আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 23, 2021

আজিৰ ৰাশিফল:

 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:৯মাঘ , শনিবাৰ ,ইং ২৩জানুৱাৰী ২০২১। 

সূৰ্য্যোদয় ঘ:৬/১৫/২০ সূৰ্য্যাস্ত ঘ:৪/৫৫/৩৯


ৰাশি - বৃষ ৰাশি।

তিথি - শুক্লা দশমী , ৰা: ঘ:- ৮/৫৬/৩৫ লৈ।

নক্ষত্ৰ  - কৃত্তিকা  ।ৰা: ঘ:- ৯/৩৩/৩৯ লৈ।

আদ্যঋতু হলে - পতিহিতা যোগ।

যাত্ৰা :- উত্তৰ দিশত নাই ।ৰা:ঘ:- ৮ /৫৬ /৩৫ যোৱাত অগ্নি কোনত  নাই।

যোগিনী :- পূৱ দিশত ।ৰা:ঘ:- ৬/২৯/৩২ যোৱাত উত্তৰ দিশত।

মৰণত দোষ:- ত্ৰিপদ। ৰা:ঘ:- ৯/৩৩/৩৯ যোৱাত এপদ।

ভক্ষাভক্ষ্য :- কলমৌ শাক  খোৱা নিষেধ।ৰা:ঘ: ৮/৫৬ /৩৫ উৰহী খোৱা নিষেধ।


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, মনত সামান্য দু:খ পাৱ পাৰে, লগতে সজাগ নহলে মিছা আপৱাদ পোৱাৰ  যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয় সুখ বাঢ়িব, যশস্যা বাঢ়িব যদিও সজাগ নহলে শত্ৰু ভয় বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, ভোজন বিলাস বাঢ়িব , লগতে মনৰ চিন্তা ধাৱা উন্নত হোৱাৰ  যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য খংঙ অভিমান বাঢ়িব পাৰে, মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে সজাগ নহলে বন্ধু বিচ্ছেদ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব, প্ৰেমত শুভ, বিবাহ প্ৰাৰ্থী সকলৰ শুভ, যদিও সজাগ নহলে বিবাদৰ সন্মুখীন হোৱাৰ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰদিনটোত সামাজিক সন্মান বাঢ়িব, ভ্ৰমতৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে বন্ধু বিচ্ছেদ হোৱাৰ  যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, বন্ধু লাভ হব যদিও সজাগ নহলে ভ্ৰমণত সামান্য জতিলতাৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰাপ্য ধন আদায় হব, আৰ্থিক দিশত ঊন্নতি হব,লগতে  বন্ধু লাভ হোৱাৰ যোগ  দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দাম্পত্য জীৱনত সুখ বৃদ্ধি হব, যদিও সজাগ নহলে কৰ্মত জতিলতা বাঢ়িব পাৰে, লগতে মনত ভয় ভাৱ বৃদ্ধি হোৱাৰ   যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব যদিও সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ  যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব যদিও কৰ্মত সজাগ নহলে শত্ৰু ভয় বাঢ়িব লগতে আজি চোৰৰ পৰা সাৱধান হব।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages