তেখেত বৰ ধনী মানুহ আছিল।ধনেৰে কিমান ধনী জনা নাছিলো যদিয়ো মনেৰে আছিল সীমাহীন ধনী লোক। ঘৰ আছিল তিতাবৰ মেলামাটিত।
স্থানীয় এখন জাতীয় বিদ্যালয়লৈ তেখেতে চাৰিবিঘা ভূমি দান কৰিছিল। এখন বৃদ্ধানিবাসকো ভূমি দান কৰিছিল। আইনজ্ঞ হৈয়ো চৰকাৰী চাকৰি ত্যাগ কৰি দৰিদ্ৰ ৰাইজক আইনৰ সুৰক্ষা প্ৰদান কৰিছিল। উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো অবৈতনিকভাৱে শিক্ষাদানত ব্ৰতী হৈ সমাজৰ হিত সাধিছিল। নিজে নাটক লিখি পৰিচলনাৰ লগতে অভিনয়ো কৰিছিল। গীতো লিখিছিল, সাংবাদিকতাও কৰিছিল। বিভিন্ন কাকতত তেখেতৰ কবিতা প্ৰকাশ পাইছিল।তেখেত নথকা আজি হ'ল কেইবছৰমান। মই ২০০৯ চনৰ ১০ ফেব্ৰুৱাৰীত এখন আলোচনীৰ হৈ এখেতক ঘৰতে সাক্ষাৎ কৰিছিলোঁ। তেখেতৰ ঘৰত দেখিছিলো অনেক অনুষ্ঠান-প্ৰতিষ্ঠানৰ মানপত্ৰ। সমাজক বহু অৱদান যোগোৱা মানুহজনে সমাজৰ পৰা একো পোৱা নাছিল যেন লাগিছিল। কিন্তু তাকে লৈ প্ৰশ্ন সুধিলত তেখেতে মোক জনাইছিল যে তেখেতে সমাজক দিবহে খোজে,সমাজৰ পৰা ল'ব নোখোজে। সেয়ে সমাজৰ প্ৰতি তেখেতৰ কোনো আক্ষেপ নাছিল। মানুহজনক তিতাবৰৰ বহুতেই চিনি পাইছিল। তেখেতৰ নাম আছিল প্ৰণৱ শইকীয়া। কওকচোন তেখেত ধনী মানুহ নাছিলনে ? (আজি প্ৰণৱ শইকীয়া দেৱৰ মৃত্যু বাৰ্ষিকী,সেয়ে এই লেখাটোৰ যোগেদি সমাজলৈ বিশেষ অৱদান থকা ব্যক্তিগৰাকীক আমি শ্ৰদ্ধাৰে সোঁৱৰিলো)
বিঃদ্ৰঃ উক্ত লেখা তিতাবৰৰ এগৰাকী সন্মানীয় শিক্ষক ইমতিয়াজ হুছেইন ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment