পুলিচৰ বিষয়া জনে সকলো নীৰৱে চাই আছিল l বন্দনাৰ কথা তেওঁ কোনো গুৰুত্ব নিদিলে l
ৰাহুল দেউতাই এইটো কাম কেতিয়াও কৰিব নোৱাৰে তেওঁক হত্যা কৰিছে l এইয়া এক ষড়যন্ত তুমিতো মোক বুজা l
তুমি কি কৈছা এইবোৰ ! দেউতাৰ দৰে সৎ মানুহ এজনক কোনে হত্যা কৰিব এইয়া কেতিয়াও সম্ভৱ নহয় l
এফালে ধৰা পৰিব বুলি ভয় তথাপিও তাইক সান্তনা দি আতৰি গৈছে l
ঘৰৰ লৰাৰ দৰে সকলো কামত ৰাহুলে আগভাগ ললে l
সি সকলোবোৰ নিজৰ ইচ্ছা অনুসৰি কৰি গল বন্দনাই একো ধৰিবই নোৱাৰিলে l
এনেকৈ দিনবোৰ পাৰ হবলৈ ললে l বন্দনাৰ মাজে মাজে দেউতাকৰ মৃত্যু অকাল বিয়োগ যে নহয় মনটো ক্ষুৰ ধুৰাই থাকিল l তাই যেন শান্তি নোপোৱা হল l
এদিনাখন বেংকৰ মেনেজাৰ এজন বন্দনাৰ ওচৰলৈ আহিল l বাইদেউ আপোনাৰ বেংকৰ সকলো টকা ৰাহুল চাৰৰ একাউণ্টত কিয় টেন্চফাৰ কৰিলে l
মই ঠিক বুজিব পাৰিছিলো যে আপুনি মোৰ কথা কেতিয়াও বিশ্বাস নকৰে l সেয়ে মই সকলো প্ৰুফ লৈ আহিছো l এইয়া চাওক তেখেতে কেনেদৰে আপোনাৰ পৰা সকলো বোৰ সা সম্প্ৰতি কিমান কৌশলেৰে নিজৰ কৰি ললে l
তাইৰ মুৰত যেন সৰগ খন খহি পৰিল এনে ভাব হল l তাৰ মানে দেউতাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মানুহ জন ৰাহুল l এইয়া কেনেকৈ সম্ভৱ l সি দেউতাক বহুত ভাল পাইছিল l সি এনে কৰিব জানো l
ৰাহুল তুমি ইমান বিশ্বাসঘাট কিয় কৰিলা l এবাৰ যদি ভালকৈ কোৱা হলে মই সুখেৰে তোমাক সকলো খিনি দি দিলো হয় কিয় তুমি দেউতাক মাৰি পেলালা ! কিয় ! কিয় ? তুমি আমাৰ ঘৰখনৰ মানুহক আপোন কৰি লোৱাটো তোমাৰ অভিনয় আছিল l উ:স ! সেই অভিনয়ত মাতাল হৈ মই বহুত ভুল কৰিলো l দেউতাক হেৰুৱালো l আজি মই মোৰ ভুলৰ শুদ্ধৰনি কৰিম তোৰ দৰে এটা কুকুৰক উচিত শাস্তি দি l
প্ৰায় দৌৰি গৈ মবাইলটো লৈয়ে থানালৈ ফোন কৰিব লৈছিল তেনেতে পিছফালৰ পৰা ৰাহুলে চুৰি এখন তাইৰ পেটত ভৰাই দিলে l
বা উঠ কি হৈছে তোৰ , তোৰ গাত ইমান তেজেৰে ভৰি আছে কিয় l ৰাহুলদা বাইদেউৰ কি হৈছে l
ৰাহুল সেই মুহূর্তত মাত্র এটা দানৱ l বন্দনাৰ মৃত শৰীৰ তোৰ ওচৰতে বহি কান্দি থকা চন্দনাক এৰি নিদিলে l এদাল ৰচী আনি চন্দনাক উচৰতে থকা ফেন খনতে মাৰি উলমাই দিয়ে l
ৰাহুলে সমষ্ট সম্পত্তিৰ মালিক এতিয়া l তাৰ জীৱনৰ কাইট কেইদাল আতৰাই আনন্দত আত্ম বিভোৰ হল l
জীৱনত সি বহুতো সা সম্পত্তিৰ মালিক হবলৈ সপোন দেখি আছিল l সেই সপোন তাৰ পুৰণ হল l
পিছফালৰ পৰা কান্দোনৰ মাত শুনি প্ৰশান্ত আৰু কমলা ঘুৰি চাই দেখে সেই ঠাইত গৰিমা আহি ৰৈ আছিল l
গৰিমা তুমি কেতিয়া আহিলা l তুমি টোপনি যোৱাৰ বাবে মই আমনি নিদি নিজে কি পাৰো কৰিবলৈ আহিলো l
তোমালোকৰ সকলো কথা মই শুনিলো ! গৰিমাই কান্দি কান্দিয়ে কলে l
আপুনি এই ফ্লেটএৰি দিয়ক বাইদেউ l আজিলৈকে যিমান আহিছে ইয়াত থাকিবলৈ সকলো মৰি শেষ হৈছে l বন্দনা আৰু চন্দনাৰ আত্মা আছে এই ঘৰতোত l সিহঁতে ন্যায় নাপালে সেই কাৰণে ৰাতি ৰাতি আত্মা দুটা ঘুৰি ফুৰে এই ঘৰতোত
ধাৰাবাহিক খনৰ প্ৰথমটো খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_339.html
ধাৰাবাহিক খনৰ দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_232.html
ধাৰাবাহিক খনৰ তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_262.html
ধাৰাবাহিক খনৰ চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_288.html
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা এনিশা শইকীয়া ডেকাৰ দ্বাৰা এই লেখা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment