আজি জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম মন্ত্ৰী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰে।এই বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ এনেধৰনত
➡️ বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক উত্থাপনত অনুমোদন জনায়।
➡️ 'অসম মালা' আৰু বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলাবোৰৰ মূল পথসমূহৰ বাবে চলিত নীতিৰ জৰিয়তে পোনপটীয়া ক্ৰয়ৰদ্বাৰা ভূমি অধিগ্ৰহণত অনুমোদন
➡️ সমাজ কল্যাণ সঞ্চালকালয়ক দ্বিবিভক্ত কৰাত অনুমোদন-
✅ মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয়
✅ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়
➡️ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF)ৰ অধীনত অসম চৰকাৰে নাবাৰ্ডৰপৰা ৯১ কোটি টকাৰ ঋণ ল'ব। এইক্ষেত্ৰত অনুমোদন দিয়া হৈছে
➡️ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ কৰ্মচাৰীৰ বাবে চাকৰিকালীন সুবিধা বৃদ্ধি (৬০ বছৰলৈ সেৱাকাল বৃদ্ধি, আৰ্জিত ছুটী আদি)ত অনুমোদন
➡️ ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত গ্ৰন্থাগাৰিকৰ পদবোৰ প্ৰাদেশিকীকৰণৰ বাবে বিধেয়ক উত্থাপনত অনুমোদন
➡️ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, মৰাণ স্বায়ত্তশাসিত পৰিষদ আৰু মটক স্বায়ত্তশাসিত পৰিষদ আইনসমূহ সংশোধনীত অনুমোদন। ইয়াৰ জৰিয়তে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ ব্যৱস্থা থাকিব
➡️ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠনত অনুমোদন
➡️ কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয় আৰু যোৰহাটৰ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ চৰকাৰীকৰণত অনুমোদন
➡️ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত খালী পদ নাথাকিলেও ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ অধীনত যোগ্যতাসম্পন্ন শিক্ষকৰ পদোন্নতিত অনুমোদন
No comments:
Post a Comment