ভয় খোৱাৰ দৰে ভণিতা দৌৰি আহি অনুৰাগক সাৱটি ধৰিলে ।
--- মোক বচোৱা অনুৰাগ মোক মাৰি পেলাব ।
তাই আৰু জোৰে সাৱটি ধৰিলে তাক । তাইৰ দুবহুত ধৰি অনুৰাগে তাইক তাৰ বুকুৰ মাজৰ পৰা উলিয়াই লৈ আহি খঙত সুধিলে ।
---- উপা কত ।
--- মই মই নাজানো মই কিবাকৈ হে তাইৰ পৰা বাছি লুকুৱাই আছিলোঁ ।
---- বন্ধ কৰা আৰু তোমাৰ এ নাটক মই সকলো গম পাইছোঁ । তোমাৰ খেল আৰু ইমানতে শেষ । ভালে ভালে কোৱা উপমা কত, কি কৰিলা তাইৰ লগত ।
---- অনুৰাগ তুমি এইবোৰ কি কৈছা । তুমি মোৰ এই অৱস্থাতো দেখি ও মোক........
কান্দি দিলে ভণিতাই । খঙত কব নোৱাৰা হৈ অনুৰাগে তাইৰ গালত এটা প্ৰচণ্ড চৰ সোধালে ।
---- বিশ্বাসঘাটক, কিমান আৰু মিছা মাতিবা, অলপটো লাজ কৰা কিমান আৰু মিছা মতা সকলো কথা ধৰা পৰাৰ পিছত ও এনেকৈ অভিনয় কৰি থাকিবলৈ অলপ ও লাজ লগা নাই ।
---- অনুৰাগ কি হৈছে এইবোৰ । কি কৰিলে ভণিতাই ।
পিছফালৰ পৰা মাকে মাত লগালে ।
---- মা তুমি নাজানা এইজনী এজনী বিষাক্ত সাপ যাক আমি গাখীৰ খুৱাই লালন পালন কৰি আছিলো । তাই মোক তোমাক সকলোকে বুৰ্বক বনাই উপমাক আমাৰ ওচৰত দোষী সজাই নিজৰ স্বাৰ্থ সিদ্ধি পাগল হৈ পৰিছে ।
---- কি কৈছা এইবোৰ তুমি ।
--- অ মা এই ..............
অনুৰাগে মাকক ভণিতাৰ সকলো কথাই কলে ।
আচৰিত হৈ পৰিল মাক ।
---- মোৰ লৰাৰ জীৱনত ইমান ডাঙৰ ষড়যন্ত্ৰ কৰি তই মোৰ ঘৰতে আছো আৰু আমি বিনাদোষী ছোৱালী জনীক কষ্ট দি আছো তোক মই ।
মাকে তাইৰ কাষত আহি গাৰ জোৰে এটা চৰ সোধাই দিলে । অনুৰাগ পুনৰ তাইৰ কাষত গৈ সুধিলে ।
--- ভালে ভালে ক উপমা কত । কি কৰিছা তাইৰ লগত তই ।
--- কি কৰিছো তই উপমাৰ লগত হা । কত মোৰ বোৱাৰী ।
তাইৰ গাত ধৰি জোকাৰি জোকাৰি সুধিলে মাকে । অনুৰাগে গোটেইখন চিঞৰি ফুৰিব ধৰিলে ।
----- উপা ........ উপা ...... উপা ........
ইতিমধ্যে উপমাৰ ও চেঞ্চ আহিছে কিন্তু তাই মাতিব পৰা নাই হাত ভৰি বন্ধা মুখত ও কাপোৰ বান্ধি থৈছে । কিন্তু তাই অলমাৰীটোৰ ভিতৰতে ইফাল সিফাল কৰি অনুৰাগৰ মাতৰ সঁহাৰি দিবলৈ চেষ্টা কৰিছে কিন্তু তাই বিফল হৈছে । অনুৰাগে তাইক সকলোতে বিচাৰিলে । মাকে ও কান্দি কান্দি যিমান পাৰে নিজক এ ভণিতাক গালি পাৰি আছে । এনেতে পুলিচ আহিল । পুলিচ দেখি আচৰিত হৈ পৰিল ভণিতা ।
---- you are under arrest miss vonita ...
নাই তাই কোনো কাৰণতে পুলিচৰ হাতত ধৰা দিব নোৱাৰে । তাই দৌৰি গৈ নিজৰ ৰুমত সোমাল পুলিচ তাইৰ পিছে পিছে গল তাই ভিতৰ সুমাই এ দৰ্জা বন্ধ কৰি দিলে । পুলিচে বাহিৰৰ পৰাই তাইক কলে ।
---- পলাব চেষ্টা কৰি লাভ নাই মিছ ভণিতা, ভালে ভালে দৰ্জা খুলি দিয়ক ।
তাইৰ কোনো উত্তৰ নাই । ভিতৰত কিহবাৰ শব্দ পাই পুলিচে দৰ্জাত আৰু জোৰে ধকীয়াব ধৰিলে । উপায় নাপাই দৰ্জাখন ভাঙিব বাধ্য হল পুলিচ । দৰ্জা ভাঙি ভিতৰলৈ চাই দেখিলে ভণিতাৰ কান্ধত এটা বেগ আৰু হাতত চুৰি এখন লৈ তাই উপমাৰ গলত ধৰি আছে । বেচেৰী উপমাজনীৰ মুখখন আৰু হাত বন্ধা আছে কিবা কব খুজি ও তাই পৰা নাই । পুলিচ সুমাই যোৱা দেখি ভণিতাই চিঞৰি উঠিল ।
--- আৰু এখোজ ও আগবাঢ়ি নাহিব নহলে মই এইক ইয়াতে শেষ কৰি দিম ।
---- ভণিতা উপমাক এৰি দি । তাইৰ কিবা হলে তোৰ অৱস্ত মই কি কৰি তই ভাবি ও নাপাবি ।
--- অনুৰাগ তুমি বহুত ডাঙৰ ভুল কৰিলা......
পুলিচ এখোজ দুখোজ কৈ আগুৱাই যোৱা দেখি ভণিতাই আৰু জোৰে উপমাক ধৰি ললে । তাই লাহে লাহে ৰূমটোৰ পৰা ওলাই আহিব ধৰিলে ।
---- কি ভাবিছিলা অনুৰাগ তুমি মোক পুলিচৰ হাতত গোটেই দিব পাৰিবা । আৰু এইক মই .....
---- প্লিজ প্লিজ ভণিতা মই তোমাৰ ওচৰত হাতযোৰ কৰিছো উপমাক এৰি দিয়া ।
বহি পৰিল অনুৰাগ কান্দি উঠিল সি । উপমাই কেৱল মূৰত জোকাৰিছে একো কব পৰা নাই তাই তাইৰ দুচকুই দি ধাৰা সাৰে চকুপানী বৈছে । উপমাৰ গলত চুৰি ৰাখি এ ভণিতা নামি আহিল তললৈ । অনুৰাগে দেখিলে আধা ভগা কাছৰ টুকুৰা এটা পৰি আছে সি লাহে লাহে সেইটোৰ কাষলৈ গৈ ভণিতাৰ ওচৰত আৰু হাতযোৰ কৰি বহি পৰিল । হাঁহিছে ভণিতাই তাই যেন জিকি গৈছে । তাই পিছুৱাই গৈ থাকিল এনেতে অনুৰাগে সেই কাছৰ টুকুৰাটো লৈ জোৰে তাইৰ ভৰিলৈ লক্ষ কৰি মাৰি পঠালে । তলকিবই নোৱাৰিলে ভণিতাই তাইৰ হাতৰ পৰা চুৰিখন পৰি যায় তাই নিজে ও বাগৰি পৰিল । দৌৰি গল অনুৰাগ উপমাৰ কাষলৈ । তাইৰ হাত মুখ খুলি দি তাইক সাৱটি ধৰিলে । পুলিচে আহি ভণিতাক ধৰি ললে । তাই চিঞৰি উঠিল ।
--- তুমি এইটো ভালকাম নকৰিলা অনুৰাগ ইয়াৰ পৰিনাম বহুত বেয়াকৈ ভুগিব লাগিব তুমি । চাই থাকা মই আকৌ আহিম ।
--- ছাৰ লৈ যাওক এইজনীক মোৰ চকুৰ আগৰ পৰা ।
--- ৰব .....
উপমাই মাত দিলে । তাই লাহে লাহে ভণিতাৰ কাষলৈ গল । প্ৰচণ্ড জোৰে তাইৰ গালত এটা চৰ সোধাই তাই কলে ।
---- এইটো ৰেখা আৰু অনুৰাগক ষড়যন্ত্ৰ কৰি বেলেগ কৰা বাবে । পুনৰ এটা চৰ মাৰি এইটো মোৰ ৰেখাক হত্যা কৰা বাবে । পুনৰ এটা চৰ মাৰি । এইটো অনুৰাগৰ দৰে সহজ সৰল মানুহ এজনৰ লগত বন্ধুত্বৰ নামত বিশ্বাসঘাটক কৰা বাবে । আকৌ এটা চৰ মাৰি এইটো মোৰ জীৱনটো ধংশ কৰিব বিচৰা বাবে ।
কান্দি উঠিল উপমা । অনুৰাগে আহি তাইক সাৱটি ধৰি সান্তনা দিলে । পুলিচে ভণিতাক লৈ গল । হাতযোৰ কৰি মাকে তাইক ক্ষমা খুজিলে ।
--- মোক ক্ষমা কৰি দিয়া মাজনী । মই তোমাক বিনা কাৰণত সন্দেহ কৰি ইমানখিনি কষ্ট দিলোঁ ।
--- তেনেকৈ নকব মা আপোনাৰ ঠাইত থকা হলে মই ও সেয়ে কৰিলোঁ হৈ যি আপুনি কৰিছে । এইখন মোৰ ঘৰ নিজৰ ঘৰখনৰ ৰক্ষাৰ কাৰণে মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজি যাম ।
---- মোৰ সচাই বহুত ভাগ্য ও মা তোমাৰ দৰে এজনী লখিমী ছোৱালী আমাৰ ঘৰৰ বোৱাৰী । ৰবা মই তোমালোকৰ ঘৰত ফোন কৰি সকলোবোৰ কথা কওঁ ।
মাকে উপমাৰ ঘৰত ফোন কৰি সকলোবোৰ কলে । আৰু পিছদিনা ৰেখাৰ বায়েক মাক আৰু উপমাৰ মাক দেউতাক সকলোবোৰ উপমাহতৰ ঘৰত আহিল । সকলোৱে উপমাক ক্ষমা বিচাৰিলে আৰু নিজৰ ভুলবোৰ বুজি পালে ।
এতিয়া অনুৰাগ আৰু উপমাৰ সংসাৰত সুখে সুখ । বহুত সুখী সিহঁত কোনো দুখে আৰু সিহঁতক চুব নোৱাৰে । বিশ্বাস ভালপোৱা আৰু মৰমৰ মাজত সিহঁতৰ ঘৰলৈ এজনী নতুন আলহীৰ সমাগম হল । পৰিৰ দৰে ধুনীয়া কণমানি জনীৰ নাম ৰাখিলে ৰেখা । দুয়োৰে প্ৰাণত কৈ ও মৰমৰ ৰেখা । দৌৰি ফুৰা ৰেখাই কৰবাত পৰি দুখ পালে অনুৰাগে অলপ উপমাৰ ওপৰত খং কৰে । অভিমানত উফন্দী নামাতি থকা উপমাক অনুৰাগে মৰমৰে সাৱটি কৈ ।
জীৱনৰ সকলোতো তুমি এ ৰেখা এদিন ডাঙৰ হব আৰু বেলেগৰ ঘৰৰ বোৱাৰী হয় গুচি যাব । কিন্তু মোৰ অৰ্ধাঙ্গিনী সদায় মোৰ কাষতে থাকিব মোৰ জীৱনত মোক ভগৱানে দিয়া শ্ৰেষ্ঠ উপহাৰ হয় ।।।
সমাপ্ত
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment