( মনৰ কথা আপোনালোকে গম পালে,খুৱ সহজ সৰল এজন ল'ৰা,পিছে মনৰ লগত আজি কি হ'ল জানেনে ? )
তৰালীৰ মাতত মনে সাৰ পালে , সি লৰালৰিকৈ চাকিটো জ্বলাই ললে | আজি তিনিদিন হ'ল সিহঁতৰ ফালে কাৰেন্ট ও নাই সেয়েহে বৰ দিগদাৰ হৈছে | সি অংকিতক লৈ লক্ষ্য কৰিছিল সি শুই আছিলে | এইফালে তৰালিয়ে দাদা ,দাদা বুলি চিঞঁৰিয়ে আছে | সি একে জাপে বিচনাৰ পৰা নামি ভনিয়েকৰ ওচৰ পালে |
সি দেখিছিল তাই হাত ভৰি লৰাই মাত্র চিঞঁৰি আছিলে |
- ভন্টি ঐ ভন্টি |
সি তাইক গাত জোৰেৰে ঢকিয়াই মাতিলে |
- দাদা
তাই যিমান পাৰে সিমান খেপিয়াই মনৰ বুকুৰ মাজত সোমাল আৰু উচুপি উচুপি কান্দিলে |
- কি হ'ল ভন্টি তোৰ ?
- মোক কোনোবা এজন মানুহে কানৰ কাষত কৈ গৈছে,,,,,,,,
- কি কৈ গৈছে ?
- তই হেনো ! তই
- মই,,,,
- তই হেনো এক্সিডেন্ট হৈ মৰি থাকিলি |
- ধেইট এই জনী ! এয়া তোৰ মনৰ ভাৱ |
- অ দাদা তই মোক এৰি নাযাবি দেই , তই নহ'লে মোক কোনে চাৱ ? মোক কোনে ভাত দিব ! মই দেখোন জীয়াই জীয়াই মৰি থাকিম অ দাদা |
মনে বহুত চেষ্টা কৰি ও একো কব নোৱাৰিলে ,সি তাইৰ চকুৰ পানী খিনি মছি দিলে | লগে লগে তৰালিয়ে অনুভৱ কৰিলে যে তাইৰ দেহত এটোপাল পানী পৰিছিলে | তাই হাত খনৰে মনৰ মুখ খন খেপিয়াই চালে,তাৰ চকুৰপতা তাই স্পৰ্শ কৰিলে |
- দাদা তই কান্দিছ ? কিয় কান্দিছ !
- ধেইট পাগলী ! নাই কন্দা মই
- মোৰ চকুৰ শক্তি নহ'লেওঁ সকলো বস্তু অনুভৱ কৰিব পৰা শক্তি এটা আছে দাদা | মই জানো তই কান্দিছ ! ঐ দাদা শুন না |
- কি ভন্টি ?
- মই তোৰ কোচত টোপনি যাম এতিয়া | হব নে ?
তাৰ এজনীয়েই ভনীয়েক | তাতে তাই চকুৰে নেদেখে , সি এই দুখ তাইক অনুভৱ কৰিব দিব নোৱাৰে । লগিলে সকলো কষ্ট সি সহ্য কৰিব | সি ভনীয়েকৰ মূৰটো তাৰ কোছত ল'লে | সি তাইৰ মেঘালী ছুলিৰ মাজত হাত ফুৰাই থাকিলে | তাই আকৌ টোপনি গ'ল | এইবাৰ সি অনুভৱ কৰিলে তাৰ চকু কেইটা ও তানিছে | এইফালে ভনীয়েকৰ মূৰটো তাৰ কোচত | উপায় নাই যদি হে ভনীয়েকক বিচনাত থোৱাৰ পাছত তাই সাৰ পায় যায় ! সি বিচনাৰ গাতে লাগি থকা বেৰ খনতে আউজি টোপনি গ'ল |
ৰাতিপুৱাঁ তৰালীয়ে সাৰ পাই অনুভৱ কৰিলে যে তাই ককায়েকৰ কোচত মূৰ থৈ টোপনি গৈ আছিলে | তাই বিচনাত বহি লৈ ককায়েকক খেপিয়াই চালে | মনে তেনেকৈয়ে টোপনি গৈ আছে | তাই ককায়েকৰ মুখ খন স্পৰ্শ কৰাৰ লগে লগে মনে সাৰ পালে | চকু মেলি চাই দেখিলে তৰালী |
- ভন্টি ?
- দাদা তোক মই বহুত কষ্ট দিলো ন গোটেই ৰাতিটো |
- ধেইট নাই দিয়া,
সি কথা সলাৱ চেষ্টা কৰিলে |
- অ সাত বাজি গ'ল চাওঁ মোৰ দেৰি হব || ঐ ভন্টি , যা আমাৰ কুম্ভকৰ্ণক জগাই দে |
মনে একেজাপে বিচনাৰ পৰা নামিলে | এফালে হাতত ব্রাছ অন্য ফালে হাতত ঝাৰু |
যিমান পাৰে সিমান দৌৰা দৌৰিকৈ গা ধুই আহি ভাত বহাই দিলে |
সিহঁত হ'ল গাৱলীয়া মানুহ , তাতে অভাৱী । গতিকে খোৱা লোৱাৰ তেনেকুৱা কোনো নিৰ্দিষ্ট কথা নাই | ৰাতিৰে মাংসৰ আঞ্জা অকমান আছে , সেইখিনি অংকিত আৰু তৰালিক দিব | মনৰ কাৰনে ভাততে আলু এটা দি দিলে |
- ঐ দাদা দাড়ি খিনি কাতিবিচোন |
অংকিতে ককায়েকক কৈছিলে |
- কিয় ?
- একদম সেই পাঞ্জাবী পাজিৰ দৰে লাগিছে |
- হ'ব হ'ব লেকচাৰ মাৰিব নালাগে তই ,ককায়েৰাৰ দাড়ি কাটিবলৈ সময় ও লাগিব | ঐ ভাইটি হু,ভাত ল' ,ভন্টি ঐ ভন্টি ?
- অ দাদা !
তাই ভিতৰৰ পৰা চিঞঁৰিছিলে |
- আহ ভাত বাঢ়িছো |
তাই খেপিয়াই খেপিয়াই পাকঘৰত সোমালে | তিনিওঁ বৰপীৰা পাৰি খাবলৈ বহিলে |
- অ দাদা
তৰালিয়ে মাত লগালে |
- তই মাংস খাইছ নে ?
- দাদাই,,,,,,
অংকিতে মাত লগাইছিল মাত্র | মনে তাক দেখাই দিলে " চুপ " | অংকিত মনে মনে থাকিলে |
- দাদা একো নকলি যে ?
- ভন্টি ! খাইছো বহুত খাই দিলো আজি |
- সঁচাই নে দাদা ?
- উম সঁচা |
- বহুত ধুনীয়া বনাইছিলি তই |
- ভন্টি এতিয়া তই ধুনীয়াকৈ ভাত কেইটা খাই ল' হা | ঐ ভাইটি শুন ,,,,,,,
- ক' দাদা
- ভাত কেইটা বনাই থৈছো,দিনত দাইল বনাবি,আৰু বেঙেনা আছে সেয়া ভাজিবি | মই আহো ,,,,,
- দাদা,,,,,,,,
সি ৰৈ গৈছিল |
- ক' জলদি ক'
- মানে,,,,,
- পইচাঁ লাগে ?
- উম ত্রিশ টকা এটা লাগিছিলে |
মনে পকেটৰ পৰা উলিয়াই তাক চল্লিছ টকা দিলে |
- শুন এই দহ টকাৰ ভন্টি কিবা খাৱ বিচাৰিলে আনি দিবি |
- দাদা মোক নালাগে,মই একো নাখাওঁ তই লৈ যা |তোৰ অসুবিধা হব নহ'লে,,, ,
তৰালীৰ কথাত মনৰ হিয়া খন ভাগি গ'ল |
- ঐ পাগলী তই মোৰ কথা চিন্তা কৰিব নালাগে | ভন্টি আহো দে,,,,,,ঐ বদমাছ ভন্টিক চাবি |
- মই কলেজ যাম কিন্তু দাদা |
- ঠিক আছে সোনকালে আহিবি |
কথা খিনি কৈ কৈ মন ওলাই গ'ল | গতানুগতিক জীৱন | ৰাতিপুৱাৰ লগে - লগেই মন ৰঙিয়াৰ পৰা আকৌ ৰাওঁনা হয় গুৱাহাটী | অংকিত ৰঙিয়া কলেজৰ ছাত্র |পঢ়াত যথেষ্ট ভাল বাবে মনৰ তাক লৈ আশা বহুত |
আজিওঁ সূৰ্য্যৰ ৰুদ্রমূৰ্ত্তি | ৰঙিয়াৰ চেপ্তিৰ চ'কত সি সদায় বাছলৈ অপেক্ষা কৰে | আজিওঁ ৰৈ আছে ,,,,,,
- ঐ ভাই খালী আছে উঠ |
হেণ্ডিমেনৰ চিঞৰত সি উঠি ল'লে |
- ঐ খালী গাড়ী খালী গাড়ী বাইহাতা,চাংসাৰি,জালুকবাৰী,লখৰা,বশিষ্ঠ ,খানাপাৰা |
- ঐ গাড়ী ত আৰু মানুহ উঠাই থাকিবি নে যাবি ?
এজন মানুহ অধৈৰ্য্য হৈ হেণ্ডিমেনক মাত লগালে |
- দাদা আমাৰ গাড়ীত মানুহ নহ'লে আমি খাম কেনেকে !
- কি তহঁতৰ গাড়ীত দেখোন মানুহ থিয় হোৱাৰে জাগা নাই ,আৰু কিহৰ মানুহ উঠাই আছ ?
তেনেতে কাষৰ চিট এটাৰ মহিলাজনীয়ে মাতলগালে |
- হয় দে এই গৰম খনত এনেকে ৰৈ থাকিব নোৱাৰি,বাপৰে কি ৰ'দ দিছে অ',,,উফ !
- আচলতে ইহঁতক এসেকা ভালকৈ দিব লাগে |
এইবাৰ অন্য এজনে মাত লগালে |
- হাৰে আমাৰ অফিচৰ সময়ৰ কথা আছে নহয় |
- ঐ ড্ৰাইভাৰ গাড়ী চলা |
- ঐ যাৱ দে,,,,,,,,,,
মনে সকলো নিৰৱে চাই গৈছিল | এৰা সময়,চৰকাৰী অফিচৰ মানুহ খিনিৰ বাৰু কথা নাই দহ মিনিট দেৰি হ'লেওঁ | কিন্তু আমাৰ আচল সময় এয়া | এইখিনি সময়ত আমি বিশ্ববিদ্যালয়ৰ বহু কেইটা ভাড়া পাওঁ | তৰ্ক-বিতৰ্ক ৰ মাজেৰে গাড়ী গৈ জালুকবাৰী পালে | উফ ! ৰক্ষা,,,,,,,
মনে গাড়ীৰ পৰা নামিলে আৰু চিধাই গৈ ৰিক্সা উলিয়ালে | কিছু সময় ৰোৱাৰ পাছত এজন ডেকাল'ৰা আহিলে |
- ঐ ৰিক্সা ইউনিভাৰচিটি ব'ল |
- উঠক |
এই ৰ'দত আৰম্ভ কৰিলে মনে জীৱনৰ যুদ্ধ খন | দুপেডেল মান মাৰোতেই তাৰ কপালৰে বৈ আহিল নিমখীয়া ঘাম |
" ঘটং "
শব্দ এটা হ'ল | সি ৰিক্সাৰ পৰা নামিলে আৰু চালে | অ চেইন ডাল পৰিছে | আকৌ উঠাই যাত্রা কৰিলে | কিছু সময় যোৱাৰ পাছত সি ইউনিভাৰচিটি পালে |
ল'ৰা জন নামিলে,আৰু বেগৰ পৰা বিশ টকীয়া নোট খন উলিয়াই দিলে ! মনে হাত পাতি লোৱাৰ লগে লগে সি খোজ দিলে | মনে নোট খন চাই চিঞঁৰিলে |
- হেৰি দাদা !
ল'ৰাজনে ঘূৰি চাই মাত লগালে
- কি হ'ল বে ?
- আৰু দহ টকা এটা লাগিব |
ল'ৰাজনে তাৰ কাষলৈ আহিলে |
- আৰু কিমান লাগে ?
- দহ টকা |
- তাৰ পৰা ইয়ালৈ ভাড়া কিমান ?
- ত্রিশ টকা |
- শুন যি দিছো তাকে ল' চিঞঁৰি নাথাক |
- আপুনি মোক দম দিলে কেনেকৈ হ'ব | এই ৰ'দত ৰিক্সা টানি মাত্র নিজৰ প্রাপ্য খিনিহে বিচাৰিছো |
- ভালে ভালে কৈছো যি দিছো তাতে সন্তুষ্ট হ'
- নহ'ব আপুনি দহ টকা দিব লাগিব |
- দহ টকা লাগে ন ! এবাৰ ক'লে নুশুন !
সি মনৰ কপালত মাৰিলে এটা প্রচণ্ড ঘোচা | মন ৰাস্তাত চিটিকি পৰিল | মনৰ কপালৰ পৰা তেজ বৈ আহিলে | এজন দুজনকৈ বাটৰুৱা , বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে বেৰি ধৰিছিল মন আৰু সেই অভদ্র ডেকা ল'ৰাক জনক ।
মনে তাৰ তেজ খিনি ডিঙিৰ গামোছা খনৰে মছি ল'লে | গামোছা খন ৰঙা হৈ পৰিল | এয়া বহুত কষ্টৰ তেজ | লাহেকৈ সি ৰিক্সাখনত উঠি ল'লে আৰু পেডেল মাৰিব ল'লে | যিটো দৃশ্য দেখি প্রতিজন মানুহ আবেগিক হৈ পৰিছিল |
- আপুনি ৰ'বছোন |
এজনী ছোৱালীৰ মাতত সি ৰৈ দিলে |
- কিহৰ বাবে ই আপোনাক এনেকুৱা কৰিলে কওঁকচোন ?
- এয়া আমাৰ কাৰণে সৰু কথা , এনে আমাৰ লগত হৈ থাকে | কিন্তু আজি মই ৰিক্সাৱালা হ'ব নালাগিছিল মই ও দেখালো হয় বাহুৰ শক্তি |
- ৰ'বছোন , এয়া অন্যায় হৈছে আমি সিদ্ধান্ত ল'ম |
ছোৱালী জনীয়ে লক্ষ্য কৰিছিল মনৰ কপালৰে তেজ বৈ আছিলে |
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment