সেই সময়ত আমি বৰ্তমানৰ উপস্থিতৰ কথা ও অনুমান কৰিব পৰা নাছিলো | নগ্নতাৰ বুকুত আমি উমলা নাছিলো ,আমাৰ বুকুৰ নীলাৰ অনুভৱ হে মাত্র কৰিছিলো | তেনেতে মই অনুভৱ কৰিছিলো | মোৰ ছুলিত কাৰোবাৰ কঠোৰ হাতেৰে জোৰকৈ বহাৰ পৰা উঠাইদিছিল | মোৰ মুখেৰে ওলাই আহিছিল " আস মৰিলো " বুলি | কিন্তু হাত এৰি দিয়া নাছিল | মই ভয় ভয় কৈ পাছফালে চাইছিলো | সন্মুখত দেউতা | দেউতাৰ ৰুক্ষ মুখ খন দেখি মই থৰ্ থৰ্ কৈ কপিছিলো |
দেউতাৰ কঠোৰ হাতৰ প্রচণ্ড চৰ এটা মোৰ গালত পৰিছিল | দেউতাৰ চৰত মই মাটিত বাগৰি পৰাৰ উপক্ৰম হৈছিলো | দেউতাই মোৰ হাতত জোৰকৈ ধৰি মোক চোচৰাই তানি নিয়াৰ দৰে লৈ গৈছিল | তেনেতে দেউতাৰ পাছৰ পৰা মোৰ ফালে চাই ৰংকিতে এটা বেকা হাঁহি এৰিছিল | বুজিলো সি সেইদিনা পোটক তুলিছিল | তাৰমানে ৰংকিতে তাইৰ প্রেম ধংসৰ এক ষৰযন্ত্র তৈয়াৰ কৰিছিল |
" মোক নামাৰিব " এটা চিঞৰ,তাৰ পাছত তেজৰ কনিকা চিটিকি তাইৰ মুখত পৰিছিল |
দেউতাকৰ সোহাত স্বৰূপ পংকজৰ আক্ৰমনত অংকিতৰ হাতৰ পৰা তেজ চিটিকি আহিছিল | " নাই তাক নামাৰিবা " মোৰ মুখেৰে ওলাই আহিছিল | দেউতাই দেহৰ সৰ্বস্ব শক্তিৰে মোক তানি নিছিলে | আৰু গাড়ীত বহাই দিছিল | " প্রেম কৰ,নৈপৰীয়া আবেলিৰ প্রেম ,আজিৰ পৰা ঘৰৰ পৰা ওলোৱা তোৰ বন্ধ " |সেইদিনৰ পৰা মোৰ ওপৰত ঘৰৰ তীক্ষ্ম নজৰ | বহুত সুৰুঙা বিচাৰিছিলো কিন্তু ওলাৱ পৰা নাছিলো সেই অভিমুন্যৰ চক্ৰবেহুৰ পৰা | অংকিতক এবাৰ লগ কৰিবলৈ বহুত মন গৈছিল কিন্তু নাই নোৱাৰিলো | এদিনা খন আমাৰ ঘৰত মোৰ বান্ধৱী প্রতীক্ষা আহিছিল |
- কল্যানী, অংকিত মেডিকেলৰ পৰা ওলাল |
তাই আচৰিত হৈছিল| মেডিকেলৰ পৰা ওলাল !
- মানে ?
- সেইদিনা তহতৰ দেউতাৰ আদেশ মতে পংকজ হতে তাক বৰকৈ পিতিলে,তাৰ ফলত তাৰ বহুত আঘাত হৈছিল | পিছত তোৰ দেউতাই তাৰ মেডিকেলৰ সম্পূৰ্ণ খৰছ কৰিলে |
- কি !
তাইৰ দেউতাক মানে সঁচাই ইমান নিষ্ঠুৰ | কি দোষ আছিল তাৰ ! আজি তাইৰ কাৰনে এজন নিৰ্দোষী ল'ৰাই ইমান শাস্তি খাৱ লগা হ'ল | তাই নিজক ক্ষমা কৰিব নোৱাৰে |
আৰু এদিনা খন মোৰ ঘৰে তোমাৰ সৈতে বিয়া ঠিক কৰিলে | মই তোমাক দেখিলো | তেনে শান্ত ,এজন উপযুক্ত ল'ৰা তুমি | মই সকলো পাহৰি তোমাৰ লগত বিয়াৰ সন্মত জনালোঁ | কাৰন মই ও জানিছিলো প্রেম মানে বিবাহ নহয় | প্রেম হৃদয়ে হৃদয়ে,মাথো এক যৌৱনৰ মিঠা অনুভুতিৰ জোৱাৰ |
এদিনা খন তোমাৰ মোৰ বিয়া হ'ল | পাহৰি গ'লো তিক্ততা অতীতক | পাহৰি পেলালো কলিজাঁৰ সঁচা প্রেমিকক | তোমাৰ বুকুৰ উমত নিশাৰ টোপনিত উমলিলো | তোমাৰ যৌৱনৰ ইচ্ছা সমূহ পূৰণ কৰিলো | নিজক পাহৰাই পেলাইছিলো তোমাৰ সঁচা মৰমৰ মাজত |
- কল্যানী
মই তোমাৰ উলংগ তেজাল বুকু খনত মোৰ কোমল হাতৰ পৰশ সানি,ৰাতিৰ আন্ধাৰৰ মাজত ভেন্টেলিচনৰ মাজেৰে সোমাই অহা সামন্য পোহৰ কনত তোমাৰ নীলিম দুচকুলৈ চাই কৈছিলো |
- কোৱা
তুমি মোৰ দীঘল ছুলি তাৰিৰ একোছা হাত খনৰে মুঠি মাৰি ধৰি তোমাৰ নাকত লগাই কৈছিলা |
- আমি যদি সন্তান এবছৰ পাছত জন্ম দিওঁ তোমাৰ কিবা আপত্তি ?
মই তোমাৰ বহল কপাল খনত মোৰ দুওঁঠ লগাই কৈছিলো |
- সকলো তোমাৰ ইচ্ছা মৰম |তুমি দুহাতৰ সৰ্ব শক্তি প্রয়োগ কৰি মোক বুকুৰ মাজত হেচি ধৰিছিলা | মই তোমাৰ বহল বুকুত মোৰ দাতেৰে কামুৰিছিলো ,তুমি" উফ এৰি দিয়া" বুলি চিঞৰিছিলা আৰু মোৰ ওপৰত জপিয়াই পৰি মোৰ ডিঙিত মৰমৰ চুম্বন আকিছিলা |
মোৰ মনত আছে,সেয়াই আমাৰ জীৱনৰ মৰমৰ শেষ দিন |
পিছদিনা তুমি অফিচ গৈছিলা | তেনেতে মোৰ মোবাইলত এটা অচিনাকী নম্বৰৰ ফোন আহিছিল | যিটো ফোনে তোমাৰ মোৰ মৰমৰ মাজত বিভেড আনিলে,যিটো ফোনে মোক নগ্ন কল্যানী বুলি চিনাকী দিলে | যিটো ফোনে মোৰ সুখী জীৱনত আকৌ দুখৰ ধুুমুহা এজাক এৰি দিলে,,,,,,,,,
দুচকু মেলিবৰে পৰা
তুমিয়ে দি আছা ধৰা
অ প্রিয়া,,,,,,,
কোন হব পাৰে বাৰু,মোৰ তাত অচিনাকী নম্বৰৰ ফোন তেনে কম | তথাপি ৰিচিভ কৰিছিলো |
- হেল্ল'
- কি খৱৰ !
