-- তুমি ইয়ালৈ কিয় আহিলা ফাৰহান ?
-- মই তোমাক বিছাৰি অহা নাছিলো । মই আহিছিলোঁ তোমাক পাহৰি , জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ ।
-- ফাৰহান
-- কোৱা ৰাধিকা
( ৰাধিকাই সেহাই - সেহাই কৈছিল )
-- মই বাধ্যত পৰিহে তোমাৰ পৰা আঁতৰি আছিলো । মোৰ হৃদয়ত তুমিয়ে আছা । ফা--ৰ ---- হা ---- ন
সংজ্ঞাহীন হৈ পৰিছিল ৰাধিকা । ততাতৈয়াকৈ তাইক মেডিকেলত ভৰ্তি কৰোৱা হৈছিল । ডাক্তৰে জনাইছিল
-- ৰাধিকাক বহুত তেজৰ প্ৰয়োজন হ'ব । তাইৰ ব্ৰেইনৰ এটা অপাৰেচন কৰিব
লাগিব ।
ফাৰহানে দেউতাকক ফোন কৰি ৰাধিকাৰ দুৰ্ঘটনাৰ খবৰটো জনাইছিল ।
ফাৰহানৰ দেউতাকৰ জৰিয়তে সুন্দৰপুৰত ৰাধিকাৰ দুৰ্ঘটনাৰ খবৰটো বিয়পি পৰিছিল । তেখেতে সকলোকে উদ্দেশ্য কৰি কৈছিল
-- ৰাধিকাহঁতৰ এই বিপদৰ সময়ত , আমি হিন্দু - মুছলমান দুভাগ হৈ নিজৰ মাজতে কাজিয়া কৰিয়েই থাকিমনে ?
সকলোৱে একেমুখে চিঞঁৰি উঠিছিল
-- আমি ৰাধিকাৰ ওচৰলৈ যাম । বিপদত পৰা মানুহহালৰ সাহস হৈ কাষত থিয় দিম ।
হিন্দু - মুছলমানৰ বিভেদ পাহৰি সকলো ঢাপলি মেলিছিল হাস্পতাললৈ ......
ৰাধিকাক বহুত তেজৰ প্ৰয়োজন হৈছিল যদিও , কোনো চিন্তা নকৰাকৈয়ে তেজৰ যোগাৰ হৈছিল । সুন্দৰপুৰৰ প্ৰত্যেকজনেই আগবাঢ়ি আহিছিল তাইক তেজ দিবলৈ । তেওঁলোকে আল্লাৰ ওচৰত - ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল , ৰাধিকা যাতে সোনকালে সুস্থ হৈ উঠে ।
সুন্দৰপুৰৰ ৰাইজৰ প্ৰাৰ্থনা আৰু ডাক্তৰৰ চেষ্টাত ৰাধিকা লাহে - লাহে সুস্থ হৈ উঠিছিল । জ্ঞান ঘূৰাই পোৱাই লগে - লগেই তাই অস্ফুট মাতেৰে উচ্চাৰণ কৰিছিল ....... ফা ---- ৰ ----- হা ------ ন .... ফা ----- ৰ ------ হা ----- ন
ৰাধিকাৰ ওচৰলৈ দৌৰি আহিছিল সি । তাইৰ দুচকুৰে বৈ অহা চকুপানী খিনি মচি দি , তাইৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ তাইক সাহস দিছিল সি ।
ৰাধিকাক লৈ মাক - দেউতাক সুন্দৰপুৰলৈ উভতি গৈছিল । তেওঁলোকৰ মাজত থকা বিভেদ পাহৰি সকলোৱে পুনৰ বান্ধ খাইছিল সম্প্ৰীতিৰ বান্ধোনেৰে । কিন্তু তেতিয়াও নামঘৰ আৰু মছজিদৰ মাজত বিভেদৰ প্ৰতীক ৰূপে সগৌৰৱেৰে থিয় হৈ আছিল ওখ দেৱালখন ।
ফাৰহানৰ দেউতাক আব্দুলে ৰাধিকাক কৈছিল
-- ৰাধিকা
-- কওক বৰদেউতা ।
-- ফাৰহানৰ এটা ভুলৰ বাবেই আমাৰ সাতামপুৰুষীয়া ঐক্যত ফাট মেলিছিল ।
-- বৰদেউতা !
-- সি ভুল কৰিছিল । যাৰ শাস্তি আমি সকলোৱে ভোগ কৰিব লগা হ'ল ।
-- ভুল অকল তাৰেই নাছিল বৰদেউতা । মইও সমানেই দোষী ।
-- হ'ব আই । যি হ'ল হৈ গ'ল ।
-- বৰদেউতা !
-- তোৰ দুৰ্ঘটনাটোৱে পুনৰ হেৰুৱা ঐক্য ঘূৰাই আনিছে । মই এতিয়াহে শান্তি পাইছো । কচোন ৰাধিকা তই বাৰু এতিয়া কি বিছাৰ ?
-- নামঘৰ আৰু মছজিদৰ মাজত থকা দেৱাল ভাঙি পেলোৱাটো বিছাৰো ।
সুন্দৰপুৰৰ সকলো লগ হৈ ভাঙি দিছিল হিন্দু - মুছলমানৰ বিভেদৰ প্ৰাচীৰ । সুন্দৰপুৰৰ আকাশে - বতাহে প্ৰতিধ্বনিত হৈছিল " হিন্দু - মুছলমান ভাই - ভাই " ধ্বনি ।
ফাৰহান ৰাধিকাৰ কাষ চাপি আহিছিল । তাইৰ চকুত চকু থৈ কৈছিল
-- ৰাধিকা
-- ফাৰহান
-- তুমি মোৰ প্ৰাণ ৰাধিকা
-- মই জানো ফানহান !
-- ৰাধিকা
-- ওম
-- তুমি আমাৰ সম্পৰ্কটোৰ শেষ কৰি পেলাবা নেকি ?
-- ফাৰহান ,
-- কোৱা
-- সম্পৰ্কৰ জানো শেষ আছে ?
-- ৰাধিকা তুমি ?
-- আমাৰ সম্পৰ্কৰ কেতিয়াও শেষ নহয়
-- মানে তুমি মোক আকৌ
-- ওম , মই তোমাক আকৌ আকোৱালি ল'ম । প্ৰেমৰ উদ্ধত আমাৰ সম্পৰ্ক , আজিৰ পৰা মই তোমাৰ ভনী আৰু তুমি মোৰ দাদা ।
-- ৰাধিকা
-- আমাৰ ত্যাগে এখন গাঁৱলৈ শান্তি ঘূৰাই আনিব , ইয়াতকৈ সুখৰ কথা কি হ'ব পাৰে , ফাৰহান ।
-- এৰা ৰাধিকা । আজিৰ পৰা আমি ককাই - ভনী ।
সুন্দৰপুৰে আকৌ হাঁহিছে , মিলনৰ আনন্দত । ৰাধিকাৰ পঢ়া সম্পূৰ্ণ কৰিবৰ বাবে , তাইক লৈ মাক - দেউতাক গুৱাহাটীলৈ ঘূৰি যাবলৈ সাজু হৈছে । সুন্দৰপুৰত এতিয়া শান্তিৰ বতাহ বলিছে ......
সমাপ্ত
ধাৰাবাহিক খনৰ প্ৰথম খণ্ড - https://www.smj24.in/2021/01/blog-post_24.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
এনেবোৰ কাহিনী পঢ়ি থাকোতেই নিজৰ পঢ়া পাহৰি গৈছো। সুন্দৰ নিদৰ্শন দেখিবলৈ পায় ভাল লাগিল। ধন্যবাদ।
ReplyDelete