এটি অশৰীৰ আত্মাৰ বিননি
জীয়া মানুহৰ অতপালিত
অশৰীৰ কণ্ঠই আৰ্ত্তনাদ কৰি কয়,
মোৰ মৃত্যুৰ বাতৰি
তোমালোক জীয়া মানুহৰ মুখত-মনত
কেৱল এমাহলৈ
মোৰ মৃত্যুত তোমালোক
জীয়া মানুহ কিমান শোকাকুল
তাৰ জলন্ত প্ৰমাণ
মোৰ সোঁৱৰণীত আয়োজিত
সৎকাৰ সকামত।।
মই মৰিশালিত শুই আছো
অথচ তোমালোকৰ চেতনা নাই।।
তোমালোকো যে এদিন
মোৰ পথৰে পাথিক
পাহৰি নাযাবা।।
সকামত উদৰ পুৰাই খোৱা
মোৰ তাত কোনো খেদ নাই।।
কিন্তু জিৱীত অৱস্থাত
মানুহ হিচাপে মোক
তোমালোকে মোক আদৰ-স্নেহ নাযাছিলা
সেইটোৱেই মোৰ আক্ষেপ
মৃত্যুৱে মোক তোমালোকৰ পৰা
বহুত দূৰলৈ আতৰাই আনিলে।।
চকুৰ আতৰ হোৱাত মই আজি
তোমালোক জীয়া মানুহৰ
মনৰ পৰাও আতৰ।।
জীয়া মানুহক সুধিছো
এইখন কাৰ পৃথিৱী
এইখন ধন্য নৰতনুৰ পৃথিৱী নে ?
দুভৰিত নিৰ্ভৰশীল
এটি শ্ৰেষ্ঠ প্ৰাণীৰ।।
( বিশিষ্ট সমাজ সেৱক তথা কবি প্ৰণৱ শইকীয়া দেৱৰ মৃত্যু বাৰ্ষিকী,সেয়ে এই কবিতাটোৰ যোগেদি সমাজলৈ বিশেষ অৱদান থকা ব্যক্তিগৰাকীক আমি শ্ৰদ্ধাৰে সোঁৱৰিলো ।তেখেতৰ সন্দৰ্ভত আন এটা বিশেষ লেখা পঢ়িবলৈ এই লিংকত ক্লিক কৰক https://www.smj24.in/2020/12/blog-post_422.html)
বিঃদ্ৰঃ উক্ত কবিতা তিতাবৰৰ এগৰাকী বিশিষ্ট ব্যক্তি ললিত দত্ত ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment