উপমাৰ কথাশুনি ভণিতাই আৰু জোৰে হাঁহিব ধৰিলে তাই হাঁহি হাঁহি এ কলে ।
---- মোৰ সঁচা ৰূপ সকলোৰে আগত অনাৰ আগতে তোক মই চিৰদিনৰ বাবে এইখন ঘৰৰ আৰু অনুৰাগৰ জীৱনৰ পৰা বাহিৰ কৰি দিম । আৰু সেইটো দিন আজি এ হব ।
উপমাই কিবা কোৱাৰ আগতেই ভণিতাই নিজৰ নখেৰে নিজৰ গাত এ আছুৰি লব ধৰিলে । মুখ মেলি চাই ৰল উপমাই । তাই দেখিলে ভণিতাই গোটেই বস্তু এফালৰ পৰা পেলাই গৈছে তাই নিজে নিজৰ চুলিবোৰ আউল বাউলি কৰি লৈছে । চুৰি এখন আনি তাই নিজৰ হাত আৰু ডিঙিত অলপ অলপ কাটি লৈ তেজ উলিয়াই দিব ধৰিলে । উপমাই একো তোলকিব এ নোৱাৰিলে কি কৰি আছে তাই এইবোৰ । হঠাতে তাইৰ কাষত আহি ভণিতাই কব ধৰিলে ।
---- মোক এনেকুৱা নকৰিবা প্লিজ.... প্লিজ মোক এৰি দিয়া কিয় মাৰি পেলাব বিচাৰিছা মোক তুমি ।
হা হা হা হা হা .......
এইবাৰ মই অনুৰাগক ভিডিও কল কৰিম তাৰ আগত ইমান এ ভয় খাই দেখুৱাম যে সি মোৰ কাষলৈ দৌৰি আহিব আৰু সি আহিলে মই দৌৰি গৈ তাৰ বুকুৰ মাজত সোমাম । আহ.... কিমান যে ভাল লাগিব । আৰু তাৰ পিছত সদায়ৰ কাৰণে তোক অনুৰাগে এইখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিব । কেনেকুৱা লাগিলে মোৰ প্লেনিংটো হু..... হা হা হা হা ।
--- মোৰ আচলতে আজি তোৰ ওপৰত ঘৃণা লাগিছে । নাৰী জাতিৰ নামত কলংক তই । তোক জন্ম দিয়া মা দেউতাৰ বংশৰ কলংক তই ।
--- এই চুপ বেছি মুখ চলিছে তোৰ ।
--- পুতৌ উপজিছে তোৰ ওপৰত, ইমানবোৰ কৰি ও তই কোনোদিনে অনুৰাগক নাপাবি । তোৰ ইমান কষ্ট এনেই অথলে গল । তোৰ গাৰ তেজবোৰ আজি এনেই বোৱালি কোনো কামত নাহিল আজিৰ ইমানবোৰ চেষ্টা । বেয়া লাগিছে আজি তোৰ কাৰণে মোৰ । কি কৈছিলি মোক অনুৰাগে মোক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰিব । চাই থাক আজি কোন কত যায় ।
---- এই তোক মই ....
---- নিচিঞৰিবি .....
--- কি কৰিবি তই হা কি কৰিবি মোক কি প্ৰমাণ আছে তোৰ হাতত । কোনে বিশ্বাস কৰিব তোক ।
---- প্ৰমাণ লাগে তোক ৰহ. এক মিনিট ৰহ. এক মিনিট ।
এইবুলি কৈ উপমাই টেবুলৰ কাষত লুকাই থকা মোবাইলটো উলিয়াই লৈ আহিল । তাই মনে মনে মোবাইলৰ ভিডিও অন কৰি থৈ তাইৰ পৰা সঁচা কথাবোৰ উলিয়াব চেষ্টা কৰিছিল । আৰু শেষত তাই ভবা ধৰণে সফল হল । তাই মোবাইলতো উলিয়াই লৈ আহি সকলোবোৰ ভিডিও ভণিতাক দেখুৱাই কলে ।
---- কি চাই আছো এনেকৈ । এনেকৈ ধৰা পৰি যাম বুলি চাগে ভবা নাছিলি । তোৰ নাটক শেষ এতিয়া জেলত যাব সাজুহো ।
উপমাৰ হাতৰ পৰা থাপ মাৰি মোবাইলতো কাঢ়ি আনিব খোজাতে উপমাই মোবাইলতো পিছফালে লুকাই লৈ । চকু ডাঙৰ কৰি ভণিতাই খঙেৰে উপমাৰ ফালে চাই কয় ।
---- এইটো তই বহুত ডাঙৰ ভুল কৰিলি উপমা । তই ভাবিব ও নোৱাৰিবি তোৰ লগত মই কি কৰিব পাৰো । ভালে ভালে কৈছো মোবাইলতো মোক দি ।
---- মৰিবলৈ মই ভয় নকৰোঁ কিন্তু মৰি যোৱাৰ আগতে তোক জেলত পঠাই হে মৰিম ।
---- মোবাইল দি বুলি কৈছো ।
ভণিতাই উপমাৰ ফালে আগবাঢ়িল আহিল । টেবুলৰ পৰা কাছৰ ফুলদানিতো লৈ তাইৰ ফালে আগবাঢ়ি অহা ভণিতাক দেখি উপমাৰ অলপ ভয় ও লাগিল । তাইৰ কোনো বিশ্বাস নাই । তাই তাৰ পৰা দৌৰি যাব লওঁতে চোফা এখনত খুন্দা লাগি তাই বাগৰি পৰিল । তাই পৰি যোৱা দেখি ভণিতাই হাঁহি হাঁহি তাইৰ কাষলৈ আগবাঢ়ি আহিল ।
---- এইবাৰ কত পলাবি । কোনে বচাব তোক মোৰ হাতৰ পৰা ।
---- তই বহুত ভুল কৰিব লৈছো তই ভাবি ও নাপাবি ইয়াৰ পৰিমাণ কি হব পাৰে ।
---- আচৰিত কিন্তু তই মৃত্যু সন্মুখত দেখি ও তোৰ মুখৰ পৰা ডাঙৰ কথা গুচি নাই ।
---- মোক মাৰি পেলালে ও পেলা কিন্তু তোক ও মই বাছি যাব নিদিও ।
---- বহুত বকি আছো তই । তোক মই .....
এইবুলি কৈ ভণিতাই তাইক মাৰিবলৈ ফুলদানিটো দাঙি ধৰিলে । এনেতে উপমাই ভৰিৰে তাইৰ ভৰিত জোৰেৰে মাৰি পঠালে । বাগৰি পৰিল ভণিতা । তাই পৰি যোৱা দেখি উপমা উঠি লৈ দৌৰ মাৰিলে ভিতৰলৈ । লগতে মোবাইলৰ পৰা অনুৰাগৰ WhatsApp ত ভিডিওতো send কৰি দিলে । নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে ভিডিওতো লাহে লাহে যাব ধৰিলে । ইফালে ভণিতা উঠি লৈ উপমাৰ ফালে লক্ষ কৰি ফুলদানীটো মাৰি পঠালে । পিছফালৰ পৰা উপমাৰ মূৰত কিবা এটা গধুৰ কোব পৰিল । তাইৰ মূৰটো লগালগ ঘূৰাই যোৱাৰ দৰে লাগিল । বাগৰি পৰিল উপমা । তাইৰ কাষলৈ গৈ পৰি যোৱা উপমাৰ চুলিত ধৰি কলে ভণিতাই ।
---- এইবাৰ কি কৰিবি হা .... কি ভাবিছোঁ তই তোক মই এনেই সাৰি যাব দিম ।
কোনো মাত নাই উপমাৰ মূৰত জোৰে আঘাত পোৱা বাবে তাই জ্ঞান হেৰুৱাই পেলাইছে । মৰি যোৱা বুলি ভণিতাই তাইৰ নাৰ্ভ চেক কৰিলে গম পালে মৰা নাই । ইফালে অনুৰাগহত আহি পাব হৈছে তাই ভাবিলে প্ৰথমে তাইক লুকুৱাই ৰখাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব তাৰ পিছত বাকী ভাবিব । তাই উপমাক টানি টানি নি নিজৰ ৰুমৰ আলমাৰী এটাৰ ভিতৰত হাত ভৰি মুখ সকলোবোৰ বান্ধি সুমুৱাই ৰাখিলে । তাইক থৈ তাই লৰালৰি কৈ তললৈ নামি আহি উপমাৰ মোবাইলতো বিচাৰি চালে । মোবাইলতোৰ লক খুলিব নোৱাৰি তাই মোবাইলটোৱে চুইছ অফ কৰি দিলে । অলপ স্বস্তিৰ নিশ্বাস এৰিলে তাই আৰু অনুৰাগৰ আগত কি অভিনয় কৰিব তাকে ভাবিব ধৰিলে ।
অনুৰাগৰ মাকক ডাক্তৰে চাই বেছি একো হোৱা নাই বুলি কলে । অলপ মেডিচিন লিখি দি সিহঁতক আহিব দিলে । মাকে ও লাহে লাহে খোজ দিব পৰা হল । সি মাকক ধৰি ধৰি গাড়ীৰ কাষলৈ লৈ আহোতে তাৰ মোবাইলত কিবা এটা মেছেজ অহা গম পালে । মাকক গাড়ীত বহুৱাই সি মোবাইলতো খুলি চালে । চকু ডাঙৰ হৈ পৰিল তাৰ অলপ ও দেৰি নকৰি সি গাড়ী ষ্টাৰ্ট কৰিলে আহি থাকোঁতে সি পুলিচক ফোন কৰি সিহঁতৰ ঘৰলৈ মাতিলে । গাড়ী কিমান জোৰত চলাইছিল সি নিজে গম পোৱা নাই । পদূলি মুখত গাড়ী ৰখাই এ সি ভিতৰলৈ দৌৰ মাৰিলে । মাকে তাক মাতিলে কিন্তু.....
---- মা তুমি লাহে লাহে আহি থাকা ।
দৌৰি যোৱা দি অনুৰাগ ঘৰৰ ভিতৰত সোমাই গল গৈ এ সি চিঞৰি মাৰিলে ।
---- ভণিতা .....
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment