দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ নলবাৰী ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে দুঘন্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে। নলবাৰী চহৰৰ এন.টি ৰোড্ স্থিত সংগঠনটোৰ জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন হোৱা দুঘন্টীয়া অৱস্থান কাৰ্যসূচীত বহু সংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে। যুৱ-ছাত্র পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি আচিক আহমেদ আৰু সাঃসম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত অনুষ্ঠিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত 'কা' আমি নামানো, বিজেপি চৰকাৰ নিপাত যাওক, শ্বহীদৰ কেচাঁ তেজ অথলে যাব দিয়া ন'হব, অসম ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নগেন শালৈৰ উপস্থিতিত ৰূপায়িত কাৰ্যসূচীৰ জৰিয়তে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ দৰে নেতাই অসমৰ ৰাইজক নানা প্ৰলোভন, মিছা কথাৰ প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে।সেয়স সমাগত অসমৰ বিধান সভা নিৰ্বাচনত অসমৰ ৰাইজক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায়।বিজেপি চৰকাৰক পুলিয়ে পোখাই উঘালি লুইতত জাহ দিবলৈ সৰ্বস্তৰৰ ৰাইজক কাতৰ আহ্বান জনায় সংগঠনটোৱে প্ৰতিবাদ স্থলীৰ পৰা।
নলবাৰীৰ পৰা চাহিল মল্লিক ৰ ৰিপোৰ্ট।
No comments:
Post a Comment