দাম্পত্য জীৱনৰ এক অকথিত অধ্যায়: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 13, 2020

দাম্পত্য জীৱনৰ এক অকথিত অধ্যায়:


মায়াবী চহৰ খনত বহুদিনৰ সপোনৰ ঘৰ এটা সাজি উলিয়াইছিল পলাশে | কিন্তু কাৰ বাবে এই ঘৰ ! কোন থাকিব এই প্রকাণ্ড অট্রালিকাত | গাৱঁৰ ঘৰত থাকে তাৰ মা-দেউতাক | সি মাক-দেউতাকক চহৰত আনিবলৈ বহুত চেষ্টা কৰিছিল কিন্তু মাক-দেউতাকে নিজৰ জন্মভুমি এৰি কংক্ৰিতৰ মহানগৰীত নিজস্ব এৰিবলৈ নাহে | আজি বিয়া যোৱাৰ দুবছৰ হ'ল তাৰ | বিয়াৰ দুবছৰ পাছত ও সিহতৰ সন্তান নাই | আজি কেইমাহ মানৰ পৰা সি তাইক লক্ষ্য কৰিছে তাইৰ মুখৰ পোহৰৰ মৃত্যু ঘটিছে |সি তাইক সুখী কৰিবলৈ বহুত কষ্ট কৰিছিল | কিন্তু নাই তাই সুখী নহয় তাৰ সৈতে |তাই প্রতিটো সময়ত অশান্তি কৰি থাকে | তাৰ লগত মনৰ কথা এটাও প্রকাশ নকৰে | পলাশ অৰ্থনিতি বিভাগৰ ছাত্র সেয়েহে প্রয়োজনতকৈ বেছি মিতব্যয়ী | সেয়েহে অলাগতিয়াল খৰছ কৰাটো সি নিবিচাৰে |হয়টো তাইক বেছি ঘূৰিব ফুৰিব নিদিয়ে কাৰনে তাই মন মাৰি থাকে |

- তোমাক কথা এটা কব বিচাৰিছো |

কল্যানী পলাশৰ উত্তৰলৈ অধীৰ আগ্রহৰে বাত চাইছিল | পলাশে মূৰ তুলি তাইলৈ চাইছিল |

- কোৱা,,,,

- মই মানে চাকৰি এটা পালো,কালিৰ পৰা জইন কৰিম বুলি ভাবিছো |

- কি চাকৰি ?

- এটা মাল্টিনেশ্বনেল ক'ম্পানীৰ মেনেজাৰ | 

- তোমাৰ ইচ্ছা |

পলাশে কথা খিনি কৈ আতৰি গৈছিল |


            সি প্রতিবাদ কৰা নাছিল | যদি তাই বিচাৰে কৰক | অন্তত তাইৰ মনটো ভাল হব |কিন্তু তাইৰ উপাৰ্জনৰ পইচাঁৰ তাৰ ঘৰ খনত চলিবলৈ প্রয়োজন নাই | কিন্তু তাই চাগে সলনি হব | হেৰুৱা মুখৰ পোহৰ চাগে ঘূৰি আহিব | ঘৰ খনত আকৌ আগৰ দৰে পোহৰৰে উজ্বলি পৰিব |


           আজি ৰাতিপুৱাঁ পলাশ অফিচ যাৱলৈ ওলাল | সি দেখিছিল কল্যানীয়ে ও ইতিমধ্যে সাজি-কাছি ওলাইছিল | তাই পাতল গোলপীয়া মেখেলা চাদৰ জোৰ পিন্ধি ওলাইছিল | বহুত মৰম লাগিছিল তাইক | ষ্টেপ কৰা চুলি খিনি মেলি লৈছিল তাই | তাৰ কাষেৰে আহোতে তাইৰ চুলিৰ সুগন্ধি চেম্পোৰ সুবাসে তাৰ নাকত আঘাত কৰিলে | আসঃ কি যে সুগন্ধি | কিমান দিন সি তাইক তাৰ বুকুৰ মাজক লব পৰা নাই | কাৰন তাই এতিয়া তাৰ পৰা আতৰি আতৰি থাকে |তাৰ মৰমৰ প্রয়োজন চাগে তাইৰ এতিয়া নাই |

- কল্যানী ব'লা |

সি তাইক নিজৰ গাড়ীতে লৈ যাৱ বিচাৰিছিল | 

- তুমি গৈ থাকা,তোমাৰ দেৰি হব |

- কিন্তু তুমি

- হব মোৰ কথা চিন্তা নকৰিবা |

তাইৰ কথাত থুনুকা থুনুকে ভাগিছিল তাৰ হৃদয়  | সেমেকা মনৰে সি ওলাই গৈছিল | তাৰ জীৱনত কিহৰ অভাৱ আছিল টকা-পইচাঁ নে সা-সম্পত্তি | কিন্তু পাৰিবাৰিক অশান্তিয়ে তাক এতিয়া শেষ কৰি আহিছে | গ্রাস কৰিছে তাৰ জীয়াই থকা বাসনাক | কিয় তাই সলনি হ'ল | কিয় তাইৰ জীৱনত তাৰ গুৰুত্ব কমি গ'ল | সি কথাবোৰ ভাৱি ভাৱি গাড়ী চলাই গৈ আছিল | তেনেতে সন্মুখত ফুকনৰ গাড়ী খন দেখি সি গাড়ী খন ৰখাই দিছিল |

- গোড মৰ্ণিং ফুকন |

- মৰ্ণিং বৰুৱা |

সি দেখিছিল ফুকনৰ কাষত ফুকনৰ পত্নী বহি আছিল | সিহতৰ গাড়ী খন আগুৱাইছিল | দুয়ো হাঁহি হাঁহি কথা পাতি গৈছিল | সিহতক দেখি পলাশে কোনোবা খিনিত জ্বলি গৈছিল | বিষ অনুভৱ কৰিছিল বুকুৰ এচুকত |


                 দিনটোৰ ব্যস্ততাৰ পাছত সন্ধিয়া ঘৰলৈ আহিছিল | কল্যানীয়ে ও নিজৰ কৰ্তব্যৰ পৰা আহি ঘৰত সোমাইছিল | সি অকমান জিৰনি লৈছিল | ইতিমধ্যে কল্যানী পাকঘৰত ৰন্ধা বঢ়াত ব্যস্ত | সি তাইৰ কাষত গৈছিল |

- কল্যানী

- উম

- আজি কেনেকুৱা লাগিল অফিচত ?

- ভালে লাগিল |

তাইৰ ব্যস্ততাৰ মাজত চিধা উত্তৰ |

- তুমি মোক কিয় বেয়া পাই আছা ?

- নাই পোৱা |

- তুমি মিছা নকবা |

সি তাইক পাছফালৰ পৰা সাৱতি লৈছিল | তাই তাইক ঠেলি কৈছিল " চাওঁ আতৰি যোৱা,মই কাম কৰি আছো দেখা নাই ? "

সি আৰু কোনো প্রশ্ন কৰা নাছিল | এখোজ এখোজ কৈ সি আতৰি আহিছিল তাইৰ ওচৰৰ পৰা | সি দৰ্জাখন খুলি বাহিৰলৈ ওলাই আহিছিল| বাহিৰত জোনাক আন্ধাৰৰ লুকাভাকু | আকাশত জিলমিল তৰাৰ গাৱঁ সভা বহিছিল | ঘৰৰ ভিতৰ খনতকৈ তাৰ বাহিৰতে ভাল লাগিছে | চেচা বতাহ এজাকে তাৰ শৰীৰটোক চুই গৈছিল | সংগী থাকি ও সি আজি সংগীবিহীন | কিন্তু কিয় !কিমান সময় সি বাহিৰত বহি থাকিল সি গমে নাপালে |

- ভাত বাঢ়িছো | খোৱাহি ,,,,,

কল্যানী তাক ভাত খাৱলৈ মাতিছিল | সি একো উত্তৰ দিয়া নাছিল | আৰু তাই তাৰ উত্তৰলৈ বাত চোৱা নাছিল | তাই ঘৰত সোমাই গৈছিল |

" তুমি কি বুজিবা কল্যানী,ভাত সাজে মনৰ শান্তি দিব নোৱাৰে,মাত্র জীয়াই ৰাখিব হে পাৰে "

সি মনতে কথা খিনি কৈ ঘৰত সোমাই গৈছিল | সি চিধাই কল্যানীৰ ৰুমত সোমাই আহিছিল |তাই শুই আছিল |

- কল্যানী 

সি তাইক মাতিছিল | 

- কি হ'ল 

এটা কৰ্কশ মাতেৰে তাই তাক প্রশ্ন কৰিছিল |

- তুমি মোৰ জীৱনৰ পৰা আতৰি যাৱ বিচৰা নেকি ?

কিন্তু তাই সেই উত্তৰৰ পৰা ফালৰি কাতি তাক কৈছিল |

- মোৰ বহুত ভাগৰ লাগিছে,প্লীজ মোক শুব দিয়া |

তাই কম্বল খন মূৰলৈ তানি লৈছিল |

তাৰ আজি নিজকে অপমানিত বোধ হ'ল |সি ওলাই আহিছিল তাইৰ ৰুমৰ পৰা |তাৰ নিজৰ মূৰটো  ওৱালত মাৰি দিব মন গৈছিল | নাই নাই সি আৰু ভাল হৈ নাথাকে | সি আজিৰ পৰা মদ,ভাং ৰ ৰাগিত মাতাল হব | অইন পুৰুষৰ দৰে ৰাতি এঘাৰ ,বাৰ বজাত ঘৰত প্রবেশ কৰিব |তাৰ নিজৰ মনক সি আৰু কষ্ট দিব নোৱাৰে |সি বেয়াতকৈ বেয়া পুৰুষ এজন হব |


            তাৰ আজি অফিচৰ কামত মন বহা নাই | সি কল্যানীক ডিভোৰ্চ দিব নেকি ! নাই তেনে কৰিলে তাৰ মাক-দেউতাকে তাক ক্ষমা নকৰিব | কাৰন তাৰ দেউতাকৰ সেইখন সমাজত এটা নাম আছে |সেই নামত সি কলংক সানিব নোৱাৰে | কিন্তু সি কৰিব কি ! এনেকে মৰি মৰি জীয়াই থাকিব নেকি ?

- কি হ'ল বৰুৱা আপোনাক আজি দুদিন মান চিন্তিত যেন দেখিছো যে |

সি অফিচৰ সহঃকৰ্মী শইকীয়াৰ চকুত ধৰা পৰিছিল | 

- পাৰিবাৰিক অশান্তি শইকীয়া |

- কি হ'ল ! মিচেছৰ লগত কিবা লাগিল নেকি ?

- আমাৰ সম্পৰ্ক আজি বহুদিনৰ পৰা ভাল নহয় |

- ভাল নহয় মানে ?

- আমাৰ মাজত দিনটোত দুষাৰ কথাৰ বাহিৰে বেলেগ একো সম্পৰ্ক নাই  |

শইকীয়া পলাশৰ কান্ধত হাত খন থৈ কৈছিল |

- চাওঁক শইকীয়া আপোনাক যদি কোনোবাই গুৰুত্ব নিদিয়ে | আপুনি ও নিদিব | আপুনি ইমান হতাশ হৈছে,কিন্তু আপোনাৰ পত্নী জানো ইমান হতাশ হৈ আছে ? গতিকে সলনি হওঁক |বলক আজি পাৰ্টি কৰিম | কৰিব ?

শইকীয়াৰ কথাত পলাশে চিন্তিত হ'ল ,যদি কল্যানীয়ে বেয়া পায় ! পালে পাওঁক,এই শাস্তি তাক তাই দিছে | গতিকে সি আজি পাৰ্টি কৰিব | প্রথম বাৰৰ বাবে গোলাপী ৰাগীত মাতাল হব | ৰাজপথত সি ও চিঞৰিব " ঐ মই ও প্রতাৰিত মাতাল প্রেমিক " |

পলাশে শইকীয়াৰ সৈতে বাহিৰে বাহিৰে সুন্দৰপুৰৰ অশোক ধাবালৈ গ'ল | আজি সিহতে বিলাতী মদৰ নিচা লব | আৰম্ভ কৰিছিল সিহতৰ পৰ্ব | শইকীয়াই দুটা গ্লাছত মদ বাকিছিল | 

- এইটো লওঁক | 

শইকীয়াই পলাশক এটা গ্লাছ আগবঢ়াই দিছিল | মদৰ গ্লাছটো হাতত লওঁতে পলাশৰ হাত খন কপিছিল | জীৱনত প্রথম বাৰৰ বাবে সুৰাৰ সোৱাদ পাব সি | লগে লগে তাৰ চকুত মাক-দেউতাকৰ ছবি দুখনে আমনি কৰিছিল | দেউতাকে বেলেগৰ সন্তানবোৰক বুজাওঁতে কোৱা কথাষাৰে তাৰ কৰ্ণ ত আঘাত কৰিছিল " হেৰৌ,আমাৰ পলাশক দেখাই নাই আজিলৈ মদ কি,তামোল এখন মুখত নিদিয়ে,তহত সৰু ল'ৰা বোৰে এইবোৰ খাই কিয় ধংস হৈছ হয়নে ? "

উপায় নাই দেউতা,তোমাৰ গৌৰৱ ৰ আজি মৃত্যু দিন | বিষন্ন মনৰ সংগী এতিয়া মদ | নিজক জীয়াই ৰখাৰ স্বাৰ্থত মদ খাইছো,মোৰ মৃত্যুৰে তোমালোকক দুখৰ মালা পিন্ধাৱ নোৱাৰো |

শইকীয়াই তাৰ ওচৰলৈ শইকীয়াৰ গ্লাছটো আগবঢ়াই দিছিল | পলাশে কপা কপা হাতেৰে গ্লাছটো আগুৱাই দিছিল | " চিয়েৰ্চ" |

সি দেখিছিল শইকীয়াই লগে লগে পানী খোৱাৰ দৰে মিনিটত গ্লাছ খালি কৰিছিল | 

সি মুখৰ কাষলৈ নিওঁতে মুখত গোন্ধটো লাগিলে | সি নাকটো এখন হাতেৰে হেচি ধৰি জীৱনত প্রথম বাৰ বিলাতী সুৰা মুখত দিলে | তাৰ পাছত কিমান খালে হিচাপ নাই | ইতিমধ্যে নিচাত মাতাল হৈছিল পলাশ |

- জানে শইকীয়া,তাইক মই বহুত ভাল পাইছিলো | কিন্তু তাই মোক তাইৰ কাষত শুৱ ও নিদিয়ে | কিন্তু মোৰ ইচ্ছা এটা আছে | আজি দুবছৰ হ'ল সন্তান নাই আমাৰ | এতিয়াটো সন্তান এটা লাগে | কিন্তু সন্তান কত হব !

পলাশৰ কথাত শইকীয়াই হাঁহিছিল | 

- সৰু কথা বৰুৱা,সৰু কথা | মোৰ পৰিবাৰক মই গুৰুত্ব নিদিওঁ | কাৰন তেওঁ মোক সিমান গুৰুত্ব নিদিওঁ | সেয়েহে কালি,,,,,

- কালি কি  শইকীয়া ?

- কালি এজনী ধুনীয়া মানুহৰ ওচৰলৈ গৈছিলো | বহুত ধুনীয়া,এটা দিনত তিনিহাজাৰ | যাওঁক কোনো কথা নাই | কিন্তু কিনি হ'লেওঁ যৌৱনৰ মজা লৈছো |

- শইকীয়া,,,,,

- বৰুৱা,কনো কথা নাই ,চাওঁ তাইৰ ফোন নং টো আপুনি লওঁক |

- মই,,,,,, 

- আৰে লওঁক না,জীয়াই থকা দিন কেইটাতে মজা লওঁক | ৭৫৭৭৯৯৩৭৯* | ল'লে ন |

পলাশে শইকীয়াৰ কথাত নাম্বাৰটো লৈছিল |

- চেভ কৰক অৰুনা | তাইৰ নাম অৰুনা বৰা | ফোন কৰি আগতে বুক কৰিব |

পলাশে ফোন নং টো নিজৰ মোবাইলত চেভ কৰিছিল " অৰুনা "  |||

                                           ক্ৰমশ ,,,,,,,,,

দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক -

https://www.smj24.in/2020/12/blog-post_38.html


তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_928.html


চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_466.html

পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_449.html





বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages