( নগ্ন কল্যানীক আৱিস্কাৰ কৰাৰ পাছত পলাশে তাইক ক্ষমা কৰিব পাৰিবনে ? কল্যানী কিয় নগ্ন হ'ল ? আহক এই খণ্ডটি পঢ়ক )
পলাশক দেখাৰ লগে কল্যানীৰ উশাহৰ মৃত্যু হোৱাৰ উপক্ৰম হৈছিল ।ইমান সাৱধানে খোজ দিয়াৰ পাছটো বনৰ ৰজাৰ হাতত তাই চিকাৰ হ'ল |কি কৰিব নকৰিব তাই ভাৱি নাপালে | কল্যানীয়ে নিজৰ উলংগ বুকুৰ কোমলতাত হাতৰ আভৰণ পিন্ধায় নগ্নতা ধাকিব চেষ্টা কৰিলে |
খং দুখ ত পলাশ ৰ মুখৰ ৰঙ ধুৱলি কুৱলি আকাশৰ দৰে হৈছিল | সি নিজৰ চকু কেইটা মুদি দিছিল | কঠিন হাত খনৰ মুঠিবোৰ তানকৈ মাৰিছিল | সি নিজকে শেষ কৰি দিব নেকি ! পত্নীৰ তেনে এটা ৰূপ সি কেনেকে সহ্য কৰে | যি কল্যানীক তাৰ দেহৰ আধা স্বীকৃতি দিছিল | যি কল্যানীক সি চকু মুদি বিশ্বাস কৰিছিল | সেই কল্যানীয়ে তাৰ বহল বুকুখনত আজি দুখৰ পুখুৰী এটা খান্দিলে |
সি চকু মেলি কল্যানীৰ ফালে চাইছিল | তাই বাউলি চুলি খিনিৰ ফাকেৰে পলাশৰ মুখলৈ চাইছিল |
- ঐ পৰপুৰুষক নগ্নতা দেখাই মোৰ আগত তই উলংগ বুকু ধাকিব নালাগে |
হয় পলাশে আজি কল্যানীক তই সম্বোধন কৰিছে | তাইৰ প্রতি আজি তাৰ ঘৃনাত নাক কোচ খাইছে |
তাই তাই ভয় ভয় কৈ বিচনা খনৰ পৰা থিয় হৈ কাপোৰ পিন্ধিব লৈছিল | লগে লগে পলাশ এটা হিংস্র পশুৰ দৰে জাগি উঠিছিল |আৰু তাইৰ হাতৰ পৰা কাপোৰ কাঢ়ি আনিছিল |
- নালাগে উলংগ হৈ থাক,যা ফুটপাথত এখন উলংগতাৰ দোকান দে,মানুহ ক কবি " পইচাঁ দিয়ক,মই দেহৰ উষ্ণতা দিম " | যা,,,,,,,সি কল্যানীক গতিয়াই দিছিল | তাই ওৱালত খুন্দা খাই পৰি গৈছিল | লগে লগে তাইৰ কপালৰ পৰা তেজ ওলাইছিল | হাতেৰে কপাল খন চুই দেখিছিল তাইৰ কপালৰ পৰা তেজ ওলাইছিল |তাই কপা কপা মাতেৰে তাক কৈছিল " তেজ ! "
- একো নহয় দে,,,তোৰ দেহৰ বেয়া তেজ বোৰ ওলাই যাওঁক |
তাই ভয় খাইছিল পলাশৰ ভয়ংকৰ ৰূপ দেখি সঁচাই তাই আজি ভয় খাইছে | যিজন মানুহৰ কোনো দিন তাই খং দেখা নাছিল,আজি সেইজন মানুহ খংত জ্বলি গৈছে | তাৰ ৰঙা দুচকুলৈ তাইৰ চাৱলৈ ভয় লাগিছিল |
সি উপৰ্যপুৰী ঘৰৰ ওৱাল খনত ঘুচিয়াইছিল | সি ওৱালখনত নিজৰ মুখ খন লগাই দিছিল | আৰু এদন সৰু ল'ৰা দৰে উচুপি উঠিছিল |
সি জ্বলি গৈছিল ,সি বহুত আঘাত পাইছিল |"যিজনী মহিলাই তাৰ বন্ধু শইকীয়াৰ লগত,আন বহু পুৰুষৰ লগত নগ্ন হৈ যৌৱন ধালি দিছিল সেইজনী তাৰ পত্নী কেতিয়াওঁ হব নোৱাৰে " | কি নাছিল তাৰ ,যে তাই তাক প্রতৰণা কৰিছে |তাৰমানে তাই পৰপুৰুষৰ লগত ভোক গুছাই আছে,সেয়েহে তাৰ প্রতি তাইৰ বিৰক্তি জন্মিছে |সি চকুপানী খিনি মছি লৈছিল | আৰু তাইৰ ফালে চাই সুধিছিল |
- ঐ তোৰ চাকৰি ?
তাৰ কথাত তাই ভয় ভয়কৈ উত্তৰ দিছিল |
- মই চাকৰি কৰা নাছিলো,এয়াই মোৰ চাকৰি,,,,,,
বাহঃ বাহঃ মাল্টিনেশ্বনেল ক'ম্পানীৰ মেনেজাৰ |
- অৰুনা কোন ?
- তোমাৰ চকুত ধৰা নপৰিবলৈ মোৰ নাম অৰুনা কৰিছিলো |
সি এটা হুমুনিয়াহ এৰিছিল | সি বহু কথাই তাইক কব বিচাৰে,কিন্তু তাৰ মুখৰ শব্দবোৰ আজি নোলাই | যাক সি হৃদয়ত স্থান দিছিল,যাক পত্নীৰ মৰ্যদা দিছিল তাই হ'ল এগৰাকী বেশ্যা | আভিজাত্য ঘৰৰ বোৱাৰী এজনী বেশ্যা | সি তাইৰ ওচৰৰ পৰা আতৰি আহিব ওলাইছিল | সি দৰ্জা খন খুলিব লওঁতে তাই তাক পাছফালৰ পৰা মাত দিছিল |
- ৰবা পলাশ,,,,,
সি ৰৈছিল | তাইৰ ফালে নোচোৱাকৈ সি কৈছিল |
- তোৰ লগত আৰু মোৰ একো সম্পৰ্ক নাই |
তাই নম্র সুৰত কৈছিল |
- হয়,তুমি মোক গ্রহন নকৰা মই জানো,আৰু নিজৰ পত্নীৰ এনে কথা গম পোৱাৰ পাছত তুমি নহয় কোনো পুৰুষে গ্রহন কৰিব নোৱাৰে | কিন্তু তুমি আজি মোৰ কথা শুনিব লাগিব | কিয় মই এই পথ বাছি ল'লো,কিহৰ বাধ্যত |সি কৈছিল, " এজনী বেশ্যাৰ কাহিনী,নগ্ন কল্যানীৰ কাহিনী মই শুনিব নিবিচাৰো "
সি আগুৱাইছিল,তাই দৌৰি আহি তাক সাৱতি ধৰিছিল | " নাযাবা পলাশ নাযাবা,তুমি মোৰ কাহিনী শুনিব লাগিব " |
সি তাৰ দুহাতেৰে তাইক ঠেলি পঠাইছিল |
- শুনিম,তুমি বেশ্যা হোৱা কাহিনী শুনিম,নগ্ন কল্যানীৰ উলংগ কাহিনী মই শুনিম | কিন্তু তুমি মোক স্পৰ্শ নকৰিবা | তোমাৰ অপবিত্র দেহাৰে মোৰ পবিত্র দেহ অশুদ্ধ নকৰিবা |
তাৰ কথা শুনি তাই ওলাই অহা ক্ৰন্দনটিক হেচি ধৰিছিল | বুকু খন গধুৰ হৈছিল | তাই আজি অপবিত্র,তাই আজি বেশ্যা,তাই আজি নগ্ন কল্যানী | কিন্তু কিয় ? এই সমাজে তাইক কেতিয়াওঁ ক্ষমা নকৰে | পলাশে তাইক কেতিয়াওঁ ক্ষমা নকৰে | হয় তাই ভুল কৰিছে পলাশৰ দৰে স্বামী এজনক তাই বিশ্বাস ঘাটকতা কৰিছে | পলাশৰ দৰে স্বামীএজনৰ ভৱিষ্যত তাই স্তব্ধ কৰিলে |
তাই চকুপানী তুকিছিল | সি নিৰৱ হৈ অট্রালিকাৰ খিৰিকি খনৰে বাহিৰৰ কিনকিনীয়া বৰষুণ জাক উপভোগ কৰিছিল | হয়টো সি আশা কৰিছিল তাৰ অন্ধকাৰ এই কিনকিনীয়া বৰষুণ জাকে ধুই নিয়ক |
তাই আৰম্ভ কৰিছিল |
মই যিহেতু বেশ্যা ,সেয়েহে ভাৱিছিলো তুমি মোক এৰি দিয়া,কাৰন মোৰ দৰে পত্নী এজনী তোমাৰ জীৱনত থকা অধিকাৰ নাই | সেয়েহে তোমাক গুৰুত্ব দিয়া নাছিলো,মোৰ অপবিত্র দেহ তোমাক চুব দিয়া নাছিলো | ভাৱিছিলো এদিন তুমি মোৰ ওপৰত অতিষ্ঠ হৈ মোক এৰি দিবা | কিন্তু নাই তুমি বহুত ধৰ্যশীল | কিমান ধৰ্য্য ধৰিছিলা,তোমাক প্রতাৰণা কৰি মই সুখী নাছিলো পলাশ,ৰাতি ৰাতি মোৰ শিতানৰ গাৰু তিতি গৈছিল | ঘৃনা লাগিছিল মোৰ নিজক,ঘৃনা লাগিছিল মোৰ নগ্নতাক |
ল'ৰালিৰ মধুৰ দিনবোৰ স্মৃতিৰ মানস পতত জিলিকি আছিল | ইতিহাস হ'লেওঁ সেই সাঁচিপাত বোৰ লুটিয়াই চালে মনটো উৰি গৈছিল তাহানিৰ দিন বোৰলৈ | প্রেম স্বৰ্গীয় অনুভুতি | সেই প্রেমৰ আপম্ভনিৰ অনুভৱ কেতিয়া নিশ্চয়কৈ কোৱাটো তান | মোৰ জীৱনত ও প্রেম নামি আহিছিল | তেতিয়া মই কলেজৰ ছাত্রী | কলেজ খনত মোৰ ৰূপৰ কাৰনে সম্ভৱ প্রায় খিনি ল'ৰা পাগল আছিল | বহুত প্রেমৰ প্রস্তাৱ আহিছিল | কিন্তু মোৰ কাকু ভাল লগা নাছিল | ভাল লাগিছিল তেনে এজন সাধাৰণ ল'ৰা | যাৰ পিন্ধনত সাধাৰণ সাচ পোছাক,নাই আধুনীকতাৰ প্রতিযোগিতা | খুবেই নম্র,ভদ্র কৃষ্ণ বৰ্ণৰ সেই ল'ৰা জন | তাৰ নাম অংকিত | খুব ভাল লাগে তাক |
- হাই অংকিত |
মই তাক মাতিছিলো | সি মোৰ ফালে চাই মিঠা হাঁহিটিৰ সৈতে সহাৰি জনাইছিল |
- হাই কল্যানী |
- তুমি মোৰ লগত বন্ধত্ব কৰিবা অংকিত !
তাৰ প্রতি মোৰ বহুত দুৰ্বলতা আছিল |
- চিউৰ,কিয় নকৰিম |
মোৰ মনটো বহুত ভাল লাগিছিল | বুজাৱ নোৱাৰা এক মিঠা অনুভৱ | তাক বন্ধু হিচাপে পাই |
তাৰ পাছত আমাৰ মাজত বহুত কথা,তুমি কি খাই ভালপোৱাঁ,আজৰি সময়ত কি কৰা |
তোমাৰ প্রিয় ফিল্ম কোন খন,তোমাৰ প্রিয় অভিনেতা | ইত্যাদি ইত্যাদি | ইটো সিটো বহুতো কথা আমাৰ মাজত | এই সম্পৰ্কই আমাক বহু দুৰদিগন্তলৈ ভৱাই তুলিছিল | সময়ৰ সোতত দুয়োৰো অনুভৱৰ পৰিবৰ্তন হৈছিল | এদিনা খন দুয়ো মনৰ কথাবোৰ কৈ দিছিলো | দুয়োৰো মাজত আৰম্ভনি হৈছিল প্রেমৰ সম্পৰ্ক | এখন মধুময় প্রতিচ্ছৱিৰ সপোন দেখিছিলো আমি |সদায় কলেজৰ পৰা আহি আমি আমাৰ বৰলীয়া নৈৰ পাৰত মনৰ ভাৱবোৰৰ আদান প্রদান কৰিছিলো |
সেই সময়ত মোক কলেজত ভাল পাবলৈ ৰংকিত নামৰ বদমাছ ল'ৰা জনে বহুত চেষ্টা কৰি আছিল | এদিনৰ কথা ৰংকিতে কলেজত অংকিতক দাবি-ধমকি দিছিলে | " তই কল্যানীৰ প্রেমত পৰিছ ! তাই মোৰ ,ভালে ভালে তাইৰ জীৱনৰ পৰা আতৰি আহ | নহ'লে তোৰ জীৱন ধংস কৰিম মই " |
ৰংকিত আছিল মোৰ দেউতাৰ অফিচৰ সহকৰ্মী বন্ধুৰ পুত্র | সেয়েহে আগৰ পৰা সিহতৰ ঘৰ আৰু আমাৰ ঘৰৰ মাজত সম্পৰ্ক আছিল | কিন্তু তাক ,তাৰ চিৰিত্রক মোৰ ভাল লগা নাছিল | অংকিতে ৰংকিতৰ কথাবোৰ সেইদিনা মোক কৈছিল | সেই কথা শুনি মই খংত জ্বলি গৈছিলো,যাৰ নাম মই শুনিব নিবিচাৰো,যাক মই ঘৃনা কৰো,সেইজন ল'ৰাই মোক ভালপোৱাঁ বুলি দাবী কৰিব নহব |
পিছদিনা মই কলেজত ৰংকিতৰ চাৰ্টৰ বুটামত খামোছি ধৰি তাক কৈছিলো
" চা তোক মই ঘৃনা কৰো ৰংকিত | গতিকে পিছত আৰু যেন তই মোৰ পিছত লাগি নাথাক | তোক মই আজি সাৱধান কৰি দিলো | "
সি মোৰ কথাত চকু ৰঙা কৰি মোক কৈছিল
" যদি মোৰ নাম ৰংকিত হয় ,তেন্তে তোৰ মই বিপদ মাতিমে "
সেইষাৰ কথাকৈ সি আতৰি গৈছিল | মোৰ তাৰ কথাষাৰত বহুত ভয় ও লাগিছিল | কাৰন সি তেনে বদমাছ ল'ৰা এজন কৰো বুলিলে সি বহুত কিবা কৰিব পাৰিব |
এদিনৰ কথা ,কলেজৰ ক্লাছ শেষ হৈছিল | দেখিছিলো অংকিত ওলাই আহিছিল |
- অংকিত ব'লা,আমাৰ নৈৰ ঘাতত যাওঁ |
তাই কোৱাৰ পাছত জানো সি নোজোৱাকৈ থাকিৱ |
- ব'লা,,,,,,
আমি নৈৰ ঘাতত গৈছিলো,নৈৰ সোতত আমাৰ ভালপোৱাঁ বোৰ বিলীন কৰিব | অংকিতে মোৰ কোচত মূৰ থৈ নিৰিবিলি ক্ষন এটাত মোক ,মোৰ প্রেমক সজল নেত্রে চাইছিল |
কিন্তু সেইদিনাই নামি আহিছিল অভিশাপ |||
ক্ৰমশ,,,,,,,,,,,
প্ৰথম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.নগ্ন কল্যানি.in
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_38.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_928.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_449.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment