এটা অভিশপ্ত গৃহত এগৰাকী অকলশৰীয়া যুৱতী (ভৌতিক) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 22, 2020

এটা অভিশপ্ত গৃহত এগৰাকী অকলশৰীয়া যুৱতী (ভৌতিক)

 


পুৱাৰ বেলিয়ে গৰিমাৰ ৰুমৰ চৌদিশে পোহৰাই তুলিছে l তেনেতে কলিং বেলটো বাজি উঠিল, গৰিমা চকু মেলি ঘড়ীটোলৈ চালে l

আজি ইমান দেৰিকৈ সাৰ পালো l এফালে আজি অফিচত মিটিং আছে l কথাখিনি ভাবিয়ে তাই শুৱাৰ পৰা উঠি বহিল l ৰাতি ভালকৈ টোপনি নাহিল কাৰণে মোৰতো অলপ ঘুৰাই আছে l যেনে তেনেকৈ উঠি দুৱাৰখন খুলি দিলেগৈ l 

নমস্কাৰ বাইদেউ মোক ৰাহুল দত্ত চাৰে পঠাইছে আপোনাৰ ঘৰৰ কাম বন বোৰ কৰি দিবলৈ l

গৰিমায়ে অলপ মনটো সকাহ পালে অন্ততঃ ঘৰৰ কামবোৰ কৰি সময় নষ্ট কৰিব নালাগে l কাম কৰা বাই জনীক সকলো কাম দেখুৱাই তাই গা ধুই অফিচলৈ বুলি ৰেডি হল l মানুহ গৰাকীয়ে এক কাপ চাহ লৈ সোমাই আহিল l এইয়া চাহ লওক বাইদেউ l ওচৰত থকা টেবুল খনতে চাহ কাপ থৈ গৰিমাক উদ্দেশ্যি কলে বাইদেউ  কথা এটা সুধিলে বেয়া পাব নেকি l

কি কথা সুধা আকৌ কিয় বেয়া পাম গৰিমা উত্তৰ দিলে l 

ঘৰটোৰ এই অৱস্থা কেনেকৈ হল বাইদেউ , আপুনি বেলেগত ঘৰ লব লাগিছিল l এই ঘৰতো কিয় ললে বাৰু,তাতে আপুনি অকলে থাকে l

গৰিমায়ে খাবলৈ লোৱা চাহ কাপ আকৌ টেবুলত থলে l এনেকৈ কোৱাৰ কাৰণটো জানিব পাৰোনে l

তাই কথাবোৰ কবলৈ অলপ বেয়া পালে l একো নাজানো বাইদেউ l তাই কথাষাৰ কৈয়ে সেইখিনিৰ পৰা আতৰি  কামত লাগিল l


গৰিমাই অফিচলৈ বুলি ওলাই গল, যাওঁতে ফ্লেটৰ এপাত চাবি দি কলে মোৰ আহোঁতে অলপ পলম হব তুমি কাম বন আজৰি কৰি ভালকৈ তলা মাৰি যাবাগৈ l পাৰিলে সদায় আহিবা l 

থিক আছে বাইদেউ মই সদায় আহিম l গৰিমা যোৱাৰ পিছতে তাই নিজৰ মনতে ভুৰ ভুৰালে ইমান ভাল ছোৱালী জনী মইনো কিয় সচাঁ কথাবোৰ নকলো তাইক l আগতে ঘটি যোৱা প্ৰতিটো কথাই মই কম বাইদেউক কাইলৈ l আজি কিমান দিন হল এই ঘৰতো এনেদৰে পৰি থকা l কোনো লোকেই এই ঘৰতোত থাকিব নিবিচাৰে বাইদেউক এই ঘৰতো কিয় দিলে l তাই নিজৰ মনতে প্ৰশ্ন কৰি থাকিল l

গৰিমা গাড়ীখন ৰখাই উঠি যোৱলৈ চাই থাকিল l গাড়ীখনত উঠিয়েই গৰিমাই যোৱা নিশা তাইৰ লগত ঘটি যোৱা ঘটনাটোৰ কথা ভাবিবলৈ ধৰিলে l

ঘৰতোত আত্মা প্ৰেতাত্মা আছে নেকি বাৰু তাতে আজি এই কিয় সুধিলে ঘৰতোৰ কথা l তাই নিশ্চয় কিব এটা জানে মই ভয় কৰিম বুলি কোৱা নাই l তেনেতে তাইৰ ফোনটো বাজিল ৰাহুলে কল কৰিছে l 

তাই ফোনটো ৰিচিভ কৰিলে হেল্ল ৰাহুল বেয়া নাপাবা দেই ৰাতিপুৱাৰ পৰা ফোন এটাও কৰা নহল তোমালৈ l অফিচলৈ আহিলানে তুমি l 

হব হব সোণ জনী তুমি এতিয়া সোনকালে আহা মিটিংৰ বাবে সকলো ৰৈ আছে l

অফিচ পাইয়ে তাই মিটিং এটেন্ড কৰিলে l দিনটো বহু ব্যস্ততাৰ মাজেৰেই পাৰ হল l নিশা প্ৰায় 9 বাজিছে ৰাহুলে তাইক ঘৰত দ্ৰব কৰি গল l চাবি পাত উলিয়াই তলাতো খুলিব লওতেই তাইৰ গাত এটা মেকুৰী জাপ মাৰি দিলে l

তাই চখ খাই যায় কি পৰিল বুলি lসৰু মেকুৰী পোৱালিটো দেখি তাই হাঁহি দিলে ধেৎ মিছাতে ভয় খালো l ঘৰৰ ভিতৰত সোমাই তাইৰ মনটো গধুৰ হৈ আহিল l তাইৰ গাৰ নোম সিয়ঁৰি উঠিল l ঘৰতো মৰীশালী যেন লাগিছে l ঘৰতোৰ সকলো বস্তুৱে যেন তাইক কিবা এটা কব খুজিছে l

ওচৰতে থকা চেয়াৰ খনত বহি পৰিল l তাই ভাবিবলৈ ধৰিলে কালিৰ দৰে আজিও যদি একেই হয় তাই কি কৰিব l.... আগলৈ

ধাৰাবাহিক খনৰ প্ৰথমটো খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_339.html


ধাৰাবাহিক খনৰ তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_262.html


ধাৰাবাহিক খনৰ চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_288.html

 বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা এনিশা শইকীয়া ডেকাৰ দ্বাৰা এই লেখা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages