ধুনীয়া দীঘল নখকেইটাৰে সৈতে আঙুলি কেইটা দেখি নিজৰেই ভাল লাগে নহয়নে?তাতে যদি মনৰ পছন্দৰ নেইলপলিছ এটা লগাই লোৱা হয় তেতিয়াটো আৰু কথাই নাই৷কিন্ত কেতিয়াবা দীঘল কৰিব লোৱা নখকেইটা বাৰে বাৰে ভাঙি গৈ মনত অশান্তিৰ সৃষ্টি কৰে৷কিন্ত আমি একেবাৰে ঘৰুৱা সহজ উপায় অৱলম্বন কৰিয়েই এই সমস্যাৰ পৰা হাত সাৰিব পাৰোঁ৷ইয়াৰ বাবে আপোনাক লাগিব নেমুটেঙা আৰু অলিভ অইল৷দুটা পদ্ধতি মই উল্লেখ কৰিম৷আপোনালোকে নিজৰ ইচ্ছা মতে কৰিব৷
নেমুটেঙা এটাৰ পৰা এচকল নেমু কাটি আপোনাৰ নখত ঘঁহিব৷এইদৰে ৫ মিনিটৰ বাবে ঘঁহিব৷হৈ গলে কুহুমীয়া গৰম পানীৰে ধুব৷এতিয়া শুকান টাৱেল এখনেৰে মোহাৰি ভালদৰে ক্ৰীম লগাব৷মনত ৰাখিব ক্ৰীম লগাবলৈ নাপাহৰিব৷
দ্বিতীয়তে এটা পাত্ৰ লব৷তাত ১ টেবুল চামুচ নেমু টেঙা আৰু ৩ টেবুল চামুচ অলিভ অইল দি ভালদৰে মিহলাই লব৷এতিয়া এই মিশ্ৰণখিনি ২০ ছেকেণ্ডৰ বাবে মাইক্ৰৱেভত দি গৰম কৰিব৷আৰু ১০ মিনিটৰ বাবে নখকেইটা তাত ডুবাই থব৷শেষত ভালদৰে ধুই দিব৷ক্ৰীম লগাব পাৰে(অলিভ অইলত মইশ্বৰাইজাৰ থাকে গতিকে ক্ৰীম লগোৱাটো জৰুৰী নহয়৷)
No comments:
Post a Comment