আজি কোকৰাঝাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰথম বিটিআৰ চুক্তি দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু কেইবাটাও আঁচনি তথা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি, গৃহমন্ত্ৰীয়ে শ্বহীদৰ পৰিয়ালবৰ্গলৈ ৫ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে বিটিচিৰ Digital Office Management Systemৰো উদ্বোধন কৰে।
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিধায়ক তথা হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বিশ্বজিত দৈমাৰী, বৈজয়ন্ত জয় পাণ্ডা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
No comments:
Post a Comment