নিজৰ ভৱিষ্যতৰ ভাল বেয়া সম্পৰ্কে জনাৰ বাবে আমি মানুহ মাত্ৰেই আগ্ৰহী হওঁহক।সেয়া বিভিন্ন জাতি ধৰ্ম দেশ বিদেশৰ যিকোনো লোকেই নহওক। কৰ্মফল বা ভাগ্যফল বিশ্বাস কৰা বা নকৰা প্ৰতিজন লোকেই নিজৰ আহিবলগীয়া ভৱিষ্যতটো ভাল হোৱাৰ আশা কৰে আৰু তাক বহুতে আগতীয়াকৈ জানিব বিচাৰে । ইয়াৰ বাবে বিভিন্ন পদ্ধতিৰ ভিতৰত জন্মক্ষণ অনুসৰি গণনা কৰা জ্যোতিষ গণনা অন্যতম আৰু নিৰ্ভৰযোগ্য ব্যৱস্থা বুলি জনা যায় ।
পিছে হেজাৰ হেজাৰ বছৰ পুৰনি একমাত্ৰ ভাৰতীয় ঋষি মুনি সকলৰ কঠোৰ সাধনাৰে অসীম ভৱিষ্যতৰ প্ৰজন্মলৈ লিখি থৈ যোৱা জ্যোতিষকে ধৰি নানা বিদ্যা সম্বলিত অদ্ভুত অমূল্য শাস্ত্ৰ সমুহ অধ্যয়ন তথা যথাযথ পালন ,প্ৰচাৰ বা অনুকৰনৰ প্ৰতি অনিহা কৰাটো দুৰ্ভাগ্যজনক ।
আধুনিক বিজ্ঞানৰ যুগত নতুন প্ৰজন্ময়ো এনে পৌৰাণিক শাস্ত্ৰসমূহৰ প্ৰতি অবিশ্বাস বা অমনোযোগী হোৱা দেখা যায় ।
অৱশ্যে জ্যোতিষ চৰ্চ্চা আজিকালি বহুতেই শিকিবলৈ লৈছে যদিও সীমিত কিছু সংখ্যকক বাদ দি বেচিভাগেই অধিক লাভালাভৰ উদ্দেশ্যে অৰ্ধ শিক্ষিত হৈ ব্যৱসায় কৰা 'চিন্তনীয় বিষয় ।
সতৰ্ক হওক-----
আমি সচৰাচৰ দেখিবলৈ পাওঁ --- সৰ্বসাধাৰণ ৰাইজৰ বুজন সংখ্যক লোকেই জ্যোতিষ গণনা বা ভাগ্যফল গণনাক বিশ্বাস কৰে আৰু ৰজা প্ৰজা,ধনী দুখীয়া বিভিন্ন শ্ৰেণীৰ ব্যক্তিয়ে প্ৰতিকাৰ বা বিধান বিচাৰে।
ইয়াৰে সুযোগ লবলৈ বহিঃৰাজ্যৰ বিভিন্ন জ্যোতিষী /হস্তৰেখাবিদে ঘৰে ঘৰে,গাৱে গাৱে,. চহৰে নগৰে ,বাটে পথে সুলভ হৈ পৰিছে ।
![]() |
মই নিজে লগ পোৱা এনে ভাগ্য বিচাৰকসকলৰ গ্ৰাহকক আকৰ্ষন কৰাব পৰা কিছু জ্ঞান আৰু ব্যৱসায়িক কৌশলৰ বাহিৰে অন্য বিশেষ জ্যোতিষ জ্ঞান দেখা নাযায় । অন্যহাতে গ্ৰহ প্ৰতিকাৰ হিচাবে দিয়া পাথৰ /কবচ /দিহা-বিধান আদিও সন্দেহজনক , যাক সাধাৰণ ৰাইজে চিনি পোৱাতো অসম্ভৱ । প্ৰমাণ কৰিবলৈ গৈ মই নিজেও কেবাবাৰো ঠগ খাইছো । এনেকি জাল চাৰ্টিফিকেট দেখুৱাই জ্যোতিষী বুলি কোৱা লোকো পাইছোঁ আৰু কাঁচ বা প্লাষ্টিকৰ পাথৰ "" গ্ৰহৰত্ন "' বুলি অধিক দামত বিক্ৰী কৰা দেখিছোঁ ।
সেয়ে মোৰ ব্যক্তিগত অভিজ্ঞতাৰে পোৱা জ্ঞানেৰে জনাওঁ ------আপোনাৰ নিজৰ বা পৰিয়ালৰ ভাগ্যবিচাৰ গণক,জ্যোতিষী,হস্তৰেখাবিদ , সাধু সন্যাসী আদি যাৰ জৰিয়তে নকৰক বা গ্ৰহদোষৰ প্ৰতিকাৰ পুজা , দান , দক্ষিনা, কৱচ,( তাবিজ) গ্ৰহপাথৰ আদি যি ব্যৱস্থা গ্ৰহন নকৰক এই ক্ষেত্ৰত সতৰ্ক তথা স্বীকৃতিপ্ৰাপ্ত অভিজ্ঞ ভাগ্য বিচাৰকৰ ওচৰ চপাটোহে উচিত । অন্যথা নকৰাই মঙ্গল ।
এইখিনিতে মন কৰিবলগীয়া আৱশ্যকীয় কথাটো হ'ল ----
আপোনাৰ যদি উচিত জন্ম চন তাৰিখ সময় অনুসৰি বা জন্ম কোষ্ঠী মতে নাইবা হস্তৰেখা চাই কোনো স্বীকৃতি প্ৰাপ্ত অভিজ্ঞ জ্যোতিষী নাইবা অভিজ্ঞ হস্তৰেখাবিদৰ জৰিয়তে ভাগ্য বিচাৰ নাইবা সঠিক প্ৰতিকাৰ আদি লৈছে বা কিবা গুণাগুণ পাইছে তাত কবলগীয়া নাই ।
কিন্তু ভাগ্য খন চোৱাৰ হেপাহতে বাটে পথে অচিনাকী, সাধু ,বাবাজী বা চলাহী অনভিজ্ঞ লোকৰ জৰিয়তে ক'তো ভাগ্য বিচাৰ নকৰাব নাইবা গ্ৰহদোষ থকা বুলি যেই সেই প্ৰতিকাৰ আদি গ্ৰহন নকৰিব । লাগিলে বিনামুলীয়াই হওক বা ধন খৰছ কৰিয়েই হওক ।
অন্যহাতে 🎀ব্যৱসায়িক বিজ্ঞাপন চাই গ্ৰহযন্ত্ৰ, কবচ, লকেট আদিও লোৱাতো নিৰ্ভৰযোগ্য প্ৰতিকাৰ বুলি নাভাৱো ।
কাৰন শৰীৰৰ ৰোগ চিকিৎসা কৰি ভুল ঔষধ খাই পাৰ্শ্বক্ৰিয়া হোৱাৰ নিচিনা ভুল ভাগ্য বিচাৰ আৰু পাপগ্ৰহদোষৰ নামত ভুল প্ৰতিকাৰে অপোনাৰ জীৱনলৈ কব নোৱাৰাকৈ নানা বীপৰিত প্ৰতিক্ৰিয়া ঘটাব পাৰে ; নাইবা আপোনাক নানা বুজনিৰে ভাৱপ্ৰৱন কৰাই অনৰ্থক অৰ্থহানি কৰাব পাৰে । এনেকি কিছু অনভিজ্ঞ ব্যৱসায়িক ভাগ্য বিচাৰকে অকাৰনত মানুহৰ মানসিক ভাৱমুৰ্তিৰ পতন ঘটাবও পাৰে ।
গ্ৰহৰ ৰোষত বা অপদৃষ্টিত সকলো লোকেই পৰে ! ভাগ্যবিচাৰকজনো সাৰি যাব নোৱাৰে । মানুহে নিজৰ প্ৰাৰব্ধ কৰ্মফল ভুগিবই লাগিব । জীৱনৰ বাটত সুখতকৈ দুখৰ পৰিমানেই অধিক। কাৰোবাৰ কম , কাৰোবাৰ বেচি ।
তাৰ বাবে গ্ৰহসমুহ কেৱল মাত্ৰ মাধ্যমহে । শনি ৰাহু কেতু মংগল আদি কোনো গ্ৰহই পাপী গ্ৰহ নহয়। জীৱনত আমি কৰি অহা পাপ মোচনৰ বাবেহে গ্ৰহসমুহে আমাক পৰিচালনা কৰে । ( সেয়া মা দেউতা বা অভিভাৱকে আমাক শাসন কৰাৰ লেখীয়া )🚳বিজ্ঞানৰ মতে পাথৰ বা ষ্টোনৰ জৰিয়তে মানুহৰ দেহত পৰা নানাবিধ ৰস্মিয়ে শৰীৰ তথা মনৰ পৰিৱৰ্তন আনে । তেনেদৰে কৱচ বা তাবিজৰ দ্ৰব্যগুণৰ স্পৰ্শয়ো একেদৰে প্ৰভাৱ পেলায় । সেয়ে পৃথিৱীৰ বিভিন্ন দেশৰ লোকে পাথৰ,, মালা , কৱচ আদি বিশ্বাস সহকাৰে পৰিধান কৰে । বিশ্বৰ বজাৰত অধিক মূল্যত ( কেৱল বিশ্বাসৰ ওপৰত ) এইবোৰৰ ব্যৱসায় চলে । এইবোৰৰ ফলাফল ভুক্তভোগীহে জানে । ব্যৱহাৰিক দিশত শংকাৰ বিষয়টো হল :-- এইবোৰ আচল কিম্বা নকল সাধাৰণ লোকৰ বোধগম্য নহয় ।
প্ৰতিতো গ্ৰহ একো একোজন দেৱতা ;
দেৱতাৰ ধন টকা পইচাৰ অভাৱ নাই । কোনো অনভিজ্ঞ ভাগ্য বিচাৰকৰ কথা শুনি গ্ৰহদোষ শান্তিৰ বাবে অধিক মুল্যৰ পাথৰ stone ,, কবচ বা ধন লক্ষ্মী যন্ত্ৰ, লকেট আদি কিনি অৰ্থ ব্যয় কৰাতকৈ গৰীৱ দুখীয়া বা বিপদগ্ৰস্ত লোকক দান কৰা নাইবা এনে গ্ৰহদেৱতা সকলৰ প্ৰতি শ্ৰদ্ধা ৰাখি নিজৰ /পৰিয়ালৰ বা আন দহজনৰ হিতৰ অৰ্থে নিজৰ লগতে ইষ্টদে্ৱৰ ওপৰত ভৰষা ৰাখি সুকৰ্মত ব্যস্ত হোৱাটোও #গ্ৰহ_শান্তিৰ_উচিত_প্ৰতিকাৰ বুলি ভাৱো ।
কৰ্মইহে ভাগ্য নিয়ন্ত্ৰণ কৰে । সুকৰ্ম কৰক বা
~~~~~~~~~~~~~~~~~~~~~~~~~~~~
দুষ্কৰ্ম কৰক , এদিন ভাল-বেয়া ফল নিশ্চয়
~~~~~~~~~~~~~~~~~~~~~~~~~~~ পাব ।
🙏 এটি গোহাৰি ---- মোৰ জ্যোতিষ গনণা সম্পৰ্কীয কোনো আনুস্থানিক অৰ্হতা নাই । সেয়ে মই কাৰো গনণা বা ভাগ্যবিচাৰ নকৰো । ফেচবুকত মোৰ লিখনী পঢ়ি বন্ধুবান্ধৱীসৱে মোক গনণা বা ভাগ্যবিচাৰ কৰিবলৈ অনুৰোধ নকৰে যেন ।
-- সৰ্ব সাধাৰণ ৰাইজলৈ মোৰ অনুৰোধ -- ভাগ্যবিচাৰৰ নামত অসাধু /অচিনাকি জ্যোতিৰ্বিদৰ পৰা সতৰ্ক হওক ।
শেষত মোৰ লিখনিৰ অজানিত ভুলচুকৰ বাবে ক্ষমা প্ৰাৰ্থনা ও সুপৰামৰ্শ বিচাৰিলো ।🙏
পাঠকৰ সহাৰি পালে এনে বিষয় লৈ আগলৈ পুনৰ আন এটা অধ্যায় লিখাৰ হেপাহ ৰাখিলো ।
আপোনাৰ কুশল মংগল কামনাৰে___🙏
ওম নমো ভগৱতে বাসুদেৱায়ঃ
শ্ৰী যতীন দাস /মালয়বাৰী
কামৰূপ -ম(অসম) ৪/৫/২০১৮ইং
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment