২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ কামৰূপ আৰু কামৰূপ (ম) জিলাৰ কৃতী ছাত্ৰীসকলক স্কুটিৰ প্ৰদানেৰে আজি আমিনগাঁৱত ড° বাণীকান্ত কাকতি বঁটা প্ৰদানৰ শুভাৰম্ভ কৰা হয়। এই বঁটাৰ অধীনত ৰাজ্যৰ ২২,২৪৫ গৰাকী ছাত্ৰীক সামৰি লোৱা হৈছে।
বঁটা বিতৰণী অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, সাংসদ কুইন ওজা,সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়িকা সুমন হৰিপ্ৰিয়া, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ লগতে উচ্চপদস্থ বিষয়াবৰ্গ।
No comments:
Post a Comment