শৰীৰত তামৰ অভাৱত হোৱা গম্ভীৰ ৰোগসমূহ নিৰাময় কৰে ।
তামে পানী পৰিষ্কাৰ কৰে আৰু লগতে বেক্টেৰিয়া নাশ কৰে । গৰমৰ দিনত ৰাতিপুৱা গৰম পানী খোৱাত যিসকলে অসুবিধা অনুভৱ কৰে , তেওঁলোকে ৰাতিপুৱা তামৰ বাচনত ৰখা পানী খাওঁক ।
বাৰিষাৰ বতৰত তামৰ পানী নিয়মিত খালে আপোনাৰ Viral জ্বৰ , মেলেৰিয়া ,জণ্ডিচ , তাইফয়ড আদি হোৱাৰ সম্ভাৱনা কম থাকে।
তাৰ উপৰি তামে আমাৰ পেট চাফা কৰে , শৰীৰৰ অলাগতিয়াল বস্তুবোৰ উলিয়াই দি ওজন কমায় , ঘাঁ সোনকালে শুকুৱাই দিয়ে , বয়সৰ চাপ পৰি হোৱা ৰেখাবিলাক নোহোৱা কৰে , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে , কেঞ্চাৰৰ লগত যুঁজত সহায় কৰে , বেক্টেৰীয়া ধ্বংস কৰে , স্মৃতিশক্তি বঢ়ায় , থাইৰইড গ্ৰন্থিৰ কাম সুচাৰু ৰূপে কৰায় , গাঁঠি বিষ নিৰাময়ত সহায় কৰে , ৰক্তহিনতা দূৰ কৰে ।।।
খোৱাৰ নিয়ম :
দৈনিক তামৰ পাত্ৰত পানী থৈ ৰাতিপুৱা উঠি খাব 3 মাহ !
তামৰ বাচনত গৰম পানী , টেঙা , তিতা , খাৰুৱা বস্তু নাৰাখিব আৰু 3 মাহৰ বেছি একেলগে নাখাব ।
তামৰ বাচন কিনাৰ সময়ত ভালদৰে চাই লওঁক , হাতেৰে টিপি তাপি চাব । যদি টিপি দিলে চেপেটা হৈ যায় , তেন্তে ঘঁহি পিহি লৈ আকৌ চাইহে লব । যদি টিপি দিলেও চেপেটা নহয় , তেন্তে steel ৰ হব পাৰে I
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment