লাহে লহে চাৰিওফালে এক ভয়ংকৰ পৰিস্থিতিৰ উমান পালে গৰিমাই l তাই অলপো সময় নষ্ট নকৰি শুৱনি কোঠাৰ দিশে খোজ ললে l
তাই লাইট অফ কৰো বুলি ভাবি ৰখি গল l মনতে ভাবিলে আজি লাইট অফ নকৰাকৈয়ে থওঁ অন্ততঃ সকলো দেখি থাকিম l তাই লাহেকৈ বাগৰ দিলে দিনতোৰ ব্যস্ততাৰ বাবেই ভাগৰুৱা যেন অনুভৱ হৈছে l তাই বহুত চেষ্টা কৰিও টোপনি যাব পৰা নাই l ঘড়ীতোলৈ চাই গৰিমা চখ খাই যায় 12 বাজিবলৈ আৰু বেছি পৰ নাই l তাইৰ বুকুখন ধপধপাব ধৰিলে l অলপ চিলমিলকৈ টোপনি আহিব ধৰিছিল হে মাথোন তেনেতে আইনা এখন ভাঙি তাইৰ সন্মুখতে পৰিল l তাই উচপ খাই উঠে l দুৱাৰখন এবাৰ বন্ধ হৈছে এবাৰ খুলিছে l খিৰিকী বোৰ ধাম ধাম শব্দ কৰিছে যেন কোনোবা এজন ৰৈ কোবাই আছে l বিজুলীৰ পোহৰে বাহিৰত সকলো জিলিকি উঠিছে l গৰিমা শুৱাৰ পৰা উঠি দুৱাৰখন বন্ধ কৰি ললে lআইনা খন কেনেকৈ ভাঙিলে চাবলৈ যাওঁতে তাইৰ চকুত পৰে এজনী ছোৱালীয়ে তাইলৈ একেঠৰে চাই আছে l লাহে লাহে ছোৱালীজনী গৰিমাৰ কাষ চাপি আহিল l ঘৰতোত থকা লাইটৰ বাল্ববোৰ ইটোৰ পিছত সিটো ফুটিবলৈ ধৰিলে l হাতত থকা মবাইলৰ পোহৰে তাই ৰুমতোৰ পৰা উলাই যাবলৈ চেষ্টা কৰিলে l তাই যিমানেই আগুৱাই যাব খুজিছে সিমানেই পিছলৈ আহি আছে l পিছফালৰ পৰা তাইক কোনোবাই জোৰেৰে ধৰি এটা বন্ধ কোঠালৈ টানি নিছে l গৰিমায়ে গাৰ জোৰেৰে এৰাব বিচাৰি সফল হোৱা নাই l বন্ধ কোঠাটোৰ গতি দেখি তাইৰ বুজি পালে ঘৰতোৰ ৰহস্য lচাৰিওফালে মানুহৰ জকা বোৰ পৰি আছে l বুজাব নোৱাৰা এক গোন্ধ,তাই সহ্য কৰিব পৰা নাই l একো কৰিব নোৱাৰি তাই হুক হুকাই কান্দি পেলালে l তেনেতে সৰুতে মাকে কোৱা এষাৰ কথা তাইৰ মনলৈ আহিল l ভুত প্ৰেত এইবোৰে ভয়াতোৰ লোকক অপকাৰ কৰে l ভগৱান আৰু পবিত্র স্থানলৈ কেতিয়াও নাযায় l
গৰিমায়ে এইবাৰ যেন মনত এক অদ্ভুত শক্তি পালে l ভগৱানৰ নামলৈ তাই জোৰেৰে হাত এৰুৱাই ফ্লেটৰ বাহিৰত থকা মন্দিৰটোলৈ দৌৰি গল l
পাছে পাছে কিবা এটা গৈ থকা উমান পাইছে যদিও ঘুৰি চোৱা নাই l মন্দিৰ সোমোৱাৰ লগে লগে যেন সকলো শান্ত হল l তাই দীঘলীয়া হুমুনিয়াহ এটা মাৰি কলে আজিলৈ বাছিলো l কাইলৈ দিনত ইয়াৰ কিবা ব্যৱস্থা লব লাগিব নহলে মই মোৰ প্ৰাণ হেৰুৱাব লাগিব lকাক কওঁ এইবোৰ কথা ৰাহুলক কও নেকি l নাহ সি এইবোৰ কথা শুনিবই নিবিচাৰে l তেনেহলে কোনে মোক সহায় কৰিব l
ভাবি থাকোঁতে মনত পৰিল তাইৰ লগত একেলগে একে লগে পঢ়া প্ৰশান্ত বৰুৱাৰ কথা l তাৰ মোমায়েক এজন প্ৰসিদ্ধ বেজ l এনেকুৱা বহুতো মানুহক উদ্ধাৰ কৰিছে l
পুৱাতে গৰিমা প্ৰশান্তৰ ঘৰ পালেগৈ আৰু সকলো কথা কলে l
তাইৰ কথাবোৰ শুনি তাইলৈ বৰ দুখ লাগিল অকলে অকলে কিমান কষ্ট কৰিব লগাত পৰিছে l
তুমি ভিতৰতে বহি লোৱা মই মামাক ইয়ালৈ মাতি পঠাওঁ l
প্ৰশান্ত ভিতৰলৈ সোমাই গল চাহ একাপ লৈ তাইৰ ওচৰতে বহি তাইক সান্তনা দিব ধৰিলে l
চিন্তা কৰি নাথাকিবা মই আছো তোমাৰ লগত l মামা আহি পোৱালৈকে তুমি অলপ আৰাম কৰা l কেইবাটাও ৰাতি যে গৰিমাৰ চকুত টোপনি নাই সি তাইক দেখিয়েই অনুমান কৰিছিল lধাৰাবাহিক খনৰ প্ৰথমটো খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_339.html
ধাৰাবাহিক খনৰ দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_232.html
ধাৰাবাহিক খনৰ চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_288.html
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা এনিশা শইকীয়া ডেকাৰ দ্বাৰা এই লেখা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment