কিছুমান কুকুৰ ৰ জীৱন ৰজাৰ দৰে,ধুনীয়া খাদ্য শুবলৈ কোমল বিচনা, গৰম কাপোৰৰ লগতে আদৰ মৰম বহুত। কিন্তু কিছুমান কুকুৰ ৰ গোটেই জীৱনটো বৰ কষ্টৰে পাৰ হয় এটা ভাতৰ কাৰণেও।বেছিভাগ বাটৰ কুকুৰ ৰ পোৱালিয়েই শুকাই খীণাই লেৰেলা চেপেটা হৈ বাটৰ কাষতে পৰি ৰয়। খাবলৈ ভাত বাদেই সাধাৰণ বিস্কুট এটাও পেট ত নপৰে সিঁহতৰ। মাকৰ গাখীৰ পৰ্য্যাপ্ত নহয়, কাৰণ ভোকত থকা মাকৰ গাখীৰ উৎপাদন কৰপৰা হব!! ব্ৰীডৰ কুকুৰ এটা হাজাৰ টকা দি কিনি আনি আভিজাত্যৰ প্ৰতীক হিচাপে সজাই থোৱাতকৈ বাটৰ এটা পোৱালি তুলি লওক, সিঁহতক বহুত প্ৰতিপালন কৰিব নালাগে। সময়ে সময়ে প্ৰতিষেধক আৰু পেলুৰ দৰৱ খোৱালেই হয় স্বাস্থ্য ভালে থাকিবলৈ। আপুনি দিয়া সাধাৰণ ভাতকেইটাও বহু তৃপ্তিৰে গ্ৰহণ কৰে ইঁহতে।
বাটৰ কুকুৰ ৰ বাবে গঠন হোৱা যোৰহাটৰ "পোহৰ" নামৰ সংগঠনতোৱে এইবাৰো আয়োজন কৰিছে " STRAY DOG ADDOPTION CAMP" । আপোনালোক সকলোকে কেম্পলৈ আমন্ত্ৰণ জনালো। যদি কাৰোবাৰ ইচ্ছা আছে "পোহৰ" এ আয়োজন কৰা এই কেম্পলৈ আহি এটা দেশীয় কুকুৰ এডপশ্যন কৰিব পাৰিব।
তাৰিখ- ২০/১২/২০২০
স্থান- যোৰহাট চুপাৰ মাৰ্কেটৰ কাষত
সময়-দিনৰ ১০বজাৰ পৰা
শ্বেয়াৰ কৰিব প'ষ্টটো🙏
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment