খণ্ড নং - ৩
গুৰুম !
কেবল চৌদিশ গাড়ীৰ হৰ্ণ | কি হৈ গ'ল | নিচাৰ কবলৰ পৰা পলাশ ভালকৈ মুক্ত হোৱা নাছিল | সি বাস্তৱলৈ উভতি আহিছিল | তাৰমানে সি কথাবোৰ ভাৱি আছিল | এৰা ! কল্যানীয়ে জানো তাৰ কাৰনে কান্দিব ! কল্যানীয়ে জানো তাক অভিমান কৰিব | তাৰ সেইজনী কল্যানীৰ মৃত্যু হ'ল |
সি হাত খনৰে কপাল খন পিতিকি চাইছিল | গাড়ীৰ পোহৰত দেখিছিল হাত খনত তেজ !তাৰমানে এক্সিডেন্টৰ আঘাত | একো নাই জীৱনত ইমান খিনি যন্ত্রনা ভুগ কৰিছে | গতিকে এইখিনি নোৱাৰিব নে ! পাৰিব |
পাছফালৰ পৰা গাড়ীৰ হৰ্ণ | নিশাৰ ব্যস্ত ৰাজপথত তাৰ এক্সিডেন্ট হ'ল | গাড়ী খনে ডিভাইডাৰত খুন্দা মাৰিছিল | সি গাড়ী খন বেক কৰি আকৌ চলাৱলৈ আৰম্ভ কৰিছিল | নিশা দহ বাজিবৰ হৈছিল | তেনেতে তাৰ মোবাইলটো বাজি উঠিছিল | চাগে কল্যানীৰ ফোন | অইন দিনা সন্ধিয়া সাত বজাত ঘৰত সোমোৱা মানুহ জনৰ আজি দহবাজিল | সি পকেটৰ পৰা মোবাইলটো উলিয়াইছিল | " দেউতা " কল্যানীৰ নহয় দেউতাকৰ হে ফোন |
- হেল্ল' দেউতা
- কি খৱৰ ধন
তাক মাক দেউতাকে মৰমত ধন বুলি মাতিছিল |
- ভাল দেউতা,তোমালোকৰ ?
- আমি ও আছো আৰু দে,আজি কেইবাদিনো তই ফোন কৰা নাই | মাৰ ই চিন্তা কৰি আছে |
- মাক চিন্তা কৰিব নিদিবা দেউতা ভালে আছো |
- ধন বোৱাৰীৰ কি খৱৰ ?
- ভালে দেউতা |
দেউতাকৰ পৰা মাকে ফোনটো তানি নিছিলে |
- অ ধন , তহতে বাৰু কি কৰিছ হয়নে ?
মাকৰ কথাত তাৰ বুকু কপিছিল | তাৰমানে মাকে সিহতৰ কথাবোৰ গম পালে নেকি ! নহ'লে নো এনেকে কিয় কয় |
- মানে মা |
- বৰ লাজৰ কথা হৈছে দে ধন | গাৱঁত গুনাগথা চলিছে |
তাৰ মানে সিহতৰ কথা বোৰ | অসঃ কেনেকে গম পাব পাৰে বাৰু মাক-দেউতাকে |
- মা তুমি |
- অ ধন ,আজি বিয়া যাৱৰ তিনি বছৰ হব | তহতৰ সন্তান নাই | মানুহে কয় বোৱাৰী হেনো,,,,,,,,,,
- হব মা অপেক্ষা কৰা,চিন্তা নকৰিবা |
তেনেকে কথা পাতাৰ পাছত মাকে ফোনটো ৰাখিছিল | উফঃ ৰক্ষা | সি ভাৱিছিল মাক-দেউতাকে সিহকৰ কথাবোৰ গমে পালে নেকি ! কিন্তু সন্তান ! মোক ক্ষমা কৰিবা মা,হয়টো তোমালোকৰ হাতত মই নাতি পোৱালী এটা তুলি দিব নোৱাৰিম | মই কব ও নোৱাৰো তোমালোকক যে কল্যানী আৰু মোৰ মাজত দৈহিক সম্পৰ্ক একেবাৰে নাই | কাৰ নো মন নাযায় বৃদ্ধ বয়সত নাতি এটাক কোচত উমলাবলৈ |
সি অনুভৱ কৰিছিল ,তাৰ কপাল খন বিষাই ছিল | কপালৰে তেজৰ টোপাল বোৰ বৈ লংপেন্টৰ ওপৰত বাগৰি পৰিছিল | সি বৰ্মন ফাৰ্মাচীৰ ওচৰত গাড়ী খন ৰখাই মূৰত এটা বেণ্ডিজ মাৰি ল"লে | তাৰ পাছত আকৌ ঘৰ অভিমুখে যাত্রা কৰিলে |
গাড়ীৰ পৰা নামিছিল | আৰু বাহিৰৰ পৰা চিঞৰিছিল |
- কল্যানী কল্যানী
সি ভাৱিছিল তাৰ মূৰত বেণ্ডিজ দেখি তাই পাগল ৰ দৰে তাৰ মূৰত হাত ফুৰাই তাক মৰমৰে খং কৰিব |
কিছু সময় পাছত কল্যানীয়ে দৰ্জা খন খুলি দিছিল | লাহে লাহে সি ঘৰত সোমাইছিল |
কিন্তু কল্যানীয়ে তাৰ ফালে এবাৰ ও মূৰ তুলি চোৱা নাছিল |
সি দেখিছিল কল্যানীয়ে বগা তাৱেল খন বুকুত মেৰিয়াই লৈছিল |জলিকি আছিল তাইৰ ওফণ্ডা বুকুৰ কোমল নিম্নাংশ | তাইৰ সৌন্দৰ্য্যই তাক পাগল কৰি দিছিল | তাই তাৰ এবাৰ ও চোৱা নাছিল | মুখত ফেচপেক লগোৱাত ব্যস্ত হৈ আছিল তাই |
- কল্যানী
তাইৰ আইনাত নিজৰ মুখ খন চাই ফেচপেক লগাই থাকিয়ে কৈছিল |
- কোৱা |
- মোৰ এক্সিডেন্ট হ'ল |
তাই কোনো ধৰনৰ বিশেষ প্রতিক্ৰিয়া নকৰি সাধাৰণ ভাৱে কৈছিল |
- গাড়ী সাৱধানে চলাব লাগে |
এজনী পত্নীৰ নিজৰ পুৰুষ জনৰ এনেকুৱা দুৰ্ঘটনা এটাৰ খৱৰত ও হৃদয় গলাব পৰা নাছিল | পলাশে ভাৱিছিল সৰু এক্সিডেন্ট কাৰনে চাগে তাই বিশেষ গুৰুত্ব নিদিলে | সি মন কৰিছিল তাই নিজক লৈ ব্যস্ত |
- কল্যানী আজি এটা ডাঙৰ ভুল কৰি তোমাৰ ওচৰত আহিছো |
- কি
- মই মদ খাই আহিছো |
তাই মূৰ তুলি তালৈ চাই কৈছিল |
- নাখাবা,বেয়া বস্তু এইবোৰ |
কি ! তাৰমানে সি বুজিছিল ,তাৰ প্রতি তাইৰ একো নাই |হয়টো তাৰ মৃত্যু হ'লেওঁ তাইৰ একো খতি নহয় | সি দুখৰ হুমুনিয়াহ এটা এৰি তাইৰ ওচৰৰ পৰা আতৰি আহিছিল |
সি আজি প্রতিজ্ঞা কৰিলে,তাই যেতিয়ালৈ তাক নিবিচাৰে সি ও তাইক এৰি থাকিব |
সি নিজৰ কোঠাত সোমাই গাৰুটো সাৱতি কান্দিছে | বহুত কান্দিছে | ইমান কষ্ট কৰি পঢ়ি শুনি চাকৰি কৰি এখন ধুনীয়া ল'ৰা জনে মৰমৰ অভাৱত আজি কান্দিছে |
মাৰি পেলাৱ নেকি তাইক,নিজেওঁ মৰি থাকিব সি | কিন্তু তাৰ পাছত কি হব ! নাই সি নমৰে | তাই যদি তাক এৰি সুখত থাকিব পাৰে সি ও পাৰিব | সি নিজৰ মতে চলিব | তাৰ জীৱনত আৰু কোনো কল্যানীৰ প্রয়োজন নাই | সি মোবাইলটো উলিয়াই অৰুনাৰ ফোন নং টো বিচাৰিলে | কালি সি অৰুনাৰ ওচৰত যাৱ | পইচাঁৰে সি যৌন উপভুগ কৰিব | কাৰোবাক কিনি সি মৰম লব |সি ফোনটো লগাইছিল |কি কব ! আগতে এইবোৰ পাল্লাত সি পৰি পোৱা নাই | সেইফালৰ পৰা পুৰুষ কণ্ঠ এটা |
- হেল্ল'
তাৰ মুখৰ পৰা শব্দ ওলোৱাত কষ্ট হৈছিল|
- হেল্ল'
- হয় কোনে ক'লে !
- মই মানে অৰুনাক,,,,
সি অৰুনাক বিচাৰিলে |
- অ অৰুনা বাইদেউক বুক কৰিব বিচাৰিছে ন ?
- উম |
- থিক আছে কেতিয়া আহিব ?
- কালি দিনত আহিব | ১১ বজাত |
ফোনটো সি কাতি দিছিল |
জীৱন ! নিজৰ পত্নী থাকোতে বেলেগ মহিলাৰ ওচৰত সি মৰম বিচাৰি যাৱ | চিঃ জীৱন |
কথাবোৰ ভাৱি ভাৱি সি বিচাত পৰি থাকোতে তাৰ টোপনি আহিছিল |
দূৰনিৰ মন্দিৰত ঔম ভুৰ ভুৰ্বেশ্বাস ৰ ধ্বনি ভাহি আহিছিল | তাৰ চকু মেল খাইছিল | ৰাতি পোহৰ হৈছিল | পেটত ভোকৰ জ্বালা সি অনুভৱ কৰিছিল | কাৰন যোৱা ৰাতি সি একো নোখোৱাকৈ শুই আছিল | সি দেখিছিল ৰুমৰ টেবুল খনত ভাত সাজি থোৱা আছিল | তাৰমানে কল্যানীয়ে ভাত দি থৈছিল | সি উঠিয়ে হাতত ব্রাছ লৈ চিধা বাথৰুমলৈ গৈ গা-ধুই আহিলে |
ইতিমধ্যে কল্যানয়ে গা ধুই আহিছিল |
সি দেখিছিল তাই নিজৰ ৰুমত দ্রেছিংৰ সন্মুখত চুলি মেলি বহি আছিল | চকুত কাজল লগোৱাত ব্যস্ত | আগতে তাই এনেকে দ্রেছিংৰ সন্মুখত বহি থাকিলে সি তাইক পাছফালৰ পৰা সাৱতি ভিজা চুলিৰ সুবাস লৈছিল | তাৰ নাকত লগাই দিছিল তাইৰ ভিজা চুলি |চেহঃ সি এইবোৰ কি ভাৱিছে | সি আৰু তাইৰ কথা নাভাৱে | সি নিজৰ ৰুমত গৈ অফিচ আহিব ওলাল |
- পলাশ ,,,,,
কল্যানীয়ে তাক পাছফালৰ পৰা মাতিছিল | সি থমকি ৰৈছিল |
- ৰুটি বনাইছো নোখোৱা,ৰাতি ও ভাত নাখালা |
সি তাইৰ কথাত গুৰুত্ব নিদিয়াৰ ভাওঁ ধৰি আহি গাড়ীত বহিছিল | গাড়ীৰ খিৰিকিৰে সি এবাৰ তাইক চাইছিল | তাই একে ঠাইতে নিঠৰ হৈ ৰৈ আছিল |
সি গাড়ী ষ্টাৰ্ট কৰি যাত্রা আৰম্ভ কৰিলে | সি চিধাই গাড়ী লুটফুৰৰ গেৰেজত সোমাই দিলে | কাৰন কালি এক্সিডেন্টত তাৰ গাড়ী খনৰ সামন্য খতি হৈছিল | কিছু সময় পাছত লুটফুৰে গাড়ী খন ঠি কৰি দিলে | আৰু সি চিধা অফিচলে গ'ল | অফিচত গৈ সি সিহতৰ হিউমেন ৰিচ'ৰ্চ ডিপাৰ্টমেন্টৰ হেডৰ ৰুমত সোমাল | আৰু হেডৰ পৰা আজি দিনটোৰ ব্যক্তিগত সমশ্যা দেখাই চুটি লৈ অৰুনাৰ ওচৰলৈ যাত্রা কৰিলে |
সি আজি ভাৱিছে | জীৱনত প্রথম দিন সি এজনী বেলেগ মহিলাৰ ওচৰত যাৱ ।পইচাঁৰে কিনিব তাইৰ মৰম |সেই সময়ত তাৰ কল্যানীলৈ মনত পৰিব নেকি ! নাই নাই নপৰে তাই কাৰ লগত কি কৰিছে তাৰ জানো কথা সি গম পাই | এদিনা খন সি মাক-দেউতাকৰ গৌৰৱ ৰ আছিল | কিন্তু সি আজি মাক দেউতাকৰ অজ্ঞাতে এজন মদাহী হোৱাৰ দিশত ,পৰস্ত্রীৰ মৰম কিনি ফুৰা গ্রাহকৰ দিশত | কিন্তু কিয় আজি তাৰ জীৱনৰ ইমান পৰিবৰ্তন | একমাত্র তাৰ পত্নী কল্যানীৰ বাবে | মিতব্যয়ী হবলৈ চেষ্টা কৰা মানুহ জনে এতিয়া নাৰী আৰু মদৰ নামত খৰছ কৰিব অযথা পইচাঁ | সি ল'ৰাজনে কোৱা মতে জোনালী পথৰ ১০৩ নং ঘৰৰ সন্মুখত গাড়ী ৰখাই দিলে | এটা আটক ধুনীয়া অট্রালিকা | তেনেতে ল'ৰা এজন আগবাঢ়ি আহিল |
- দাদা আপুনি ৰাতি ফোন কৰিছিলে ন ?
ৰাতি তাৰ সৈতে কথা পতা ল'ৰাজনৰ প্রশ্নত সি ক'লে |
- হয় |
- ঠিক আছে যাওঁক,আপোনাৰ বাবে অপেক্ষা কৰি আছে |
সি চাৰ্টৰ ওপৰৰ বুটাম টো মাৰি লৈ আগুৱাই গৈছিল |
- দাদা একমিনিট |
ল'ৰাজনৰ মাতত সি ৰৈ দিছিল |
- আপোনাৰ সময় ১১ ৰ পৰা ১ বজালৈ হে | পিছত আমাৰ আৰু ক্লাইন্ট আছে |সময় যাতে অবাবত নষ্ট নকৰে | নহ'লে পিছত আমাক নুদুখিব |
সি তাৰ কথা খিনিৰ কোনো প্রত্তুত্তৰ নিদিয়াকৈ আগবাঢ়ি গ'ল | তাৰ অকমান সংকোচ লাগিছিল | কিন্তু উপায় নাই সি আজি যি কামত আহিছে সেই হেপাঁহ পূৰণ কৰিব |
সি ল'ৰাজনে কোৱা মতে দুই নম্বৰ মহলাৰ চাৰি নম্বৰ কোঠাতোত সি নক কৰিছিল | লগে লগে
ভিতৰৰ পৰা এজনী মহিলাই কৈছিল " সোমাই আহক " |
তাৰ বুকুখন চেৰেংকৈ মাৰিছিল | পেটি ডালত ধৰি লংপেন্টো অকমান ওপৰত উঠাই লৈছিল |সি এটা হেপ ধুকি লাহেকৈ দৰ্জাখন থেলি ভিতৰত সোমাই গৈছিল |
- দৰ্জা খনৰ খিলি লগাই দিয়ক |
মহিলাজনীয়ে তাক কৈছিল | আৰু মহিলা জনীৰ কথামতে সি খিলি লগাইছিল | কিয় জানো তাৰ বুকু খন ধক্ ধক্ কৰিছল | যদি কোনোবাই গম পায়,কি হব তাৰ ! মাক-দেউতাকে তাক কেতিয়াওঁ ক্ষমা নকৰিব ,কল্যানী চাগে ডিভ'ৰ্চ দি আতৰিব | আৰু চাকৰি ! সি বুকুত হাত খন থৈ আকৌ ভাৱিছিল | একো নহয়,সেইদিনা দেখোন শইকীয়া আহি গৈছে | কিহৰ ভয় | সি লাজ লাজকৈ মহিলা জনীৰ ফালে চাইছিল |
দেখিছিল অৰুনাই সম্পূৰ্ণ উলংগ হৈ তাৰ ফালে পিছ দি বহি আছিল ।সি পাছফালটো দেখি বুজিছিল মহিলাজনী বহুত ধুনীয়া | কিন্তু কিয় জানো তেনেতে তাৰ মনৰ পৰিবৰ্তণ হ'ল | তাৰ হেপাঁহ বোৰ নোহোৱা হ'ল |
এনেকে এজনী অচিনাকী মহিলাৰ লগত যৌনকাৰ্য্য কৰিব পাৰি নেকি ! সিটো জানোৱাৰ নহয় | আৰু মন নিমিলিলে এজনী মহিলাৰ লগত যৌন কাৰ্য্য কৰি জানো সুখী হব পাৰি ! নাই শইকীয়াৰ দৰে সি নোৱাৰিব | সি এইকাম নকৰে | নালাগে সি এই ভোক অইন মহিলাৰ লগত পূৰণ নকৰে | কাৰন যিজনী মহিলা তাৰ কোনো আপোন নহয় তাৰ চিনাকী নহয় |
- কি হ'ল আৰম্ভ কৰক |
মহিলাজনীয়ে তাক কৈছিল |
- নহয় মানে
সি তাইৰ দেহত কাষত থকা উলংগ চাদৰ খন ধাকি দিছিল|
- কি হ'ল |
তাই প্রশ্ন কৰিছিল |
- মই,,,,,,,,,,
তাৰ মুখৰ পৰা কথা ওলোৱা নাছিল |
- চাওঁক ডাঙৰীয়া সময় নষ্ট নকৰিব | আপুনি ৰুমত সোমাল যেতিয়া মূল্য ভৰিবই লাগিব |
তাইৰ কথাত সি কৈছিল
- হব মই মূল্য ভৰিম,আপোনাক মই সহায় কৰিম | কিন্তু আপুনি কিয়,,,,,,
- মই মোৰ ব্যক্তিগত কথা জানিৱ খুজিলে বেয়া পাওঁ |
তাই লগে লগে মুখ খন ঘূৰাই দিছিল | লগে লগে পলাশৰ চকুত বিজুলিৰ পোহৰৰ দৰে পোহৰ এচটা পৰাৰ দৰে লাগিল |
তাৰ মূৰটো ঘূৰাৱ ধৰিছিল |কি দেখিছে সি এয়া | তাৰমানে,,,,,,,!!!আগলৈ,,,,,,,,,,,,,,,
প্ৰথম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.নগ্ন কল্যানি.in
দ্বিতীয় খণ্ডৰ লিংক - https://www.smj24.in/2020/12/blog-post_38.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment