰ দুখ পালে ,আৰু মনতে ক'লে ,,,,,,
- আপুনি কি বুজিৱ বাইদেউ,আপুনি হয়টো শীত তাপ নিয়ন্ত্রিত কোঠাত থাকে | কিন্তু আমি গেলা গৰমত মানুহ টানি ফুৰো | নুবুজিব এই জীৱন সংগ্রাম |
হাই উৰুমি,ঠেলা-হেঁচাৰ মাজেৰে গাড়ী খন আগবাঢ়ি গৈ আছিলে | তেনেতে তাৰ সন্মুখৰ চিটৰ ল'ৰা জন উঠিব লৈছিল সম্ভৱত সি হয়টো নামিব | তেনেতে সি চিটতোত আগবাঢ়ি বহিব যাওঁতে ল'ৰা জনে মাত লগালে -
- বাইদেউ বহক |
সি মাত্র চাই থাকিলে,তাৰ সন্মুখৰে ছোৱালী জনী পাৰ হৈ গৈ বহি ল'লে |
একো নাই এনেকুৱা সিহতৰ লগত সদায় হয়,মাজে মাজে থিয় হৈ থাকিলেই তাৰ টোপনি আহি যায়,শেষত বাছৰ লোহা বোৰত সি খুন্দা
খাই |
" নমা আছে ৰঙিয়া,ৰঙিয়া "
শেষত সি ৰঙিয়া আহি পালে,গাড়ীৰ পৰা নামি ল'লে | আৰু বজাৰৰ ফালে এপাক সোমালে |আজি বহুদিনৰ পৰা তৰালিয়ে কৈ আছে মাংস খাব । সেয়েহে সি বজাৰত সোমাই মাংস অকমান ল'লে আৰু চিধাই ঘৰমুৱা হ'ল |কিছু সময় পাছত সি ঘৰ পালে |
- ভন্টি ,ঐ ভাইটি,,,,,, ,
ভিতৰৰ পৰা অংকিতে চিঞৰিলে |
- অ দাদা
- বদমাছ কি কৰিছ তই ?
- পঢ়ি আছো |
- ভন্টি ঐ ভন্টি ?/p>
- দাদা
তৰালিয়ে মাত লগাইছিলে |
- আজি তোৰ বাবে কি আনিছোঁ জান ?
- কি দাদা,,,,,,
- হাঃ হাঃ হাঃ মাংস |তই কৈ আছিলি নহয় ভন্টী মাংস খাম ,মাংস খাম |
- দাদা,,,,,,,
- কি হ'ল ভন্টি তই,,,,,
- মোৰ কপাল খন চা-ছোন,,,,
মনে এখন হাতেৰে চাকি গছি লৈ তাইৰ কপাল খন চালে,আৰু লগে লগে তাৰ হাতৰ পৰা মাংসৰ পলিথিনটো সৰি পৰিলে |
- এয়া,এয়া কেনেকৈ হ'ল ভন্টি ?
- বাহিৰত যাৱলৈ খোজোতে বেৰত খুন্দা খাই পৰিলো |
- ঐ ভাইটি তই ক'ত মৰিছিলি হা ?ৰহ মই ফাৰ্মাচীৰ পৰা আহো |
- নালাগে দাদা,,,,,,
নাই মন ওলাই গ'লগৈ |এয়াই মন এখন খুউব সৰল অন্তৰৰ | যথেষ্ট মৰমৰ মাজত আৱৰি ৰাখে ভাতৃ ভগ্নীক |কেতিয়াওঁ সিহতক দুখ পাব নিদিয়ে,হয়তো পৃথিৱীৰ সমস্ত বোজা নিজে কান্ধ পাতি ল'ব, হয়তো নিজে শেষ হৈ যাৱ |
ভাগৰি নপৰে মন
আৱৰি ৰাখে
মৰমৰ ভাই-ভনীক
প্রতিটো ক্ষন,,,,,,
সি ফাৰ্মাচীৰ পৰা আহিয়ে ভনীয়েকৰ মূৰত মলম লগাই দিলে আৰু ভনীয়েকক শুৱাই থলে | সি সেই সময়তে গা-ধুই আহি আজৰি হৈ পাকঘৰত সোমালে | তেনেতে অংকিত সোমাই আহিল |
- ঐ দাদা মই আলু কেইটাৰ বাকলি গুছাওঁ দে,,,,
- হব নালাগে,তোৰ এতিয়া কাম কি ?
- পঢ়া
- যা তেন্তে টেবুলত যা |
অংকিত গুছি গ'ল পঢ়া টেবুলত |
হয়টো দুখৰ মাজটো এজন মানুহৰ প্রচেষ্টাত এখন ঘৰত সুখ বিয়পি থাকে | এয়াই উদাহৰণ
মন |অংকিত ভাত বাঢ়িলো আহ । সি তৰালিৰ বিচনালৈকে থাল খন লৈ গ'ল |
- ভন্টি উঠ ভাত খা
তাই শুৱাৰ পৰা উঠি বহি ল'লে !
মনে ভনীয়েকক ভাত খুৱাই দি থাকিলে | তাই বৰ তৃপ্তিৰে খাইছে আজি | বিছ বছৰীয়া গাভৰু ছোৱালী জনীৰ অৱস্থা দেখিলে মনৰ মনটো হাহাকাৰ কৰি উঠে |
- দাদা
- ক' ভন্টি
- বঢ়িয়া বনাইছ তই
- আৰু লাগিব নেকি ?
- নাই নালাগে,মোৰ পেট ভৰি গ'ল |
- অ হয় নেকি !
মনে হাঁহি - হাঁহি উঠি আহি নিজৰ ভাত কেইটা খাই ল'লে | ইতিমধ্যে অংকিত শুই গৈছিলে | মনে সদায় ৰ দৰে আজিওঁ ভনীয়েকৰ মূৰটো তাৰ কোচত থৈ তাইৰ মূৰত হাতবুলাই টোপনি নিয়াবলৈ চেষ্টা কৰিলে | নহ'লে তাই নিজৰ জীৱনৰ দুৰ্দশাক লৈ কান্দি থাকে |
টোপনি টোপনি আহ হৈ টোপনি
অ মোৰ বুকুৰ কুটুম জনী ।
ফেকুৰী ফেকুৰী নাকান্দিবি তই
অ মোৰ বুকুৰ কুটুম জনী ।।
তাইৰ টোপনি আহিলে | সি তাইক ধুনীয়াকৈ শুৱাই থৈ নিজৰ বিচনাত আহিলে | আৰু নিজৰ বিচনাত নিজৰ ভাগৰুৱা দেহটো এৰি দিলে |
নিশাৰ নিস্তব্ধতাই আগুৰিছে চৌদিশ তেনেতে তৰালিৰ হৃদয় ভগা চিঞঁৰ
- দাদা ঐ দাদা
ক্ৰমশঃ
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment