শনিবাৰৰ দিন অফিচ বন্ধ । পুৱাই ককৰা ভাত কেইটা খায় নিৰ্জন হাবিলৈ ওলালো । যথা সময়ত হাবিখন পালোগৈ । আগৰ দৰেই চৰাই-চিৰিকতিৰ শুৱলা সংগীত বোৰ শুনি মনটো ভাল লাগিল । হাবিৰ মাজে মাজে লতা বন ফালি নদীৰ পাৰলৈ গৈ থাকিলো । মাজে মাজে কাঁইটিয়া বনবোৰে বিন্ধিছিল । পৰিহাস কৰি আগবাঢ়ি গৈ থাকিলো । অলপ দূৰ গৈ কেকুৰি এটা পালো এজন খৰিকটিয়াই লগ পালে । তেওঁ কোৱা মতে ইয়াত প্ৰেতাত্মা এজনি আছে বোলে । মই কথাষাৰ গুৰুত্ব নিদিলো কাৰণ মই এইবোৰ বিশ্বাস নকৰো । মোক নদীৰ দাঁতিলৈ যাৱলৈ মনটোক মাতি আছে আৰু অলপ দূৰ গৈ সুগন্ধি সুৱাসৰে হাবিখনত মল মলায় আছে । মন মোহিত সুৱাস ,ভাগৰ লাগিছে যদিও ৰখিব পৰা নাই ।ভৰিৰ আঠুলৈকে কাঁইটে ফালি তেজ বিৰিঙি গৈছে । এক অজান অজ্ঞান শক্তিয়ে যেন মোক হাবিখনৰ মাজলৈ টানি নি আছে । আৰু অলপ দুৰ গৈ এচটা শীলত বহি পৰিলো । নোৱাৰো আৰু মোৰ দেহত আৰু শক্তি নাই । শীল চটাৰ আশে পাশে সুগন্ধি সুৱাসত মল মলয়া আছে । ঘূৰি পকি চালো ফল-ফুল একো নাই । ঘন জংঘল মোৰ বাহিৰে ইয়াত কোনো নাই । কিহৰ ইমান সুৱাস ? গাৰ নোমবোৰ শিয়ৰি উঠিল । হঠাৎ এটা মৃদু কন্ঠৰ গুন -গুননি শুনিলো । বহাৰ পৰা উঠি ইফালে সিফালে ঘূৰি চালো কোনো নাই ।কাৰ এই মৃদু সংগীতৰ ধ্বনি । বুকুৰ ধ্প ধ্পনি বাঢ়ি আহিল । নিৰ্জন হাবি মই অকলে । কোন ?কোন আছে মাত দিব ? লতা বোৰৰ মাজেৰে ওলায় আহিল .......নীলাঞ্জনা ।
মই বিক্ৰম ! ( এক মিঠা মাতৰে )
তুমি ইয়াত কি কৰিছা নীলাঞ্জনা ? (থুনুক থানাক মাতৰে)
এইয়াই মোৰ বাসস্থান বিক্ৰম !
তুমি কি কৈছা মই বুজা নাই (অলপ ভয় ভাৱৰে)
হা: হা:হা:
কিয় হাঁহিলা ?
কম সকলো কম । আহা ইয়াতে বহা । মই নীলাঞ্জনা নহয় বিক্ৰম ।
কি ? কোন তুমি ?
মই প্ৰেতাত্মা ।
হা (উচপখায়) পাহৰি গলো মই যে এখন হাবিৰ মাজত আছো ।
কিয় ? কেনেকে হল ( ভয় আছে যদিও তাই প্ৰেয়সি)
কম সকলো কম তুমি ভয় নকৰিৱা তোমাক একো হানি নকৰো । ( দুয়ো ওচৰা ওচৰি বহিলো )
সেইদিনা মই বজাৰৰ ফালে যাম বুলি ওলায়চিলো । খোজৰে আগবাঢ়িলো আধা বাটত অনুপম আৰু পাপুক পালো সিহতে আগবঢ়ায় দিম বুলি বহুত যোৰ কৰিছিল মই না নকৰিলো গাড়িৰ পিছৰ চিটত বহিলো । পিছত কি হল মনত নাই । হঠাৎ সাৰ পায় দেখিলো এই চতা শীলৰ ওপৰত মই শুই আছো । মোৰ সতিত্ব ধ্বংশ কৰিছিল সিহত দুয়োতাই ।মোৰ বস্ট্ৰ বিহিন দেহাতোক ভোকাতুৰ শিয়ালৰ দৰে আচুতি আচুৰি অত্যাচাৰ কৰিছিল । মই চিঞৰি চিঞৰি ক্লান্ত হৈ পৰিছিলো । মই এজনি ধৰ্ষিতা নাৰী তোমাৰ ওচৰত কি সতে যাম,মা-দেউতাৰ ওচৰত কি মুখ দেখুৱাম,সমাজক কি কম । সকলোৱে মোক ঘৃনা চকুৰে চাব । মই ঘৃনাৰ পাএ হৈ পৰিলো । গতিকে আত্মহত্যাৰ পথকে বাছি ললো । এই নদীতেই এইখিনিতে মইআত্মহত্যা কৰিলো । কিন্তু মোৰ আত্মাই শান্তি নাপালে । তোমাক মা-দেউতাক চাব মন যায় কিন্তু যাব নোৱাৰো । সেই পাখন্দ দুটাক মই হত্যা কৰিমেই।সিহতৰ কলিজাৰ তেজ খালেহে মোৰ আত্মাই শান্তিত বিৰাজ কৰিব । সেইদিনা তোমালোকক এই হাবিলৈ আহোতে দেখিছো কিন্তু তোমালোক যি দোখৰ স্থানত আছিলা মই সেই স্থানলৈ যাব নোৱাৰো । গতিকে তোমাক মাতিলো কাৰণ প্ৰকাশ নকৰিলেও অন্তৰৰ মিল আছিল তোমাৰ মোৰ । তোমাৰ সহায়ৰ প্ৰয়োজন আছে । কৰিবানে মোক সহায় ? নিশ্চয় কৰিম নীলাঞ্জনা । মোৰো তোমাৰ প্ৰতি ভালপোৱা আজিও আছে । নীলাঞ্জনাৰ কথাবোৰ শুনি বজ্ৰ পৰা মানুহৰ দৰে থৰ হৈ পৰিলো ।দুচকুত চকুলো বৈ পৰিল । ইমান ঘৃননীয় অত্যাচাৰ মোৰ প্ৰেমক । ধৰ্ষন কৰিলে । প্ৰতিশোধৰ জুইকুৰা মোৰ বুকুতো জ্বলিচে । তোমাক সহায় কৰিম নীলাঞ্জনা । মই তোমাক আজিও ভাল পাওঁ বিক্ৰম ।তোমাৰ প্ৰতি মোৰ ভালপোৱা আছে বাবেই মোৰ আত্মাই আকৰ্শিত কৰি আনিছে । অ নীলাঞ্জনা তোমাৰ অপেক্ষাত ৰৈ ৰৈ যেতিয়া শুনিলো তুমি আন্মহত্যা কৰিছা তেতিয়াৰ পৰা মোৰ মৰম ভাল পোৱা কাৰো লগত অংশগ্ৰহন কৰা নাই । আজিও বৰলা হৈয়ে আছো । নীলাঞ্জনাৰ কথাবোৰ শুনি এতিয়াই গৈ অনুপম আৰু পাপুক হানি খূচি হত্যা কৰিবৰ মন গল । মোৰ হৃদয়খন ভাগি পৰিছিল । সন্ধ্যা নামি আহিছিল হাবিলৈ । নীলাঞ্জনাৰ পৰা বিদায় লৈ ঘৰলৈ আহিলো ।
দুখ লাগিলেও ধৰ্য্য ধৰিয়ে আছো । নীলাঞ্জনাক এৰি আহিব মন নাই যদিও আহিবই লাগিব । আত্মা যদিও চকুত আজিও প্ৰেমৰ মিঠা চাৱনি জিলিকি আছে মোৰ বাবে । কিন্তু কোনো পাৰ্থক্য নাই মোৰ বাবে । এদিন চল বুদ্ধিৰে অনুপম আৰু পাপুক এঈ হাবিলৈ লৈ আনিলো । প্ৰতিশোধৰ জ্বলিত জুইকুৰা এতিয়াহে জুৰ পৰিল । দুয়োকে হত্যা কৰি নদীত পেলায় দিলে নীলাঞ্জনাই । শান্তি পালে নীলাঞ্জনাৰ মৃত আত্মাই।
মোৰ যোৱাৰ সময় হল বিক্ৰম ।
কত নালাঞ্জনা ?
অজান পৃথিৱীত যত শান্তি আছে ।
তুমি নগলে নহয় নীলাঞ্জনা ?
যাবই লাগিব । ইহঁত দুটাক প্ৰতিশোধৰ কাৰণে মোৰ আত্মাই শান্তি পোৱা নাছিল । সময়ে কাকো ক্ষমা নকৰে বিক্ৰম । মোৰ মৰম ভালপোৱা তোমাৰ বাবে সদায় থাকিব ।
বিদায়....
দুচকুত চকুলো লৈ বিদায় ললে নীলাঞ্জনাই।
বিদায় নীলাঞ্জনা ।
তুমি আকৌ আহিবা ..... মই তোমালৈ ৰৈ থাকিম ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment