এহাল দম্পতীৰ ঘৰৰ পদুলি মুখত যেতিয়া স্বামীজন অফিচৰ পৰা আহে। তেতিয়া সদায় সাতটা কুকুৰৰ পোৱালী আহি উপস্হিত হয়। স্বামী জনে কুকুৰ কেইটাৰ কাৰণে সদায় বিস্কুট লৈ আনে সিহতক খাবলৈ দিবৰ কাৰণে।( Assamese Article )
স্বামী জনৰ এইয়া যেন নিত্য-নৈমিত্তিক কামৰ নিচিনা হৈ পৰিল। কুকৰ কেইটাইয়ো সদায় অপেক্ষা কৰি থাকে মানুহজন আহিব বিস্কুট খাবলৈ দিব বুলি। এদিন মানুহজনৰ অফিচৰ পৰা আহোতে নিশা বহুত হৈ গ'ল। দোকানবোৰো বন্ধ হৈ পৰিল। সেয়ে কুকুৰ কেইটাৰ কাৰণে বিস্কূট কিনিব নোৱাৰিলে। ইতিমধ্যে ঘৰৰ গেটৰ মুখত কুকুৰ কেইটাই অপেক্ষা কৰি আছে। তেওঁ গেটৰ ওচৰ পোৱাৰ লগে লগে কুকুৰ কেইটাই নেজ জোকাৰি জোকাৰি তেওঁৰ ওচৰলৈ আহিল। সিহতৰ সেই মৰম দেখা পাই মানুহজনৰ খুব বেয়া লাগিল। ঘৰৰ ভিতৰলৈ গৈ পত্নীক কলে যদি ঘৰত বিস্কুট আছে তেতিয়া হলে কুকুৰ কেইটাক দিবলৈ। ঘৈণীয়েকে পাকঘৰৰ বিস্কুটৰ টেমাত চালে মাত্র তিনিখন হে বেকাৰীৰ বিস্কুট আছে।
সেই তিনিখন বিস্কুটকে লৈ বাহিৰলৈ ওলাই আহি দেখিলে কুকুৰ সাতটা আছে। তিনিখন বিস্কুট সিহতৰ মাজত দিলে কাজিয়াহে লাগিব। সেয়ে বিস্কুট কেইখন নিদিয়াকৈয়ে ঘৈণীয়েকে গেটখন বন্ধ কৰি ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
ইতিমধ্যে নিশাৰ ভাত খাবলৈ দুয়ো বহিল। ঘৈণীয়েকক সুধিলে কুকুৰ কেইটাক বিস্কুট দিলানে?
বিস্কুট আছে মাত্র তিনিখন, সেই কাৰণে নিদিলো, দিলে সিহতৰ মাজত কাজিয়াহে লাগিব। সেই কাৰণে নিদিলো।- ঘৈণীয়েকে কলে।( Assamese Article )
স্বামী জনৰ বহুত বেয়া লাগিল। ভাতৰ কাহিৰ পৰা উঠি সেই কেইখন বিস্কুটকে লৈ বাহিৰলৈ ওলাই আহিল কুকুৰ কেইটাক দিবলৈ।
এতিয়াও সিহত নাই চাগে পদুলিৰ মুখত- ঘৈণীয়েকে কলে।
তথাপি দুয়ো গেটৰ বাহিৰলৈ ওলাই আহি দেখা পালে যে এটা কুকুৰৰ পোৱালীয়ে তেতিয়াৰ লৈকে পদুলিৰ মুখত বহিয়েই আছে বিস্কুটৰ আশাত। ইফালে সিফালে চালে আন কেইটা কুকুৰৰ পোৱালী আছ নেকি বুলি? পিছে নাই, সিহত গুছি গৈছে এটাহে আছে।
সেই এটা কুকুৰকেই তিনিখন বিস্কুট দি দিলে। সি সেই তিনিখন বিস্কুট অকলে খাবলৈ তাৰ বৰ আনন্দ লাগিল। বিস্কুট খাই সি গেটৰ মুখৰ পৰা আতৰি গ'ল।
যি নহওক এটা কুকুৰে বিস্কুট খাবলৈ পোৱাৰ বাবে হলেও তেওঁলোকৰ মনত অলপ ভাল লাগিল।দুয়ো ঘৰৰ ভিতৰত প্ৰবেশ কৰি বাহিৰৰ লাইট অফ কৰি ভাত খাবলৈ বহিল।
এইটো এটা সংগ্ৰহ কৰা কাহিনী।
যদি ধৈৰ্য্য আৰু বিশ্বাস থাকে তেতিয়া হলে এদিন নহয় এদিন আমি ভাল ফল পামেই।
সাতটা কুকুৰৰ ভিতৰত এটা কুকুৰৰ ধৈৰ্য্য আৰু দম্পতী হালৰ ওপৰত বিশ্বাস আছিল যে সিহতে কুকুৰ কেইটাক কিবা নহয় কিবা খাবলৈ নিশ্চয় দিব। সেই ধৈৰ্য্য আৰু বিশ্বাসেৰে এটা কুকুৰে অপেক্ষা কৰি আছিল খাব পোৱাৰ আশাত। আন দিনাখন এখনকৈ বিস্কুট পাইছিল সিহতে খাবলৈ। কিন্ত্ত সেইদিনা সেই অপেক্ষা কৰি থকা কুকুৰটোৱে তিনিখন বিস্কুট খাবলৈ পালে।আন ছয়টা কুকুৰৰ ধৈৰ্য্য আৰু দম্পতী হালৰ ওপৰত বিশ্বাস নাছিল। সেই কাৰণে সিহতে অপেক্ষা নকৰি গুছি গৈছিল। যাৰ ফলত সিহতে বিস্কুট খাবলৈ নাপালে।
সেই কাৰণে সদায় ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু নিজৰ ওপৰত ধৈৰ্য্য কেতিয়াও নেহেৰুৱাব
মইয়ো সেই কাৰণে সেই কুকুৰ পোৱালীটোৰ দৰে ধৈৰ্য্য আৰু বিশ্বাসেৰে অপেক্ষা কৰি আছো। এদিন ঈশ্বৰে ভাল দিন এটা দিব বুলি।
*************************************
এনেধৰনৰ আৰু বিভিন্ন লেখা পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.লেখা.in
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য সুৰেন দাস ডাঙৰীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Assamese Article )
No comments:
Post a Comment