ক'ত যানো শুনিছিলো মাতটো,চিনাকী চিনাকী লাগিছে |
- মই ঠিক ধৰিব পৰা নাই |
- ধৰিব পৰা নাই ন ! ক'ত পাৰিবা | জীৱনৰ বন্তি গছি নুমাওঁ | তোমালৈ বহুত মনত পৰিছিল | সেয়েহে তোমাৰ বান্ধৱী প্রতীক্ষাৰ পৰা নাম্বাৰটো সংগ্রহ কৰিলো |ঠিক এজন বেমাৰীৰ দৰে কণ্ঠ স্বৰ ! চিনি পাইছিলো | হৃদয়ৰ কোনোবা খিনিত হাহাকাৰ কৰি উঠিছিল | কিয় আজি আকৌ সেই অতীত উভতি আহিছে,যি অতীতে তাইক আকৌ সুখৰ ৰঙৰ মাজত দুখৰ প্রতিকী অংকন কৰিব | সি বন্তি নুমোৱাৰ কথা কৈছিল | কি হ'ল তাৰ !
- অংকিত তুমি ঠিকে আছানে ?
সেইফালে উচুপনিৰ মাত শুনিছিলো |
- কল্যানী মোৰ যোৱাৰ সময় সমাগত | সেয়েহে এবাৰ তোমাক মাত লগাওঁ বুলি ফোন কৰিলো |
কি কৈছে সি ! সি তাইৰ প্রেমিক আছিল | এজন দুৰন্ত প্রেমিক | সকলো নিৰবে সহ্য কৰিছিল সি |
- কি কৈছা তুমি ?
- অ কল্যানী,মোক অকাল মৃত্যুই হাত বাউলি মাতিছে | মই হেনো যাৱ লাগে ! কিন্তু মই মোৰ বিধবা মাক কেনেকে এৰি যাওঁ কল্যানী ? কোনোবাই মোৰ মৃত্যুক বুজাব পৰা হ'লে,বাধা দিব পৰা হ'লে " ঐ ইয়াক নামাৰিবি ! তাৰ অবিহনে তাৰ বিধবা মাতৃ পাগলী হব | পেটত ভোকক ৰোধিবলৈ গামোছা বান্ধিৱ "
এৰা অংকিত বৰ দুখীয়া ঘৰৰ ল'ৰা,বেলেগৰ ঘৰত কাম কৰা দেউতাকে সি সৰু থাকোতে তাক এৰি গৈছিল | মাকৰ শীতল কোচত সি ডাঙৰ হৈছিল | বেলেগৰ ঘৰত কাম কৰি তাক পঢ়াইছিল | মাকৰ একমাত্র সপোন অংকিত |
মোৰ দুচকুই কেতিয়া চকুপানী এৰিছিল গমে নাপালো |
- তোমাৰ কি হৈছে অংকিত !
- মোৰ ,,,,,,,মোৰ
- কোৱা অংকিত,কোৱা,,,,
- মোৰ ব্লাড কেন্সাৰ হৈছে কল্যানী |
কি শুনিছে তাই ! তাইৰ ভৰি কেইটা কপিছিল | তাই ঠাইতে বহি দিছিল | ওৱাল খনত মূৰ লগাই চকু কেইটা মাত্র মুদি দিছিল |- কি !
- এদিনা খন নৈৰ পাৰত প্রেমৰ ৰঙীন পোছাক জোৰ ফালি তোমাৰ দেউতাৰ চামচাহ কেইটাই মোক বহুত পিতিছিল | সিহতৰ পিতনত মোৰ তেজবোৰ বিষাক্ত,অশুদ্ধ হৈ পৰিছিল | যাৰ ভয়ংকৰ পৰিনতি আজি মোৰ দেহত ব্লাড কেন্সাৰ |
তাৰমানে অংকিতৰ সেই ব্লাড কেন্সাৰৰ বাবে দায়ী মোৰ দেউতা আৰু মই | মই তাক প্রেমৰ দোলত নবন্ধা হ'লে ,তাইৰ দেউতাকে তাক শাৰিৰীক অত্যাচাৰ নকৰা হ'লে তাৰ আজি এই ভয়ংকৰ জীৱন বিনাশ কৰা ৰোগটি নহয় |
- ডাক্তৰে কি ক'লে,,,,
- বৰ্তমান মোৰ লাষ্ট ষ্টেজ চলি আছে |
কি ! লাষ্ট ষ্টেজ ! নাই নাই মই তাক বচাৱ লাগিব,তাৰ মৃত্যু হোৱা মানে এজন ল'ৰাক মই নিজ হাতেৰে হত্যা কৰা,এজনী দুখনী মাতৃক জ্বলাই দিয়া | মই কিবা ব্যৱস্থা কৰিম |
কিন্তু পইচাঁৰ বহুত প্রয়োজন ! কি কৰিম মই | এটা চাকৰি কৰিম ,কিমান পাম দৰমহা ! সম্ভৱ হবনে সেই পইচাঁ খিনিৰে তাক ভাল কৰা | বহুত কম সময়ত মোক বহুত পইচাঁৰ প্রয়োজন | তোমাৰ ওচৰত বিচাৰিব নোৱাৰো কাৰন তুমি প্রশ্ন কৰিবা " ইমান পইচাঁ কিয় ? " মোৰ হাতত উত্তৰ নহব | ৰাইজৰ ওচৰত বিচাৰিম ,মানুহে তোমাক কব ! তুমি বহুত প্রশ্ন কৰিবা,শেষত মোৰ নিষ্ঠুৰ দেউতাৰ কানত পৰিব | মই কি কম !
মোৰ দেউতাই এচাম নৰপিশাচৰ হতুৱাই তাক মৰিয়াই ব্লাড কেন্সাৰ বেমাৰ মাতিলে ! গতিকে মই ও প্রতিজ্ঞা কৰিলো মই ও মোৰ দেহ বিক্ৰী কৰি পোৱা পইচাঁৰে তাক ভাল কৰিম |
তাই পলাশৰ ভৰি দুখনত তাইৰ কপাল খন লগাই দিছিল | তাই হেপাঁহ পলাই কান্দিছিল | " তুমি বহুত ভাল পলাশ,তুমি পবিত্র স্বামী,খুব ধৰ্য্যশীল স্বামী,মই তোমাক আজি পাই ও হেৰুৱালো কাৰন মই নগ্ন কল্যানী "
পলাশ এতিয়া শীলৰ ভাস্কৰ্য্য মাথো | সি বোবা,সি পংগু,সি অন্ধ্র |
ফাতি গ'লে দুচাটি বাহ
কোনে জোৰা দিব
ভাঙি গ'লে দুখন হিয়াই
আকৌ জানো হাঁহিব |
কল্যানীৰ মোবাইলটো বাজিছিল | তাই চকুপানী খিনি হাতেৰে মছি মোবাইলটো চাইছিল প্রতীক্ষাৰ ফোন ! ৰিচিভ কৰিব নে তাই! কৰিব কিবা দৰকাৰ হব ও পাৰে |
- হেল্ল'
- কল্যানী
- ক' প্রতীক্ষা
- অংকিত গুছি গ'ল !
- কি !!!
তাইৰ হাতৰ পৰা সৰি পৰিছিল মোবাইলটো | ঠাচ কৈ শব্দ হৈছিল | হয়টো মোবাইল ৰ গ্লাছ খন ভাগিল |
- অংকিত মৰিলে হেনো, যি হ'ল ভালে হ'ল ! মোৰো সংসাৰ শেষ এতিয়া ! আশা ও শেষ !
পলাশ কোঠাপ পৰা ওলাই আহিছিল | ভিতৰত উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল তাৰ | বাহিৰত মুকলি বতাহ অলপ বিচাৰি সি ওলাই আহিছিল !
পলাশ আৰু কল্যানীৰ সম্পৰ্ক কি হব ! মই ও নাজানো | কল্যানীৰ সেই কৰ্ম ভুল নে শুদ্ধ মই ও নাজানো | কিন্তু এনেকে তাই চিনাকী হ'ল নগ্ন কল্যানী হিচাপে |
প্ৰথম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.নগ্ন কল্যানি.in
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_38.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_928.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক -https://www.smj24.in/2020/12/blog-post_466.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Nice story
ReplyDelete