দাম্পত্য জীৱনৰ এক অকথিত অধ্যায়: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 14, 2020

দাম্পত্য জীৱনৰ এক অকথিত অধ্যায়:


 ( কল্যানীয়ে কিয় নগ্ন হৈছিল ? পলাশ বেশ্যা অৰুনাৰ ওচৰত গ'ল নে ? পলাশ আৰু কল্যানীৰ সম্পৰ্ক কিয় বেয়া ? আপোনাৰ হাতত বহুত প্রশ্ন আৰু উত্তৰ মোৰ হাতত | পঢ়ক আজিৰ খণ্ডটো | )


মদৰ ৰাগীত আজি পলাশ মাতাল | সি ধাবাৰ পৰা ওলালে | শইকীয়া ইতিমধ্যে সম্পূৰ্ণ ৰূপে নিচাত মাতাল | শইকীয়াই নিজৰ চাৰ্টতি খুলি কান্ধত হিন্দী ফিল্মৰ হিৰ'ৰ নিচিনা ষ্টাইলত ওলাই আহিল | আহিয়ে ধাবাৰ সন্মুখত সৰু পানী চুবলৈ লওঁতে পলাশে দেখিলে |

- হেৰি ধাবাৰ সন্মুখত কাম ফেৰা নকৰিব | নহ'লে আকৌ ৰাতি বাৰ বাজিব |

পলাশৰ কথাত শইকীয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল | পলাশে গম পাইছিল শইকীয়াই ভালকৈ খোজ দিব ও পৰা নাই | তাতে আকৌ গাড়ী চলাই এই ৰাতিখন ঘৰত যাৱ | তাতে আকৌ ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত ৰাতি ট্রাক বিলাকৰ যিহে দৌৰাত্ম | অৱশ্যে শইকীয়াক লৈ ভয় কৰিব লগা বিশেষ একো নাই | কাৰন শইকীয়া আজিৰ মদাহী নহয় | পলাশে যদিওঁ আজি প্রথম জীৱনত মদ মুখত দিছে তথাপি এতিয়ালৈ যিমান পাৰে নিজক সংযম কৰি ৰাখিছে |

পলাশে শইকীয়াক হাতত ধৰি শইকীয়াৰ গাড়ীখনলৈ লৈ গ'ল | শইকীয়াই হাতৰ সৰ্ব শক্তি প্রয়োগ কৰি হাত খন পলাশৰ হাতৰ পৰা মুক্ত কৰি পলাশক ক'লে -

- আপুনি মোৰ নিচা হোৱা বুলি ভাৱিছে নেকি ! মই মদাহী বৰুৱা,মই চিনিয়ৰ খিলাড়ী |

কথা খিনিকৈ শইকীয়াই নিজে গাড়ীলৈ আগুৱালে | তেনেতে শইকীয়াৰ ভৰি পাক খাই মাটিত বাগৰি পৰিল | পলাশে দৌৰি গৈ শইকীয়াক ধৰিব লওঁতে,শইকীয়াই নিজে থিয় হৈ  ক'লে |

- ন' ন' মই থিকে আছো বৰুৱা,মই এজন অভিনেটা,কনো মঞ্চ বা ফিল্মৰ নহয় মই ৰিয়েল লাইফৰ অভিনেটা | এজন ভাল স্বামীৰ অভিনয় কৰা অভিনেটা |

কথা খিনিকৈ কৈ শইকীয়া গাড়ীত বহিল | পলাশে মাত্র শইকীয়াৰ ফালে দৃষ্টি নিবন্ধ কৰি এঠাইত ৰৈ থাকিল |

- বাই বৰুৱা,আপুনি মাত্র অৰুনাক কনটেক্ট কৰিব | মনত ৰাখিব তামাম ,মা* ,,,, জীৱনত এক নতুন সোৱাদ পাব,বাই গোড নাইট | 

শইকীয়া গাড়ীৰ খিৰিকিৰ গ্লাছ খন উঠাই গাড়ী ষ্টাৰ্ট দি গুছি গ'ল | 

পলাশৰ চকু কেইটা কিবা জিলমিল কৰিছে | পোহৰ বোৰৰ মাজত চকুৰে আন্ধাৰ কনিকা দেখিছে | তাৰমানে তাৰ ও নিচা হৈছে | আগলৈ খোজ দিওঁতে বতাহত হাউলি যোৱাৰ দৰে লাগিছিল তাৰ | সি গাড়ী ষ্টাৰ্ট কৰি লাহে লাহে আগবাঢ়িছিল |


- কল্যানী দৰ্জা খোলা,দৰ্জা খোলা

সি বাহিৰৰ পৰা দৰ্জাত ধেকিয়াই ধেকিয়াই কল্যানীক মাতিছিল |

কল্যানীয়ে দৰ্জা খুলিছিল | তাই নীলা ৰংৰ মাজত বগা ফুলৰ নাইটিতো পিন্ধি আছিল | বাহঃ অপূৰ্ব | চুলি খেনি মেলি থৈছিল | শিৰৰ সামন্য সিন্দুৰ কন তাইৰ ঘন চুলিৰ মাজত ও জিলিকি আছিল |

- কি চাইছা ?

কল্যানীয়ে তাক কৈছিল | সি মিচিকিয়া হাঁহি এটা এৰিছিল | 

- তোমাক চাইছো জান,তোমাৰ হৰিনী চকুজুৰি চাইছো | তোমাৰ উজ্বল নয়নৰ মধ্যবিন্দুত এটা সোনালী মৃগপহু চৰি আছে | তাক এবাৰ ভালকৈ প্রত্যক্ষ কৰিছো |

লগে লগে কল্যানীয়ে নাকত হাত দিছিল |

- চিঃ তুমি মদ খাই আহিছা | তোমাক কিমান বিশ্বাস কৰিছিলো | তুমি মোৰ বিশ্বাস ভাগিলা |

তাই চকুপানী মছি মছি  ভিতৰলৈ দৌৰি গৈছিল | 

সি নিজৰ হাত খন ওৱালত মাৰি দিছিল | "চেহঃ এই শইকীয়াই আজি শেষ কৰিলে সকলো " সি কল্যানীক বহুত ভালপায়,তাইক কষ্ট দিব নিবিচাৰে |

- কল্যানী ,শুনাছোন কল্যানী

সি তাইৰ ৰুমলৈ সোমাই গৈছিল | তাই বিচনাত উচুপি উচুপি কান্দিছিল | সি তাইৰ কাষত বহি লৈছিল | তাই মুখখন ঘূৰাই দিছিল | সি বুজিছিল এয়া অভিমান আৰু দুখৰ সংমিশ্রনৰ চকুপানী |

- কল্যানী মোৰ ভুল হ'ল,বিদ্যা শপত আজিৰ পৰা নাখাওঁ |

তাই ফেকুৰী ফেকুৰী কৈছিল |

- হব,তুমি মোক কিমান বেয়া পোৱা গম পালো,কিন্তু পলাশ তুমি মদ খোৱাটো কেতিয়াওঁ বিচৰা নাছিলো | বিচাৰিছিলো মাত্র তুমি সদায় নম্র ভদ্র পলাশ জন হৈ থাকা |

   সি তাৰ ভুল বুজি পাইছিল | সি বুজিছিল সামন্য কথা এটাক আজি সি কিমান ডাঙৰ ঘটনালৈ গ'ল | সকলো ভুল তাৰ |

- কল্যানী প্লীজ কল্যানী 

- প্লীজ পলাশ মোক অকমান শান্তিত থাকিব দিয়া,প্লীজ |

সি বুজি পাইছিল তাৰ কাৰনে আজি তাই বহুত কষ্ট পালে| তাইৰ চকুপানীয়ে আজি তাৰ খং অভিমানৰ জুই কুৰা নুমাই পেলালে | তাই অকমান শান্তিত থাকক সি আতৰি আহিছিল |


          সি নিজৰ ৰুমত আহিছিল | কাৰন আজি চমাহ সি কল্যানীৰ লগত একেলগে নাই | সি নিজৰ বিচনা খনত নিজৰ দেহাটো এৰিদিছিল | নিচা হোৱা বাবে তাৰ লগে লগে টোপনি আহিছিল | 

মাজৰাতি পলাশ সাৰ পাইছিল | চকুকেইটা মোহাৰি ৰাতি ওৱালৰ ঘড়ীটোলৈ চাইছিল নিশা এক বাজিছে | সি বিচনাত বহি দিয়াৰ লগে লগে নিজক আৱিস্কাৰ কৰিছিল অফিচ যোৱা ড্রেছ জোৰাৰ সৈতে | লগে লগে তাৰ সেইদিনা হোৱা কথাবোৰ মৱত পৰিল | অ আজিটো তাক কল্যানীয়ে অভিমান কৰিছে | খং কৰিছে | তেনেহ'লে সিহতৰ জীৱনত পোহৰ নামিল | সি বিচনাৰ পৰা উঠি কল্যানীৰ ৰুমলৈ আহিল | তাই গাত কম্বল খন ধাকি শুই আছিল | সি লাহে লাহে তাৰ মৰমৰ কল্যানীৰ ওচৰলৈ গৈছিল | তাই টোপনিত লালকাল | সি তাৰ হাতখন তাইৰ ধুনীয়া মুখখনলৈ আগুৱাই নিছিল | 

লগে লগে তাৰ হাতত তাইৰ উশাহৰ বায়ুৰ পৰশ পৰিছিল | আস কি মিঠা পৰশ | সি তাইৰ গাল খনত তাৰ হাত খন বুলাই দিছিল |উফ বুজাৱ নোৱাৰা এক সিহৰণ | কিমান দিনৰ মূৰত পত্নীৰ ধুনীয়া গাল খনত সি হাত বুলাইছিল | তাই টোপনি গৈ আছিল |

                 তাইৰ কপাল খনত সেন্দুৰৰ ফোট টো জিলিকি আছিল | সি তাইৰ মূৰত লাহে লাহে হাত খন বুলাই দিছিল | তাইৰ লাহি চুলি কোছাৰ পৰশে তাৰ যৌৱনক জগাই তুলিছিল | এবাৰ তাইক আলিংগন কৰিব বহুত মন গৈছিল |

তাৰ বহল বুকুৰ মাজত তাইৰ মুখ খন হেচি ধৰি সুধিব মন গৈছিল " দেহা তোমাৰ ইমান অভিমান কিয় "

সি তাইৰ দেহৰ পৰা লাহে লাহে কম্বল খন গুছাই দিছিল | লাইটৰ পোহৰত দেখিছিল তাইৰ বগা উলংগ শৰীৰ জিলিকি আছিল | মানে তাই নগ্ন | তাৰমানে তাৰ নিচিনা তাই ও তাৰ মৰম বিচাৰি বলিয়া হৈ আছে | সি বহুদিনৰ মূৰত তাইৰ গোটেই শৰীৰৰ সৌন্দৰ্য্য দেখিছিল | 

              সি আৰু নিজক সংযম কৰিব নোৱাৰে | সি তাইক জোৰকৈ বকুৰ মাজত তানি আনিলে | তাইৰ কোমল বিতোপন ওঠ জুৰিত তাৰ পাহোৱাল ওঠ জুৰি গুজি দিছিল |

           গুৰুম,,,,,,,,,,,,,,,,,,,,,,,

এটা বিকত শব্দ !


                                ক্ৰমশ,,,,,,,,,,,,,,,,,

প্ৰথম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.নগ্ন কল্যানি.in


তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_928.html


চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_466.html

পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_449.html



বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages