সুন্দৰপুৰ ! বৰ ধুনীয়া গাওঁখন | সংস্কৃতি,সংস্কাৰৰ মিলনভুমি | হিন্দু-মুছুলমানৰ ঐক্যতান | সুন্দৰপুৰৰ হিন্দু সমাজৰ নামঘৰৰ একে ডৰা মাটিতে নিৰ্মিত মুছুলমান সমাজৰ মছজিদ | নাম ঘৰৰ নাম প্রসংগৰ প্রসাদৰ ভাগ ও মুছুলমান সমাজে পায়,আৰু মুছুলমান সমাজৰ পবিত্র ৰমজান মাহৰ ঈদৰ আলহী হ'ল হিন্দু ভাই হত |
আজি সুন্দৰ পুৰ গাওঁ নামঘৰ ,মছজিদ ফিল্ডত এখন গাওঁসভা আয়োজন কৰিছে ৰাইজে | ইতিমধ্যে সভাখনত হিন্দু-মুছলমান ভাইহত সকলো আহিছে |
- শ্রদ্ধাৰ ৰাইজ আজি আমাৰ সভাখন মত-অভিমতৰ | বৰ্তমান ৰ সাম্রদায়িকতা গুছাই আমি এখন শান্তিৰ অসম গঢ়াৰ স্বাৰ্থত সুন্দৰপুৰ গাওঁখন এখন আদৰ্শ গাওঁলৈ ৰূপান্তৰিত কৰাৰ প্রয়াস কৰিছো |
সুন্দৰপুৰৰ মুখ্য ব্যক্তি আব্দুলৰ কথাত সকলোৱে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজালে |
- শ্রদ্ধাৰ ৰাইজ | আজি আমি ইয়াত এটা সিদ্ধান্ত লব বিচাৰিছো | সেয়া হ'ল আমাৰ নামঘৰ আৰু মছজিদৰ মাজৰ দেৱাল খন ভাগি দি একতাৰ সম্প্রিতি গঢ়িম | কি কয় ৰাইজ ?
ৰমা মহাজনৰ কথাত সকলোৱে " বঢ়িয়া হব বঢ়িয়া হব "বুলি চিঞৰিলে |
এয়া আন এক নৱসূচনা সুন্দৰপুৰ গাওঁৰ | মহামিলনৰ হৰ্ষোল্লাস সুন্দৰপুৰত | ৰাইজে লগ হৈ মাজৰ দেৱাল ভাগি দিলে | সুন্দৰপুৰৰ হিন্দু-মুছলমান ডেকা গাভৰুৰ হাঁহিৰ ৰোল | এয়াই যেন সুন্দৰপুৰৰ মাহাত্ম্য |
- তোমাৰ সৌন্দৰ্য্যতাই সদায় মোক বলিয়া কৰে |
ফাৰহানৰ কথাত ৰাধিকাৰ কিছু লাজ লাগিছিল |
- কি যে কোৱা তুমি |
- ৰাধিকা !
- কোৱা
- তুমি মোক কিমান ভালপোৱাঁ ?
- বহুত,,,,,,,
- কিমান বহুত ?
- বুজাৱ নোৱাৰো
নৈৰ ঘাটত ফাৰহান আৰু ৰাধিকাই নিজৰ প্রেমৰ বাৰ্তালাপ কৰি আছিল | মলয়া বতাহৰ কোবত তাইৰ লাহি ছুলি বোৰ নাচিছিল |বাৰে বাৰে তাইৰ ছুলি খিনিয়ে আমনি কৰিছিল তাইৰ কজলা নয়নক |
ৰা---ধি---কা
মেঘালি চুলি,কজলা চকু,ৰামধেনুৰ দৰে চেলাউৰি , ওঁঠত কলা তিল | ডালিম গুটিয়া দাত ! খোজত ককালৰ লয়লাস নৃত্য ! হাঁহিলে তাইৰ গালত পৰা ডিম্পল তাইৰ প্রধান আকৰ্ষণ |লাহি হাতৰ নখত ৰঙা সেউজীয়া নেইলপলিছৰ সুন্দৰ মিশ্রন |
সুন্দৰপুৰৰ বৰুৱাৰ একমাত্র ছোৱালী তাই | বহু মৰমৰ ! পঢ়াত ও যথেষ্ট ভাল |তাইক লৈ বৰুৱাৰ সপোন বহু দূৰ দিগন্তলৈ |আজি বাইছ টা বছৰ অতিক্ৰম কৰা ৰাধিকাই এতিয়া মাকৰ বুকুৰ উষ্ণ উম লৈ শুই থাকে |
টেবুলখনত বহি লৈছিল তাই | সন্মুখত কিতাপ | কিন্তু বাৰে বাৰে তাইৰ কিতাপৰ পাতত ভাহি উঠিছিল ফাৰহানৰ প্রতিচ্ছৱি | বহুত ভালপায় তাই ,তাৰ মাজত হেৰাই থাকিব বিচাৰে ৰাধিকাই |
ফাৰহান মাক বাপেকৰ নুমলীয়া পো | ফাৰহান ৰ বাপেক সুন্দৰপুৰৰ মৌজদাৰ | টকা-পইচাঁৰ অভাৱ নোপোৱা ফাৰহান বৰ জেদি মনোভাৱৰ |
ৰাধিকা আৰু ফাৰহান ৰ সম্পৰ্ক দুয়োখন ঘৰত বন্ধুত্বৰ সম্পৰ্ক বুলিয়ে জানে | কোনেওঁ নাজানে সিহতৰ গোপন প্রেমৰ সম্পৰ্ক |
আজি সুন্দৰপুৰ নামঘৰ-মছজিদৰ প্রাংগনত এখন গাওঁৰ ডেকা বুঢ়াই মিলি ভাওঁনাৰ আয়োজন কৰিছে | " শ্রীকৃষ্ণৰ দশৱতাৰ " ! সেয়েহে আজি সুন্দৰপুৰত আনন্দৰ পৰিবেশ | ইতিমধ্যে নামঘৰ-মছজিদ প্রাংগন মানুহৰে ভৰি পৰিছে | উক্ত ভাওঁনাত ৰাধাৰ দৰে সুন্দৰী ৰাধিকাই ৰাধাৰ ভাওঁ লৈছে | আৰু কৃষ্ণৰ ভাওঁ লৈছিল পলাশে | ফাৰহানে একদম আগত বহি লৈছিল | ভাওঁনা চলি আছিলে | তেনেতে এটা দৃশ্যত কৃষ্ণ ৰূপী পলাশে ৰাধা ৰূপী ৰাধিকাৰ হাত খনত স্পৰ্শ কৰি ৰাধিকাক বুকুৰ মাজলৈ তানি আনিলে |
লগে লগে খংত জ্বলি উঠিল ফাৰহান | সি আৰু ধৰ্য্য ধৰি থাকিব নোৱাৰিলে |দুহাট মুঠি মাৰি ধৰি সি দৰ্শকৰ শাৰীৰ পৰা উঠি গৈছিল | সি চিধাই সোমাইছিল ভাওঁনাৰ সেউজ গৃহত | তাত সকলোবোৰ শিল্পীয়ে জিৰনি লোৱাৰ উপৰি মেক আপ লয় | লগে লগে ৰাধিকাই ফাৰহানৰ হাত খনত ধৰি বাহিৰলৈ উলিয়াই আনিলে |
- ঐ কেনেপালা !
ৰাধিকাৰ পাছত ফাৰহানে মুখ খন ঘূৰাই দিলে |
- হাৰে কি হ'ল,তুমি যে মুখ খন ওফন্দাই আছা | অ বুজিছো ! পলাশৰ ৰাধা হোৱা বাবে তোমাৰ খং উঠিছে ন ! শুনা তুমি মোৰ কৃষ্ণ আৰু মই তোমাৰ ৰাধা |
তেনেতে সেউজ গৃহৰ পৰা কৃষ্ণ ৰূপী পলাশ ওলাই আহিছিল | আৰু ফাৰহানে সময়ৰ সদব্যৱহাৰ কৰি পলাশৰ নাকত এটা প্রচণ্ড ঘোচা সোধালে আৰু লগে লগে মাটিত বাগৰি পৰিল পলাশ |
- ফাৰহান,,,,,,,,
ৰাধিকাই চিঞঁৰি উঠিল |
মূহুৰ্ত্ততে পলাশৰ নাকৰ পৰা তেজ বৈ আহিল | ভাওঁনা সামৰি সুন্দৰ পুৰত লাগিল হুৱাদুৱা | সকলো পলাশ ৰ কাষত দৌৰি আহিল | ইতিমধ্যে ফাৰহান ঘটনা স্থলীৰ পৰা পলাল | পলাশক কোনে মাৰিলে সোধাত সি ফাৰহানৰ নাম ল'লে । ফাৰহানে পলাশক কিয় মাৰিলে এই লৈ সকলোৰে মাজত আলোচনা চলিল ।
গাঁৱৰ ডেকাবোৰে ফাৰহানক বিছাৰি চলাথ কৰিলে , কিন্তু তাক কতো বিছাৰি নাপালে । গাঁৱৰ মুখিয়ালে পিছদিনা গাঁৱত মেল আয়োজন কৰাৰ সিদ্ধান্ত ল'লে । " ৰাধিকা " দুঃচিন্তাত ছটফটাইছে তাই । তাইৰ চিন্তা ফাৰহানক লৈ , কাইলৈ গাঁৱত হ'ব লগা মেলখনক লৈ । ফাৰহান বা এতিয়া ক'ত আছে , কিবা কৰিছে , কিবা খাইছে সি ! গাঁৱৰ ৰাইজৰ আগত সি যদি তাইক ভালপোৱাৰ কথা কৈ দিয়ে , কি হ'ব তেতিয়া , তাই কিদৰে মুখ উলিয়াব সমাজত , দেউতাকৰ আগতেই বা তাই ওলাব কেনেকৈ ? নানান চিন্তাই বেৰি ধৰিছে তাইক । তিলমানো টোপনি যাব পৰা নাই তাই । তাই অস্থিৰ , অশান্ত । এফালে তাইৰ ভালপোৱা আৰু আনফালে সমাজ !
আজি পুৱাৰ পৰাই উগুল - থুগুল মানুহৰ মনবোৰ । আজিৰ বিচাৰ অকল পলাশ আৰু ফাৰহানৰে নহয় , আজিৰ বিচাৰে হয়তো অশান্ত কৰি তুলিব সুন্দৰপুৰৰ পৰিবেশ ! সকলোৰেই মনবোৰ সন্দিহান হৈ উঠিছে , আজিৰ বিচাৰে বিভেদ আনিব নেকি সুন্দৰপুৰৰ সাতামপুৰুষীয়া মিলাপ্ৰীতিত ?
হিন্দু - মুছলমানৰ সম্প্ৰীতিত প্ৰাচীৰ হ'ব নেকি আজিৰ বিচাৰৰ ফলাফল ।
ফাৰহানৰ উপস্থিতিৰ লগে - লগেই আৰম্ভ হ'ল বিচাৰ প্ৰক্ৰিয়া ।
- ফাৰহান , এইবোৰ তই কি কৰিলি ? ইমান মিলাপ্ৰীতিৰে থকা মানুহবোৰৰ মাজত কিয় বিভেদ আনিব খুজিছ তই ,
পলাশক কিয় মাৰিলি ফাৰহান ?
- ..........
- ফাৰহান , এইদৰে মনে - মনে থাকিলেই সাৰি যাব নোৱাৰ তই । ক , পলাশক কিয় মাৰিলি ?
ৰাধিকাৰ সন্মানৰ কথা ভাবিয়েই একো উত্তৰ দিয়া নাছিল ফাৰহানে । কিন্তু ৰাইজৰ তীব্ৰ হেঁচাত , সি বাধ্য হ'ল -----
- ৰাধিকাৰ হাতত ধৰাৰ বাবে ।
- কি ? পলাশে ৰাধিকাৰ হাতত ধৰিলে , তাতে তোৰ কি হ'ল ?
- কোনোবাই তাইৰ হাতত ধৰাতো সহ্য কৰিব নোৱাৰো মই ।
- কিন্তু কিয় ?
- মই তাইক ভালপাওঁ , সেইবাবে
তেনেতে কোনোবাই জোৰেৰে চিঞঁৰি - চিঞঁৰি কয় ---
" পথাৰত এটা মৃতদেহ পৰি আছে "
ক্ৰমশ
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment