কণমানি জনীলৈ "প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ" বঁটা: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 25, 2021

কণমানি জনীলৈ "প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ" বঁটা:

বিগত লকডাউনত অসুখীয়া পিতৃক ১২০০ কি.মি. পথ চাইকেলেৰে কঢ়িয়াই  নিয়া এই কিশুৰী গৰাকী আপোনাৰ বাৰু মনত আছে নে ? যদিহে পাহৰিছে তেন্তে আপোনালোকক সোঁৱৰাই দিও যে, কিশুৰী গৰাকীৰ নাম জ্যোতি কুমাৰী পাছোৱান।আৰু ১৫ বছৰ বয়সৰ এই যুৱতী গৰাকীৰ ঘৰ বিহাৰৰ দৰভঙ্গাত।


উল্লেখ্য যে,জ্যোতি কুমাৰীয়ে বিগত লকডাউনৰ সময়চোৱাত গুৰুগ্ৰমৰ পৰা দৰভঙ্গালৈ তেওঁৰ অসুখীয়া পিতৃক মাত্ৰ সাত দিনৰ ভিতৰত প্ৰায় ১২০০ কি.মি. পথ চাইকেলেৰে কঢ়িয়াই  নি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।কিশুৰী গৰাকীয়ে প্ৰদৰ্শন কৰা এই বিৰল সাহসিকতাৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে "প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ" বঁটা।এই কথা আজি খোদ প্ৰধামন্ত্ৰীয়ে টুইত যোগে প্ৰকাশ কৰে।


উক্ত বঁটা লাভ কৰা ৩২ গৰাকী কিশুৰ-কিশুৰীৰ মাজৰে জ্যোতি কুমাৰীও হৈছে অন্যতম।তেওঁলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালো।

No comments:

Post a Comment

Advertisement

Pages