দুখন প্ৰেম ভৰা হৃদয়ৰ মাজত ধৰ্মৰ প্ৰাচীৰ! - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 22, 2021

দুখন প্ৰেম ভৰা হৃদয়ৰ মাজত ধৰ্মৰ প্ৰাচীৰ!


ৰাষ্টাত মানুহে জুমটো দেখি আগুৱাই আহিছিল ফাৰহান ।জুম ফালি সোমাই গৈ সি দেখিছিল তেজেৰে ৰাঙলী হৈ পৰি আছে তাৰ ৰাধিকা । সি চিৎকাৰ কৰিছিল আৰু ৰাধিকাৰ মুৰটো কোলাত তুলি লৈছিল । কঁ‌পা - কঁ‌পা মাতেৰে ৰাধিকাই কৈছিল -

 --  তুমি ইয়ালৈ কিয় আহিলা ফাৰহান ? 

-- মই তোমাক বিছাৰি অহা নাছিলো । মই আহিছিলোঁ‌ তোমাক পাহৰি , জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ । 

-- ফাৰহান 

-- কোৱা ৰাধিকা

 ( ৰাধিকাই সেহাই - সেহাই কৈছিল ) 

-- মই বাধ্যত পৰিহে তোমাৰ পৰা আঁ‌তৰি আছিলো । মোৰ হৃদয়ত তুমিয়ে আছা । ফা--ৰ ---- হা ---- ন 

সংজ্ঞাহীন হৈ পৰিছিল ৰাধিকা । ততাতৈয়াকৈ তাইক মেডিকেলত ভৰ্তি কৰোৱা হৈছিল । ডাক্তৰে জনাইছিল

 -- ৰাধিকাক বহুত তেজৰ প্ৰয়োজন হ'ব । তাইৰ ব্ৰেইনৰ এটা অপাৰেচন কৰিব

 লাগিব ।

ফাৰহানে দেউতাকক ফোন কৰি ৰাধিকাৰ দুৰ্ঘটনাৰ খবৰটো জনাইছিল ।

            ফাৰহানৰ দেউতাকৰ জৰিয়তে সুন্দৰপুৰত ৰাধিকাৰ দুৰ্ঘটনাৰ খবৰটো বিয়পি পৰিছিল । তেখেতে সকলোকে উদ্দেশ্য কৰি কৈছিল 

-- ৰাধিকাহঁ‌তৰ এই বিপদৰ সময়ত , আমি হিন্দু - মুছলমান দুভাগ হৈ নিজৰ মাজতে কাজিয়া কৰিয়েই থাকিমনে ? 

 সকলোৱে একেমুখে চিঞঁৰি উঠিছিল 

-- আমি ৰাধিকাৰ ওচৰলৈ যাম । বিপদত পৰা মানুহহালৰ সাহস হৈ কাষত থিয় দিম । 

হিন্দু - মুছলমানৰ বিভেদ পাহৰি সকলো ঢাপলি মেলিছিল হাস্পতাললৈ ......


ৰাধিকাক বহুত তেজৰ প্ৰয়োজন হৈছিল যদিও , কোনো চিন্তা নকৰাকৈয়ে তেজৰ যোগাৰ হৈছিল । সুন্দৰপুৰৰ প্ৰত্যেকজনেই আগবাঢ়ি আহিছিল তাইক তেজ দিবলৈ । তেওঁলোকে আল্লাৰ ওচৰত - ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল , ৰাধিকা যাতে সোনকালে সুস্থ হৈ উঠে । 

সুন্দৰপুৰৰ ৰাইজৰ প্ৰাৰ্থনা আৰু ডাক্তৰৰ চেষ্টাত ৰাধিকা লাহে - লাহে সুস্থ হৈ উঠিছিল  । জ্ঞান ঘূৰাই পোৱাই লগে - লগেই তাই অস্ফুট মাতেৰে উচ্চাৰণ কৰিছিল ....... ফা ---- ৰ ----- হা ------ ন .... ফা ----- ৰ ------ হা ----- ন

ৰাধিকাৰ ওচৰলৈ দৌৰি আহিছিল সি । তাইৰ দুচকুৰে বৈ অহা চকুপানী খিনি মচি দি  , তাইৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ তাইক সাহস দিছিল সি ।


              ৰাধিকাক লৈ মাক - দেউতাক সুন্দৰপুৰলৈ উভতি গৈছিল । তেওঁলোকৰ মাজত থকা বিভেদ পাহৰি সকলোৱে পুনৰ বান্ধ খাইছিল সম্প্ৰীতিৰ বান্ধোনেৰে । কিন্তু তেতিয়াও নামঘৰ আৰু মছজিদৰ মাজত বিভেদৰ প্ৰতীক ৰূপে সগৌৰৱেৰে  থিয় হৈ আছিল ওখ দেৱালখন । 

ফাৰহানৰ দেউতাক আব্দুলে ৰাধিকাক কৈছিল 

-- ৰাধিকা 

-- কওক বৰদেউতা ।

-- ফাৰহানৰ এটা ভুলৰ বাবেই আমাৰ সাতামপুৰুষীয়া ঐক্যত ফাট মেলিছিল । 

-- বৰদেউতা ! 

-- সি ভুল কৰিছিল । যাৰ শাস্তি আমি সকলোৱে ভোগ কৰিব লগা হ'ল । 

-- ভুল অকল তাৰেই নাছিল বৰদেউতা । মইও সমানেই দোষী । 

-- হ'ব আই । যি হ'ল হৈ গ'ল ।

-- বৰদেউতা !

 -- তোৰ দুৰ্ঘটনাটোৱে পুনৰ হেৰুৱা ঐক্য ঘূৰাই আনিছে । মই এতিয়াহে শান্তি পাইছো । কচোন ৰাধিকা তই বাৰু এতিয়া কি বিছাৰ ? 

-- নামঘৰ আৰু মছজিদৰ মাজত থকা দেৱাল ভাঙি পেলোৱাটো বিছাৰো ।

             সুন্দৰপুৰৰ সকলো লগ হৈ ভাঙি দিছিল হিন্দু - মুছলমানৰ বিভেদৰ প্ৰাচীৰ । সুন্দৰপুৰৰ আকাশে - বতাহে প্ৰতিধ্বনিত হৈছিল " হিন্দু - মুছলমান ভাই - ভাই " ধ্বনি । 


            ফাৰহান ৰাধিকাৰ কাষ চাপি আহিছিল । তাইৰ চকুত চকু থৈ কৈছিল 

-- ৰাধিকা 

-- ফাৰহান

-- তুমি মোৰ প্ৰাণ ৰাধিকা

-- মই জানো ফানহান ! 

-- ৰাধিকা 

-- ওম

-- তুমি আমাৰ সম্পৰ্কটোৰ শেষ কৰি পেলাবা নেকি ? 

-- ফাৰহান , 

-- কোৱা

-- সম্পৰ্কৰ জানো শেষ আছে  ?

-- ৰাধিকা তুমি ?

-- আমাৰ সম্পৰ্কৰ কেতিয়াও শেষ নহয় 

-- মানে তুমি মোক আকৌ 

-- ওম , মই তোমাক আকৌ আকোৱালি ল'ম । প্ৰেমৰ উদ্ধত আমাৰ সম্পৰ্ক , আজিৰ পৰা মই তোমাৰ ভনী আৰু তুমি মোৰ দাদা ।

-- ৰাধিকা

-- আমাৰ ত্যাগে এখন গাঁৱলৈ শান্তি ঘূৰাই আনিব , ইয়াতকৈ সুখৰ কথা কি হ'ব পাৰে ,  ফাৰহান ।

-- এৰা ৰাধিকা । আজিৰ পৰা আমি ককাই - ভনী । 


 সুন্দৰপুৰে আকৌ হাঁহিছে , মিলনৰ আনন্দত । ৰাধিকাৰ পঢ়া সম্পূৰ্ণ কৰিবৰ বাবে , তাইক লৈ  মাক - দেউতাক গুৱাহাটীলৈ ঘূৰি যাবলৈ সাজু হৈছে । সুন্দৰপুৰত এতিয়া শান্তিৰ বতাহ বলিছে ......


সমাপ্ত

ধাৰাবাহিক খনৰ প্ৰথম খণ্ড - https://www.smj24.in/2021/01/blog-post_24.html

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

  1. এনেবোৰ কাহিনী পঢ়ি থাকোতেই নিজৰ পঢ়া পাহৰি গৈছো। সুন্দৰ নিদৰ্শন দেখিবলৈ পায় ভাল লাগিল। ধন্যবাদ।

    ReplyDelete

Advertisement

Pages