কেইদিনমান ভাল দৰে টোপনি নাই কাৰণে গৰিমাই প্ৰশান্ত লগত কথা পাতি থাকোঁতে টোপনি গল l
প্ৰশান্তয়ে তাইৰ টোপনি দেখি লাহেকৈ বিছনা এখনত শুৱাই দিলে l
তাইৰ মুখলৈ চাই সি ভাবিলে এই ছোৱালীজনীৰ দোষ কি ভগৱানে ইমান কষ্ট কিয় দিছে বাৰু তাইক l
আৰু ৰাহুলে তাইকলৈ ইমান গুৰুত্ব নিদিয়ে কিয় l ইয়াৰ মাজত নিশ্চয় কিবা ৰহস্য সোমাই আছে l
ঘৰতো কাৰ হয় আৰু কি ৰহস্য সেয়া মই প্ৰথমে জনা হলে গৰিমাক সেইটো ফ্লেট লবলৈ কেতিয়াও নিদিলো হেতেন l
তাই শুই উঠাৰ আগেয়ে মই তাইৰ ফ্লেটৰ পৰা আহোঁ l ওচৰ চুবুৰীয়াক সুধিলে অলপ হলেও বুজিব পাৰিম আছল ৰহস্য l অলপো পলম নকৰি তাইৰ ফ্লেট ওলালগৈ l
নিজৰ মোৰত কোবাই ধেৎ কি অমংগলীয় কথাবোৰ মনলৈ আহে l আজি বাইদেউক লগ পালে সকলো কথা কম l এইখন ঘৰ তেওঁৰ বাবে উপযুক্ত নহয় l
পিছফালে ঘুৰি দেখে এজন মানুহ থিয় হৈ আছে l
প্ৰশান্ত আগুৱাই আহি তাইৰ পৰিচয় সোধাত লাগে l সকলো পৰিচয় পোৱাৰ পিছত আকৌ সুধিবলৈ আৰম্ভ কৰিলে তুমি এইখন ঘৰত কিমান দিনৰ পৰা কাম কৰি আছা l এই ঘৰখনৰ বিষয়ে কিবা জানা নেকি প্লিজ কোৱাচোন l
প্ৰশান্তৰ কথা শুনি অলপ অপ্ৰস্তত হয় যদিও গৰিমাৰ জীৱনটো ৰক্ষা কৰিবলৈ সকলো কবলৈ মান্তি হল ।
মই কোৱা বুলি আপুনি কাৰো আগত নকব নহলে মোৰ জীয়াই থকা পঠ নোহোৱা হব l
তুমি মোক বিশ্বাস কৰি সকলো কব পাৰিবা মই মাথোন গৰিমাৰ জীৱন ৰক্ষা কৰিব বিচাৰো তাইৰ কষ্ট মই সহ্য কৰিব নোৱাৰো l
তেন্তে শুনক এই ঘৰতো ৰাহুলৰ l
তেখেতৰ দুজনী কন্যা সন্তান আছিল ৰূপে গুণে ধুনীয়া আছিল l সহজ সৰল মন l সৰু জনী অলপ ধেমেলীয়া কিন্তু ডাঙৰ জনী প্ৰতিটো কথাটেকে গুৰুত্ব সহকাৰে লৈছিল l
মাকৰ অকাল বিয়োগত দেউতাকৰ মন ভাঙি পৰিছিল l কিন্তু ডাঙৰ ছোৱালীজনী বন্দনায়ে সকলো চম্ভালি লয় l দেউতাকৰ ব্যৱসায় সকলো দায়িত্ব তাইৰ মোৰতে পৰে l
অফিচৰ সকলোৱে বন্দনাক নতুন বচ ৰূপত আদৰি লয় l সকলো ঠিকেই চলি আছিল তাইৰ ঘৰখন লগতে দেউতাকৰ সমষ্ট ব্যৱসায় l
অফিচৰ এচিচটেন্ত মেনেজাৰ জন এটা এক্সিদেন্তত মৃত্যু হয় l নতুনকৈ মেনেজাৰ পদত নিজুক্তি পালে ৰাহুল ছাৰ l
সি অফিচৰ কামৰ অজুহাত লৈয়ে প্ৰায় বন্দনাৰ ঘৰত আহিবলৈ ললে l দেউতাকৰ সুশ্ৰষা কৰি দেখুৱাবলৈ ধৰিলে l দেউতাক আৰু বন্দনাৰ ভনীয়েক চন্দনা দুয়ো ৰাহুল এদিন নোযোৱাকে থাকিলেই ফোন কৰি মাতিব ধৰিলে l
কিন্তু বন্দনায়ে এইবোৰ অলপো ভাল পোৱা নাছিল দেউতাক আৰু ভনীয়েকৰ সুখৰ বাবে তাইওঁ আহিব কলে l
এসময়ত দুয়ো প্ৰেমত আবদ্ধ হয় l বন্দনায়ে ৰাহুলক বিশ্বাস কৰি অফিচৰ প্ৰায় দায়িত্ব তাৰ ওপৰত এৰি দিবলৈ ললে l ৰাহুলে প্ৰথমে বিশ্বাস দি সকলো নিজৰ কৰি লোৱা প্ৰয়াস কৰি থাকিল l
এদিন ৰাহুলে লগৰ বন্ধু এজনৰ লগত সকলো সম্পত্তি নিজৰ নামত কৰি লোৱাৰ কথা পাতি আছিল l
বন্দনাৰ দেউতাকে সকলো কথা শুনা দেখি তেওঁক চিপজৰি দি মাৰি পেলালে l আৰু আত্ম হত্যা কৰা বুলি প্ৰমাণ কৰিলে l
........... ........আগলৈ
ধাৰাবাহিক খনৰ প্ৰথমটো খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_339.html
ধাৰাবাহিক খনৰ দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_232.html
ধাৰাবাহিক খনৰ তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_262.html
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা এনিশা শইকীয়া ডেকাৰ দ্বাৰা এই লেখা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment