গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রেম কাহিনী - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 25, 2021

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রেম কাহিনী


( মনে ময়ূৰীক বাৰু কেতিয়া লগ পাব ? মনৰ জীৱনৰ কিবা পৰিবৰ্তন হব নেকি ? )


     

      - নাই , মই ধৰি লৈছো এয়া কপালৰ লিখন ,নাযায় খণ্ডন | যি হ'ল হৈ গ'ল মই এতিয়া আহো | ইয়াত এনেকে থাকিলে মোৰ ভাইটি আৰু অন্ধ ভন্টি লঘোনে থাকিব | আহো,,,,,,,

সি সকলোকে সেৱা জনাই তাৰ পৰা আতৰি আহিলে ! সকলো মানুহে তাক নিঠৰ হৈ চাই থাকিলে |


            মনৰ এটাই উদ্দেশ্য যি হ'ল হৈ গ'ল | এতিয়া আৰু সেইবোৰ ভাৱি লাভ নাই | এতিয়া সি তাৰ কৰ্ম কৰিব লাগে | সি বিশ্ববিদ্যালয়ৰ চৌহদৰ কৃষ্ণ চূড়া ডালৰ তলত জিৰালে | অপেক্ষা কৰিলে কোনোবা নতুন যাত্রীৰ | কিন্তু কিন্তু লাহে সি অনুভৱ কৰিলে যে তাৰ কপাল খন বিষাৱ লৈছে | বিষ মানে সহ্য কৰিব নোৱাৰা বিষ | কপাল খনৰ আঘাট পোৱা অংশ সি হাতেৰে চুই চালে | তেজ বোৰ গোট মাৰিছিলে | নাই আজি আৰু সি ৰিক্সা চলাৱ নোৱাৰিব | সি ৰিক্সাখন সদায় থোৱা ঠাইত থলে | আৰু সি এডাল গছৰ তলত বহি ল'লে |


তাৰ মূৰটো ঘূৰোৱাৰ দৰে লাগিছিল | সি তাৰ পকেটত চালে আগৰ বিশ টকা এটা আছিলে আৰু আজি পোৱা বিশ টকা | মাত্র চল্লিছ টকা আছে,এইখিনি গাড়ী ভাৰাতে লাগিব | সি ভাৱিছিল ফাৰ্মাচীত এবাৰ দেখাই লব | কিন্তু নাই পইচাঁ নহব |

পেটত একো নাই,এইফালে অসহ্য বিষ | কিন্তু সময় গতিশীল | লাহে লাহে মনৰ ঘৰলৈ উভতা সময় আহি পালে | সি ৰঙিয়াৰ বাছ পালে আৰু উঠি দিলে | 


              ৰঙিয়াত নামি সি চিধাই ঘৰলৈ খোজ দিলে | কাৰন আজি তাৰ হাতত বজাৰ পইচাঁ নাই |

- ঐ ভাইটি |

অংকিতে ভিতৰৰ পৰা চিঞঁৰিলে |

- দাদা

- কি কৰিছ ?

- পঢ়ি আছো |

- ভাইটি মোৰো এদিন সপোন আছে গুৱাহাটী বিশ্ববিদ্যালয়ত তোক পঢ়াম | কিন্তু ভাইটি শিক্ষা খিনি লৈ গুণ্ডা হব নাযাবি,তেতিয়া শিক্ষাৰ মূল্যই নাথাকিব |

অংকিতে বুজা নাছিল | কিহৰ বাবে আজি ককায়েকে ঘৰ সোমাই এইবোৰ কথা আৰম্ভ কৰিছে |

- ঐ ভন্টি !

তাই বিচনাত পৰি আছিলে

- দাদা পালিহি

- উম পালো |


             ভায়েক ভনীয়েকক মাত লগাই সি ঘৰ্মাক্ত দেহটো তিয়াই আহিলে | আহিয়ে সি পাকঘৰত সোমাল | সোমায় তাৰ মনত পৰিলে অ আজি চাউল নাই |চিঃ কি কৰা যায় | এইফালে হাতত পইচাঁ ও নাই | উপায় নাই সি কন দাইটিৰ দোকানলৈ ওলাই গ'ল |


- দাইটি ,,,,,,

- ক'

- চাউল লাগিছিলে,,,,,কিন্তু

- কিন্তু কি ?

- আজি পইচাঁ নাই |

- তেন্তে নহব | তই আগৰ এশ ত্রিশ টকা এটা দিব আছা,মই বাকী দিব নোৱাৰিম |

- কাইলৈ দিম দাইটি | মই মিলাব পৰা নাই সেয়েহে,,,

- নোৱাৰিম ,তই বেয়া নাপাবি |


          মনৰ হিয়া ভাগিছিল | আৰু আতৰি আহিছিল সি | কি কৰিব এতিয়া ! তাৰ কথা বাদ কিন্তু অংকিত আৰু তৰালিয়ে কি খাৱ ! বিক্ৰি কৰিবলৈ ও একো নাই | কি কৰিব এতিয়া | তেনেতে মনক তৰুন মাষ্টৰে লগ পালে |

অৰ্দ্ধ জোনাক অৰ্দ্ধ আন্ধাৰৰ মাজত মনক ভালকৈ চিনি পাইছিল তৰুন মাষ্টৰে |


- হেৰৌ সেইটো আমাৰ মন নহয় নে !

- হয় বৰদেউতা

- অ বোলো কোন ফালে আহিছিলি ?

- দোকানলৈ,,,,,,

- দোকানলৈ ! কিন্তু খালি হাতেৰে যে ?

- নিদিলে ! আগৰ বাকী খিনি হেনো মই দিয়া নাই |

- চেহঃ কি নিবলৈ আহিছিলি নো তই ?

- আমি নো আৰু কি নিম বৰদেউতা ! চাউল কেইটা হ'লে নিমখ তেলেৰে ও ভাত কেইটা খাৱ পাৰো |

- হেৰৌ ,তোৰ তৰুন বৰদেউতা মৰি যোৱা নাই ! আহ চাউল মই দিম | তোৰ বিপদত যদি মই সহায় নকৰো,মোৰ বিপদত যদি তই সহায় নকৰ ! তেন্তে এই গাওঁ আৰু চহৰৰ মাজত কি পাৰ্থক্য থাকিল হা ? আজি কালি গাওঁৰ মানুহ বোৰো স্বাৰ্থপৰ হ'ল,চহৰৰ মানুহৰ নিজক চিনা হ'ল গাওঁবোৰ এতিয়া কৃত্রিম হৈ পৰিল | আহ মন আহ তই লঘোন কিয় থাকিবি,বেচেৰি তৰালি,অংকিত মই থাকোতে লঘোন থাকিব নোৱাৰে |


             এয়াই মানৱতা,কোনোবা হয়টো সময়ৰ পাক চক্ৰত দানৱ ,কিন্তু ভগবানে পঠোৱা সেই মানৱ কেইজন আমাৰ সমাজত সদায় থাকিব | মনক চাউল দি পঠিয়াই দিলে তৰুন মাষ্টৰে |

সদায়ৰ দৰে সি পাকঘৰত সোমাই ভাত বহাই দিলে | কিছু সময় পাছত ভাত হ'লত অংকিতক ভাত দি সি তৰালিৰ বিচনাত ভাত কেইটা লৈ গ'ল |


- ভন্টি উঠ,ভাত খা

তাই বিচনাত উঠি বহিছিল |

- ঐ দাদা কথা এটা সোধো,,

- সোধ

- আজি তোৰ মনটো বেয়া নেকি ? আজি যে তই আমাক ভালকৈ মতাই নাই |

তেনেতে অংকিত সোমাই আহিছিল | লগে লগে বিজুলি বাতিৰ পোহৰত সি স্পষ্টকৈ দেখিছিল তাৰ ককায়েকৰ কপালত তেজৰ চেকুৰা |

- দাদা তোৰ কপালত ,,,,,,,,

- চুপ !

মনে তাক বন্ধ কৰিব দিছিলে যেন তৰালিয়ে কথাবোৰ নুশুনে |কিন্তু তৰালিয়ে শুনিছিলে |

- ঐ সৰু দাদা ,দাদাৰ কপালত কি !

লগে লগে মনে মাত লগাইছিল 

- নহয় মানে ফোট,আজি মন্দিৰ এটাত,,,,,

- মিছা কথা,বেয়া পাইছো তহতক,তহতে মোৰ চকুৰ সুবিধা বুজি মোৰ বহুত কথা লুকাই থাক | কাৰন মই যে চকুৰে নেদেখো !

- ভন্টি !

- নামাতিবি দাদা তই মোক,মই তোৰ ভন্টি নহওঁ | মই এজনী অন্ধ ছোৱালী দাদা জোনাক খেপিয়াই ফুৰা দুৰ্ভগীয়া ছোৱালী |

মনে তৰালিৰ মুখত হাত খন দিছিলে |

- নাই ভন্টি নাই,তই নাকান্দিবি | শুনছোন তোক মই বহুত ভালপাওঁ অ,বহুত |

- অ দাদা তোৰ কপালত কি হৈছে অ !

- নাই অ ভন্টি

তাই লগে লগে মনৰ কপাল খন খেপিয়াই চালে | তাই অনুভৱ কৰিছিল ককায়েকৰ কপাল খন ওফন্দি উঠিছে | তেজৰ নিচিনা কিবা তাইৰ হাতত লাগিছিলে |

- দাদা তোৰ এক্সিডেন্ট |

- অ ভন্টি |

মনে আৰু নোৱাৰিলে |

- ঐ দাদা তোক মই এটা অনুৰোধ কৰো |

- কি ভন্টি ?

- মোক সেইদিনা সৰু দাই কৈছে অসহায় মানুহক হেনো ৰখা আশ্রম থাকে অনাথ আশ্রম,বৃদ্ধ আশ্রম মোক ও তাত থৈ আহিবি নেকি ! তেতিয়া তই ইমান কষ্ট কৰিব ও নালাগে |

- চুপ ,বৰ বৰ কথা কবলৈ শিকিছ তই | ভাত খা আৰু এতিয়া শুই যা |

মৰম,খংৰ মাজেৰে মনে তাইক শুৱাই থলে | ইতিমধ্যে অংকিত বিচনাত পৰিছিলে | মনে অংকিতৰ ওচৰত গৈছিল | সি অনুভৱ কৰিছিলে অংকিতে যেন কান্দি আছে  |


- ভাইটি

- অ দাদা 

- তোক মই কিমান কম ক'চোন,যে মোৰ কিবা হ'লে তই,ভন্টিৰ আগত নকবি,যদি মই মৰি ও থাকো কাৰোবাক তাইৰ আগত মোৰ অভিনয় কৰিব কবি |

- দাদা তোৰ কিবা এটা হ'লে আমি ধৈৰ্য্যৰে থাকিব নোৱাৰো অ | মই এটা সিদ্ধান্ত লৈছো দাদা |

- মই পঢ়া বাদ দিম ,কাম এটাত সোমাই তোক সহায় কৰিম |

- ঐ চুপ | আৰু এটা কথা নকবি | পঢ়া বাদ দিয়ে সি,এয়া অসম্ভৱ | ঐ শুন তোৰ পৰষি ফৰ্ম ফিলাপ আছে ন ?

- উম 

- পইচাঁ কিমান ?

- দুই হাজাৰ |

- হব এতিয়া শুই,থাক |


         মনে বিচনাত পৰিলে | কিন্তু চকুত টোপনি নাই,কাইলৈ তাৰ জীৱনত অইন এটা ডাঙৰ প্রত্যাহ্বান | দুইহাজাৰ অসম্ভৱ ! তাতে ঘৰ খৰছ ও লাগিব | হাতত নাই ফুটা কৰি | তথাপি সংগ্রামে জীৱন নিশ্চয় কিবা এটা হব |


গতানুগতিক জীৱন অইন দিনাৰ দৰে সেই দিনাওঁ ৰাতিপুৱাঁ মনে শুই উঠি নিজৰ কাম,ঘৰৰ কাম সমূহ কৰি নিজৰ কামলৈ ওলালে |


- ঐ ভাইটি

- দাদা 

- মই আজি ৰাতি আহি নাপাৱ ও পাৰো তই ভন্টিক চাবি |

- দাদা তই নাহিলে ঘৰ খন খালি হৈ থাকিব অ |

তৰালিৰ কথা ত মনে তৰালিৰ ওচৰলৈ গৈ তাইৰ মূৰত হাত ফুৰাই ক'লে 

- এদিন হে ভন্টি,মন আছে নহয় | শুন ৰাতি সোনকালে খাই বৈ শুই থাকিবি |

- দাদা তই কিন্তু খোৱা বোৱা কৰিবি |

- হব দে, তই চিন্তা নকৰিবি ভন্টি | ভাইটি মই আহো |

- ঠিক আছে দাদা |


        জেঠ মহীয়া বতৰ বোৰত যে একদম ধৰিবই নোৱাৰি,কেতিয়া বৰষুণ,কেতিয়া ৰ'দ | আজি আকাশ খন ডাৱৰীয়া | বৰষুণ আহিব ও পাৰে | মনে গুৱাহাটীলৈ যাত্রা কৰিলে |

আজি তাৰ চিন্তা এটাই কেনেকে ভায়েকৰ ফৰ্ম ফিলাপৰ পইচাঁ জোগাৰ কৰে |সি গুৱাহাটী পালে,তাৰ চিনাকী বিশ্ব বিদ্যালয় | সি আজি দিনটো যিমান পাৰে সিমান কষ্ট কৰিলে | ৰাতিপুৱাঁৰ পৰা আজি কেবল মানুহ তানিছে | চাহ একাপ খোৱাৰ প্রয়োজন বোধ ও কৰা নাই সি | দিনৰ পিছত ধৰনীৰ বুকুত সন্ধিয়া নামিল | দিনটোৰ অন্তত সি পইচাঁ হিচাপ কৰিলে | আজি দিনত তাৰ উপাৰ্জন চশ পঞ্চাশ টকা | নাই নহব এতিয়া ও বহুত বাকি | তেনেতে পাছফালৰ পৰা সি কাৰোবাৰ মাত শুনিলে |

- ঐ ল'ৰা

পাছলৈ ঘূৰি চাই দেখিলে | 

- অ মন্দাকিনী বা |


           মন্দাকিনী , এই চহৰৰ এজনী বেশ্যা | কেতিয়াবা তাই তাৰ ৰিক্সাত বজাৰ সামৰ কৰিব যায় | আজিওঁ আহিছে দেখোন | মন্দাকিনীয়ে তাক তাইৰ জীৱনৰ সকলো কথাই কৈছিল | যদিওঁ বৃত্তি বেয়া মানুহ জনী কিন্তু বেয়া নাছিল | কেতিয়াবা মন্দাকিনীক কিছুমান কাষ্টমাৰৰ ওচৰত মনে থৈ আহে |

- কি হ'ল আজি ঘৰলৈ যাৱৰ হোৱা নাই তোৰ ?

- হৈছে,কিন্তু আজি মোৰ

- কি হ'ল

- সন্মুখত ডাঙৰ প্রত্যাহ্বান |

- আৰে ভাই কি হ'ল খাটাং কৈ ক' না |

- মোক আজি প্রায় দুহাজাৰ টকাৰ প্রয়োজন |


                                         ক্ৰমশঃ

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages