ৰাতি প্ৰায় 12 বাজিছে তেনেতে ৰাহুল দত্তৰ ফোনটো বাজি উঠিল l সি আধা মেলা চকুৰে ফোনটো চালে গৰিমাৰ ফোন l অলপ আগতে আহিছোহে তাইৰ ফ্লেটৰ পৰা l এই ৰাতি কিয় বা কৰিছে l
নতুন ঠাইত অকলে থাকিব অলপ অসুবিধা পাইছে কিজানিবা l নে বিপদত পৰিছে l ভাবিয়ে সি একে জাপে শুৱাৰ পৰা উঠি ফোনটো ৰিচিভ কৰিলে l হেল্ল গৰিমা ইমান ৰাতি ফোন কৰিলা যে টোপনি অহা নাই নেকি lকি হল একো নামাতা যে l তেনেতে গৰিমায়ে কান্দি থকা শুনিবলৈ পালে l তাই ভয়তে মুখেৰে একো কব পৰা নাই মাথোন কান্দিয়ে থাকিল l
ৰাহুলে আৰু বুজিবলৈ বাকী নাথাকিল যে তাৰ প্ৰেয়সী বিপদত পৰিছে l সি প্ৰায় দৌৰি যোৱা দি গৈ টেবুলৰ পৰা গাড়ী চাবিটো লৈ গৰিমাৰ ফ্লেটৰ দিশে অতিক্ৰম কৰিলে,যিমান পাৰে সিমানেই গাড়ীৰ গতিবেগ বঢ়াই দিলে l
আঘোণৰ হিম চেঁচা বতাহ জাকে তাৰ নাকে মুখে সোমাইছে l কুঁৱলীৰ ডাঠ আবৰণে সকলো ঢাকি ৰাখিছে কত কি আছে একোৱেই ধৰিব পৰা নাই l কুঁৱলী ফালি ৰাহুল আগুৱাই গৈছে lগৰিমা গৰিমা বুলি চিঞৰি সোমাই গৈছে l গৰিমা মাজ মজিয়াত পৰি আছে ইফালে সিফালে চাই দেখে অলপ আগত পৰিপাটিকে থোৱা সকলো বস্তু থান বান হৈ পৰি আছে l
গৰিমা গৰিমা কি হৈছিল তোমাৰ বুলি কৈ মুখলৈ অলপ পানী দিলে l
ৰাহুলক দেখি তাই অলপ সাহস পাই জোৰকৈ সাবটি ধৰি তাৰ বুকুৰ মাজতে কান্দিব ধৰিলে l এই ঘৰতোত কি আছে মই একো ধৰিব পৰা নাই ৰাহুল l
ছোৱালী দুজনীয়ে কান্দি থকা শুনি মই তললৈ নামি আহিলো l ছোৱালী দুজনী মোৰ সন্মুখতে ইফালৰ পৰা সিফালে কান্দি ঘুৰি ফুৰিছে l মই দুৱাৰ খিৰিকী একো খুলিব পৰা নাছিলো মোক যেন এটা চেঁচা বস্তুৱে ধৰি থৈছে তেনে ভাব হল l দীঘল হাত এখনে মোৰ ডিঙিত চেপি ধৰি আছিল সেইয়ে মই মোখেৰে একো মাতিব পৰা নাছিলো l সৌ ফেন খন দেখিছা তাৰ পৰা তেজ পৰি মজিয়া খন ৰঙা হৈ আছে l মই আগুৱাই যাব খোজোতেই পৰি গলো তাৰ পাছত কি হল মই একোকে গমেই নাপালো lতাইৰ কথাবোৰ শুনি ৰাহুলে হাঁহি দিলে l ৰিল্লেক্স বেবি একো নাই এতিয়া মই আহিলো নহয় সকলো ঠিকহৈ যাব l
ৰাহুলে আত্মা প্ৰেতাত্মা একো বিশ্বাস নকৰে তাই কোৱা কথাবোৰ সি সহজ ভাবে লব পৰা নাই l সি মনটে ভাবিলে হয়টো এই শুৱাৰ আগত আত্মাৰ কাহিনী পঢ়িছিল তাৰ বাবে সপোন দেখি এইবোৰ কৰিছে l
তাই বাৰে বাৰে কোৱা দেখি সি ফেনখন চাবলৈ গল, এইবাৰ গৰিমাক উদ্দেশ্যি ৰাহুলে কলে তাত একো নাই এইবোৰ তোমাৰ মনৰ ভ্ৰম l
বলা শুই থাকিবা কাইলৈ তোমাৰ মিটিং আছে নহয় l তাইক ৰুমলৈ নি শুবলৈ দিলে আৰু টোপনি নোযোৱালৈকে বহি থাকিল তাইৰ কাষতে l সি লগত আছে কাৰণে গৰিমা নিৰ্ভয়ে টোপনি গল l তাইক ভালকৈ শুৱাই সি ঘৰ পালেগৈ l...........(আগলৈ)ওচৰতে থকা চেয়াৰ খনত বহি পৰিল l তাই ভাবিবলৈ ধৰিলে কালিৰ দৰে আজিও যদি একেই হয় তাই কি কৰিব l.... আগলৈ
ধাৰাবাহিক খনৰ চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_288.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment